এজন প্ৰিয় গল্পকাৰৰ সন্ধানত (ৰিতেশ গোহাঁই)

এজন প্ৰিয় গল্পকাৰৰ সন্ধানত

ৰিতেশ গোহাঁই

 
এখন গল্পৰ কিতাপ পঢ়িছিলোঁ– “এটা শদিয়াৰ গল্প আনটো পৃথিৱীৰ”। লেখক- শ্ৰীযুত প্ৰশান্ত কুমাৰ দাস। ১৯৯৭ চনত, সাহিত্যম, শিলপুখুৰী, গুৱাহাটী-য়ে প্ৰকাশ কৰি উলিওৱা ৩৫ টকা মূল্যৰ কেঁচাবন্ধা কিতাপখনৰ প্ৰতিটো গল্পই পঢ়ি মুগ্ধ হৈছিলোঁ। এজন সাধাৰণ শ্ৰেণীৰ পাঠক হিচাপেও উপলব্ধি কৰিছিলোঁ লিখকৰ প্ৰকাশভংগীৰ অনবদ্য দক্ষতা, বিষয়বস্তুৰ সূক্ষ্ম পৰ্যবেক্ষণ তথা নিৰ্বাচন আৰু ভাষাৰ সাৱলীলতা। নিজৰ গল্পৰ উৎস সম্পৰ্কে লিখকে কৈছে- “বাস্তৱ জীৱনত লগ পোৱা বিভিন্ন চৰিত্ৰক মই গল্পবোৰত বিকৃত ৰূপ দিছোঁ অথবা মহান কৰি তুলিছোঁ। তদুপৰি মোৰ কেইটামান গল্পৰ কাহিনী বা চৰিত্ৰক ইতিপূৰ্বে মই পঢ়া বিভিন্ন গল্প উপন্যাস আৰু বাতৰি-কাকতৰ খবৰ আদিৰ পৰা মোৰ কল্পনাৰে লেপি নতুন ৰূপ দিছোঁ।” পুথিখনত সন্নিবিষ্ট প্ৰতিটো গল্পই আছিল অন্তৰস্পৰ্শী। অনিৰ্বচনীয় কাব্যময় গদ্য আৰু উপস্থাপনশৈলীৰ অগতানুগতিকতাই প্ৰায় প্ৰতিটো গল্পক প্ৰদান কৰিছিল অন্য এক মাত্ৰা। অনুভৱ কৰিছিলোঁ শব্দ নিৰ্বাচন আৰু প্ৰয়োগৰ এক শক্তিশালী তথা অভিনৱ কৌশল। সংকলনখনিত সন্নিবিষ্ট আছিল মুঠতে ১০টা ‘প্ৰান্তিক’, ’বিস্ময়’, ‘গৰীয়সী’কে আদি কৰি বিভিন্ন কাকত-আলোচনীত পূৰ্ব-প্ৰকাশিত গল্প। মূলতঃ সমাজ আৰু সৰ্বসাধাৰণ সমস্যাবহুল জীৱনকেন্দ্ৰিক প্ৰায় প্ৰতিটো গল্পই (এটা বিজ্ঞানভিত্তিক গল্প) বহন কৰিছিল লিখকে নিজৰ সৃষ্টিক লৈ কৰা পৰীক্ষা-নিৰীক্ষাৰ সফলতাৰ সাক্ষৰ। কুৰুকি কুৰুকি হৃদয়ৰ গভীৰৰ পৰা গভীৰতালৈ আৰু তাৰ পৰা ক্ৰমশঃ মন-মগজুলৈ শিপাই আত্মোপলব্ধিৰ সুযোগ-সন্ধান দিব পৰা ভিন্নস্বাদৰ প্ৰতিটো গল্পৰেই অন্যতম বৈশিষ্ট বুলি অনুভৱ হয়। প্ৰতিটো গল্পৰ সমাপ্তিতেই যেন খোল খাই যায় জীৱনৰ অন্য এখন দ্বাৰ, যাৰ সিপাৰে অনুভূত হয় নিজৰেই অন্য এক অনাৱিষ্কৃত-অনাদৃত ধূসৰ কৰুণ অথচ পৰম সত্তা। অৱশ্যে এয়া শ্ৰী দাসৰ গল্পৰ প্ৰতি থকা মোৰ একান্তই ব্যক্তিগত অনুভৱ। এজন সাধাৰণ পাঠকৰ দৃষ্টিভংগীৰে ‘মহানিৰ্বাণ’, ‘এটা শদিয়াৰ গল্প আনটো পৃথিৱীৰ’, ‘দূৰত্ব’, ‘আত্মা অৰ্পণ’, ‘এটা গল্প কিম্বা জীৱনৰ পুনঃপৌনিক খচৰা’, ‘পৰ্যৱসন’ আদিক মোৰ অন্যতম প্ৰিয় গল্পৰ তালিকাত আজিও সযতনে ৰাখি থৈছোঁ। তেওঁৰ কেইটামান গল্পৰ আংশিক সোৱাদ আপোনালোকক দিয়াৰ লোভ সামৰিব নোৱাৰিলোঁ।
গল্পঃ- এটা শদিয়াৰ গল্প আনটো পৃথিৱীৰ
————————————-
“শদিয়াত ৰোগ নাই, শোক নাই, জৰা নাই, মৃত্যু নাই। প্ৰচণ্ড শীত কিংবা প্ৰখৰ ৰ’দো নাই শদিয়াত। শীতল জোনাকেৰে আলোকিত হৈ উঠে প্ৰতিটো ৰাতিৰ বুকু। গভীৰ প্ৰশান্তিৰে পাৰ হৈ যায় প্ৰতিটো নতুন দিন, কিন্তু স্থিৰে থাকে বয়স। ভোক নালাগে, তৃষ্ণা নাজাগে।
অফিচ নাই, কাছাৰী নাই, পুলিচ নাই। নাই পকেটমাৰ, মাতাল কিংবা কামুক পুৰুষ। দেউবাৰে সন্ধ্যা বিজুলী-বজ্ৰপাতবিহীন নিঃশব্দে বৰষুণ নামে। বিস্তীৰ্ণ আকাশৰ তলত পৰম্পৰাগত উৎসৱৰ দৰে শদিয়াবাসীয়ে পালন কৰে সামূহিক স্নান। উল্লাস ধ্বনিৰে ভৰি পৰে দেউবাৰৰ সন্ধ্যাৰ শদিয়া।
পাহাৰ, নিজৰা আৰু ফুলাম গছৰ মাজে মাজে মানুহৰ ছিৰ অক্ষত মাটিৰ ঘৰ। ঘৰময় মমবান্তিৰ শান্ত পবিত্ৰ পোহৰত বহি নিশা মানুহে পৰস্পৰক সাধু শুনাই। চিটিবাছত ভিৰ নাই, শান্ত-বিনয়ী যাত্ৰীয়ে ভ্ৰমণ কৰে ঠাই, গম্ভীৰ খোজ দি ভদ্ৰভাৱে গাড়ীৰ পৰা নামে কণ্ডাক্টৰক বিদায় জনাই- ভাই কণ্ডাক্টৰ, যাত্ৰা শুভ হওক!
স্নিগ্ধ ৰাতিপুৱা শদিয়াবাসীয়ে নিয়ৰসিক্ত দুৱৰিবনত উদং ভৰিৰে খোজকাঢ়ে গছৰ তলে তলে। ধীৰে ধীৰে সোণালী ৰ’দ ওলায়। পূবৰ পৰা বলে শীতল-শান্ত মৃদু বতাহ। লাহে লাহে শদিয়া ভৰি পৰে কোৰ্হালহীন শৃংখলাবদ্ধ ব্যস্ততাৰে। খনিকৰে মূৰ্তি সাজে, চিত্ৰকৰে হাতত তুলি লয় ৰং-তুলিকা, গায়কে গান গায়, বাঁহীবাদকে নতুন সুৰ তোলে। পৌৰজনে শিশুক পাঠ দিয়ে ফুল, চৰাই আকাশ আৰু তৰাৰ। শিশুবোৰে খেলে খেদা-খেদি খেলা। চৰাইবোৰে উৰি আহি বহে কৰ্মব্যস্ত মানুহৰ কান্ধত। আৰু সুখী নিৰ্লোভ তিৰোতাবোৰে এই মায়াময় দৃশ্য আগ্ৰহেৰে দৰ্শন কৰি হাঁহে আপোনমনে।”
——————————————————————————–
“এদিন ৰাতি জোনাকেৰে ভৰি পৰিব এই পৃথিৱীৰ পাৰঘাট। অচিন ফুলৰ সুগন্ধিৰে মলমলাব সৰ্বত্ৰ, অজান দূৰ প্ৰান্তৰ পৰা ভাহি আহিব বাঁহীৰ কৰুণ মূৰ্ছনা। এদিন আহিব সেই সুসময়, মোৰ ঘৰৰ সন্মুখৰ নদীৰ পাৰত আৰ্বিভূত হ’ব সোণালী জাহাজ। মই পাপী পৃথিৱীবাসীক নিঃশব্দে বিদায় জনাই গুচি যাম সেই জাহাজেৰে শদিয়ালৈ।”
——————————————————————————–
“ধীৰে ধীৰে পোহৰ নামি আহিল, কুঁৱলিৰ আচ্ছন্নতা ভাঙি মুক্ত হ’বলৈ আৰম্ভ কৰিলে দূৰৰ সিপাৰ। এখন নাৱৰ চিহ্ণ বিৰিঙি উঠিল, ক্ৰমশঃ স্পষ্টতৰ হ’ল তাৰ অবয়ব। দুটা কাউৰীয়ে সমস্বৰে চিঞৰিলে আৰু মাছুৱৈৰ সেই নাৱেই পৃথিৱীক সৰ্বপ্ৰথম ঘোলা কৰি দিলে।”
(অসমীয়া প্ৰতিদিন)
গল্পঃ- দূৰত্ব
———-
“কি যে চমত্কাৰ সেই মস্কোৰ ঘণ্টা। অপাৰ বস্তীৰ্ণ তাৰ সোণালী পিঠি। সেই পিঠিৰ মসৃণতাত আলফুলে স্পৰ্শ কৰি সি আবৰ্তন কৰি আছে ধীৰে ধীৰে। গম্বুজ যেন শীৰ্ষস্থলত কেইটামান ৰঙীণ পখিলা, পাখি কঁপাই বহি আছে অলস ভংগীত। ওপৰত নিৰ্মেঘ সুনীল আকাশ। আকাশত সূৰ্য। উমাল ৰ’দ পৰি জিলিকিছে ঘণ্টাটো, বিচ্ছুৰিত হৈছে পূৰণ চিহ্নৰ দৰে কটাকটি কৰা চাৰিডাল সোণালী ৰেখা। তাৰ পিছত দূৰৈত, বহুদূৰৈত যেন সপোনত বাজি উঠাৰ দৰে অনুচ্চ-মন্থৰ শব্দেৰে বাজি উঠিল হঠাত- টং, টং, টং…!
চক খাই পখিলাকেইটা উৰি যায়।
চক খাই গ’ল শংকৰ নিজেও।” (গৰীয়সী)
গল্পঃ- পৰ্যৱসন
————–
“পোষ্টাৰবোৰ লক্ষ্য কৰিলে মাইকেল দাসে- চলিব ধৰিছে….., কেইখনমান ৰাজনৈতিক বেনাৰ- ধৰ্ষণৰ বিচাৰ কৰক, দৰমহা বৃদ্ধি….., অনুসূচিত জাতি….., স্থান উন্নয়ন…..। মাইকেল দাসে ভাবে- কোনে স্থান উন্নয়ন কৰিব? কোনে দৰমহা বৃদ্ধি কৰিব? মই মাইকেল দাসে? নে এই বিহাৰী মুছিয়াৰটোৱে? নে কুঁহিয়াৰ বেচা মানুহটোৱে? কিংবা জ্যোতিষীজনে? কাক উদ্দেশ্য কৰি লিখিছা? এই বেনাৰ পঢ়ে মোৰ দৰে সাধাৰণ পথচাৰীবোৰেহে- যাৰ কৰিবলৈ একো ক্ষমতাই নাই।” (প্ৰান্তিক)
(এইখিনিতে বিনম্ৰতাৰে ক’ব খোজোঁ যে- এই গল্পটোৰ ’মাইকেল দাস’ নামৰ চৰিত্ৰটো এক ব্যতিক্ৰমী সৃষ্টি বুলি অনুভৱ হয়। এনে এটা ঋণাত্মক(?) চৰিত্ৰক লৈ এক সাৰ্থক গল্প ৰচনা কৰিব পৰাৰ দক্ষতাই নিশ্চয় লিখকৰ গল্পকাৰ হিচাবে সুকীয়া পৰিচয় দাঙি ধৰে। ’ হয়তো ’মাইকেল দাস’ এটা বিৰল চৰিত্ৰ।)
গল্পঃ- মহানিৰ্বাণ
—————
“ –হঠাৎ মোৰ কি ভাৱ হৈছে জান? ভাৱ হয়, এই যে আমি মদ খাইছো দিনে-ৰাতিয়ে, পাহৰি থাকিব খুজিছোঁ বাস্তৱক। মোৰ কি ভাৱ হৈছে জান? হয়তো এয়া কিজানি মূৰ্খামি। হয়তো আমি কিজানি বাচি থাকিব জনা নাই ঠিকমতে। বাচি থকাৰ হয়তো আৰু বহুতো সহজ কৌশল, সহজ উপায় আছে।” (গৰীয়সী)
’সাহিত্যম’ৰ একলম-ত শ্ৰীযুত উৎপল কুমাৰ ফুকনে লিখিছে- “যথেষ্ট কম বয়সৰ পৰা গল্প লিখি অহা প্ৰশান্ত সাম্প্ৰতিক অসমৰ নবীন গল্পকাৰসকলৰ ভিতৰত এজন অন্যতম। মাত্ৰ উচ্চতৰ মাধ্যমিক শ্ৰেণীত পঢ়ি থাকোঁতেই লিখা প্ৰশান্তৰ গল্প ‘প্ৰান্তিক’ৰ ‘এটা দশকৰ গল্প’ৰ দৰে সংকলনত স্থান পোৱাতো এই ক্ষেত্ৰত উল্লেখ কৰিব পাৰি নিশ্চয়।”
কথা হ’ল- এই সংকলনটোৰ পাছত শ্ৰী দাসৰ অন্য কোনো গল্প অথবা সংকলন পঢ়াৰ কথা মনত নপৰে। শ্ৰী দাসে এতিয়াও গল্প লিখেনে? আছেনে তেওঁৰ গল্প চৰ্চা অব্যাহত আজিও? – প্ৰিয় গল্পকাৰজনক বিচাৰি এই প্ৰশ্নবোৰে মোক আজিও মাজে মাজে আমনি কৰি থাকে। কোনো লিখনিৰ সমালোচনা বা সাহিত্যিক মূল্যাংকন কৰাৰ স্পৰ্ধা মোৰ নাই। এজন সাধাৰণ শ্ৰেণীৰ পাঠক হিচাপে বহু কিতাপ-পত্ৰ পঢ়িছোঁ বুলি দাবী কৰাৰ ধৃষ্টতাও মোৰ নাই। এতিয়ালৈকে পঢ়া কিতাপ-পত্ৰৰ সংখ্যা তেনেই সীমিত। শ্ৰী দাসৰ গল্পৰ যথাযথ সাহিত্যিক মূল্যাংকন তথা স্তৰ নিৰ্ধাৰণৰ প্ৰশ্ন বিজ্ঞজনলৈ এৰিও মাজে মাজে নিজকে প্ৰশ্ন কৰোঁ- আমি পাঠকসকলে প্ৰতিভাবান অথবা প্ৰচুৰ সম্ভাৱনাপূৰ্ণ অথচ প্ৰচাৰনিৰুদ্বেগ কিছুসংখ্যক লেখকক হেৰাই যাব দিয়া নাইতো? ইতিমধ্যেই পূৰ্ণ প্ৰতিষ্ঠা লাভ কৰা লেখক-সাহিত্যিকৰ প্ৰৱল জনপ্ৰিয়তাৰ সোঁতত আমি এনে কোনো এজনক পাহৰি এৰি থৈ অহা নাইতো যাৰ সৃষ্টিৰ কাপৰ অমৃত আধৰুৱা হৈ ৰ’ল। এজন লেখকৰ জন্মতকৈও গুৰুত্বপূৰ্ণ কথা হ’ল তেওঁক লালন-পালন কৰাতো আৰু এই গুৰুদ্বায়িত্ব কেৱল পাঠকৰ। এইক্ষেত্ৰত নিজকো দোষী বুলি একেআষাৰে স্বীকাৰ কৰি লওঁ আৰু কোনো কৈফিয়ৎ দি দোষমুক্ত হ’বও নোখোজোঁ।
শেষত, মোৰ এই প্ৰিয় লিখকজনক কিহৰ তাড়নাই গল্প লিখিবলৈ বাধ্য কৰে, সেয়া তেওঁৰ নিজৰ ভাষাৰেই শুনকচোন-
“সম্পূৰ্ণ এক মনস্তাত্ত্বিক প্ৰক্ৰিয়াৰ ফল- মোৰ এই গল্প লিখা, অন্য একো নহয়। গল্প নিলিখি হয়তো মই পাঞ্জা খেলিব পাৰিলোঁহেতেন, কিংবা হয়তো গাব পাৰিলোঁহেঁতেন গোৱালপৰীয়া লোকগীত, অথবা হ’ব পাৰিলোঁহেঁতেন হয়তো চাৰ্কাছৰ খেলুৱৈ-যিয়ে ভয়ংকৰ খেলেৰে নিজৰ জীৱনটোকে বাজী ধৰে। অন্য কোনো যুক্তিৰে মই জীৱনৰ অৰ্থ বা অৰ্থহীনতাক বিচাৰ কৰিব নাজানো। সেইবাবেই এজন গায়ক, পাঞ্জা খেলুৱৈ অথবা চাৰ্কাছৰ বাজীকৰৰ আনন্দৰ সৈতে মোৰ গল্প লিখাৰ আনন্দৰ মাজত কোনো প্ৰভেদ বিচাৰি নাপাওঁ। এয়া কেৱল নিজৰ বাচি থকাক মুহুৰ্মুহু কৰা আমোঘ অনুভৱ মাত্ৰ।”
(বিঃ দ্ৰঃ – কিতাপখন বৰ্তমান বজাৰত আছে নে নাই, সেই বিষয়ে মই সম্পূৰ্ণ অজ্ঞাত। )
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments