এজনী গান গোৱা ছোৱালী -(প্ৰশান্ত ৰাজখোৱা)

এজনী গান গোৱা ছোৱালী

-প্ৰশান্ত ৰাজখোৱা

 

মানুহ গৰাকীয়ে আন দিনাৰ দৰে আজিও তাইৰ এটা ফ্ৰেমত বন্ধোৱা ফটোখন ধুনীয়াকৈ মচি-কাচি পৰিষ্কাৰ কৰিলে৷ লগতে তাইৰ হাৰমনিয়াম, গীটাৰ, তাইৰ কিতাপ -পত্ৰ সকলোবোৰ পৰিপাটিকৈ কোঠাটোৰ এচুকত সজাই থলে৷ ফটোখনৰ ওচৰতে চাকি এগজ আৰু ধূপ কাঠি কেইটামানো জ্বলাই দিলে৷ তাৰ কাষতে ধূনাদানি টো থলে৷ কোঠাটোত এটা আধ্যাত্মিক পৰিবেশে বিৰাজ কৰিলে৷

চহৰৰ মাজ-মজিয়াত পাকঘৰ সংলগ্ন আহল-বহল কোঠাটো দুজনী মানুহৰ বাবে যথেষ্ট আছিল৷ দেউতাক থাকোঁতেই আগফালে পাছফালে দুখন বাৰান্দা দি হাফ ৱালৰ তিনিকোঠলীয়া ঘৰটো বৰ আটোমটোকাৰীকৈ সজাইছিল৷ পনিয়লি বেৰকেইখনত চূণতেল দি দিয়াত ঘৰটো শুৱনি হৈ পৰিল৷ মাক-জীয়েক মিলি আগফালে এখন ফুলনিও পাতিলে৷ ঘৰটোৰ চাৰিওফালে কাঁটা তাঁৰৰ বেৰা খন দি হোৱাৰ পিছত দেউতাকে আত্মসন্তুস্তিৰ হাঁহি এটা মাৰি জীয়েকলৈ চাই কৈছিল “মোৰ সৰু চাকৰিটোৰে ইমানখিনি কৰিলোঁ আৰু৷ পাৰ যদি পিছত তই ভালকৈ ঘৰ এখন সজাই লবি৷”

দেউতাকে তাইৰ কণ্ঠটো ভাল বাবে সৰুতেই সংগীতৰ বিদ্যালয়ত নামভৰ্তি কৰি দিছিল৷ আৰু তাই সংগীতত পাৰদৰ্শিতা দেখুৱাবলৈ সক্ষম হৈছিল৷ তাই সিহঁতৰ কলেজৰ ‘বেষ্ট চিংগাৰ’ হৈছিল৷ লগতে স্থানীয় অনুষ্ঠানবোৰতো সংগীত পৰিবেশন কৰিছিল৷

সিহঁতৰ সৰু পৰিয়ালটো সুখে-সন্তোষে নিয়াৰিকৈ চলি আছিল৷ কিন্তু ভগৱানৰ এই সুখ সহ্য নহ’ল৷ তাই মানে মৈত্ৰেয়ী ইউনিভাৰ্চিটিৰ দেওনা পাৰ নৌহওঁতেই সিহঁতৰ জীৱনলৈ কাল অমানিশা নামি আহিল৷ দেউতাকৰ এটা মটৰ দুৰ্ঘটনাত মাকৰ শিৰৰ সেন্দূৰ চিৰ দিনৰ বাবে মচ খাই গ’ল৷ মাক যেন এচটা শিল গৈছিল৷ কিন্তু তাই ধৈৰ্য হেৰুৱা নাছিল৷ তাই মাকৰ মুখৰ হাঁহি ঘূৰাই আনিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছিল আৰু সফলো হৈছিল৷ মাক আগৰ দৰে নহ’লেও এটা স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিছিল৷ তাইৰ পঢ়াৰ খৰচ যোগাৰ কৰিবলৈকে সিহঁতৰ তিনিকোঠালীৰ ঘৰটোৰ দুটা কোঠা ভাড়াত দি দিছিল৷ তাই পঢ়াৰ সমানেই সংগীতৰ সাধনাও কৰি গৈছিল৷ ইউনিভাৰচিটিৰ শিক্ষা শেষ কৰি ল’ কলেজত নামভৰ্তি কৰিছিল৷ আৰু ইতিমধ্যেই দুজনমান বন্ধুৰ সহযোগত অডিঅ’ এলবাম এটাৰ কামো শেষ কৰিছিল৷ আৰু এলবামটো শ্ৰোতাসকলেও আদৰি লৈছিল৷ সংগীতৰ ব্যস্ততাৰ মাজতে ল’ কমপ্লিট কৰিছিল৷

কাছাৰীলৈ যাবলৈ লোৱাৰ পৰা তাইৰ কৰ্মব্যস্ততাও বাঢ়ি আহিল৷ জীয়েকৰ ক্ৰমোন্নতিত মাকে লাহে লাহে অতীতৰ দু: স্মৃতি খন্তেক সময়ৰ বাবে হ’লেও পাহৰি হাঁহিবলৈ লৈছিল৷ ঘৰখনিলৈ এটা স্বাভাৱিক অৱস্থা ঘূৰি আহিছিল আৰু তাইও স্বস্তিৰ নিশ্বাস পেলাইছিল৷

কিন্তু মাকে হয়তো এবাৰলৈও ভাবিব পৰা নাছিল যে ইয়াতকৈও এটা ডাঙৰ দুঃস্বপ্ন তেওঁৰ বাবে ৰৈ আছিল৷ মৈত্ৰেয়ী আনদিনৰ দৰে আজিও হাঁহি-মাতিয়েই ঘৰৰ পৰা কাছাৰীলৈ ওলাই গৈছিল আৰু মাকক দি গৈছিল সোনকালেই ঘূৰি অহাৰ প্ৰতিশ্ৰুতি৷ কিন্তু মৈত্ৰেয়ীৰ বাবে ত্ৰিশ অক্টোবৰ দিনটো এটা অভিশপ্ত দিন হৈ পৰিল৷ কাছাৰীৰ কাম-কাজ সামৰি ঘৰলৈ আহিব’লৈ লওঁতেই এটা প্ৰচণ্ড বিস্ফোৰণে কাছাৰীৰ চৌহদ কঁপাই তুলিলে আৰু আন বহুতৰ লগতে তাইৰ নিস্তব্ধ দেহাটো নিথৰ হৈ পৰি থাকিল৷ মানুহ ৰূপী দানৱবোৰে তাইক হেঁপাহৰ ঘৰখনিলৈ মৰমৰ মাকজনীৰ ওচৰলৈ আহিব’লৈ নিদিলে৷

ধাৰাবাহিক বিস্ফোৰণে গোটেই মহানগৰীখন কঁপাই তুলিলে৷ কেঁচা তেজৰ তুমৰলি, আঘাতপ্ৰাপ্তৰ মৰণকাতৰ চিৎকাৰ৷ এম্বুলেঞ্চ, ফ্ৰায়াৰ ব্ৰিগেড, উদ্ধাৰকাৰী সেনাবাহিনীৰ দলে ক্ষিপ্ৰতাৰে আহতসকলক চিকিত্সালয়লৈ নিয়া আদি টিভিৰ পৰ্দ্দাত দেখা পাই আৰু কাছাৰী ঘাট নামটো বাৰে বাৰে শুনি মৈত্ৰেয়ীৰ মাকৰ মূৰটো আচন্দ্ৰাই কৰিলে৷ ছোৱালীজনীৰ মুখখন বাৰে বাৰে মনলৈ আহিব’লৈ ধৰিলে আৰু তাইক কুশলে ৰাখিবলৈ ভগৱানক খাটিলে৷ কিন্তু ভগৱানে মাকৰ প্ৰাৰ্থনা নুশুনিলে৷ মৈত্ৰেয়ীৰ খুৰাকৰ পুতেক মৃগাংকই মেডিকেলত গৈ তাইৰ নিথৰ দেহটো চিনাক্ত কৰিলে৷

মানুহ গৰাকীৰ মনত সেই অভিশপ্ত দিনটোৱে দোলা দি গ’ল৷ কাৰোবাৰ মাতত তেওঁ সম্বিত ঘূৰাই পালে৷ ধূপ-ধূনাৰ ধোঁৱাই কোঠাটো চানি ধৰিছে৷ আনবাৰৰ দৰে আজিও এই অভিশপ্ত দিনটোত তেওঁক এষাৰ মাত দিবলৈ তেওঁৰ আত্মীয় সকল আহিছে৷ মানুহ গৰাকীয়ে কেৱল আজিয়েই নহয় প্ৰত্যেক দিনেই মৈত্ৰেয়ীক নিজৰ ঘৰখনত জীয়াই ৰাখিছে৷ তাই ব্যৱহাৰ কৰা প্ৰতিটো বস্তু পৰিপাটিকৈ ৰাখিছে৷

“তাই প্ৰতিদিনেই গানৰ ৰেৱাজ কৰে৷ তাইৰ গানবোৰ মই সদায় মনোযোগেৰে শুনো৷ নুশুনিলে তাই বেয়া পায়৷ তাইৰ বস্তুবোৰ নুচুবা৷ তাই বৰ ‘চিনচিয়েৰ’৷ তাই বেয়া পাব৷ তাই অলপ পিছতে আহি পাব৷ “মানুহ গৰাকীয়ে অনৰ্গল ভাৱে কৈ গৈছে৷”

অলপ পাছতে মানুহ গৰাকীয়ে হিয়া ঢাকুৰি কান্দিবলৈ ধৰিলে৷ আৰু সকলোৰে চকুবোৰ সেমেকি উঠিল৷

বি: দ্ৰ: – ত্ৰিশ অক্টোবৰত বিস্ফোৰণত প্ৰাণ বিসৰ্জন দিয়া লোকসকলৰ আত্মাৰ সদ্গতিৰ বাবে প্ৰাৰ্থনা জনালোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments