এজন তেলুগু যুৱকৰ দৃষ্টিৰে অসম (ফাৰুক আজিজ)

দূৰণিৰ এজন অচিনাকী: এজন তেলুগু যুৱকৰ দৃষ্টিৰে অসম

মূল- অগ্নি গাদিয়াৰাম

অনুবাদ- ফাৰুক আজিজ

মোৰ নাম অগ্নি গাদিয়াৰাম। ঘৰ অন্ধ্ৰ প্ৰদেশৰ আলামপুৰত। মাতৃভাষা তেলুগু। অসমৰ বিষয়ে মোৰ জ্ঞান মাত্ৰ কাজিৰঙা আৰু চাহপাতৰ মাজতেই সীমাৱদ্ধ আছিল।

আইতাই কৈছিল, “অসম দুখী মানুহসকলৰ নিৰাপদ আশ্ৰয়স্থলী। যিসকলক সংকীৰ্ণ মনৰ মানুহবোৰে নুবুজে, যিসকলে নিজকে বুজি নাপায় আৰু যিসকলৰ কাৰ্যই সভ্য সমাজক আচৰিত কৰি তোলে; তেওঁলোকেই আহে ব্ৰহ্মপুত্ৰ উপত্যকালৈ। ৰহস্যঘন পাহাৰবোৰে যেন তেওঁলোকক অনুপ্ৰেৰণা যোগায় অচিনাকী পথবোৰেৰে আগুৱাই যাবলৈ। শান্ত সৌম্য লুইতৰ পাৰত হেনো দুষ্ট মনবোৰেও শান্তি লভে আৰু বিচাৰি পায় অপূৰ্ণ জীৱনৰ নতুন অৰ্থ আৰু যদি কোনো উভতি যায় নিজৰ দেশলৈ এই “যাদুৰ দেশ”ৰ পৰা, তেওঁলোকক অন্য সকলে সমীহ কৰি চলে নতুবা কোনো কোনোৱে পূজা অৰ্চনাও কৰে।”

এনেদৰেই জানিছিলোঁ মই অসমক আৰু এনেদৰেই মই এদিন এন আই টি শিলচৰত নামভৰ্ত্তি কৰিবলৈ ভৰি থৈছিলো ৰহস্যঘন অসমৰ মাটিত। হয়তো কাৰোবাৰ বাবে আছিল এয়া অযোগ্যজনৰ শেষ আশ্ৰয়স্থলী। কিন্তু মোৰ বাবে ই আছিল সদায় যেন এক হেঁপাহ কিবা এটা অসম্ভৱ কৰি দেখুওৱাৰ। মই আগবাঢ়িছিলোঁ মোৰ কক্ষপথত অকলেই নীৰৱেই দৃঢ় প্ৰতিজ্ঞ হৈ।

মই লাহে লাহে মিলি পৰিছিলোঁ অসমৰ মাটি-পানীৰ লগত আৰু ইয়াৰ সুমধুৰ সঙ্গীতবোৰে মোক বাৰুকৈয়ে আকৰ্ষিত কৰিছিল। প্ৰথম মই শুনিছিলোঁ এটা নাম ‘জুবিন গাৰ্গ’ আৰু এটা এটাকৈ কেতিয়া তেখেতৰ প্ৰায়বোৰ গীতেই মোৰ প্ৰিয় হৈ গৈছিল মই গমেই পোৱা নাছিলোঁ। তাৰপাছত মই চিনাকী হৈছিলোঁ ভূপেন হাজৰিকাৰ গীতবোৰৰ সৈতে। তেখেতৰ মৃত্যুত লগৰবোৰে উচুপি কন্দা মই নিজেই দেখিছিলোঁ। কিমান মানৱ দৰদী হ’লে এজন শিল্পীয়ে এনেকৈ মানুহক কন্দুৱাই যাব পাৰে হয়তো মই সেয়া কেতিয়াও বুজি নাপাম। আন এটা গীত ‘শিলে শিলে’, মোৰ মাৰো অতিকৈ প্ৰিয়। এই গানটোৱে কিবা যেন শুকান মৰুভূমিটো গোলাপ ফুলৰ গোন্ধ দিব পাৰে। এই গীতটোৱে কিয় নাজানো মনটো ৰঙীন কৰি দিয়ে।

আন এজন হ’ল সকলোৰে মৰমৰ ‘পাপন’ দা। এজন উদীয়মান তাৰকা।তেওঁৰ গীতবোৰে যেন সকলোকে নাচিবলৈ বাধ্য কৰি দিয়ে। পাপন দাক এইবাৰ কলেজ ফেষ্টত ওচৰৰ পৰা লগ পোৱা সময়কণ মোৰ আজীৱন মনত থাকিব। আচলতে সঙ্গীতেই মোক অসমীয়া ভাষাৰ ওচৰলৈ লৈ গৈছিল। হিন্দীৰ লগত থকা সাদৃশ্যতাৰ বাবে মই সহজতে বুজি পাইছিলোঁ আৰু এতিয়া মই সলসলীয়াকৈ অসমীয়া ক’ব পাৰোঁ।

অসমৰ ছোৱালীবোৰ আৰু তেওঁলোকৰ উৎসাহ-উদ্দীপনা; সকলো কামতে আগবাঢ়ি অহা তেওঁলোকৰ সাহস আৰু সমাজত মূৰ ডাঙি জীয়াই থাকিব বিচৰা তেওঁলোকৰ মনবোৰে মোক সদায়ে আকৰ্ষিত কৰে। তেওঁলোকৰ জ্ঞান আৰু নাৰী হোৱাৰ সম্পূৰ্ণ সুযোগ গ্ৰহণ কৰি সকলোকে পৰাজিত কৰি জীৱনত আগুৱাই যাব পৰা তেওঁলোকৰ মানসকিতা সঁচাই প্ৰসংশনীয়। নাৰী শক্তিৰ এই ৰূপ মই জীৱনত প্ৰথমবাৰ দেখিছোঁ।

পাছলৈ অসমৰ আন এটা সন্মোহিত শক্তিৰ লগত চিনাকী হ’লো সেয়া হৈছে ‘বিহু।’ সহজ সৰল হাত চাপৰি আৰু কঁকালৰ সঞ্চালনে মোক কিবা এক অন্য জগতলৈ লৈ যায়। যোৱা বছৰৰ বসন্ত মহোৎসৱৰ ৰঞ্জিত গগৈৰ অনুষ্ঠানে মোক বাৰুকৈয়ে মন্ত্ৰমুগ্ধ কৰি ৰাখিছিল।

কেতিয়াবা শিলচৰৰ বিবাহ শোভাযাত্ৰাবোৰত মোৰ বুকুৰ আপোন ‘তেলুগু’ গীত শুনিলে মই আপোনপাহৰা হৈ পৰো। বাটৰ কাষৰ পকা আনাৰসৰ সোৱাদ লৈ মই ভাৱো এইখনেই চাগে মোৰ ‘সপোনৰ ভাৰতবৰ্ষ’, বিভিন্ন ৰঙী সংস্কৃতিৰ মিলনভূমি। লগৰবোৰে কোৱা লাচিত বৰফুকনৰ সাহসিকতাৰ কাহিনীয়ে মোক বাৰুকৈয়ে মনত পেলাই বহু বীৰৰ মিলনভূমি এই ভাৰত সঁচাকৈয়ে অনৈক্যত ঐক্যৰ এক জ্বলন্ত উদাহৰণ।
আৰু ইয়াৰ মানুহবোৰ, গোটেই জীৱন কৈ থাকিলেও কিজানি শেষেই নহ’ব। তেওঁলোকৰ সৰলতা, নিষ্পাপ কৌতুকবোৰেও কেতিয়াবা আপোনাৰ মন ভৰাই তুলিব পাৰে। এই ভূমি সঙ্গীতঙ্গ, অভিনেতা, বক্তা, চিত্ৰশিল্পী আদিৰ অতুলনীয় প্ৰতিভাৰে উভৈনদী; হয়তো কোনো সুযোগৰ প্ৰতীক্ষাত আছে আৰু সুযোগ পালেই গোটেই পৃথিৱীয়েই ইয়াৰ উমান পাব।

ঘৰৰ পৰা হাজাৰ মাইল দূৰৈত থকাৰ বাবেই চাগে কেতিয়াবা মোৰ মনটোৱে মোৰ জন্মভূমিলৈ উৰা মাৰিব বিচাৰে কিন্তু তথাপি এইখন জগতে মোক নিজৰ জীৱনতো নতুনকৈ চাবলৈ অনুপ্ৰেৰণা যোগাইছে। একে চিন্তা ধাৰাৰ মানুহৰ মাজত থাকি জীৱন নিৰ্বাহৰ আমেজেই সুকীয়া আৰু মোৰ বিশ্বাস এনে বহু চিন্তা বহু সপোন লগ হৈ সলনি কৰি দিব পৰা যায় এখন দেশৰ ভৱিষ্যত।

অ’ বহু অসমীয়া সুস্বাদু ব্যঞ্জনৰ কথা শুনিছোঁ। নাৰিকলৰ লাড়ু, তিল পিঠা; এইবোৰৰ নাম শুনিলেই মোৰ জিভাৰ পানী পৰিব ধৰে। অসমীয়া বাদ্যযন্ত্ৰসমূহৰ ভিতৰত ‘গগণা’ মোৰ প্ৰিয়। ইয়াৰ সুমধুৰ ঝংকাৰে কিছুমান সপোন যেন লগা অনুভৱ মনলৈ লৈ আহে।

ইয়াৰ ল’ৰাবোৰে ‘কল’ আৰু ‘চুলি’ বিৰাটেই ভাল পাই চাগে। এই শব্দ দুটা চাৰি বছৰত যিমান শুনিলোঁ আৰু কোনো শব্দ ইমান বেছিকৈ নুশুনিম চাগে। এই শব্দ দুটা আজিকালি ক’ব নোৱাৰাকৈয়ে ময়ো ব্যৱহাৰ কৰিব লৈছোঁ মোৰ কথাৰ মাজত আৰু পাছৰ জীৱনত এই শব্দ দুটাই সদায় মোক এই বন্ধুবোৰলৈ মনত পেলাই দিব।
জীৱনৰ এই চাৰিটা বছৰত বহুত মানুহ লগ পালোঁ। ভাল, বেয়া সকলোধৰণৰ। তাৰ মাজত কিছুমানৰ কিছু গুণে মোক সদায়ে অনুপ্ৰেৰণা যোগাব এজন ভাল মানুহ হৈ জীয়াই থকাত। তাৰ মাজতে বৰ্ণবিদ্বেষ, জাতীয়তাবাদ সম্পৰ্কীয় কিছুমান বেয়া ঘটনা মোৰ চকুৰ আগত ঘটিছিল। ভিন্ন ভাষা বা ভিন্ন বৰণে বন্ধুৰ মাজত শত্ৰুতাৰ সৃষ্টি কৰা মই নিজে দেখিছোঁ। এইবোৰে মোক বিৰাট আঘাট কৰিছিল। সদায় নিৰপেক্ষ মেৰুত অৱস্থান কৰি নিজৰ জীৱন গঢ়াত ব্যস্ত থকাৰ মাজতো কেতিয়াবা মই অস্থিৰ হৈ পৰো, কিয় হয় এইবোৰ, কাৰনো কি লাভ হয় এইবোৰৰ পৰা?

মই সদায়ে জীৱনৰ মিঠা স্মৃতিবোৰ মনত ৰাখো আৰু তিতাবোৰৰ পৰা কিবা এটা নতুন কথা শিকিবলৈ চেষ্টা কৰোঁ আৰু এনেকৈয়ে মই মোৰ জীৱনৰ মধুৰ ক্ষনবোৰ বুকুত বান্ধি লৈ ঘটনাবহুল চাৰিবছৰীয়া এই দীঘলীয়া যাত্ৰাৰ অৱসানলৈ সাজু হৈছোঁ। যাত্ৰাপথত হয়তো বহুতো বন্ধু হেৰুৱালো আৰু হয়তো বহুতো সপোন; কিন্তু আপোন যেন লগা এই ঠাইখনে মোক সদায় নতুন বন্ধু গঢ়িব আৰু নতুন সপোন দেখিবলৈ অনুপ্ৰেৰণা যোগাব।
জীৱনত হয়তো কেতিয়াও আকৌ অসমলৈ নাহিব পাৰোঁ আৰু কেতিয়াও নুশুনিব পাৰো ঢোলৰ মাত। কিন্তু জীৱনৰ অন্তিম সময়লৈ ইয়াত পোৱা মৰমবোৰে মোক মনত পেলাই দি থাকিব বিহুৰ উৎসাহ ভৰা সময়বোৰ আৰু ঢোলৰ মাতলৈ।
আশাকৰোঁ সকলোৱে অসম আৰু এন আই টি শিলচৰৰ সময়খিনি প্ৰাণ ভৰি উপভোগ কৰিবা ঠিক মোৰ দৰেই।

 

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Faruque Aziz
7 years ago

ধন্যবাদ সকলোকে। অমিতাভ দা, মূল লেখাটোৰ নামটো দিয়া হ’লে বেছি ভাল আছিল নেকি? নহ’লে লেখাটোৰ প্ৰতি পাঠকৰ সন্দেহ থাকি যাব পাৰে

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক