এচিড, লক্ষ্মী আৰু আইন – উৎপলা কৌৰ

মানৱ সভ্যতাই প্ৰযুক্তিৰ নতুন জখলাত আগবঢ়াৰ লগে লগে অপৰাধৰো আধুনিকীকৰণ চলিছে৷ জীৱশ্ৰেষ্ঠ মানুহৰ নৃশংসতাৰ এক নিকৃষ্ট উদাহৰণ- এচিড আক্ৰমণ৷ বিভিন্ন উদ্যোগত উৎপাদনমূলক কামত, শিক্ষানুষ্ঠানত শিক্ষামূলক কামত, পৰিষ্কাৰ-পৰিচ্ছন্নতাৰ বাবে ঘৰুৱা কামত ব্যৱহৃত এচিডক মানুহৰ হিংসা-ক্ষোভ পূৰণৰ এক অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰা হয় কাৰণ কম খৰচত, কম সময়ত মানুহৰ জীৱন মুহূৰ্ততে অন্ধকাৰাচন্ন কৰি দিব পৰা যায় ইয়াৰ সহায়ত৷ বজাৰত সহজে উপলব্ধ গাঢ় চালফিউৰিক এচিড, হাইড্ৰক্লৰিক এচিড আৰু নাইট্ৰিক এচিড সাধাৰণতে এনে অপৰাধৰ বাবে ব্যৱহৃত হয়৷

জীৱদেহৰ সংস্পৰ্শত আহিলে এনে এচিডে সংহাৰী ৰূপ ধৰে আৰু ছাল, ছালৰ তলৰ চৰ্বী তথা মাংসৰ তৰপ, কেতিয়াবা প্ৰাথমিক চিকিৎসা লাভত পলম হ’লে হাড়লৈকে বিস্তৰ ক্ষতি কৰি দেহৰ স্বাভাবিক গঠন স্থায়ীভাবে বিকৃত কৰি পেলায়৷ সাধাৰণতে মুখখনক লক্ষ্য কৰি এচিড দলিওৱা হয়৷ হঠাতে বিকৃত হৈ পৰা দেহ-মুখ, গলিত চকুৰ পতা তথা অন্ধত্ব লাভ কৰি ইমানদিনে সুস্থ জীৱন যাপন কৰি থকা ব্যক্তি এগৰাকীক মানসিকভাবেও ভাঙি পেলায়৷ বেছিভাগ এচিডজনিত অপৰাধৰ লক্ষ্য নাৰী, কাৰণ নাৰী এগৰাকীৰ দেহ-মুখকে নাৰীৰ সম্পদ বুলি ভবা এচাম বিকৃত মানসিকতাৰ  মানুহ এই পৃথিবীত আছে যি নাৰীক নিজে ভবাৰ দৰে লাভ নকৰিলে বা অন্য ন্যস্ত স্বাৰ্থ সিদ্ধি নহ’লে এনে অপৰাধ সম্পন্ন কৰি নিজৰ পুৰুষত্ব সাব্যস্ত কৰে৷

মানৱতাক লজ্জানত কৰা এই অপৰাধ সমগ্ৰ বিশ্বজুৰি বৃদ্ধি পাবলৈ ধৰিছে৷ সমীক্ষামতে বাংলাদেশত এই অপৰাধ আটাইতকৈ বেছি সংঘটিত হয়৷ নেপাল, আফগানিস্থান, পাকিস্তান, কম্বোদিয়া ইত্যাদি অন্যান্য চাউথ এছিয় দেশসমূহত এনে ঘটনা সঘনাই দেখিবলৈ পোৱা যায় আৰু বছৰি এনে ঘটনা সংখ্যাত বৃদ্ধি পাবলৈ ধৰিছে৷

উদাৰহৰণবোৰ অপ্ৰাসংগিক যদিও ইয়াৰ অন্তৰালত থকা কাৰণ আৰু অপৰাধী, বলি হোৱা ব্যক্তিসকলক লক্ষ্য কৰিলে এনে ঘটনাৰ ভয়াবহতাৰ অনুভবে শিঁহৰিত কৰি তোলে৷ মথুৰাৰ অৰ্জুনপুৰাৰ ইৰশ্বাদ নামৰ ব্যক্তিজনৰ বিবাহ প্ৰস্তাব নাকচ কৰা গাভৰু ছোৱালীজনী ৰাতি ঘৰৰ ছাঁদৰ ওপৰত মাকৰ লগত শুই থাকোতে প্ৰতিবেশীৰ ঘৰৰ দেৱাল বগাই ইৰ্শ্বাদ আৰু তেওঁৰ পৰিয়ালৰ কেইজনমানে আহি তাইৰ মুখত এচিড ঢালি দিয়াৰ লগতে অতিৰিক্তখিনি জোৰ কৰি খুৱাই দিয়ে৷ মাকে সাৰ পাই বাধা দিওঁতে তেওঁক বলপূৰ্বক ধৰি বাহুত চোকা অস্ত্ৰৰে আক্ৰমণ কৰাৰ লগতে তেওঁকো এচিডেৰে আক্ৰমণ কৰে৷ ছমাহ হস্পিটেলত মৃত্যুৰ সৈতে যুঁজি এসময়ত ছোৱালীটিয়ে হাৰ মানে৷ সেইয়া ২০১৪ ৰ চেপ্তেম্বৰ মাহৰ কথা৷ শীলা বুলি ছোৱালীজনীয়ে প্ৰেমবিবাহ কৰিছিল প্ৰতিবেশী যুবকজনৰ সৈতে যি প্ৰেম দুদিনতে অন্তৰ্ধান হৈছিল আৰ্থিক অনাটনত পৰি৷ কিন্তু শীলাই হাৰ মনা নাছিল আৰু বহু চেষ্টাৰ ফলত এটা চাকৰি যোগাৰ কৰি লোৱাৰ ফালত সংসাৰৰ ৰথখন সুকলমে মসৃণভাবে আগবাঢ়িবলৈ ধৰোতেই শীলাৰ কাৰ্যালয়ৰ উৰ্ধতন বিষয়া এগৰাকী তেওঁৰ প্ৰেমত পৰে৷ সেই প্ৰেমে চাকৰি জীৱন দূৰ্বিষহ কৰি তোলাত এসময়ত চাকৰিৰ পৰা অব্যাহতি লয়৷ কিন্তু সেই বিষয়াজনে সহজে এৰি নিদিলে শীলাক৷ তাই প্ৰেম প্ৰতাখ্যানৰ মূল্য দিবলগীয়া হ’ল৷ সেইটো চাকৰি এৰি নতুন এটাত যোগদান কৰাৰ সময়তে সেই বিষয়াজনৰ দ্বাৰা সৃষ্ট পাকচক্ৰত পৰি তাইক আকৌ পুৰণা চাকৰিটোকে কৰিবলৈ বাধ্য হ’ল৷ বিভিন্ন কামৰ
অজুহাতত সদায় দেৰিলৈকে অফিচত ৰাখি থোৱা শীলাক এদিন অস্বাভাবিক ভাবে সোনকালে ছুটী দিয়া হ’ল৷ সেইদিনা ঘৰলৈ ওভতাৰ পথত বাছষ্টেণ্ডতে তাইৰ মুখলৈ এচিড নিক্ষেপকৰা হয়৷

২০১২ চনত উত্তৰ প্ৰদেশৰ এখন ভিতৰুৱা গাঁৱত পৰিয়ালৰ সদস্যৰ বিবাহ অনুষ্ঠানত ভাগ ল’বলৈ যাওঁতে বিবাহবাহৰত সৃষ্টি হোৱা পাৰিবাৰিক কন্দলৰ ফলস্বৰূপে ললিতা বেনবাঁসীক তেওঁৰে সমন্ধীয় ককায়েকে মুখত এচিড ঢালি দিম বুলি ভাবুকি দিছিল৷ খঙতে দিয়া ধমকি বুলি ভাবি তাই পাহৰি পেলাইছিল, কিন্তু সেই ধমকিক সত্যতাত পৰিণত কৰি সেই ঘটনাৰ পাঁচ মাহৰ পাছত, এদিন সান্ধ্য ভ্ৰমণ কৰি থাকোঁতে দুজন মুখাধাৰী ব্যক্তিয়ে আহি বলপূৰ্বক মাটিত বগৰাই মুখত এচিড ঢালি থৈ যায় বেণবাঁসীক৷ আন এটা ঘটনাত দুবাৰকৈ চুৰিকাঘাটৰ পৰা নিজকে কথমপি ৰক্ষা কৰা আৰতি  ঠাকুৰে এদিন মুম্বাইৰ এটা ৰেল ষ্টেচনত নিজৰ দেহেৰে বৈ যোৱা, কোনোবাই দলিয়াই দিয়া পনীয়া পদাৰ্থখিনিয়ে তাইৰ মুখৰ মঙহ যে গলাই লৈ গৈছে অনুভৱ কৰিছিল৷ তাইৰ মাক আৰু তাই সেইখিনি সময়ত ভাৰাঘৰ এটাত আছিল৷ সেই ভাৰাঘৰৰ মালিকনীয়ে মৰম-চেনেহেৰে তাইক পুনৰ সাহসী হ’বলৈ উদগনি দিয়াই নহয় নিজৰ পুত্ৰৰ সৈতে বিবাহ পাশত আবদ্ধ কৰি জীৱনত আগুৱাই নিবলৈ ইচ্ছা প্ৰকাশ কৰিছিল৷ কিন্তু বিপদত সহায় সহানুভূতি দেখুওৱাৰ কথা বেলেগ আৰু, বিবাহৰ কথা বেলেগ৷ আৰতিয়ে সেই প্ৰস্তাব তৃতীয়বাৰৰ বাবে নাকচ কৰাৰ পাছত এটা আইটি কোম্পানীত তাই চাকৰিত কৰ্মৰত অৱস্থাত এদিন চাকৰিৰ পৰা ঘৰলৈ ঘূৰি অহি থাকোঁতে তাইৰ ওপৰত আকৌ সৰুকৈ এটা আক্ৰমণ হয়৷ উপায় নাপাই আৰতিয়ে মাক আৰু সৰু ভগ্নীক লৈ মুম্বাইৰ আন এটা অঞ্চলৰ ভাড়াঘৰ এটালৈ  স্থানান্তৰিত হয়৷ তাতো এদিন তাইৰ ওপৰত আক্ৰমণ চলে৷ পুলিচে সেই ঘটনাটো সাধাৰণ ডকাইটিৰ ঘটনা বুলি বিশেষ অনুসন্ধান নকৰাকৈ সামৰি থৈ দিয়ে৷ নতুন ঠাইডোখৰত থাকিবলৈ লোৱাৰ কথা কেৱল আগৰ ভাৰাঘৰৰ মালিকনীয়ে জানিছিল আৰু সেইগৰাকীৰ পুত্ৰক এদিন ষ্টেচনৰ বাহিৰত থিয় হৈ থকা দেখি আৰতিৰ মনত সন্দেহৰ উদ্ৰেক হয়৷ কিন্তু তাৰ পাছতেই এচিড আক্ৰমণৰ বলি হয় আৰতি৷ পাছত পুলিচে সেই মালিকনী আৰু পুতেকক গ্ৰেপ্তাৰ কৰে৷ অপাৰেচন (যি অতি ব্যয়বহুল) কৰি পুনৰ আগৰ দৰে মুখ এখন পাবলৈ  পুঁজি গোটোৱাত আৰু দোষীক শাস্তি দিবলৈ আৰতিৰ যুঁজ এখন অহৰ্নিশে চলি আছে৷ কোৰান অধ্যয়নৰ পাঠ্যক্ৰম কৰিবলৈ ৰেচমা কুৰেশ্বিয়ে ভগ্নী গুলচনৰ সৈতে মুম্বাইৰ পৰা এলাহাবাদলৈ গৈ আছিল৷ স্বামী পৰিত্যক্তা গুলচন নিজৰ পুত্ৰক নিজৰ জিম্মালৈ বিচাৰি স্বামীৰ ওপৰত গোচৰ দিছিল৷ এবাৰ সেই পাঠ্যক্ৰমৰ পৰীক্ষা দিবলৈ যাওঁতে গুলচনৰ স্বামীয়ে আন তিনিজন ব্যক্তিক লগত লৈ তেওঁলোকক আগুৰি ধৰে৷ হাতত বটল দেখি সম্ভাব্য বিপদৰ কথা অনুমান কৰিয়েই গুলচনে বটলটো কাঢ়ি দলিয়াবলৈ চেষ্টা কৰোঁতে বটলত থকা এচিড পৰি নিজে আঘাতপ্ৰাপ্ত হয় আৰু বাকীখিনি কাঢ়ি লৈ তেওঁলোকে ৰেশমাৰ মুখলৈ দলিয়াই পলায়ন কৰে৷ চিকিৎসালয়ত উপযুক্ত চিকিৎসা নাপাই দহজনীয়া পৰিয়ালটো থকা দুকোঠলীয়া ঘৰটোলৈ লৈ আনি অবৰ্ণনীয় দুখ কষ্টৰ মাজত দিন কটাবলগীয়া ঘটনাটো ঘটিছিল ২০১৪ চনৰ মে মাহত৷ নাজমা জাগিৰদাৰে তেওঁৰ তিনিভগ্নী চাইৰা, দৌলত আৰু  ৰেশমাক তেওঁৰ ঘৰলৈ নিমন্ত্ৰণ দিওঁতে বায়েকৰ উগ্ৰ স্বভাৱ তথা ইতিমধ্যে তেওঁলোকৰ মাকৰ মাটি-বাৰী বিক্ৰী কৰা সংক্ৰান্তীয় মনোমালিন্যৰ কাৰণে তিনিও একেলগে যোৱাৰ  সিদ্ধান্ত লৈছিল আৰু জ্যেষ্ঠ ভগ্নীৰ হাতৰ ঘৰুৱা সুস্বাদু খাদ্য খাই “বায়েকক কিমান ভুল বুজিছিল সিহঁতে“ বুলি ভাবি থাকোঁতেই বায়েক আৰু ভিনিয়েকে দলিয়াই পঠিওৱা এচিডে সৃষ্টি কৰা ধোঁৱাইহে তেওঁলোকৰ সেই ভুল ধাৰণাটো ভংগ কৰিছিল৷ ভগ্নীয়ে ভগ্নীৰ ওপৰত আক্ৰমণ, তাকো সম্পত্তি লৈ- ঘটনাটোৱে তোলপাৰ লগাইছিল দেশৰ সংবাদ মাধ্যম৷ আনকি কণমাণিজনীও সাৰি নগ’ল এই নৃসংশতাৰ পৰা, কিন্তু সেয়া কেইদিনমানলৈহে, তাৰ পাছত সকলো গতানুগতিক৷ তিনিমাহ জেলত থাকি জামিনত ওলাই আহে নাজমা আৰু মাজে মাজে আদালতে দিয়া তাৰিখমতে আদালতত উপস্থিত হৈ সমাজৰ অইন দহজনৰ দৰে সাধাৰণ জীৱন যাপন কৰি আছে৷ উত্তৰ প্ৰদেশৰ নিজৰ গাওঁখনৰ নিজৰ ঘৰখনত শুই আছিল  ৰূপা৷ সতীয়া মাকে ঘৰত কোনো নথকা তেনে এক সময়তে মুখত এচিড ঢালি দিয়ে আৰু প্ৰায় এক দীৰ্ঘ সময় (ছয়ঘণ্টা) কোনো প্ৰাথমিক চিকিৎসা অবিহনে থাকিবলৈ বাধ্য কৰে৷ ছয় ঘণ্টাৰ পাছত উভতি অহা খুৰাকে তাইক প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰলৈ লৈ যায়, কিন্তু তাত উন্নত চিকিৎসাৰ ব্যৱস্থা নথকাত চফদৰজং হস্পিটেললৈ লৈ যায় আৰু পেচাত নাপিতৰ কাম কৰা খুৰাকে ৰূপাৰ চিকিৎসাৰ নামত সৰ্বস্বান্ত হয়৷ চৰকাৰৰ ফালৰ পৰা কোনো ধৰণৰ সহায় নাপাই হতাশ হৈ পৰে খুৰাক, ইফালে সতীয়া মাকে জামিনত ওলাই আহি স্বাভাবিক জীৱন যাপন কৰি আছে নিজৰ পিতৃগৃহত৷

এইয়া নাৰীৰ ওপৰত হোৱা আক্ৰমণ৷ বহু পুৰুষো এনে আক্ৰমণৰ বলি হয়৷ (কথাখিনি যুগুতাবলৈ তথ্য বিচাৰোতে বহুকেইটা ঘটনা পালোঁ য’ত নাৰীয়ে পুৰুষক প্ৰেম প্ৰত্যাখ্যান কৰাৰ বাবে এচিডেৰে আক্ৰমণ কৰিছে, তাত ভুক্তভোগী পুৰুষজনৰ নাম উল্লেখ আছে কিন্তু নাৰী হোৱাৰ হেতুকেই অপৰাধীগৰাকীৰ নাম উল্লেখ নাই; বিষয়টো বেলেগ বাবে ইয়াতে এৰিছোঁ) এইবোৰ ঘটনাই বিভিন্ন বাতৰি কাকতত স্থান পাইছিল বাবে জ্ঞাত, কিন্তু আন বহুতো ঘটনা সংবাদ মাধ্যমে ঢুকি নাপায়৷ এক বেচৰকাৰী সূত্ৰ অনুসৰি ভাৰতত বছৰি ১০০০ মান এনে ঘটনা সংঘটিত হয়৷ আনকি যোৱা কেইমাহমানৰ আগত গুৱাহাটীতে মহিলা অধিবক্তা এগৰাকী এনে আক্ৰমণৰ বলি হৈছিল৷

সকলো নৃশংস ঘটনাই ঘটাৰ লগে লগে সকলোকে জোকাৰি যায়, কিছুদিন চৰ্চাত থাকে, তাৰ পাছত আন সকলো কথা পাহৰি যোৱাৰ দৰে মানুহে, সমাজে পাহৰি যায়৷ নিজৰ জীৱনটো, নিজৰ বিসদৃশ-বিকৃত চেহেৰাটোৰে এসময়ত সমাজ, আত্মীয়-পৰিজনৰ দ্বাৰা বিবৰ্জিতা হয় বলি হোৱা ব্যক্তিগৰাকী কেতিয়াও আৰু এটা সাধাৰণ মানুহৰ জীৱন-যাপন কৰিবলৈ সক্ষম নহয়গৈ অথবা আমাৰ সমাজে নিদিয়ে আৰু নিঃসঙ্গতাই তেওঁলোকৰ সঙ্গী হৈ পৰে৷ এনে আক্ৰমণৰ বলি হোৱাৰ পাছত প্ৰয়োজন হোৱা চিকিৎসা অতি ব্যয়বহুল৷ চিকিৎসাৰ নামত সৰ্বস্বান্ত হোৱাৰ লগতে দোষীক শাস্তি দিবলৈ আদালতলৈ তাঁত-বাতিবোৰ আছেই! এচিড আক্ৰমণে কেৱল শৰীৰটো বাহ্যিকভাবে ক্ষতিগ্ৰস্ত কৰাই নহয়, ভুক্তভোগীগৰাকীক ডিপ্ৰেছন, ইনচমনিয়া, স্মৃতি বিভ্ৰম, শাৰীৰিক-মানসিক দুৰ্বলতা, পুনৰ আক্ৰমণৰ বলি হোৱাৰ ভীতিবিহ্বলতা ইত্যাদি বিভিন্ন ধৰণৰ মানসিক ব্যাধিয়ে আকোঁৱালি ল’য়৷ আগতে তেওঁলোকক অভিজ্ঞ বিশেষজ্ঞৰ দ্বাৰা পৰামৰ্শ প্ৰদানৰ কোনো চৰকাৰী কাৰ্যসূচী দেখা নগৈছিল, চৰকাৰৰ ফালৰ পৰাও কোনো অৰ্থনৈতিক সাহায্যৰ নিয়ম নাছিল যেতিয়ালৈ আন এগৰাকী এচিড আক্ৰমণৰ বলি লক্ষ্মী হাতে-কামে লাগি পৰা নাছিল৷

লক্ষ্মী:

১৯৯০চনৰ ১জুনত দিল্লীত এটা মধ্যবিত্ত পৰিয়ালত জন্ম গ্ৰহণ কৰা লক্ষ্মী আগৰৱালা নামৰ ছোৱালীজনীক পোন্ধৰ বছৰ বয়সত, ২০০৫ চনত ৩২ বছৰীয়া গুড্ডু ওৰফে নায়িম খান নামৰ যুবকে প্ৰেমত প্ৰত্যাখিত হৈ তেওঁৰ ভাতৃ ইমৰাণ আৰু ইমৰাণৰ বান্ধৱী ৰাখীৰ সহায়ত মুখত এচিড নিক্ষেপ কৰে৷ লক্ষ্মীৰ চিকিৎসাৰ নামত আৰু দোষীক শাস্তি দিয়াৰ নামত সৰ্বস্বান্ত হোৱা পৰিয়ালটোক আদালতে দোষী গুড্ডুক দহবছৰ আৰু ৰাখীক এনেকুৱা অপৰাধৰ ষড়যন্ত্ৰ কৰা অৰু দোষীক সহায় কৰাৰ বাবদ সাত বছৰ সশ্ৰম কাৰাদণ্ড দি কিছু সকাহ দিয়ে৷ ইয়াৰ পাছত লক্ষ্মীয়ে নিজকে এচিড আক্ৰমণৰ বলি হোৱা লোকসকলৰ হকে কাম কৰাত নিজকে নিয়োজিত কৰে৷ ২০১৪ চনত তেওঁ সাহসিকতাৰ বাবে আন্তৰাষ্ট্ৰীয় বঁটা লাভ কৰে আৰু NDTV Indian of the Year হিচাপেও নিৰ্বাচিত হয়৷ লক্ষ্মীৰ সাহসত মোহিত হৈ “দিৱা এণ্ড ভিভা” নামৰ মহিলাৰ সাজপাৰ তৈয়াৰ কৰা কোম্পানীটোয়ে তেওঁক ’ব্ৰেণ্ড এম্বেছাদৰ’ হিচাপে নিৰ্বাচিত কৰে৷ সেইখিনি সময়তে লক্ষ্মী আলোক দীক্ষিত বুলি সাংবাদিক এজনৰ সান্নিধ্যলৈ আহে আৰু আলোকে লক্ষ্মীৰ ব্যক্তিত্বত মোহিত হৈ জীৱন সংগী হিচাপে নিৰ্বাচন কৰে৷ দুয়ো লিভ-ইন সম্পৰ্কত বান্ধ খায় আৰু পিহু নামৰ শিশু কন্যা সন্তান এটিৰ পিতৃ-মাতৃ হয়৷ “ষ্টপ এচিড এটেক“ নামৰ এন জি অ এটাৰ জৰিয়তে এচিড আক্ৰমণৰ বলি হোৱা ব্যক্তিসকলৰ হকে দুয়ো কাম কৰি গৈছে৷

এনে ঘটনাৰ বলি হৈ লজ্জিত, শংকিত তথা ভীতিবিহ্বল হৈ পৰি সমাজৰ পৰা নিজকে বিছিন্ন কৰি পেলোৱা মানুহক উৎসাহিত কৰি ঘৰৰ বাহিৰলৈ উলিয়াই আনি, সমাজৰ এজন বুলি অনুভৱ কৰাই আন দহজনৰ দৰে সাধাৰণ জীৱন-যাপন কৰিবলৈ, জীয়াই থকাৰ নতুন উদ্যম দিবলৈ লক্ষ্মীয়ে এটা টেলিভিছন শ্ব’ৰো আৰম্ভণি কৰে৷

আইন:
মুক্তভাবে এচিড বিক্ৰী বন্ধ কৰা, দোষীক আইনৰ আওতালৈ আনিবলৈ নতুন আইন প্ৰবৰ্তন কৰা অথবা ইতিমধ্যে থকা ভাৰতীয় দণ্ডবিধি আইন(The Indian Penal Code) আৰু  ভাৰতীয় সাক্ষ্যবিধি আইন(The Indian Evidence Act) সংশোধন কৰা অৰু ভুক্তভোগীক বিত্তীয় তথা মানসিকভাবে পুনৰোত্থানৰ বাবে সাহাৰ্য আগবঢ়োৱা আদিক সামৰি উচ্চতম ন্যায়ালয়ত ২০০৬চনত এখন ৰাজহুৱা স্বাৰ্থজড়িত আবেদন(Public Interest Litigation) দাখিল কৰে আৰু সেই আবেদনৰ ভিত্তিত উচ্চতম ন্যায়ালয়ে কেন্দ্ৰীয় চৰকাৰলৈ কথাটো গুৰুত্বসহকাৰে লৈ যাৱতীয় পদক্ষেপ ল’বলৈ সময়সীমা বান্ধি দি নিৰ্দেশ জাৰি কৰে৷ কিন্তু আদালতে বান্ধি দিয়া সময়সীমাৰ ভিতৰত কোনো ফলপ্ৰসূ কাৰ্যপন্থা ল’বলৈ অপৰাগ হোৱা চৰকাৰৰ ওপৰত ন্যায়ালয় অসন্তুষ্ট হয়৷ অৱশ্যে ইতিমধ্যে উচ্চতম ন্যায়ালয়ে দিয়া এক ৰায়ত ১৮ বছৰ তলৰ কোনো ব্যক্তিক আৰু ফটো পৰিচয় পত্ৰ অবিহনে এচিড বিক্ৰীত নিষেধাজ্ঞা জাৰি কৰা হৈছিল৷ লক্ষ্মী তথা তেওঁৰ সহযোগীসকলে “শ্বুট এচিড“ নামৰ কাৰ্যসূচীৰ অধীনত তথ্য জনাৰ অধিকাৰ আইনৰ আধাৰত এতিয়াও যে এই নিষেধাজ্ঞা পালন কৰা হোৱা নাই সেয়া বাৰম্বাৰ প্ৰমাণ হোৱাই ভাৰতত আইন কানুনৰ শিথিলতাকে প্ৰমাণ কৰে৷

লক্ষ্মীৰ ইচ্ছা আৰু নেৰানেপেৰা চেষ্টাত ভাৰতীয় দণ্ডবিধি আইনৰ ধাৰা ৩২৬ত দুটা উপধাৰা সংযোগ কৰা হয়৷ ৩২৬(ক) ধাৰা অনুসৰি “Acid” includes any substance which has acidic or corrosive character or burning nature that is capable of causing bodily injury leading to scars or disfigurement or temporary or permanent disability. এই ধাৰাৰ অধীনত এচিড আক্ৰমণকাৰীৰ কমেও দহ বছৰ কাৰাবাস আৰু সৰ্বোচ্চ জৰিমনাসহ যাবজ্জীৱন কাৰাদণ্ড পৰ্যন্ত শাস্তি হ’ব পাৰে৷ ৩২৬(খ) ধাৰাই এচিডেৰে আক্ৰমণ কৰিবলৈ চেষ্টা কৰাৰ অপৰাধৰ (attempted acid throwing) বাবে শাস্তিৰ বিধি দিছে আৰু সেইমতে ন্যূনতম পাঁচবছৰ আৰু জৰিমনাসহ সৰ্বোচ্চ সাত বছৰ পৰ্যন্ত কাৰাবাস হ’ব পাৰে৷

ইয়াৰ উপৰিও উচ্চতম ন্যায়ালয়ে প্ৰতিজন এচিড আক্ৰমণৰ বলি হোৱা ব্যক্তিলৈ তিনিলাখকৈ আৰ্থিক সাহায্য আগবঢ়াবলৈ আৰু ঘটনাৰ পোন্ধৰ দিনৰ ভিতৰত ইয়াৰে এক লাখ পোৱাটো সুনিশ্চিত কৰিবলৈ প্ৰতিখন ৰাজ্য চৰকাৰলৈ নিৰ্দেশ জাৰি কৰিছে৷

বিজ্ঞান-প্ৰযুক্তিৰ উপহাৰ মানবজাতিৰ কল্যাণৰ বাবে হওক৷ মানৱতাক লজ্জানত কৰি মানুহকে জীৱন্ত মৃতদেহলৈ ৰূপান্তৰিত কৰিবলৈ নহয়-এয়ে আমাৰ কাম্য!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments