এজন কাবুলীৱালা মূল: – ইংৰাজী। লেখকঃ ৰবীন্দ্ৰনাথ ঠাকুৰ। অনুবাদ: -গৌৰৱ শইকীয়া

মোৰ ৫ বছৰীয়া কণমানিজনী মিনি অনৰ্গল কথা নপতাকৈ থাকিবই নোৱাৰে। আৰু মই ডাঠি ক’ব পাৰো যে তাই তাইৰ গোটেই দিনটোৰ সময়ছোৱা এক মিনিট সময়ো মৌন হৈ থাকিব নোৱাৰে। তাইৰ মাকে প্ৰায়েই তাইৰ এই স্বভাৱটোৰ দ্বাৰা বিৰক্ত হৈ তাইৰ পেকপেকনি বন্ধ কৰিবলৈ চেষ্টা কৰে যদিও মই ইয়াৰ সম্পূৰ্ণ বিপৰীত। তাইক মৌন দেখাটো সঁচাকৈয়ে অস্বাভাৱিক, যিটো মই কেতিয়াও দীৰ্ঘ সময় ধৰি সহিব নোৱাৰো আৰু সেয়েহে প্ৰায়েই মোৰ তাইৰ লগত কথা পতা সময়খিনি আনন্দৰে পাৰ হয়।
উদাহৰণস্বৰূপে এদিন ৰাতিপুৱা মই যেতিয়া মোৰ নতুন উপন্যাসখনৰ সাত নম্বৰ অধ্যায়ত মগ্ন হৈ আছিলো তেতিয়া মিনি মোৰ ৰুমলৈ দৌৰি আহি মোৰ গাত ধৰি ক’লে “দেউতা আমাৰ চকীদাৰ ৰামদয়ালে কাউৰীটোক কউৰী বুলি কয়; সি সঁচাকৈয়ে একো নাজানে, নহয়নে?” মই তাইক ইয়াৰ পাৰ্থক্য বুজাবলৈ লোৱাৰ আগতেই তাই পুনৰ বেলেগ এটা বিষয় আৰম্ভ কৰিলেই “দেউতা! ভোলাই কৈছে যে ডাৱৰবোৰৰ মাজত এটা হাতী আছে আৰু সি তাৰ শুৰেৰে পানীবোৰ তললৈ মাৰি পঠিয়াই দিয়ে কাৰণে বৰষুণ দিয়ে।” তাইক এইবোৰ কথাৰ শেষবাৰৰ বাবে কিবা এটা ক’ও বুলি মুখ মেলোঁতেই তাই শেষৰটো প্ৰশ্নবাণ মাৰে-“দেউতা মা তোমাৰ কি হয়?”
”মোৰ নবৌ হয়!” মই মুখেৰে সেইবুলি ভোৰভোৰাব লওঁতেই নিজক অলপ সম্বৰণ কৰি মই তাইক ভোলাৰ লগত খেলিবলৈ পঠিয়াও।

মোৰ খিৰিকীখনৰ পৰা সন্মুখৰ ৰাষ্টাটো সম্পূৰ্ণকৈ দেখি, কণমানিজনীয়েও মোৰ ভৰিৰ টেবুলৰ তলত আপোনপাহৰা হৈ খেলত ব্যস্ত থকাৰ সময়তেই ময়ো মোৰ উপন্যাসখনৰ সপ্তম খণ্ডটোৰ ৰচনাত দেহেকেহে লাগো য’ত উপন্যাসখনৰ নায়ক প্ৰতাপ সিংহই নায়িকা কাঞ্চনলতাক নিজৰ বাহুত আকোঁৱালি দূৰ্গৰ তৃতীয় মহলাৰ খিৰিকীৰে পলোৱাৰ দিহা কৰে; তেনেতে হঠাতে মিনিয়ে তাইৰ খেলা এৰি খিৰিকীৰ কাষলৈ গৈ “কাবুলীৱালা! কাবুলীৱালা!” বুলি চিঞৰা আৰম্ভ কৰে আৰু মই নিশ্চিত যে তাই খিৰিকীৰে এটা কাবুলীৱালাক ধীৰগতিত ৰাষ্টাৰে পাৰ হৈ যোৱা দেখিছে যাৰ পিন্ধনত এযোৰ মলিন কুৰ্তা আৰু এটা দীঘল পাগুৰি। সি তাৰ হাতত আঙুৰ ভৰ্ত্তি এটা বাকচ কঢ়িয়াই নিছে।

অৱশ্যে মই এইক্ষেত্ৰত মোৰ ছোৱালীজনীৰ মনৰ প্ৰতিক্ৰিয়াৰ কথা ক’ব নোৱাৰিলেও মই তৎকালে ভাবিলো যে নিশ্চয় কাবুলীৱালাজন এতিয়া ভিতৰলৈ সোমাই আহিব আৰু মোৰ সপ্তম অধ্যায়টো আধৰুৱা হৈয়েই ৰ’ব। সেই সময়তেই কাবুলীৱালাজন অলপ সময় বাটত ৰ’ল আৰু মিনিলৈ ঘূৰি চালে আৰু তাই ভয়ত বিতত হৈ দৌৰি মাকৰ কাষ চাপিলগৈ। তাইৰ এটা মিছা বিশ্বাস আছিল যে কাবুলীৱালাজনে কঢ়িয়াই অনা বেগটোত তাইৰ নিছিনা সৰু সৰু ল’ৰাছোৱালীক সুমুৱাই ৰখা হয়। তেনেতে কাবুলীৱালাজন মোৰ দুৱাৰমুখ পালেহি আৰু মোক এটি হাঁহিৰে সম্ভাষণ জনালে।

এনেদৰেই মোৰ উপন্যাসৰ নায়ক-নায়িকাৰ অৱস্থিতিও অনিশ্চিত হৈ ৰ’ল, যিহেতু মানুহজনক মাতি অনা হ’ল গতিকে তেওঁৰ পৰা কিবা এটা লোৱাটো প্ৰয়োজনীয় হৈ পৰিল। মই দুই এপদ সৰুসুৰা সামগ্ৰী কিনাৰ লগতে আব্দুৰ ৰহমানৰ লগত ক্ষন্তেকীয়া ৰাছিয়ান, ইংৰাজ আৰু সীমান্ত নীতিৰ বিষয়ে দুই এষাৰ কথা পাতিলো।

সি যাবলৈ উলোৱাৰ আগতে মোক সুধিলে-“কণমানিজনী ক’ত?”
আৰু ময়ো ভাবিলো যে মিনিক তাইৰ মিছা ভয়ৰ পৰা মুক্ত কৰি দিয়াৰ এইটোৱেই সুযোগ।
তাই মোৰ চকীখনৰ ওচৰত থিয় হৈ কাবুলীৱালাটোৰ বেগটোলৈ ঘূৰিপকি চাব ধৰিলে
; সি তাইক বাদাম আৰু কিচমিচ যাচিলে যদিও তাই মোক বেছি সযোৰে খামোচ মাৰি ধৰিহে থাকিল আৰু তাইৰ সন্দেহো বেছি বাঢ়িহে গ’ল।
এইখনেই আছিল সিহঁতৰ প্ৰথম দেখাদেখি।
ইয়াৰ কিছুদিন পিছত এদিন ৰাতিপুৱা মই ঘৰৰ পৰা বাহিৰলৈ ওলাই যাব লওঁতেই মিনিক মই কাবুলীৱালাটোৰ লগত দুৱাৰমুখত বহি হাঁহি-ধেমালিৰে কথা পাতি থকা দেখিলো। মোৰ জীৱনত তাইক কেতিয়াও মই তাইৰ দেউতাকৰ বাহিৰে তাইৰ কথা শুনা ইমান এজন ধৈৰ্য্যশীল শ্ৰোতা লগ পোৱা মনত পেলাব নোৱাৰিলো। ইতিমধ্যেই তাইৰ সৰু শাৰীখনৰ পাৰীটো তাইৰ নতুন অভ্যাগতজনে দিয়া কাঠবাদাম আৰু খিচমিচেৰে ভৰি পৰা দেখিলো। “তাইক এইবোৰ কিয় দিছা?” মই সেইবুলি কৈ তাক আঠঅনা এটা জেপৰ পৰা উলিয়াই দিলো আৰু সিয়ো কোনো সংকোচ নকৰাকৈ তাৰ পকেটত ভৰাই থ’লে।
কিন্তু মই ঘূৰি অহাৰ অলপ পিছতেই সেই পইচাটোৱে মূল পয়মাল সংঘটিত কৰিলে, কিয়নো আঠঅনাটো কাবুলীৱালাটোৱে সেই পইচাটো মই যোৱাৰ পিছত মিনিৰ হাতত দি থৈ গ’ল আৰু মাকে তাইৰ হাতত সেই উজ্জ্বল সিকিটো দেখাত তাইৰ ওপৰত উত্তেজিত হৈ জেৰা কৰা আৰম্ভ কৰি দিলে: -“তই এই আঠ অনাটো ক’ত পালি?”
“কাবুলীৱালাটোৱে মোক দিলে!” মিনিয়ে উৎফুল্ল হৈ ক’লে।
“কাবুলীৱালাটোৱে তোক এইটো দিলে!” চক্ খাই তাইৰ মাকে প্ৰায় চিঞৰিয়েই সুধিলে। “অই মিনি! তই এইটো বাৰু তাৰ পৰা কেনেকৈ ল’লি?”
মই যেনিবা সেই সময়তেই তাত গৈ পাই তাইক মাকৰ জেৰাৰ পৰা বচালো।

এয়াই সিহঁতৰ প্ৰথম তথা দ্বিতীয়বাৰৰ লগপোৱা নাছিল। সিহঁতে প্ৰায়েই ইটোৱে সিটোক লগ কৰিছিল আৰু কাবুলীৱালাটোৱেও মিনিক বাদাম আৰু কিচমিচৰ জড়িয়তে তাইৰ মনৰ পৰা তাৰ প্ৰতি থকা ভয় আঁতৰাইছিল আৰু এনেদৰেই দুয়োটা ভাল বন্ধু হৈ পৰিছিল।
সিহঁতে বহুতো অদ্ভুতধৰণৰ কৌতুক বনাই সেইবোৰত আমোদ লভিছিল। তাৰ সন্মুখত বহি মিনিয়ে তাৰ বৃহৎ চেহেৰাটোলৈ চাই তাক প্ৰশ্ন কৰিছিল-“কাবুলীৱলা অ’ কাবুলীৱালা তোমাৰ বেগটোত কি আছে?” সিয়ো তাইক একেধৰণে নাকেৰে আৱাজ উলিয়াই এজন পৰ্বতাৰোহীৰ দৰে উত্তৰ দিছিল “এটা হাতী” যদিও ইয়াত ইমান উল্লসিত হ’বলগীয়া একো নাছিল কিন্তু কেনেকৈ সিহঁতে এইবোৰত আমোদ পাইছিল সিহঁতেহে জানিছিল। আৰু মোৰ কাৰণে তাই কেনেকৈ এনে এজন অচিনাকি বয়সস্থ মানুহৰ লগত মুকলাকৈ কথা পাতিছিল সেইটো মোৰ কাৰণে সঁচাকৈয়ে চিত্তাকৰ্ষক আছিল।

অলপ পিছত কাবুলীৱালাটোৱে তাইৰ ফালে ঘূৰি তাইক সুধিলে “তুমি তোমাৰ শহুৰৰ ঘৰলৈ কেতিয়া যাবা সোণজনী?”
প্ৰায়বোৰ বঙালী ছোৱালীয়েই বহু সৰুতে যদিও এই শব্দটো শুনিছে কিন্তু পৰাপক্ষত আমি আমাৰ জীয়ৰীৰ পৰা ইয়াক লুকুৱাই ৰখাৰ ফলত তাই কিছুপৰিমাণে এই প্ৰশ্নটোত অলপ বিমোৰত পৰিল আৰু আচৰিত হ’ল। কিন্তু তাই আচৰিত হোৱা যেন নেদেখু্ৱাই ওলোটাই তাক প্ৰশ্ন কৰিলে-“তুমি গৈছা নেকি তালৈ?”
কাবুলীৱালাৰ দৰে শ্ৰেণীৰ মানুহৰ মাজত শহুৰৰ ঘৰ শব্দটোৱে দুটা অৰ্থ প্ৰকাশ কৰে। ইয়াৰে এটাই জেল বুজাই য’ত কোনোধৰণৰ নিজাববীয়া ব্যয় নোহোৱাকৈ ব্যক্তিক শহুৰৰ ঘৰৰ দৰেই আলপৈচান ধৰা হয়। গতিকে এইটো ক্ষেত্ৰত মিনিৰ হৃষ্টপুষ্ট সংগীজনে অ’ বুলি কথাষাৰ শলাগি নিজৰ হাতৰ মুঠি টোৱাঁই কোনো অদৃশ্য পুলিচক গালি পৰাৰ ভাও দেখুৱালে “মই মোৰ শহুৰক ঠেকেচি ঠেকেচি মাৰিম।” মিনিয়ে এই দৃশ্য দেখি হাঁহিত সম্পূৰ্ণৰূপে ফাটি পৰিল।

সেই সময়বোৰ আছিল শৰৎ ঋতুৰ পুৱাৰ সময়, যি সময়ত ৰজাই তেওঁৰ পুৰণি দূৰ্গৰ পৰা যুদ্ধলৈ ওলাই আৰু মই ক’তো ক’লৈকো নোলোৱাকৈ কলিকতাৰ পৰা এটা চুকলৈও নোলাই মোৰ মনটোক সমগ্ৰ বিশ্বত ভ্ৰমি ফুৰিবলৈ এৰি দিওঁ। ইখন দেশৰ পৰা সিখন দেশত মোৰ মনটো পৰ্যটকৰ দৰে তাৰ ৰাষ্টাই ঘাটে ঘূৰি ফুৰে আৰু এনেদৰেই মই পৰ্বত-পাহাৰ, জানজুৰি, হাবিবননি সমূহক লগ লগাই সপোনৰ জাল গুথোঁ।
তেনেতে মোৰ ভাৱনাত মিনিৰ মাকে আহি যতি পেলালেহি “সেই মানুহটোৰ পৰা সাৱধান হ’বা!”
দূৰ্ভাগ্যবশত মিনিৰ মাক এগৰাকী ৰক্ষণশীল মহিলা আৰু যেতিয়াই তেওঁ ৰাষ্টাত কিবা হুলস্থূল শুনে, অথৱা কোনোবা অচিন ব্যক্তিক ঘৰলৈ সোমাই অহা দেখে তেওঁ এইটো সামৰণিতেই উপনীত হয় যে সেয়া হয় কোনোবা চোৰ, নহ’লে কোনোবা মদাহী, নহৈ কোনোবা ইংৰাজ নাৱিক, নহয় সাপ, নতুবা পইতাঁচোৰা। ইমান বছৰৰ পিছতো তেওঁ এইসমূহ ভয়ৰ পৰা মুক্ত হ’ব নোৱাৰিলে আৰু সেয়েহে তেওঁ এতিয়া মোক আহি কাবুলীৱালাটোৰ ওপৰত কাঢ়া নজৰ ৰাখিবলৈ আহি অনুৰোধ কৰিলেহি।

মই তেওঁৰ এই উদ্বেগত হাঁহিবলৈ গৈয়ো অলপ সময়ৰ কাৰণে তেওঁ গুৰুগম্ভীৰভাৱে সোধা এটা প্ৰশ্নত ৰৈ গ’লো।
“সৰু ল’ৰাছোৱালী সমূহক অপহৰণ কৰা নহয়নে?”
হয় জানো, নহয় কাৰণ কাবুলতটো দাসত্ত্ব প্ৰথা এতিয়া বৰ্তি থকা নাই।
এইটো অৰ্থহীন যেন লাগিলেও মিনিৰ মাকৰ প্ৰশ্ন আছিল যে সেই প্ৰকাণ্ড মানুহজনে এটি সৰু বাচ্ছাক নিজৰ লগত সুমুৱাই ৰাখি লগত নিব পৰাৰ সম্ভাৱনা আছে নেকি?
বছৰত এবাৰ জানুৱাৰী মাহত কাবুলীৱালাটো নিজৰ ঘৰ আফগানিস্থানলৈ ওভতে আৰু তাৰ আগতেই সি ঘৰে ঘৰে গৈ তাৰ পাবলগীয়া বকেয়াখিনি আদায় কৰে। কিন্তু ব্যস্ততাৰ মাজতো সি প্ৰতিদিনে মিনিক লগ কৰিবলৈ সময় উলিয়াই।

এদিন ৰাতিপুৱা সি কাবুললৈ যাব উলোৱাৰ অলপ দিন আগতে মই মোৰ পূৰ্বৰ লিখাসমূহ লুটিয়াই বগৰাই পৰীক্ষা কৰি থাকোঁতে হঠাতে পদপথত এটা ডাঙৰ হূলস্থূল শুনিলো আৰু বাহিৰলৈ ওলাই গৈ দেখিলো যে কাবুলীৱালা ৰহমানক পুলিচে চোলাত ধৰি লৈ গৈছে আৰু এজন পুলিচৰ হাতত এখন চুৰী। তেনেতে বাৰাণ্ডাত খেলি থকা মোৰ ছোৱালী মিনিয়ে তাক দেখি আগবাঢ়ি আহি আগচি সুধিলে “অ’ কাবুলীৱালা, কাবুলীৱালা তুমি শহুৰৰ ঘৰলৈ যোৱা নেকি?” সেইদিনা তাৰ হাতত তাইক দিবলৈ একো বেগ নাছিল আৰু সি তাইলৈ ঘূৰি চাই ক’লে “তালৈকে গৈ আছো মই।” কিন্তু তাইক তাৰ উত্তৰত আমোদ পোৱা যেন নালাগিল। তেনেতে সি তাইৰ লগত পুনৰ সেই পুৰণা ধেমালিটো কৰিলে। “মই মোৰ বুঢ়া শহুৰক ঠেকেচি মাৰিম কিন্তু মোৰ হাত দুখন বন্ধা আছে।”

হত্যাৰ অভিযোগত ৰহমানৰ কেবাবছৰো জেল হ’ল।
সময়ৰ লগে লগে আমিও তাক পাহৰি পেলালো আৰু আনকি মোৰ মিনিয়েও তাক পাহৰি পেলালে। বয়সৰ লগে লগে তায়ো তাইৰ সমবয়সীয়া ছোৱালীবোৰৰ লগত খেলাধূলা কৰি ডাঙৰ হ’বলৈ ধৰিলে আৰু কদাচিতহে তাইৰ লগত মোৰ কথাবতৰা হোৱা হ’ল, আগৰদৰে তাই আহি মোৰ দুৱাৰদলিত ভুমূকিও নমৰা হ’ল।

সময়বোৰ পাৰ হৈ যাব ধৰিলে আৰু আমিও আমাৰ মিনিৰ বিয়াৰ প্ৰস্তুতি চলাবলৈ আৰম্ভ কৰিলো ঠিক দুৰ্গা পূজাৰ সময়ছোৱাতেই। দেৱী দুৰ্গাই পিতৃৰ গৃহ ত্যাগ কৰি কৈলাসলৈ ওলোৱাৰ দৰেই মোৰ মৰমৰ জী জনীয়েও তাইৰ বাপেকৰ ঘৰ ত্যাগ কৰি শহুৰৰ ঘৰলৈ যাবলৈ সাজু হৈ উঠিল।
ৰাতিপুৱাটো উজ্জ্বলতাৰে পাৰ হ’ল। বৰষুণৰ পিছত সমগ্ৰ বতৰটো পৰিষ্কাৰ হৈ পৰিল আৰু সূৰ্য্যৰ ৰশ্মি সোণৰ দৰেই জলমলাবলৈ ধৰিলে। আনকি এই উজ্জ্বলতাই কলিকতাৰ ৰাজপথৰ দাতিৰ শোচনীয় তথা মলিয়ন ৱালকেইখনৰ ঈষৎ ধূলিয়ৰি ৰঙকো ম্লান কৰি তোলিলে। ৰাতিপুৱা সময়কণ পাৰ হোৱাৰ লগে লগে বিয়াৰ বেণ্ড পাৰ্টিৰ পেপাবোৰ বাজিবলৈ আৰম্ভ কৰিলে আৰু ইয়াৰ প্ৰতিটো শব্দই মোৰ বুকুত প্ৰতিধ্বনি তোলিলে। বাজনাৰ ভৈৰৱী সুৰে বিচ্ছেদৰ বেদনাৰ দুখ বঢ়াই তোলিলে। কাৰণ আজি ৰাতি মোৰ মিনি বিয়া হৈ যাব।

বিয়াৰ আনুষ্ঠানিক কৰ্মসূচী চলি থকাৰ সময়তেই আৰু মই মোৰ পঢ়া কোঠাত পুৰণা হিচাপ মিলাই থকাৰ সময়ত মোক চালাম জনাই এজন লোক হঠাতে সোমাই আহি মোৰ ৰুম পালেহি আৰু মোৰ ওচৰত থিয় দিলেহি। সি আছিল কাবুলীৱালা ৰহমান। প্ৰথমে তাক মই চিনি পোৱা নাছিলো যদিও সি মোলৈ চাই হহাঁত মই তাক ধৰিব পাৰিলো।
“তুমি কেতিয়া আহিলা ৰহমান?”
“কালি আবেলি।” সিহঁতে মোক জেলৰ পৰা যাবলৈ দিলে। তাৰ শব্দকেইটাই মোৰ কাণত সজোৰে আঘাত হানিলে। মই কেতিয়াও মোৰ নিজৰ জীৱনত এনে এজন মানুহৰ লগত কথা পাতি পোৱা নাছিলো যি নিজৰ সহযোগীকে চুৰী মাৰিছিল।

“ভিতৰত বিয়াৰ কাম চলি আছে আৰু ময়ো অলপ ব্যস্ত আছো; তুমি অন্য এদিনা আহিব পাৰিবানেকি?”
সি যাবলৈ বুলি ঘূৰিল আৰু গৈয়েই দুৱাৰমুখত ৰৈ আকৌ ঘূৰিল আৰু মোলৈ চাই ক’লে, “অলপ সময়ৰ কাৰণে কণমানিজনীক দেখা কৰিব পাৰিম নেকি?” তাৰ বিশ্বাস আছিল যে মিনি এতিয়াও আগৰ কণমানিজনীয়েই হৈছে। হয়তো সি কল্পনা কৰিছিল যে মিনি আগৰ দৰেই তাৰ ওচৰলৈ দৌৰি আহিব আৰু তাক কাবুলীৱালা বুলি চিঞৰিব আৰু দুয়োটাই আগৰ দৰেই কথাবতৰাত মছগুল হৈ পৰিব। যাৰ কাৰণে সি নিজৰ দেশৰ মানুহৰ পৰাই কাগজ এখিলাত মিনিৰ কাৰণে অলপ কিচমিচ আৰু বাদাম লৈ আহিছে।
মই ক’লো, “ঘৰত এতিয়া উৎসৱ চলি আছে গতিকে আজি তুমি কাকোৱেই দেখা কৰিব নোৱাৰিবা।
কথাষাৰ শুনিয়েই তাৰ মুখখন শেঁতাঁ পৰি গ’ল আৰু মোলৈ অলপ সময় চাই মোক সুপ্ৰভাত জনাই উভতিল। অলপ সময়ৰ কাৰণে মোৰ বেয়া লাগিল আৰু তাক মাতিব লওঁতেই সি নিজেই আকৌ উভতি আহিল আৰু মোৰ হাতত সি মিনিলৈ অনা সৰু কিচমিচ আৰু বাদামৰ পেকেটটো দি ক’লে, “এইটো কণমানিজনীক দি দিব। মই তাক পইচা দিবলৈ উঠোঁতে সি মোৰ হাতত ধৰি ক’লে, “আপুনি বহুত ভাল ছাৰ, আপুনি এইটো ৰাখি থ’ক। মোক পইচা দিব নালাগে। আপোনাৰ দৰে মোৰো এজনী ছোৱালী আছে। মই সদায় তাইৰ কথা ভাবিয়েই আপোনাৰ ছোৱালীলে ফলমূল লৈ আহো, মোৰ নিজৰ লাভৰ কাৰণে নহয়! সি তাৰ হলৌচোলাটোৰ জেপত হাত ভৰাই আটোমটোকাৰীকৈ ভাজ কৰি ৰখা এখন মলিয়ন কাগজ উলিয়াই আনিলে আৰু মোৰ টেবুলৰ ওপৰত ৰাখি কাগজখনৰ ভাজ খুলি দেখুৱালে য’ত তেওঁ অতবছৰে নিজৰ কণমানি জীয়েকৰ হাতৰ ছিয়াহীঁৰ ছাপ সাচি ৰাখিছিল। ব্যৱসায়ৰ খাতিৰত তেওঁ প্ৰতিবছৰে কলিকতালৈ আহোঁতে তেওঁ নিজৰ জীয়েকৰ স্মৃতি বুকুত কঢ়িয়াই লৈ ফুৰিছিল। মোৰ চকুলো ওলাই আহিল, মইনো তাতকৈ কোনফালৰ পৰা বেছি, মইয়োটো তাৰ দৰেই এজন পিতৃ। মইয়ো অলপ সময়ৰ কাৰণে পাহৰি গৈছিলো যে সি এজন মাত্ৰ সাধাৰণ কাবুলীৱালা।
মই অনতিপলমে মিনিক মাতি পঠিয়ালো, যদিও ভিতৰত তাইক মাতি পঠিওৱাকলৈ যথেষ্ট আপত্তি উঠিল কিন্তু মই নুশুনিলো। তাই ৰঙা ৰঙৰ চিল্কৰ কাপোৰ এসাঁজ পিন্ধি, কপালত চন্দনৰ ফোঁট লৈ সলজ্জ চাৱনিৰে বাহিৰলৈ ওলাই আহি মোৰ আগত থিয় হ’লহি। কাবুলীৱালাজনে মিনিলৈ অলপ সময়ৰ কাৰণে আচৰিত হৈ চালে। সি সিহঁতৰ মাজৰ পুৰণা বন্ধুত্বৰ সম্পৰ্ক পুনৰুজ্জীৱিত কৰাত ব্যৰ্থ হ’ল।

সি মাত্ৰ তাইলৈ চাই অৱশেষত অলপ হাঁহিলে আৰু ক’লেঃ “অকণমানীজনী তুমি শহুৰৰ ঘৰলৈ যোৱা নেকি?”
কিন্তু মিনিয়ে এতিয়া শহুৰৰ ঘৰৰ শব্দটো ভালকৈ বুজি পোৱা হ’ল আৰু সেইকাৰণে তাই আগৰ নিচিনাকৈ তাক উত্তৰ নিদিয়া হ’ল। তাই মাত্ৰ উক্ত প্ৰশ্নটোত লাজতে ৰঙাচিঙা পৰিল আৰু তাৰ আগত মাত্ৰ তলমূৰকৈ কইনাৰ সাজত তলমূৰ কৰি ৰ’ল।

মই কাবুলীৱালাজনে আৰু মোৰ ছোৱালী মিনিয়ে প্ৰথম লগপোৱা দিনটোলৈ মনত পৰিল আৰু মই দুখ অনুভৱ কৰিলো। যেতিয়া মিনি আঁতৰি গ’ল ৰহমানে এক গভীৰ নিশ্বাস এৰিলে আৰু মজিয়াতে বহি পৰিল। হঠাতে তাৰ নিজৰ জীয়েকলৈ মনত পৰিল যে এই সুদীৰ্ঘ সময়ছোৱাত তায়োটো বহুত ডাঙৰ হ’ল আৰু সিয়ো তাইৰ কাৰণে নতুন সম্বন্ধ গোটাবৰ হ’ল। নিশ্চিতভাৱে সি এতিয়া ঘৰলৈ গৈ তাইক আগৰ অৱস্থাত নাপায়গৈ। আৰু তদুপৰি এই সুদীৰ্ঘ আঠ বছৰত তাইৰ লগত যে আৰু কি যে ঘটনা হোৱা নাই কোনে জানে?

বিয়াৰ বিগুল বাজিবলৈ আৰম্ভ কৰিলে আৰু শৰৎ ঋতুৰ সূৰ্য্যৰ আভাই চাৰিওফালে আৱৰি ধৰিলে। কিন্তু ৰহমানে বাহিৰলৈ ওলাই কলিতাৰ ৰাজপথত বহি পৰিল আৰু তাৰ আগত থকা শুকান আফগানিস্থানৰ পৰ্বতকেইটালৈ চকু পেলালে।

মই ৰহমানক এখন নোট হাতত দি ক’লোঃ “নিজৰ দেশত থকা তোমাৰ ছোৱালীৰ ওচৰলৈ ঘূৰি যোৱা ৰহমান আৰু মই আশা কৰোঁ মোৰ ছোৱালীৰ লগত হোৱা তোমাৰ সাক্ষাতে যেন মোৰ ছোৱালীৰ জীৱনলৈ সৌভাগ্য কঢ়িয়াই আনে!”

তাৰ আকস্মিক উপস্থিতিয়ে মোক বিয়াৰ কিছুমান বিশেষ উৎসৱত অংশগ্ৰহণৰ পৰা বঞ্চিত কৰিলে। মই বিচৰাধৰণে বিয়াত বৈদ্যুতিক বাল্বো লগাব নোৱাৰিলো তথা বিচৰাধৰণে মিলিটেৰী বেণ্ডো আনিবও নোৱাৰিলো আৰু ঘৰৰ মহিলাসকল এইকথাত যথেষ্ট নিৰাশ হ’ল। কিন্তু মোৰ কাৰণে বিয়াৰ ভোজ ভাতৰ গুৰুত্বতকৈও আটাইতকৈ লেখতলবলগীয়া কথাটো হ’ল যে এক সুদীৰ্ঘ সময়ৰ পিছত এজন হেৰাই যোৱা পিতৃয়ে তেওঁৰ একমাত্ৰ কন্যাক পুনৰ নিজৰ দেশত ল’গ পাব।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক