এজন দুৰ্ভগীয়া পিতৃ আৰু আন এগৰাকী মাতৃ (লাকি আহমেদ)

আমাৰ ঘৰলৈ সঘন আহ যাহ আছিল মানুহজনৰ l পুত্ৰ অষ্ট্রেলিয়াত কৰ্মৰত অভিযন্তা, জীয়েক-জোঁৱায়েক থাকে জাৰ্মেনীত l ল’ৰা-ছোৱালী দুয়োটাকে ডাঙৰ ডাঙৰ মানুহ হিচাপে গঢ় দিয়াৰ গৌৰৱত গৌৰাৱাম্বিত মানুহজন য’লৈকে যায় মাথো পুত্ৰ জীয়ৰীৰ গুণ-গান গায় l মাজে সময়ে অত্যন্ত আমনিদায়ক হৈ পৰে তেওঁৰ কথাবোৰ শুনি থকাটো l ডায়েবেটিছৰ বাবে কিডনী দুয়োটা বিকল হৈ হস্পিতালত পৰি থকা অৱস্থাত এদিন মা-দেউতাৰ লগত খবৰ কৰিবলৈ যোৱাত মানুহজনে খুব দুখেৰে কৈছিল-“ল’ৰা-ছোৱালীকেইটা ডাঙৰ মানুহ কৰিলো হয়, কিন্তু হেৰুৱাই পেলালো সিঁহতক..”! মানুহজনৰ মৃ্ত্যুৰ তিনিদিন মান পাছত অৱ্শ্যে পুত্ৰ জীয়ৰী আহিছিল, আহিয়েই পুত্ৰ ব্যস্ত হৈ পৰিছিল ঘৰ-মাটি বিক্ৰী কৰিবৰ বাবে গ্ৰাহকৰ সন্ধানত l সদায় ল’ৰা ছোৱালী দুয়োটাৰ সাফল্যক লৈ গৌৰৱবোধ কৰা পিতৃ্জন যে প্ৰ্কৃততে কিমান দুৰ্ভগীয়া আছিল সেইদিনাহে বুজিব পাৰিছিলোঁ l

শান্তনুৰ লগত মোৰ ক্লাছ ফাইভৰ পৰাই বন্ধুত্ব l স্কুলৰ পানীখোৱা ছুটীত আমি সকলো যেতিয়া খেলা-ধূলা আৰু আড্ডাত ব্যস্ত হৈ পৰোঁ, সদায় সি নোহোৱা হৈ যায় ক’ৰবাত l এদিন তাক সুধিছিলো ক’লৈনো যায় সি সদায় সদায় l তেতিয়া সি কৈছিল পেৰেলাইছিছৰ বাবে খোজ কাঢ়িবলৈয়ো অক্ষম তাৰ মাকজনীৰ কথা l দেউতাকো চাকৰিৰ বাবে বাহিৰত থাকে l বায়েক আৰু সিয়ে মাকক চোৱাচিতা কৰে, ঘৰৰ সকলো কাম কৰে l তাৰ দৰেই বায়েকজনীও কলেজৰ ক্লাছৰ ফাঁকে ফাঁকে ধপলিয়াই আহে মাকক চোৱাচিতা কৰিবলৈ, খোৱা বোৱা আৰু দৰৱ পাতি যোগাই দিবলৈ l শান্তনুৰ প্ৰতি তেতিয়াই মোৰ শ্ৰদ্ধাৰ ভাৱ এটা জন্ম হৈছিল, যিটো আজিও আছে l কলেজ শেষ কৰিয়ে সি ঘৰৰ আগতে হাৰ্ডৱেৰৰ দোকান এখন দিছিল l আজিকালি তাৰ ভাল ব্যৱসায়; তাৰ মাজে মাজেও এতিয়াও সি ধপলিয়াই যায় মাকৰ ওচৰলৈ….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments