এজন অসামাজিক কবিৰ কবিতা (ইন্দুকল্প শইকীয়া)

কাঠৰোকা চৰাই হৈ সি
শব্দৰ ঠোঁটেৰে খুটিঁ খুঁটি
প্ৰেমৰ ঘৰ সাজে।
নিস্পাপ তেজাল হৃদয়বোৰত
আৰু এটা ধুনীয়া ঘৰৰ সপোনেৰে
গৰ্ভৱতী হ’বলৈ ধৰা হৃদয়বোৰক
নিষ্ঠুৰভাৱে প্ৰতাৰিত কৰি
সি আতৰি যায়
এখন নতুন তেজাল কলিজাৰ সন্ধানত।।
সি পাপী, সি নিষ্ঠুৰ,
ভাৱনাৰ দাপোনত সি
লাজ লগাকৈ কুন্ধচ ।
হে প্ৰেমৰ ঈশ্বৰ !
তাক আঘাত দিয়ক,
জীৱনৰ ৰাজপথত
সংঘাটৰ শিকলিৰে বান্ধি তাক
বিপন্নতাৰ ফাঁচি দিয়ক।
সি সন্ত্ৰাসিত কৰিব পাৰে
ৰঙীন সপোনেৰে উজলি থকা
যি কোনো হৃদয়ৰ চহৰ ।
নিস্পাপ হৃদয়বোৰক সি সেউজীয়া পথাৰ বুলি ধৰি লৈ
মোহ যাব খোজে সেউজীয়াৰ উন্মাদনাত।
নপুংসক হৃদয়ে তাৰ অনুভৱ কৰিব নোৱাৰে
সপোনৰ গৰ্ভপাতত জন্ম হোৱা
দুৰ্ব্বল কলিজাৰ বিষ ।
সি ফাগুণৰ বতাহত দেও দি উৰিব খোজে,
আকাশৰ সিমনাক পাৰ হৈ চাব খোজে,
নতুনৰ পোছাকেৰে আবুৰ হৈ ৰ’ৱ খোজে
আৰু প্ৰেমৰ বিচনীৰে মৰমৰ বা দিয়াৰ
অনুৰাগী হৈ থাকিব খোজে।
আপুনিও যদি লগ পাব খোজে তাক,
সুধি চাব পাৰে কোনোবা উচ্চল, অপৰিস্কাৰ বন্ধুৰ আড্ডাত-
“প্ৰেমিক চৰাইটো থাকে নেকি ইয়াত”?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক