এজন অখ্যাত অসমীয়া – দিপালী শৰ্মা

(নিজ মাতৃভূমি, নিজ ভেটিত থাকিও যি কেৱল অসমীয়া হৈ জীয়াই থাকিবলৈ গোটেই জীৱন অনা-অসমীয়াৰ সৈতে যুঁজিব লগা হ’ল৷ তেখেতৰ জীৱনৰ সঁচা কাহিনী আপোনালোকলৈ আগবঢ়ালো৷ আশাকৰোঁ সকলোৱে এবাৰ পঢ়িব৷ )

অসমৰ মাজ-মজিয়াতে থকা এখন সৰু পাহাৰীয়া ঠাই৷ চাৰিও ফালে পাহাৰ আৰু বনাঞ্চলে আবৰি থকা ঠাইখনৰ প্ৰাকৃতিক সৌন্দৰ্য্য অতি মনোৰম৷ তাতে মাজেৰে বৈ যোৱা এখন পাহাৰীয়া নৈ আৰু সৰু সৰু টিলা বোৰত বৃটিচ্ ৰেল কোম্পানীয়ে সাজি দিয়া বাংলো বোৰে ঠাইখনৰ সৌন্দৰ্য্য যেন দুগুণে বঢ়াই তুলিছিল৷
ঠাইখনৰ নাম লামডিং৷ অতীজতে কেইঘৰমান ডিমাচা কছাৰী, কাৰ্বি, নগা আৰু নেপালী লোকে বাসকৰা ঠাইখনত, বৃটিচ ৰেল কোম্পানী অহাৰ পিছৰে পৰা এনে কিছুমান লোকৰ আগমন ঘটিব ধৰিলে যে ভাৰত স্বাধীন হোৱালৈকে সেইখন এখন বহিৰাগতৰ মিলনভূমিলৈ পৰিণত হ’ল৷ বাংলাদেশৰ পৰা পলাই অহা আৰু পশ্চিমবঙ্গৰ পৰা ৰেলত চাকৰি কৰিবলৈ অহা বঙালীয়ে ঠাইখন ভৰি পৰিল৷ এটা সময়ত অসমৰ মাজ বুকুতে থকা সত্ত্বেও ঠাইখনৰ প্ৰধান ভাষা হ’লগৈ বাংলা ভাষা৷
চন ১৯৫২ মানৰেই কথা৷ এজন শিৱসাগৰৰ অসমীয়া ডেকাই লামডিঙত ভৰি দিলেহি৷ ৰেল কোম্পানীত চাকৰি কৰা ককায়েক এজনৰ ঘৰলৈ আহিছিল যদিও তেওঁৰ উদেশ্য আছিল কৰ্ম সংস্থাপন৷
তীক্ষ্ম বুদ্ধি, কাম কৰাৰ অদম্য হেঁপাহ আৰু মনোবল থকা যুৱক জনৰ নাম দিবাকৰ৷ দুবছৰ বয়সতে দেউতাক ঢুকোৱাত, বৰ অভাৱ অনাটনৰ মাজেৰে, ইঘৰ সিঘৰ আত্মীয়ৰ ঘৰত থাকি ডাঙৰ হোৱা দিবাকৰৰ আনুষ্ঠানিক শিক্ষা আছিল নিচেই সামান‍্য৷ ৮/১০ বছৰ বয়সৰ পৰা তেওঁ নিজেও বিভিন্ন হাতৰ কাম কৰি মাকক সহায় কৰিছিল৷ এবাৰ দেখিলেই যি কোনো হাতৰ কাম শিকি লব পৰা গুণ থকা বাবে তেওঁ সময়ত বাঁহ-বেতৰ কাম, কাঠৰ কাম, তাঁত বোৱা, বেজিৰে ফুল বচা, ঊল গুঠা তদুপৰি পিঠা -পনা বনোৱা আদি সকলো কামতেই পাকৈত হৈ পৰিছিল৷ কিন্তু সেই সময়ত এইবোৰ হাতৰ কামৰ মূল‍্য আছিল জানো!
নতুন ঠাইখনলৈ আহি তেওঁ বহি থাকিব লগা হোৱা নাছিল৷ পাহাৰীয়া ঠাইখনত তেতিয়াও বহুত গৰাকী নোহোৱা হাবি-মাটি আছিল৷ তাৰেই বহুতখিনি মাটি চিকুনাই তেওঁ শাক-পাচলি, সৰিয়হ, গোমধান আদিৰ খেতি কৰিবলৈ আৰম্ভ কৰিলে৷ তেওঁকে দেখি আৰু দুই/চাৰিজন নগা, নেপালী সম্প্ৰদায়ৰ লোকেও তেওঁৰ লগ দিলে৷ লাহে লাহে তাতেই পাহাৰৰ নামনিত তেওঁ ধান খেতিৰ বাবেও মাটি উলিয়ালে৷
সময় পালে দুই, এজন ৰেল বিষয়াক সৰু-সুৰা কাম কৰি দিছিল৷ সেয়ে তেখেত সকলে যুৱক জনক মৰম কৰিছিল, ভাল পাইছিল৷
ইমান দিনে বিয়া, সংসাৰ এইবোৰৰ কথা তেওঁ ভবাই নাছিল৷ খেতিৰ উপাৰ্জন ভালহোৱা দেখি মাক আৰু ককায়েক-নবৌয়েকে, নবৌয়েকৰ সমন্ধীয়, বয়সত তেওঁতকৈ বহুত সৰু ছোৱালী এগৰাকী বিয়া পাতি দিলে৷ ককায়েক ৰেলৰ কোৱাটাৰত আছিল৷ সৰু কোৱাটাৰটোত ককায়েকৰ ল’ৰা-ছোৱালী মাক আদি কৰি সকলোবোৰ থাকিবলৈ অসুবিধা হব বুলি নবৌয়েকে তেওঁক বেলেগে থাকিবলৈ ব্যৱস্থা কৰিবলৈ কলে৷ তেওঁৰ খেতি কৰা ঠাইৰ চাৰিওফালে তেতিয়া জনবসতি নাছিল আৰু ৰাতি হ’লে বনৰীয়া জন্তুৱেও তাত বিচৰণ কৰিছিল৷ উপায় নাপাই তেওঁ বিষয়া এজনৰ অনুমতি লৈ ৰেলওৱে কলনিৰ ওচৰতে ৰেলৰ মাটিত খেৰ-বাঁহৰ ঘৰ এটা সাজি মাক আৰু পত্নীৰ সৈতে থাকিব ললে৷
১৯৬০ চন, গোটেই অসমতে ভাষা আন্দোলনৰ জুই জ্বলিছিল৷ লামডিঙত ৰেলওৱেত চাকৰি কৰিবলৈ অহা চাৰি/পাচঁজন অসমীয়াহে আছিল৷ বঙালীৰ ভয়ত তেখেতসকলে নিজ নিজ গাঁৱৰ ঘৰলৈ যাবলৈ সাজু হ’ল৷ কিন্তু দিবাকৰে নিজে সাজিলোৱা ঘৰখন এৰি যাবলৈ মন নকৰিলে৷ ককায়েককে আদি কৰি বাকী কেইজনে কলে ঃ– “আমি তোক ইয়াত অকলে এৰি যাব নোৱাৰো তই যাবই লাগিব৷ “ শেষত উপায় নাপাই মাক, পত্নী আৰু ৬ মহীয়া কন্যা সন্তানক লৈ দিবাকৰ ট্ৰেইনত বহিল৷
পৰিস্থিতি অলপ শান্ত হোৱাত দিবাকৰ লামডিঙলৈ উভতি আহিল৷ কিন্তু আহিয়েই যি দৃশ্য দেখিলে সেয়া অতি হৃদয় বিদাৰক, তেওঁ সযতনে সাজিলোৱা ঘৰটো, বছৰটোৰ বাবে গোটাই লোৱা ধানখিনি, পত্মীৰ মৰমৰ তাঁতৰ শালখন জ্বলি এটা চাইৰ দমত পৰিণত হৈ আছে৷ ধানবোৰৰ পৰা তেতিয়াও ধোঁৱা ওলায়েই আছিল৷ কোনোবা বঙালীয়ে তেওঁৰ ঘৰখন কেৱল অসমীয়াৰ ঘৰ বুলিয়েই জ্বলাই দিলে৷
মাতৃভূমি, অসমীয়া জাতি আৰু ভাষাক অত‍্যন্ত ভাল পোৱা জাতীয়তা বাদী মনৰ দিবাকৰে সেইদিনা দুখ, ক্ষোভ পাহৰি খঙত হুংকাৰ দি উঠিল–“এইখন মোৰ মাতৃভূমি, মই মোৰ মাতৃভূমিত থিয় হৈ কৈছো, কোন বঙালীয়ে মোৰ ঘৰ জ্বলালি, সাহস আছে যদি মোৰ সন্মুখলৈ আহ৷ মোৰ ঘৰ জ্বলাই মোক ইয়াৰ পৰা খেদিব পাৰিম বুলি নাভাবিবি৷ “ সেই দিনাৰে পৰা অসমতে থাকি অসমীয়াক নিজৰ শত্ৰু বুলি ভবা অসমৰ বঙালীখিনিক তেওঁ সহজ ভাৱে লব নোৱাৰিলে৷
দিবাকৰৰ খেতিৰ পামৰ ওচৰতো কিছু বঙালী ঘৰ সাজি বহিল৷ সিহঁতে ৰাতি দিবাকৰৰ খেতিৰ শাক-পাচলি চুৰ কৰে, কেতিয়াবা গৰু মেলি দি ও অনিষ্ট কৰে যদিও সন্মুখত দেখুৱাই কৰিবলৈ কোনেও সাহ নকৰে৷ সিহঁতঁৰ উদেশ্য দিবাকৰক খেদি মাটিখিনি নিজৰ কৰা৷
সেই সময়তে এজন অসমীয়া ৰেলওৱে বিষয়া আহিল৷ তেখেতে দিবাকৰক এটা ৰেলৰ চাকৰি দিলে৷ তেতিয়াৰ দিনৰ কয়লাৰ ইঞ্জিন চফা কৰা (ইঞ্জিন ক্লিনাৰ) চাকৰি৷ চাকৰিৰ লগতে তেওঁ খেতিও কৰি থাকিল৷ পাচলি নহয় মৰাপাট, গোমধান আৰু ধানৰ খেতি অব্যাহত থাকিল৷
ৰেলওৱেত চাকৰি কৰিবলৈ আৰু কেইজনমান অসমীয়া লামডিং পালেহি৷ সকলোৰে চেষ্টাত অসমীয়া নামঘৰ, কৃষ্টিসংঘ আৰু বিদ্যালয় স্থাপন হ’ল৷ এখন সুন্দৰ অসমীয়া সমাজ গঢ় লৈ উঠিল৷ সেই সমাজত জাত-পাত, বৰ্ণ বৈষম্য, ধৰ্ম একোৰেই প্ৰভাব নাছিল৷ নাছিল উজনি-নামনিৰ ভেদা-ভেদ৷ এটাই পৰিচয়, “ আমি অসমীয়া৷“
দিবাকৰৰ পৰিয়াল লৈকো আৰু কেইটামান সন্তান আহিল৷ ৰেলৰ চাকৰিটোৰো পদোন্নতি হ’ল৷ চাকৰি, পামৰ কাম এইবোৰৰ মাজতো তেওঁ সন্তান কেইটাৰ দায়িত্ব সুচাৰু ৰূপে পালন কৰিছিল৷ সন্তান কেইটাই অনা-অসমীয়া, ভিন্নভাষাৰ মানুহবোৰৰ মাজত নিজৰ অস্তিত্ব যাতে পাহৰি নাযায়, মাতৃভূমি, মাতৃভাষাৰ প্ৰতি সিহঁতঁৰ ভালপোৱা সন্মান অক্ষুণ্ণ ৰাখিবলৈ সকলো সময়তে সকিয়নি দিছিল৷ সেয়ে ঘৰৰ চাৰিসীমাৰ মাজত এটাও বঙালী শব্দ কোৱাৰ অনুমতি কোনো এটা ল’ৰা-ছোৱালীকে দিয়া নাছিল৷
লামডিঙত বাসকৰা আন অসমীয়া আৰু দিবাকৰৰ মাজত কিছু পাৰ্থক্য আছিল৷ আন সকলো ৰেলওৱে কোৱাটাৰত বাস কৰিছিল, কেৱল চাকৰি কৰিবলৈহে লামডিঙলৈ আহিছিল৷ কিন্তু দিবাকৰে কোৱাটাৰ পায়ো কেতিয়াও তাত থাকিবলৈ নগ’ল৷ গাঁৱৰ এখন অসমীয়া ঘৰৰ দৰে বাৰী পাতি গোহালি, ঢেকিশাঁল, আদি কৰি সকলো সুবিধা কৰি লৈছিল৷
আন প্ৰায়বোৰ পৰিয়াল বিহুৱে সবাহে গাঁৱৰ ঘৰলৈ ঢাপলি মেলিছিল কিন্তু দিবাকৰ কলৈ যাব! তেওঁ প্ৰতিটো বিহু সকলো ৰীতি-নীতিৰে পাতিছিল৷ নিজৰ ল’ৰা -ছোৱালী কেইটাক শিকোৱাৰ লগতে আন ভাষাৰ মানুহ খিনিক আমাৰ সংস্কৃতি, পৰম্পৰাৰ লগত পৰিচয় কৰোৱাইছিল৷ সকলো পৰিস্থিতিৰ মুখা-মুখি হব পৰাকৈ ল’ৰা দুটাক হাল বোৱা, গৰুৰ পঘা বনোৱা, বাহঁৰ খৰাহি, চালনি বা বিচনী বনোৱা লৈকে শিকাইছিল৷ তেনেকৈ তাঁতবোৱা, হাতৰ চিলাই, ঊল গুঠা, মেচিনত কাপোৰ চিলোৱা সকলো পত্নী তথা ছোৱালী কিজনীক দিবাকৰেই শিকাইছিল৷
দিবাকৰৰ পত্নীৰ সহজ সৰল আৰু মৰমীয়াল স্বভাৱৰ বাবে সকলো ওচৰ চুবুৰীয়াই বৰ ভাল পাইছিল৷ দিবাকৰেও যাক যিমান পাৰে সহায় কৰিছিল৷ সহকৰ্মী সকলেও তেওঁক ভাল পাইছিল৷ কাৰো লগতেই ব্যক্তিগত শত্ৰুতা নাছিল৷ যিখন ঠাইত ৰাতি হলেই মানুহ বাহিৰলৈ ওলাব ভয় কৰিছিল, দিবাকৰে অকলেই ৰাতি ১২টা, ১/২বজাতো চাকৰিৰ পৰা ঘৰলৈ ঘূৰি আহিছিল৷ তেওঁৰ আগলৈ আহিবলৈ লুণ্ঠনকাৰী, ডকাইত আনকি অতৃপ্ত আত্মাইয়ো হেনো ভয় কৰিছিল৷
১৯৭২ চন৷ পুনৰ অসমত বঙালী আৰু অসমীয়াৰ মাজত ভাষাক লৈ অশান্তি আৰম্ভ হ’ল৷ লামডিঙৰ অসমীয়া পৰিয়ালবোৰ গাঁৱৰ ঘৰলৈ যাবলৈ আৰম্ভ কৰিলে৷ এইবাৰ দিবাকৰে তাতেই থাকি বঙালীৰ বিপক্ষে থিয় হবলৈ সাজু হ’ল৷ সকলো বঙালী বেয়া নহয়৷ বিশেষকৈ পশ্চিমবঙ্গৰ পৰা চাকৰি কৰিবলৈ অহা শিক্ষিত বঙালীখিনিয়ে কথাবোৰ বুজিবলৈ চেষ্টা কৰিছিল৷ সকলোৱে কোৱা বাবে ল’ৰা -ছোৱালীকিটা বৰদেউতাক হতঁৰ লগত গাঁৱলৈ পঠাই দি তেওঁ তাতেই থাকিল৷ ৰাতি ৰাতি পামখনৰ অনিষ্ট কৰিলে যদিও দিবাকৰৰ বিশেষ একো ক্ষতি নহ’ল৷
লাহে লাহে লামডিঙত অসমীয়াৰ সংখ্যা বাঢ়িব ধৰিলে৷ কিন্তু লামডিং পোৱাৰ পিছতেই তেওঁলোক নিজ ভাষা, সংস্কৃতিক এৰি বঙালী ভাষা আৰু সংস্কৃতিৰ প্ৰতি আকৰ্ষিত হোৱা দেখা গৈছিল৷ লামডিঙলৈ অহা অসমীয়া সকলে ইয়াত থাকিলে বাংলা ভাষা কবই লাগিব, তেওঁলোকৰ লগত মিলি থাকিবই লাগিব, নহ’লে বঙালীৰ মাৰ খাব লাগিব এনে মনোভাব ৰাখিছিল যদিও কিছু জাতীয়তা বাদী মনৰ অসমীয়াই নিজ ভাষা, সংস্কৃতিক জীয়াই ৰাখিবলৈ বিহু সন্মীলন, নামঘৰত গুৰু জনাৰ তিথি নাম কীৰ্তন আদিৰ আয়োজন কৰিছিল৷
দিবাকৰে সকলো অনুষ্ঠানতে যিমান পাৰে সহায় কৰিছিল যদিও কেতিয়াও সমাজৰ আগশাৰীত থিয় নহৈছিল৷ নাম, পদ এইবোৰত তেওঁ আগ্ৰহী নহয় মাথোঁ জাতিটোৰ বাবেহে কাম কৰিব লাগে বুলি জানিছিল৷
১৯৭৯চন৷ সমগ্ৰ অসমতে “আছু“ৰ নেতৃত্বত অস্তিত্ব ৰক্ষাৰ আন্দোলন আৰম্ভ হ’ল৷ লামডিঙৰ অসমীয়াও পিছ পৰি নাথাকিল৷ সদায় বঙালীৰ অধীন হৈ, সিহঁতৰ ইতিকিং, অত‍্যাচাৰ সহ্য কৰি ডাঙৰ হোৱা অসমীয়া ল’ৰা-ছোৱালী খিনিয়ে “আছু“ৰ প্ৰতিটো কাৰ্য্যসূচীত অংশ ললে৷ লাহে লাহে ডাঙৰ মানুহখিনিয়েও ল’ৰা-ছোৱালীখিনিক লগ দিলে৷
১৯ নবেম্বৰ ১৯৭৯ চন৷ আছুৰ পিকেটিং কাৰ্য্যসূচীক সফল কৰিবলৈ লামডিঙৰ গোটেইখিনি অসমীয়া আহি ৰেলৰ সদৰ কাৰ্য্যালয়ৰ সন্মুখত লগ লাগিল৷ পিকেটিং চলি থকা সময়তে এজাক বঙালীয়ে শোভাযাত্ৰা কৰি আহি সেইখিনি পাই প্ৰথমে শিলগুটি তাৰ পিছত চোঁচৰাই, টানি নি অসমীয়া পিকেটিঙকাৰীৰ ওপৰত অমানবীয় অত‍্যাচাৰ চলালে৷ আৰক্ষীৰ তৎপৰতাত মানুহখিনি ৰক্ষা পৰিল৷ দিবাকৰৰ ল’ৰাক উদ্দেশি্য ভীৰৰ পৰাই কোনোবাই ক’লে আজি তহঁতক ঘৰে মানুহে জ্বলাই মাৰিম৷ লামডিঙত সান্ধ‍্য আইন ঘোষনা কৰা হ’ল৷ দিবাকৰ তেতিয়া ৰেল-চালক৷ দিনত নাছিল যদিও গধূলী তেওঁ ঘৰ পালেহি৷ গোটেই ৰাতি অসম আৰক্ষীৰ দল এটাই দিবাকৰৰ ঘৰ তথা লগতে থকা অসমীয়া নামঘৰটোক পহৰা দিলে৷ কিন্ত ৰাতিপুৱা কোনোবাই খবৰ দিলেহি যে দিবাকৰৰ পামৰ ঘৰ আৰু গোহালি কোনোবাই জ্বলাই দিলে৷ গোহালিত থকা গৰুবোৰ পঘা খুলি এৰি দিয়া হৈছিল৷
৮০চনৰ পিছৰে পৰা লামডিঙলৈ কিছু পৰিবৰ্তন আহিল যদিও আজিও লামডিঙৰ বঙালীৰ অসম, অসমীয়াৰ প্ৰতি মনোভাৱৰ বিশেষ সলনি নহ’ল৷
এতিয়া দিবাকৰ ৯৩ বছৰীয়া৷
প্ৰথমে মাক আৰু তাৰ পিছত পত্নীয়ে এৰি থৈ যোৱা দিবাকৰ আজিও একেই সাহস আৰু মনোবল লৈ জীয়াই আছে৷ সাহস দিছে নিজৰ সুযোগ্য পুত্ৰক আৰু লামডিঙৰ অসমীয়া সমাজক৷ তেওঁৰ লগৰ কোনোৱেই তাত নাই৷ কোনোবাই চাকৰি শেষ কৰি গাঁৱলৈ ঘূৰি গ’ল আৰু বহুতেই এই সংসাৰৰ পৰাই বিদায় ললে৷ সেয়ে ৬৫ বছৰীয়া লামডিং অসমীয়া সমাজৰ ইতিহাসৰ দিবাকৰেই এক মাত্ৰ সাক্ষী৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক