এজনী পি চি অ’ৰ ছোৱালীৰ দুখ (বিদুল বৰুৱা)

ছোৱালীজনী আচৰিত ধৰণে ভাল লাগে মহেশৰ। সুন্দৰ চাৱনি, সুন্দৰ মুখ, হাঁহি, চুলি সকলোবোৰে তাইক আকৰ্ষণীয় কৰি তোলে। পুৱাৰ পৰা গধূলিলৈকে ৰাস্তাৰ কাষৰ পি চি অ’টোত ছোৱালীজনী বহি থাকে। সন্ধিয়া বজাৰলৈ গলে ফোন কৰিবলৈ নাথাকিলেও মহেশে পি চি অ’টোৰ ফালে এনেয়ে এবাৰ চাই পঠিয়ায়। কেতিয়াবা ছোৱালীজনীৰ চকুৱে-চকুৱে পৰে। আৰু এনে হওঁতেই এক স্বৰ্গীয় অনুভূতিয়ে হঠাতে মহেশক আৱৰি ধৰেহি।
গধূলি পি চি অ’টোত প্রায় মানুহে ভিৰ কৰেহি। সকলোৱে নিজৰ নিজৰ ফোন নম্বৰটো আগবঢ়াই দিয়ে।
– গুৱাহাটীলৈ লাইন পোৱা যাবনে ?
– ট্রাই কৰি আছোঁ, বহক।
একান্তমনে ছোৱালীজনীয়ে টেলিফোনৰ ডায়েলত নম্বৰবোৰ মিলাই যায়। লাইনটো কুঁ-কুঁকৈ সোমাই গৈ গৈ এটা সময়ত ঈষৎ শব্দৰে বাধাপ্রাপ্ত হৈ ৰৈ যায়। আকৌ চেষ্টা কৰি কৰি একোবত লাইনটো লগাই তাই স্বস্তি অনুভৱ কৰে। দুৰণিবটীয়া আপোনজনৰ সৈতে গ্রাহকজনে সুখ-দুখৰ কথা পাতিবলৈ ধৰে। আনন্দত কাৰোবাৰ মুখখন জিলিকি উঠে। কোনো দু:সংবাদ পাই কোনো গ্রাহকৰ চকু চলচলীয়া হৈ আহে। কথা ক’ব নোৱাৰি ফোনটো লাহেকৈ থৈ দিয়ে। ছোৱালীজনী এনেবোৰ ঘটনাত আজিকালি অভ্যস্ত হৈ পৰিছে। তাই নিৰৱে নিজৰ কৰ্তব্য কৰি যায়। বিলৰ পইচাখিনি ঠিকে-ঠাকে লৈ গ্রাহকসকলক ওপৰঞ্চিকেইটা ঘূৰাই দিয়েই দায়িত্ব শেষ কৰে।
ছোৱালীজনীৰ দেউতাক প্রথমে এজন ভাল দৰ্জি আছিল। এদিন ভাগ্যক্রমে লটাৰিত টকা পাই এখন কাপোৰৰ দোকান খুলিলে। তাৰ পিছত কাপোৰৰ দোকান এৰি মিঠাইৰ দোকানৰ লগতে হোটেলো খুলিলে। হোটেলখন ভালদৰেই চলিছিল। কিন্তু এদিন এই হোটেল ব্যৱসায়ো এৰি দিলে। আৰু শেহতীয়াকৈ এই পি চি অ’টোৰ আৰম্ভণি।
চহৰখন সৰু। নিশা চহৰখন বৰ ভাল লাগে। লাইটৰ পোহৰত চহৰখন ভাল লগা হৈ উঠে। মানুহ-দুনুহো বেছি হয়। দিনৰ ভাগত বৰকৈ ছোৱালীজনী নবহে। সন্ধিয়াৰ পৰা ছোৱালীজনী বহিবলৈ লয়।
সপ্রতিভ ছোৱালীজনীয়ে গ্রাহকসকলৰ সৈতে স্মাৰ্ট আৰু সৌহাৰ্দ্যপূৰ্ণ ব্যৱহাৰ কৰিলেও ছোৱালীজনীৰ মনত যেন অহৰ্নিশে এটা দুখবোধে আমনি কৰি থাকে, এনে লাগে। অলপতে ছোৱালীজনীৰ ভনীয়েকৰ ইঞ্জিনিয়াৰ এজনৰ সৈতে ধুমধামেৰে বিয়াখন হৈ গ’ল। ছোৱালীজনীয়ে কিন্তু মনে মনে কান্দিলে। অথচ, ছোৱালীজনীলৈও এটা সময়ত বিয়াৰ প্রস্তাৱ আহিছিল। ভাল উপাৰ্জন আৰু ভাল চাকৰি কৰা দৰা। দেউতাকে ছোৱালীৰ মন নোলোৱাকৈ বিয়া ঠিক কৰিলে। দৰা ছোৱালীতকৈ বয়সত যথেষ্ট ডাঙৰ যদিও বিয়াখন বেছ জাকজমকতাৰে হ’ল। অৱশ্যে বিয়াৰ পিছতো মদ আৰু জুৱাহে আগৰ দৰেই মানুহ জনৰ প্রিয় বিষয় হৈ ৰ’ল। ছোৱালীজনীৰ আকৰ্ষণীয় শৰীৰটোৰ বাহিৰে তাইৰ ভিতৰৰ মনটোক মানুহজনে ভাল পাব নোৱাৰিলে।ঘৰত থকা সময়খিনি মানুহজনে তাইক অত্যাচাৰ কৰিব ধৰিলে। তীব্র বেদনাবোধ আৰু যন্ত্রণাত তাই চাটি-ফুটি কৰি উঠিল। বৈবাহিক আনন্দ আৰু তৃপ্তি তাই নাপালে। তাইৰ বৈবাহিক জীৱনটো অসহনীয় হৈ উঠিল। এটা সময়ত তাই বিবাহ-বিচ্ছেদ কৰি ঘৰলৈ গুচি আহিল।
ছোৱালীজনীয়ে বহুদিন ঘৰৰ পৰা ওলোৱা নাছিল। এক প্রকাৰ ক্ষোভ আৰু দুখে মানুহজনীক জুমুৰি দি ধৰিছিল। দেউতাককে তাইৰ জীৱনটোৰ বাবে দায়ী কৰিছিল। দেউতাকে নিজ স্বাৰ্থৰ বাবে তাইৰ ৰূপ আৰু যৌৱনক ব্যৱহাৰ কৰিছিল নেকি? তাইৰ অন্তৰখন নোলোৱাকৈ সেই অজান মানুহজনৰ হাতত কিয় বাৰু তাইক সমৰ্পণ কৰি দেউতাকে সাংসাৰিক দায়িত্ব সাধিব বিচাৰিলে। অথচ, দেউতাকে কষ্ট কৰি হ’লেও সিহঁতৰ তিনিওজনী বাই-ভনীক বৰ আলফুলকৈ ডাঙৰ কৰিছিল, ঘৰখনৰো আদৰৰ আছিল তাই।
ছোৱালীজনীয়ে এনেকৈয়ে ভাবি ভাবি এদিন নিজক ধৈৰ্যৰে বান্ধিছিল। জীৱনটোক ন-কৈ যাপন কৰাৰ বাবে লক্ষ্য নিৰ্ধাৰণ কৰোঁতেই সিহঁতৰ ঘৰখনত পুনৰ এজাক প্রচণ্ড ধুমুহাই কোবাই গ’লহি। সিহঁতৰ মৰমৰ দেউতাকৰ হঠাতে ষ্ট্র’ক হৈ ঢুকাই থাকিল। পৰিয়ালটো যেন অথাই সাগৰত ডুব গ’ল।
তথাপিও ওচৰ চুবুৰীয়াৰ মৰম আৰু আশীৰ্বাদেৰে পুনৰ জীয়াই থকাৰ অনুপ্রেৰণা লাভ কৰিলে। আত্মীয়জনো এই বিপদৰ সময়ত সিহঁতৰ কাষ চাপি আহিল।
– আটাইতকৈ জীয়াই থকাটোৱে টান কাম।
– টান হ’লেও, জীয়াই থাকিবই লাগিব।
– পুনৰ হাঁহিবলৈকে জীৱনৰ নতুন দিশ উন্মোচন কৰিবই লাগিব।
অসীম সাহস আৰু আত্মপ্রত্যয়েৰে ছোৱালীজনীয়ে জীৱনৰ মুখামুখি হ’বলৈ ললে। ঘৰখনৰ দায়িত্ব লবলৈ তাই আগবাঢ়ি আহিল। পুনৰ যেন সিহঁতে হাঁহিবলৈ শিকিলে।
এদিন এনেকৈ মহেশেও জীৱনত হাঁহিবলৈ শিকিছিল। পৰিয়ালৰ অভাৱগ্ৰস্তা আৰু বেকাৰ জীৱনটো তাৰ বাবে বোজাৰ দৰে হৈ পৰিছিল। পৰিয়ালৰ সকলোৱে তেতিয়া তাৰ মুখলৈ চাই আছিল। সি কাম বিচাৰি বিচাৰি ইখনৰ পৰা সিখন প্রতিষ্ঠানলৈ ঢাপলি মেলোতে মেলোতে ভাগৰুৱা আৰু হতাশ হৈ পৰিছিল। সহপাঠী বন্ধু এজন এই অচিনাকি জনঅৰণ্যত এচমকা পোহৰ হৈ আহিল। এই বেচৰকাৰী প্রতিষ্ঠানত সিও সংস্থাপিত হ’ল। সি অলপ সকাহ পালে। চাকৰিৰ বজাৰখনত চকামকা পোহৰৰ বাটে-বাটে খোজ কাঢ়োতে কাঢ়োতে সম্বন্ধীয় ককায়েক এজনে তাক পুনৰ সহায় কৰিলে। হঠাতে চৰকাৰী বিভাগ এটাত চাকৰিটো পাই এই চহৰখনৰ বাসিন্দা হৈ পৰিল। তাৰ জীৱনলৈ গতি নাহিলেও কিছু যেন স্থিৰতা আহিল।
পি চি অ’টোত সোমাই ঘৰলৈ প্রথম ফোন কৰোঁতেই তাৰ ছোৱালীজনীৰ সৈতে প্রথম মুখামুখি। বিল সম্বন্ধীয় কথাখিনিৰ বাদে অন্য কোনো কথা-বতৰা নাই। মাথোন এটা হাঁহি আৰু দৃষ্টি বিনিময়। এই হাঁহিমিহলি দৃষ্টিয়ে মহেশৰ মেঘে ঢকা হৃদয়খন যেন পলকতে ফৰকাল কৰি পেলালে। সেই ছোৱালীজনীৰ সহজ-সৰল সান্নিধ্যৰ পৰশে মহেশকো ৰঙিয়াল কৰি তুলিলে। তাৰ পুৰণি দিনবোৰলৈ উভতি যাবলৈ মন গ’ল। স্কুলীয়া দিনৰেপৰা তাক কেৱল ছাত্রসকলেই নহয়, ছাত্রীসকলেও আদৰ কৰিছিল। তথাপিও চঞ্চলা গাভৰুজাকৰ প্রথম সম্বোধনত সি সহজ হ’ব পৰা নাছিল। লাজকুৰীয়া স্বভাৱটোৱে তাক সেই মুহূৰ্তত অসুবিধাত পেলাইছিল। পিছলৈ সহজ হ’ব পাৰিলেও জীৱন সংগ্রামৰ ধামখুমীয়াত পৰি সি দিক্-বিদিক্ হেৰুৱাই পেলালে। সময়ৰ সোঁতত চকুৰ পচাৰতে তাৰ ভালপোৱা ইতিমধ্যে নিলাম হৈ গৈছিল। জীৱনত সি হাৰ মানিব নিবিচাৰিলেও প্রথমবাৰৰ বাবে চকু চলচলীয়া হৈ গৈছিল। সি নিৰৱে কান্দিছিল।
ঠিক সেইদৰে ছোৱালীজনীয়েও পুনৰবাৰ কান্দিলে। সেই সৰল যেন লগা ছোৱালীজনীয়ে ক্ষন্তেকৰ বাবে হিতাহিত জ্ঞান হেৰুৱাই সকলোৱে দেখাকৈ এজন মানুহক চৰ মাৰি দিলে। মানুহজনে হেনো ছোৱালীজনীক অপমান কৰিব খুজিছিল। তাইক মানুহজনে অশালীন শব্দ প্রয়োগ কৰিছিল। চৰটো মাৰিয়ে তাই হুকহুকাই কান্দি দিয়াতহে ঘটনাৰ তাৎক্ষণিকতাত অবাক হোৱা ওচৰৰ মানুহবোৰে আহি তাইৰ চাৰিওফালে জুম বান্ধিবলৈ ধৰিলে। ছোৱালীজনীয়ে যেন বহুদিনৰ সাঁচি ৰখা দুখ আৰু ক্ষোভবোৰ মানুহজনৰ গালত ৰাজহুৱাকৈ উজাৰি দিলে।
কেইবাদিনো তাই দোকানখনত বহা নাছিল। সৰু ভনীয়েকে চলাইছিল। সিহঁতৰ পৰিয়ালটোৰ কথা চহৰখনত জনাজনি হৈ গৈছিল। ছোৱালীজনীৰ এনে আচৰণক বহুজনে সহজে লব পৰা নাছিল। যদিও বহুতে ছোৱালীজনীৰ এনে সাহসী আচৰণক সমৰ্থন জনাইছিল, সহানুভূতি ব্যক্ত কৰিছিল।
মহেশেও তেনে এগৰাকী সাহসী জীৱনযোদ্ধাকে অতদিনে বিচাৰি আছিল। মহেশে তাইক প্রেম নিবেদন কৰিব বিচাৰে। সি যেন এতিয়াই ক’ব – ” তোমাৰ নাৰীত্বক সন্মান কৰোঁ মায়া। মই তোমাক ভাল পাই পেলাইছোঁ। তোমাক মই পাব বিচাৰোঁ। জীৱনৰ বাবে।”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments