এজন পিতৃৰ অনুভৱ- দেৱশ্ৰী বৰগোঁহাই

পিতৃ-কন্যা সম্বন্ধটো সদায়ে সুকীয়া৷ প্ৰতিজনী ছোৱালীৰে প্ৰথম ভালপোৱা মানুহজন দেউতাক৷ প্ৰতিজনী ছোৱালীয়ে কামনা কৰে তাইৰ হ’বলগীয়া স্বামী দেউতাকৰ দৰে হওক৷ কন্যাৰ বিবাহৰ সময়ত হয়তো সৱাতকৈ হৃদয় দেউতাকৰে দহে৷
তেনে এগৰাকী পিতৃ কিৰ্ক ফ্লেংক্লিনৰ ইণ্টাৰনেটত উপলব্ধ এখন চিঠিৰ ভাৱানুবাদ আপোনালোকৰ হাতত আলফুলে তুলি দিলো৷

“আজি মোৰ কণমানিজনীয়ে নতুন জীৱনটোৰ পাতনি মেলিবলৈ ওলাইছে৷ আৰু মই যোৱা ডেৰ ঘণ্টা জুৰি হাতত কলমটো ধৰি ইয়াত বহি আছো৷ এবাৰ কান্দিছো, এবাৰ হাঁহিছো, কণমানিজনীক বিদায় দিয়াৰ বিফল প্ৰস্তুতি চলাইছো৷ কিছুসময়ৰ পাছতে মই তাইৰ হাতত ধৰি বিবাহ মণ্ডপলৈ নামি যাম আৰু বিবাহৰ আনুষ্ঠানিকতা ঘোষণা কৰিম৷ কিয়? কাৰণ মই মোৰ কণমানিজনীৰ বাবে যিকোনো কামেই কৰিব পাৰো৷ তাই দেউতাকক আবদাৰ দিছে৷ দেউতাকে কেনেদৰে না কৰিব পাৰে৷ মই প্ৰাৰ্থনা কৰিছো সেই সময়ত মই নিজকে মূৰ্খ সজাৰ বৃথা চেষ্টা বাদ দি কথা কোৱাতকৈ বেছি কান্দি উঠিম৷ হে ভগৱান, তাইক মোৰ বুকুৰ পৰা আঁতৰাই পঠিওৱা যে কিমান কঠিন৷ মই যদি তাইক মোৰ কণমানিজনী কৰিয়ে ৰাখিব পাৰিলোহেঁতেন, আজীৱন৷ মই জানো এইয়া চূড়ান্ত স্বাৰ্থপৰতা৷ কিন্তু এই মুহূৰ্তত মই মনে প্ৰাণে তাৰে কামনা কৰো৷ এই যেন আমি তিনিচকীয়া চাইকেলখন চলাম, স্কুলৰ বাস্কেটবল টুৰ্ণামেণ্টত চিঞৰিম, তাইৰ প্ৰিয় চিনেমাখন চাম বাৰে বাৰে…কেৱল তাই আৰু মই৷ আস্! কি যে এক মৃত্যুসম যাতনা৷ তাই হয়তো এই লৈ কোনো ধাৰণা কৰিব পৰা নাই৷ কাৰণ তাই যে দেউতাক নহয়৷ মই এজন গৰ্বিত পিতৃ৷ আশাকৰো এজন ভাল পিতাও হ’ব পাৰিছো৷ তোমাৰ স্বামীলৈ মোৰ মৰম আৰু গৰ্ব দুয়োটাই আছে৷ কিছু ইৰ্ষাম্বিত যদিও গৰ্বিত৷ এতিয়াৰ পৰা তোমাৰ জীৱনৰ প্ৰতিটো খোজতে তেওঁ প্ৰথম প্ৰাধান্য পাব৷ সেই বিষয়ত সহজ হ’বলৈ মই পাৰ্যমানে যত্ন কৰিম৷ সদায়ে ছবিবোৰ ৰৈ যায় সময়ৰ বুকুত, মানুহ নৰয়৷ মানুহবোৰ গৈ থাকে আৰু এদিন নতুন ঠিকনা বিচাৰি লয়৷ তোমাৰ নতুন জীৱনটোৰ লগত খোজ মিলাবলৈ মই সৰ্বতোপ্ৰকাৰে চেষ্টা কৰিম…কিন্তু অনুগ্ৰহ কৰি তুমিও তোমাৰ জীৱনৰ কোনোবা এটি কোনত মোক সামৰি থ’বা৷ সদায়ে দেউতাৰ কণমানিজনী হৈ থাকিবা৷-

এজনী ছোৱালীৰ পিতৃ৷”

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments