এজন অসাধাৰণ দৰিদ্ৰ দ্বৈত-কণ্ঠী গায়ক (নীতুল বৰা)

আজিৰ পৰা ৮ বছৰ মানৰ আগৰ কথা, ২০০৪ চন আছিল বোধহয়। প্ৰতিবছৰৰ দৰেই সেইবছৰো আমাৰ গাঁৱত ৰঙালী বিহু অনুষ্ঠান দুদিনীয়াকৈ অনুষ্ঠিত কৰিবলৈ ৰাইজে মন মেলিলে। আলোচনাৰ অন্তত এই অভাজনকেই সম্পাদকৰ গুৰুদায়িত্ব অৰ্পন কৰা হল।ৰাইজৰ জোৰদাৰ হেঁচাত উপায়ন্তৰ হৈ দায়িত্বভাৰ শিৰপাতি ল’লো।

বেনাৰ বনোৱা, বিভিন্ন প্ৰতিযোগীতাৰ আয়োজন, বিচাৰক নিমন্ত্ৰন, বৰঙণি তোলা আদিৰ পৰাসকলো কামতে নিজেই আগভাগ লব লগীয়া হৈছিল। অনুষ্ঠানৰ বাজেট বৰ বেচি নহয়, মাত্ৰ ২৫ হাজাৰ টকাৰ ভিতৰতে দুদিনীয়া অনুষ্ঠানটি চলাই নিব লাগে। সকলো হিচাপ-নিকাচকে আদি কৰি যাতে কোনো কাৰণতে বদনামৰ ভাগি হ’বলগীয়া নহয় সেয়ে একেবাৰে সচেতন আছিলো। সকলো ঠিকে-ঠাকে চলি আছে।

পিছে এটা সমস্যাই দেখা দিলে, সেয়া হল কম মাননীৰ গায়ক বিচাৰি হাবাথুৰি খাই ফুৰিব লগিয়া হল।আমৰ বাজেটে কুলুৱাকৈ গায়ক পাবলৈকে নাই। বহুকেইজনৰ কাষলৈ গৈও নিৰাশ হবলগীয়া হল। কোনেও তিনি-চাৰিহাজাৰ টকাত গীত পৰিবেশন কৰিবলৈ আগ্ৰহীয়েই নহয়। এদিন ৰাতিপুৱাই বন্ধু কেইজনমানৰ লগত দিনটোৰ বাবে গায়ক বিচাৰি বিচাৰি ভাগিৰ পৰিলো, আবেলি ৩মান বজাত ভাবিলো ৷ কিবা এটা খাই লোৱা ভাল হ’ব ৷ এইবুলি হোটেল এখনত সোমালো ৷ নগাঁৱৰ পৰাপ্ৰায় ১৩ কি.মি.দুৰত। ঠিক তেনেতে মোৰ এজন কলেজীয়া বন্ধুক লগ পালো সেই হোটেলতেই, সি সুধিলে খৱৰ, কেনে আছো ইত্যাদি একেলেঠাৰিয়ে বহুকেইটা প্ৰশ্ন। তাক মোৰ গোটেই কথাখিনি বুজাইক’লোকি ভাগ্য ভাল আছিল নাজানো ৷ সি এটা খবৰ দিলে যে মৰিগাঁৱৰ ওচৰৰ টাঙোন মৰাত এজন গায়ক আছে, তেওঁ অতি কম মাননীতে গীত পৰিবেশন কৰিব, আচল কথাটো হল তেওঁ একেলগে দ্বৈতকণ্ঠত (পুৰুষ আৰু মহিলাৰ কণ্ঠ) গীত পৰিবেশন কৰিবপাৰে ৷ অৰ্থৰ অভাৱত তেওঁৰ বিশেষ খ্যাতি হোৱা নাই বুলি জানিব পাৰিলো।কথাটো শুনামাত্ৰেই অলপো ৰৈ নাথাকি মাৰি পঠিয়ালো মৰিগাওঁ অভিমুখে ৷ প্ৰায়১.৩০মিনিট মানৰ পাছত আমি গৈ মৰিগাঁৱৰ চহৰৰ ওচৰ পালোগৈ, তেনেতে অমুকাৰ সৰুপানী চুব লগা হোৱাত ৰাস্তাৰ কাষতে ৰৈ গলো, তেনেতে আহি থকা বাটৰুৱা এজনকপাই সুধিলো-বোলো , শুনকচোন কৱাইদেউ-বোলো ইয়াত প্ৰমোদ ডেকাৰজা নামৰ এজন গায়কআছে চিনিপাই নেকি ? তেওঁৰ ঘৰটো ? সেইযে মতা-মাইকী মানুহৰ মাত দিব পাৰে—-তেতিয়া তেওঁ কলে যে- অ তেওঁৰ ঘৰটো তোমালোকে পাৰহৈ আহিলা নহয়—উভতি গৈ তোমালোকে বাৰপূজীয়াতেই সুধিবা। ভালবাৰু বুলি তেওঁক বিদাই দি পুনৰ বাৰপূজীয়াঅভিমুখে ভটভটীখন পোনাই দিলো…বাৰপূজীয়া পালোহি—দোকান এখনত সুধিলো –দোকানীয়ে দেখুৱাই দিলে—টাঙোনমৰাৰ পথটো-সেইপথেৰেই কিছুদুৰ গৈ আকৌ এজনক সুধি অৱশেষত গৈ গায়ক জনৰ পদূলিত উপস্থিত হলো।

কিন্তু কি আচৰিত—ঘৰখনএকেবাৰে দৰিদ্ৰ পৰিয়ালৰ যে দেখিয়েই অনুমান কৰিব পাৰিলো। এবাৰ ভাবিলো এইজনসেইজন গায়ক হয়নে নহয়, ভুলতে বেলেগৰ ঘৰত সোমোৱাহি নাইতো, মনতে কথাকেইটা ভাবি, সোমাই গ’লো আটাইকেইটা-গৈ সুধিলো এইটো প্ৰমোদ ডেকা-ৰাজাৰ ঘৰ হয়নে, গানযে গায়, পুৰুষ মহিলাৰ একেলগে? বাৰাণ্ডাতে বহি থকা বৃদ্ধ লোকজনে ক’লে হয়, বোপাই আহহত সোমাই আহ,সোমাই গলো। কাঠৰ চকী এখনত বহি চাৰিও ফালে চালো ৷ ঘৰটোৰ জৰাজীৰ্ণ ৰূপ-বেৰত দুই এটা বাদ্য-যন্ত্ৰ ওলোমাই থোৱা দেখি ভাবিলো হয়সেইজনেই হয়, মনত পৰিল সি কৈছিল নহয় অৱস্থা বৰ ভাল নহয় বুলি। এনেকৈ ভাবি থাকোতেই সোমাই আহিল গায়কজন, পিন্ধনত এখন তিয়নি গামোচা। সুধিলে কৰ পৰা আহিছো, সকলো বিৱৰি ক’লো, বোলা আমাৰ বিহু ফাঞ্চন আছে তাৰ বাবে আপোনাক গীত পৰিবেশন কৰিবলৈ নিমন্ত্ৰন দিবলৈ আহিছো, ৷ তেখেতে একেষাৰে ক’লে হব পাৰিম, কেতিয়া যাব লাগিব, মানে তাৰিখটো ৷ তাৰিখটো কোৱাত ‘ঠিক আছে আমি সন্ধ্যাতে গৈ উপস্থিত হমগৈ’। মনতে ভাবিলো -আন গায়ক হোৱা হ’লে ক’লে হয়-ৰবচোন আপোনালোক, মই চাই লওঁ সেই তাৰিখত খালী আছেনে নাই ৷ আৰু এশ-এবুৰি লেঠা দেখুৱাব যাতে মাননীটো বেছি কৰিব পাৰি, কিন্তু তেখেতে তেনে কোনো কথা নোকোৱাতেই ধৰিব পাৰিছো যেমানুহ জন একেবাৰে সহজ অন্তৰৰ, তেতিয়ালৈ বাহিৰত এন্ধাৰ হৈ আহিলেই, আৰু দেৰি নকৰো বুলিয়েই তেখেতক চিধাকৈ সুধিলো বোলো আপোনাক মাননী কিমান বা দিব লাগিব আগতীয়াকৈ জানিব পাৰিলে আমিও সাজু হৈ থাকিবলৈ সুবিধা হৱ। তেওঁ কলে হয় ঠিকেই কথাটো-আপোনালোকে বেয়া নাপালে মোক টকা ৫হাজাৰ দিলেই মই গৈ গীত পৰিবেশন কৰি আহিমগৈ। কথা শুনি আমি মনেমনে ভালো পালো আমাৰ বাজেটৰ ভিতৰত কামটো হ’ল বুলি আৰু মনে মনে আচৰিতো হলো, ভাবিলো তেওঁ ইচ্ছা কৰা হলে আৰু বেছিকৈ মানে ৭,৮ হাজাৰকোৱা হলেও আমি না নকৰিলো হয়, বাৰু যিনহওঁক তেখেতৰ অৱস্থালৈ চাই আগধন হিচাপে টকা ১ হাজাৰ দি নিয়ম-মাফিক লিখা এখন লৈ আমি উভতিলো। বাটত আটাইকেইটাই আলোচনা কৰি আহিছো যে ইমান কম টকা বিচাৰিব বুলি মই সপোনতো ভবাই নাছিল। মনতে তেখেতক ধন্যবাদ এটা দি আমি ঘৰা-ঘৰি হ’লো সেইদিনালৈ।

যথাসময়ত সেই নিদিষ্ট দিনটো পালেহি, প্ৰথম দিনাৰ অনুষ্ঠান শেষ হৈছিল ইতিমধ্যে। দ্বিতীয়দিনাৰ দিনৰ ভাগৰ বিভিন্ন প্ৰতিযোগীতা সমূহ হৈ গল সুকলমে। লাহে লাহে ৰাতিহৈ আহিল। কথামতেই আমাৰ গায়ক আহি সন্ধ্যা ঠিক ৭মান বজাতেই আহি উপস্থিত হ’লহি।আমি তেওঁক জিৰণি লবলৈ বুলি ওচৰৰে বন্ধু এজনৰ ঘৰত বহিবলৈ দিলো, তেওঁ তাতেই চাহ-পানী খাই জিৰণি লৈ আছে। ইতিমধ্যে আমাৰ সাংস্কৃতিক সন্ধ্যাৰ গীতৰ অনুষ্ঠান আৰম্ভ হৈছেই। স্থানী দুই এজন আগ্ৰহী যুৱক-যুৱতীয়ে গীত পৰিবেশন কৰিছে। ঠিক ৯ মান বজাত আমি ঘোষণা কৰিলো যে -আমাৰ আজিৰ একমাত্ৰ আকৰ্ষন দ্বৈত-কণ্ঠৰ গায়ক প্ৰমোদ ডেকা-ৰজাৰ অনুষ্ঠান আৰম্ভ কৰিবলৈ লৈছো। মঞ্চত সকলো বাদ্য-যন্ত্ৰ ঠিক-ঠাক কৰি তেওঁৰ সহযোগী সকল সাজু, বাদ্য-যন্ত্ৰনো কি,কোনোধৰনৰ আধুনিক বাদ্য নাছিল তেওঁলোকৰ, বহুতেই ভাবিছে চাগৈ কিনো গীত গাব এওঁলোকৰ সহযোগী সকলৰ আঁচ-বাবেই কয় সেয়া। কেইমূৰ্হুত্তমানৰ পাছত আমাৰ গায়কআহি মঞ্চত উপস্থিত হৈ ৰাইজলৈ ৰঙালী বিহুৰ ওলগ জনাই গীতৰ শৰাই আৰম্ভ কৰিলে, পিন্ধনত একেবাৰে সাধাৰণ পোছাক, তেনেতে আমাৰ সভাপতিয়ে এখনি ফুলাম গামোচাৰে তেখেতক সম্বৰ্ধনা জনালে, ৰাইজে হাত-চাপৰি দিলে। প্ৰথম গীতৰ এফাকি পুৰুষৰ কণ্ঠেৰে আৰু পাছৰ ফাকি মহিলাৰ কণ্ঠেৰে সুৰ দিছেহে ৷ ৰাইজ অভিভূত হৈপৰিল ৷ ৰাইজৰ মাজৰ পৰা বিভিন্ন মন্তব্য ভাঁহি আহিল ৷ অহ বঢ়িয়া, দুটামান টিকি, দুটামান সুহুৰি, কুই কুই, উই উই আৰু যে ক’ত মাত ঠিক নাই। সুন্দৰ সুৰেৰে প্ৰথম গীত শুনি ৰাইজৰ মাজত আনন্দৰ সীমা নাই, এনেকৈ এটা দুটাকৈ গীত পৰিবেশন কৰি আছে ৷ সকলো গীতেই ইমান সুন্দৰকৈ গাইছে যে সকলোৱেই আচৰিত হৈপৰিল। বহুতে আমাক আহি ব্যক্তিগত ভাবে সুধিলেহি-যে ইমান সুন্দৰ গায়ক জন কৰপৰা আনিলাহে তোমালোকে? আৰু বহুতেই বহুত প্ৰশ্ন, পাৰো মানে সেই আনন্দৰ মূৰ্হুত্তত উত্তৰ দিছিলো, মনতে মোৰ বন্ধুলৈ ধন্যবাদ এটা সাঁচি ৰাখিলো, তাক লগ পালে নিদিলেই নহব। এটা দুটাকৈ গীত গাই গাই তেওঁ প্ৰায় ৰাতি ১২ বজালৈ কমেও ৩০-৪০টামান গীত গালে, কিন্তু তথাপিও ভাগৰি পৰা দেখা নগল। দৰ্শক এজনো আতৰি যোৱা নেদেখিলো, বৰঞ্চ দুগুণে বাঢ়িবলৈহে ধৰিলে।

সকলোতকৈ আচৰিত হ’ল দৰ্শক সকল তেতিয়া, যেতিয়া তেওঁ এটাও গীত কোনো লিখিত ডায়েৰীৰ সহায় নোহোৱাকৈ সুন্দৰকৈ গায় গৈছে এফালৰ পৰা। কাৰণ তেওঁ লিখা-পঢ়া নাজানিছিলেই, সেয়ে তেওঁ সকলো গীত টেপ-ৰেকৰ্ডাৰত শুনি শুনিয়েই মনত ৰাখিছিল।তাৰোপৰি দৰ্শকৰপৰা যি গীতেই অনুৰোধ নকৰক কিয় সকলো গীতেই এক মূৰ্হুতও পলম নকৰাকৈ বা এবাৰোভাবিব লগীয়া নোহোৱাকৈ গাই গৈছিল। ৰাইজৰ জাউৰিয়ে জাউৰিয়ে হাত-চাপৰি পৰিছিলপ্ৰতিটো গীতৰ অন্তত, আমাৰো সিমানে গৌৰৱত বুকু ফুলি উঠিছিল। ৰাতি দুইমানবজাত তেওঁ কিছু ক্লান্ত অনুভৱ কৰা দেখা পাই আমি কমিটিৰ তৰফৰ পৰা ৰাইজলৈ এটি অনুৰোধ ৰাখি তেওঁ কিছুসময় জিৰণি লৱলৈ সুবিধা কৰি দিছিলো। সেইখিনি সময়তে তেওঁ আমাক এটা অনুৰোধ কৰিছিল যে তেওঁ জনজাতি লোক আৰু সেয়ে সদায় অলপমান ফটিকা খোৱাৰ অভ্যাস, এতিয়া ভাগৰো লাগিছে সেয়ে তেওঁ কেইঘোটমান ফটিকা খাব বিচাৰে যদিহে কমিটিয়ে অনুমতি দিয়ে। আমি ক’লো বোলো ফটিকা খোৱাৰ পাছতো আপোনাৰ পৰিবেশন যদি একেই থাকে তেনেহ’লে আপুনি সেইকণ খোৱাত আমাৰ কোনো আপত্তি নাই।প্ৰায় ৩০মিনিট পাছত পুনৰ গায়ক মঞ্চত উঠিল, কিন্তু সেই একেই সুন্দৰ পৰিবেশন কৰি গ’ল।

এনেকৈ পুৱতি নিশা তেওঁৰ গীতত আপ্লুত হৈ দৰ্শকৰ মাজৰে কোনোবাই ১০০ টকা , কোনোবাই ৫০০টকা প্ৰতিটো গীতৰ অন্তত তেওঁক উপহাৰ দিবলৈ ধৰিলে ৷ এনেকৈ গীত পৰিবেশন কৰি কৰি ধলপুৱা হলগৈ ৷ তেতিয়াও ৰাইজৰ উপহাৰ দিয়া অব্যহত আছে ৷ তাৰ মাজে মাজে ৰাইজৰ মাজৰ পৰাও দুই এজনে গামোচাৰে সম্বৰ্ধনা জনাই আছে। তেওঁৰ অনুষ্ঠান শেষ কৰিবলৈ বিচাৰে যদিও ৰাইজৰ বিপুল দাবীত পুনৰ গীত পৰিবেশন কৰিবলৈ লয়। এনেকৈ গীত পৰিবেশন কৰোতে কৰোতে বেলি ওলালগৈ, তেতিয়ালৈ তেওঁ কমেও এশ গীতৰ বেছি গীত পৰিবেশন কৰিলে। খুব কমসংখ্যহে দৰ্শক ঘৰৰ বাট বুলিলে তেতিয়াও। অৱশেষত ৭ বজাত আমি বাধ্যহৈ তেখেতৰ শাৰীৰিক পৰিশ্ৰমৰ প্ৰতি লক্ষ্য ৰাখি আমাৰ অনুষ্ঠান বন্ধ কৰিবলৈ বাধ্য হ’লো, ৰাইজৰ ওচৰত এই বাধ্যতাৰ বাবে ক্ষমা বিচাৰিলো ৷ এক অবিষ্মৰণীয় সাংস্কৃতিক অনুষ্ঠান ৰাইজে উপভোগ কৰিলে। সকলোৱে আনন্দত উত্তৱল হৈ পৰিল, শেষত আমাৰ কমিটিৰ সদস্য সকলে গায়কক একেবাৰে দাঙি আনিলে। আমিও বিদায় দিবলৈ তেখেতলৈ এটি মাননীৰ টোপোলা আগবঢ়ালো। সেইদিনা তেখেতক আমি দিবলৈ বাকী থকা ৪ হাজাৰ টকাহে দিলো, কিন্তু ৰাইজৰ মাজৰ পৰাই তেখেতে উপহাৰ পালে মুঠ ৪,৭৫০টকা। সৰ্বমুঠ তেওঁ এই অনুষ্ঠান পৰিবেশন কৰি ৯,৭৫০ টকা লাভ কৰিলে। আমি তেখেতক আৰু সহযোগী সকলক তেতিয়া একাপ একাপ চাহ আৰু কেক যাঁচি ৰাতিপুৱাৰ অভ্যৰ্থনা খিনি কৰিলো, কিছু সময়ৰ পাছত তেওঁ আমি সকলোৱে মিলি গাড়ীৰ ওচৰলৈকে আগবঢ়াই দি বিদাই দিলো। সেইদিন আজিও মোৰ জীৱনৰ স্মৃতি হৈ ৰল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments