“এজন বন্ধুৰ কথাৰে” (দীপচুন চাংমাই)

“এজন বন্ধুৰ কথাৰে” (দীপচুন চাংমাই)

He never had the sense of home so much as when he felt that he was going there. It was only when he got there that his homelessness began.

আপোনাৰ বাৰু এনে কোনো বন্ধু বা বান্ধৱী নাছিলনে যি আপোনাৰ খুবেই প্ৰিয় আছিল । যাৰ প্ৰতি থকা অগাধ  বিশ্বাসৰ বাবে তেওঁ  কৰা প্ৰতিটো কামেই আপোনাৰ প্ৰিয় আছিল । আন্তৰিক উপলব্ধিৰ সংমিহলিয়ে যাৰ সৈতে আপোনাৰ এক বেনামী যোগসূত্ৰ আনি  দিছিল  । অথবা, আপুনি কোনো বন্ধুৰ তেনে বান্ধৱ (বান্ধৱী) আছিল নেকি ? কোনো কবিৰ অনুভৱেৰে চপচপীয়া হৃদয়ক যেতিয়া শব্দৰ দৈন্যই  অস্থিৰ  কৰি তোলে, ঠিক সেই মুহূৰ্তৰ হাহাকাৰখিনিৰ দৰে একোখণ্ড জীৱনৰ একো একোটা স্মৃতিৰ বোজা বৈ ফুৰে নেকি আপুনি ?

এই ল’ৰাটোৰ সৈতে এসময়ত বহু দুঃসাহসী কাম কৰি ফুৰিছিলো । পৰীক্ষাৰ সময়ত চলি থকা আনন্দমেলা বন্ধ কৰিবলৈ যোৱাৰ মৰসাহ কৰিছিলো একমাত্ৰ তাৰ সাহসত । আৰু তাৰ আছিল মোৰ ওপৰত গভীৰ প্ৰত্যয় ।

যেন “The king can do no wrong.” আৰু সেই শোচনীয় পৰাজয়ৰ গ্লানি মচিবলৈ সমৰকলাৰ প্ৰশিক্ষণ । মই কান্দি-কাটি দেউতাৰ  মন জিনিলো । তাৰ ঘৰত দুসাঁজ খোৱাটো বিলাসিতা যেন হৈ পৰিছিল । সেয়ে তাৰ দীক্ষাৰ গুৰু ভাৰ মোৰ ওপৰত পৰিল  । সেইয়াই যেন আছিল আৰম্ভণি । তাৰপাচত কত পূজাত নাক-মুখ ভঙালো বা ভাঙিলো, কত বাগানৰ পৰ্দাত চিনেমা চলিল, কত হতাহতি, খেদা-খেদি ! মোৰ সেই আগৰ উতনুৱা স্বভাৱো লাহে লাহে নোহোৱা হৈ আহিছে । সি বিয়া পাতিলে কাষৰে বাগিচাখনৰ ফাল্টু-ৱাৰ্কাৰ  মঙলুৰ  ভনীয়েকক  ।  ল’ৰা  দুটা হ’ল । তথাপিও তাৰ সেই তাহানিৰ বন্ধুৰ প্ৰতি থকা টানটো একেই আছে । এবাৰ তাৰ পাঁচ বছৰীয়া সৰুটো  ল’ৰাক লৈ আহিছিল  । বাপেক চাই পুতেক । একৰঙী কাপোৰ-কানি বহুৰঙী হৈছে । গোটেই মানুহটো গিলি পেলোৱা হাত দীঘল চোলাটোৰ হাত কিলাকুটিৰ ওপৰলৈকে কোঁচোৱা । ডিঙিৰ বুটাম মৰা । নাকৰ সুঁতি কেইটা জীৱন্ত । “জম্বু, এইটো মোৰ গুৰু । তোৰ নামটো কৈ দে ।” বেচেৰাই লাড়ু ভৰ্তি মুখেৰে জৰুৰীকালীন ক্ষিপ্ৰতাৰে নমস্কাৰ জনাই নামটো ক’লে । শুকান ফচফচনীৰ বাহিৰে মুখৰপৰা আন শব্দ নোলাল ।

সি তাৰ স্বভাৱ সুলভ সৰলতাৰে নানান কথা কৈছে । বেছিভাগেই অতীত মন্থন । মাজে মাজে চুৰকৈ মোৰ  ভিতৰলৈ জুমি  চাব খোজে  । “এস্, যোৱা দুদিনতে আমাৰ তাত তিনিটা মাৰ্দাৰ হ’ল । পিচফালৰপৰা পুৰ্-ৰা ভৰাই দিছে । আখেজা-আখেজি । এইকেইদিন  মিলিটাৰী  সোমাইছে বাগানত । আজিও গৈছে দুগাড়ী ।” তাৰ কথা শুনি বাকীসকলে যিমান আমোদ পাই মই সিমানে বিৰক্ত হওঁ । সি কিবা যেন বুজি পায়  ।  কিন্তু  সি মৰা-কটাৰ কাহিনী ক’বলৈ পালে অনৰ্গল কৈ থাকে । “ময়ো ইয়াৰ আগৰটো মাঘবিহুত গাহৰি বেপাৰী এটাক কাটিলো নহয় । মোৰ স্পীনপাটীৰ খুকুৰিখনেৰে মাংসবোৰ ইলুটি-সিলুটি কৰি চাইছো; সি মোক বেয়া কাট মাৰিছে, একেবাৰে খুকুৰিত ধৰি  ।  সি  মাংস কটাৰদৰে ময়ো তাৰ আঁঠুত কাটি দিব পাৰো বুলি ক’লো; বেটাই পাট্টাই নিদিয়ে । দিলো ঘাপ এটা মাৰি । বগা মাংস মেল খাই গ’ল  । খুব  চিঞৰিলে  । তাৰ পাচত তাক বজাৰ এৰি যাবলৈ ক’লো, নহ’লে বোলো পিঠিতে ঘাপ এটা বহুৱাম । বৰ পাট্টা নিদিয়া দেখি দিলো বহুৱাই পিঠিত । সেই চাটত মাংসৰ দোকান এৰি বজাৰৰ মাজে মাজে ভিৰাই লৰ দিলে ।” সেইখন বজাৰতে বহুবছৰৰ মূৰত লগ পাইছিলো তাক । সেইদিনা  তাৰ  কি আনন্দ । মোক কি দিব, কি নিদিব ভাবি নাপাই গাঁৱলীয়া বেপাৰীৰ লাইশাকৰ দোকানখন আনি খিৰিকীৰে মোৰ গাড়ীৰ  ভিতৰত পেলাই  দিছিল  । বেপাৰীৰ মেলা মুখে হাঁ কৰি থাকিল ।

 

যোৱাবাৰ বহাগৰ শেষত নে জেঠৰ আগভাগত আছিল, তাক লগ পাইছিলো সম্পূৰ্ণ এক অপ্ৰত্যাশিত ৰূপত । মলিয়ন  কাপোৰ-কানি, চুলিয়ে-দাড়িয়ে ভোবোকাৰ এটা মগনীয়া সদৃশ বেশত । সোঁ-হাতৰ কাষলতিৰ তলত ভলুকা বাঁহৰ অপৰিকল্পিত কেপেয়া মাৰি । তেল-চিকটি  লগা লংপেণ্টটোৰ সোঁ-ভৰিটোৰ তলত তেজৰ দাগ, ধূলি লাগি মলিয়ন হোৱা কাপোৰৰ এটা মেৰ । আনটো ভৰিত স্বৰূপ হেৰুৱা এপাট  হতভাগা স্পোৰ্ট শ্বু । মুখত তাৰ সেই একেই চিৰ-তৰুণ হাঁহি । মোক দেখা পাই একেকোবে পাচ-চোতাল পালেহি । “নৱদা, ভালনে ?” তাৰ সেই বিধ্বস্ত অৱয়বটোৱে ইমান সৰল উচ্ছাসত যে কথা কেইটা সুধিব পাৰিলে মই একপ্ৰকাৰ অপ্ৰস্তুত হ’লো ।

-‘ক’ৰপৰা ওলালিহি?’

-‘জেঠাইৰ ঘৰৰপৰা । এইটোৰ কাৰণে কেইটকামান খুজিবলৈ গৈছিলো’, এইবুলি কাপোৰেৰে মেৰিয়াই থোৱা  ভৰিটো  কিঞ্চিত  দাঙি  ধৰিলে  ।

-‘আকৌ কি হ’ল এইটোৰ ?’ সেই একেটা ভৰিৰ গোৰোহা তাৰ ইতিমধ্যেই গুড়া হৈছে । নাইট্ চুপাৰৰ মুধচৰ পৰা  মাটিলৈ  তিনিবাৰ  ভৰি  কোঁচ নোখোৱাকৈ জাঁপ দিব পাৰিলে এটা হাফ আৰু নগদ এহেজাৰ টকা । লগালগিকৈ তিনিটা জাঁপ । শেষৰ জাঁপটোত দেহৰ সমস্ত ভৰ গোৰোহাত পোনপটীয়াকৈ পৰিল । লগে লগে চিকিত্সালয়ৰ শৈল্য বিভাগলৈ মনত পৰিছিল যদিও পুৰস্কাৰ বুটলালৈ ধৈৰ্য্য ধৰি ৰ’ল । পাচত জয়ৰ আনন্দত ৰ’ব নোৱাৰি নন্দী-ভৃঙ্গীৰ কান্ধত ওলমিহে ৰক্ষা ।

 

এইবাৰ হেনো আমৰলিৰ খঁক । কণী যুঁজাই আহি মঙলুৰ ঘৰৰ আমজোপাত উঠিল । তুঁহজুইৰ দৰে বিৰাট বাহটোৰ ভিতৰত এজেবা  আমৰলি পৰুৱা । বাহটো ভাঙিবলৈ লওঁতেই সি উঠি থকা ডালটোৰ মৰমৰণি শুনি জপিয়াই দিলে । দুৰ্ভাগ্যবশতঃ সোঁ-ভৰিৰ গোৰোহাত ভৰ দি পঁচিশফুট ওপৰৰপৰা সি মাটিত নামিল । সদ্য আঘাতপ্ৰাপ্ত গোৰোহাই তাৰ দেহৰ ভৰ সহ্য কৰাৰ আগেয়ে খাহিৰ  বুকু অংশৰ  মাংস  খাওঁতে ঠেলি এৰোৱা হাড়ৰদৰে হাড় একোডোখৰ ওলাই আহিল । মুহূৰ্ততে চুৰুকি থোৱা চোতালখন ৰঙা হৈ পৰিল । কাষতে বাচন মাঁজি থকা মঙলুৰ আইতাকে “মাগৌ” বুলি চিঞৰ এটা মাৰি কাঁহি-বাতি ধোৱা বাঁহৰ চাঙখনৰ ওপৰতে ঢলি পৰিল । সি ইফালে-সিফালে চাই কাকো নেদেখি হাঁ কৈ মেলখাই  থকা  হাড়ডাল অলপ ঠেলি সুমোৱাই  দিলে । গোৰোহাৰ পাচফালে ওলাই পৰা হাড়টুকুৰা শুকান জেওৰাখুঁটি এডাল ভাঙি গামোচাৰ সাহায্যত ভৰিৰ সৈতে পোনকৈ বান্ধি পেলালে । তাৰ বৰ্ণনাবোৰ শুনি ঘৰৰ আটায়ে বৰ ৰস পায়  । আৰু সি এনেদৰে বৰ্ণনা কৰি যাব যেন তাত বিষ-যন্ত্ৰণাৰ উপস্থিতি হাস্যকৰ  ।

সি কথাবোৰ কৈ যায় অনৰ্গল । আটায়ে শুনে, আমোদ পায়  । “…পিচফালে কম্পিটাৰটো টিঁ টিঁ কৰি আছে  । বুঢ়ীয়ে কেতিয়াবাই মুখমেলি নিঃপালি দিলে  । ভেনামাখি এটাই বুঢ়ীৰ মুখৰ ভিতৰত মৰণোত্তৰ পৰীক্ষাৰ যো-যা চলাইছে  । সোঁ-ফালৰটোৰো বৰ বেছি সময় নাই  । খুব পিয়াহ লাগিছে, ডিঙি একেবাৰে শুকাই খৰখৰীয়া মাৰিছে  । ডাক্তৰ-নাৰ্চ কোনো নাই  । মাজতে আহি নাৰ্চ বাইদেউৱে পানীৰ নামত ওঁঠকেইটা তিয়াই দি গ’ল  । কি কৰো ? বুঢ়ীৰ বেডখনত আধাগিলাচ পানী আছে । উঠি যোৱাৰ শক্তি নাই । প্লাষ্টাৰৰপৰা কপাহ উলিয়াই টোপোলা কৰিলো । লাহেকৈ বুঢ়ীৰ বেডখনৰফালে হাতখন মেলি বুঢ়ীৰ গিলাচত কপাহখিনি যিমান পাৰো তিয়াই… ।” এই সময়খিনিত তাৰ চকুৱে যেন বাৰে বাৰে মোৰ সৈতে ভাব বিনিময় কৰিছে । মই বুজা-নুবুজাৰ এক দোদুল্যমান অৱস্থাত পৰি ৰৈছো ।

কি দিলো মই তাক, কিয়েই বা পালে সি মোৰ পৰা ! কৈশোৰ-যৌৱনৰ সীমান্তত  দুয়ো একেলগে এখন বিস্ময়ৰ দুৱাৰ আপ্ৰাণ চেষ্টা কৰি মেলাৰ  হাবিয়াস কৰিছিলো  । চাহ বাগানৰ মাজেৰে আন্ধাৰ নিশা বাৰ বজাত  হাতত দুয়ো দুডাল জেওৰা খুঁটি লৈ চিনেমা চাই উভতি আহিছিলো । বাটত পোৱা পাগলী বুঢ়ীৰ চালিখনৰ কাষৰ সেই দেওলগা গছজোপাক প্ৰত্যাহ্বান জনাইছিলো । আৰুতো একো কৰা নাই । নে আগ-পাচ নুগুণী গাহৰি বেপাৰীৰ আঁঠুৰ ঘিলা উৰুৱাই দিয়া সি ভয়ক জয় কৰিবলৈ শিকিছিল ? নে শূণ্যতাৰ ভেঙুচালিৰ প্ৰতি সি বেপৰোৱা হ’বলৈ শিকিছিল ? সি মোক তাৰ পৰম বন্ধু মানিছিল, গুৰু মানিছিল । সি কি হাবিয়াস কৰে সেই একোখণ্ড জীৱন ঘূৰাই পোৱাৰ ?

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক