এজন খেতিয়ক আৰু তেওঁৰ বুঢ়া খচ্চৰটোৰ কাহিনী (প্ৰতিম প্ৰতাপ বৰুৱা)

(মূল ইংৰাজী গল্পৰ ভাৱানুবাদ)

এজন খেতিয়ক আৰু তেওঁৰ বুঢ়া খচ্চৰটোৰ কাহিনী (প্ৰতিম প্ৰতাপ বৰুৱা)

এজন খেতিয়কৰ এটা বুঢ়া খচ্চৰ আছিল | এদিন খচ্চৰটো ভুলতে গৈ শুকান নাদ এটাত পৰিল | নাদটোত পানী হয় নাথাকে বা থাকিলেও একেবাৰে তলিত কেতিয়াবা অলপ থাকে | খেতিয়কজনে দেখিলে নাদ আৰু খচ্চৰ দুয়োটাৰে এতিয়া কোনো কাম নাই | গতিকে খচ্চৰটোৱে কষ্ট পাই থকাতকৈ তাক ইয়াতে পুতি মাৰি পেলোৱাই ভাল |

সেইমতে তেওঁ ওচৰ চুবুৰীয়াক মাতি সকলোকে লগাই দিলে নাদটো মাটি, পেলনীয়া বস্তু আদিৰে পুতি দিবলৈ | কাম আৰম্ভ হ’ল | নাদটো পুতি পেলাবলৈ চেষ্টা কৰা দেখি প্ৰথমতে খচ্চৰটোৱে বৰ ভয় খাইছিল | কিন্তু ক্ষন্তেকতে খচ্চৰটোৱে ভাবি পালে জীয়াই থাকিবলৈ কি কৰিব লাগিব | সেইমতে প্ৰতিবাৰে তাৰ পিঠিত মাটিৰ ওজন পৰাৰ লগে লগে সি গাটো জোকাৰি মাটিখিনি তাৰ পিঠিৰপৰা আঁতৰাই দিয়ে আৰু তাৰ পিছত মাটিখিনিৰ ওপৰত থিয় হৈ দিয়ে | প্ৰতিবাৰে মাটিখিনি পৰোতে পিঠিত সি খুব দুখ পায়, বাৰে বাৰে পৰি থকা মাটিৰ খুন্দাত তাৰ পিঠিয়েদি তেজ বৈ গৈছিল, কিন্তু সেই দুখ-কষ্টই তাৰ জীয়াই থকাৰ বাবে লোৱা সিদ্ধান্তক তলাব নোৱাৰিলে | নিজকে উত্‍সাহ দিবলৈ সি নিজকে নিজে ক’লে – “মই জীয়াই থাকিবই লাগিব, মই জীয়াই থাকিবই লাগিব |” অৱশেষত নাদটো মাটিৰে প্ৰায় ভৰি পৰিল আৰু লবেজান অৱস্থাত খচ্চৰটো নাদটোৰ পৰা ওলাই আহিল |

একমাত্ৰ সাহসেৰে আৰু যোগাত্মকভাৱে সমস্যাৰ সন্মুখীন হোৱাৰ বাবেই খচ্চৰতো নিশ্চিত মৃত্যুৰ মুখৰপৰা সাৰি আহিল আৰু জীয়াই থাকিল |

————–***————–

“গাধই জিৰণি নোলোৱাকৈ বোজা বয়, জাৰ-জহ অনুভৱ নকৰে, সদায় সন্তোষেৰে থাকে। এই তিনিটা গুণ গাধৰ পৰা শিকিব লাগে।” – চানক্য

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments