এজন সামৰিক বিষয়ালৈ তেখেতৰ পত্নীয়ে লিখা চিঠি- (অঞ্জনা তামূলী )

সাহিত্যৰ চিঠি
ক) এজন সামৰিক বিষয়ালৈ তেখেতৰ পত্নীয়ে লিখা চিঠি- অঞ্জনা তামূলী
To,
RanjanMallik
99, APO.
মৰমৰ,
তোমালৈ আজিলৈকে সম্বোধন ধৰি চিঠি লিখি পোৱা নাই। সেয়ে আজিও সম্বোধন নকৰিলো কিয় তুমিটো জানাই তোমাৰ বন্ধুৱে যেতিয়া মোৰ চিঠি পঢ়ে বুলি কৈছিলা তেতিয়াৰে পৰা মই তোমাক মোৰ আপোন নামটোৰে সম্বোধন কৰিবলৈ সংকোচ কৰা হ‘লো । তুমি পঢ়োতে কিন্তু সেই নামেৰেই (মৰম) পঢ়িবা দেই । কেনে আছা তুমি ? আমি ভালেই আছো। আজি কেইদিনমানৰ পৰা তোমাৰ ফোন আৰু মেইলবোৰ কমি গৈছে দেখোন ! কিয় বাৰু ? কামৰ ব্যস্ততা বাঢ়িছে নিশ্চয় । মই আকৌ তাৰ বাবে বেয়া পোৱা বুলি নাভাবিবা ।অলপ অভিমান কঁৰো তোমাৰ ওচৰত ,ভাল পাওঁ যে । সেয়েহে সুধিলো ।
জানানে , মই ভগৱানক প্ৰতিটো মূহুৰ্ততে ধন্যবাদ দিওঁ, মোক তোমাৰ দৰে এজন পুৰুষ জীৱনসঙ্গী ৰূপে দিয়া বাবে । তোমাক পোৱাৰ পিছতে মোৰ জীৱনটো যেন সম্পূৰ্ণ হৈ পৰিল। মই কেতিয়াবা কি ভাৱো জানা ? তুমিয়ে যেন পৃথিৱীৰ আটাইতকৈ ভাল পুৰুষজন যিজনে নিজৰ মাক-দেউতাক, পত্নী আৰু সন্তানতকৈও নিজৰ দেশক ভাল পাব পাৰে। তোমাৰ বাৰু মনত পৰেনে কেতিয়াবা আমি প্ৰথম কেইদিনত পতা কথাবিলাক ? কি যে মধুৰ আছিল সেই দিন কেইটা ! কেইদিননো পালো তোমাৰ দুবাহুৰ মাজত নিজক বিলীন কৰিদিবলৈ ? তথাপিও যে মই বহুত সুখী তোমাক লৈ । কিমান যে গৰ্ব কৰো ! তোমাৰ প্ৰতিটো প্ৰমোচনত মই গৌৰৱত অহংকাৰী হৈ পৰো নিজৰ মাজতে । আমাৰ বিয়াৰ আঠমঙলাৰ দিনা ৰাতি তুমি মোক কৈছিলা তোমাৰ এখন সপোনৰ ঘৰ বনোৱাৰ কথা । যি খন ঘৰত মা-দেউতা, ভাইটিৰ পৰিয়াল, আৰু মই, তুমি আৰু আমাৰ কণমানি দুটা । সেই সপোনৰ কথা পাতি থাকোতেই হঠাৎ ঘৰৰ ফোনটো বাজি উঠিছিল মাজৰাতি । তুমি সন্তপৰ্ণে গৈ ফোনটো তুলি ধৰি মাথো কৈছিলা – য়েচ চাৰ ! তাৰ পিছত তুমি মোৰ চকুলৈ নোচোৱাকৈ কৈছিলা ‘মই পুৱাই যাব লাগিব। মই বুজিছিলো তোমাৰ চকুৰ ইংগিত আৰু ভাষা দুয়োটাই । অলপো বিচলিত নোহোৱাকৈ তোমাক কৈছিলো – তুমি পুৱা হে যাব লাগিব এতিয়া আহা আমি দুয়ো সপোনৰ ঘৰখন কেনেকৈ সাজিম তাৰেই সপোন দেখো । তুমি যেন হিয়া ধাকুৰি কান্দিব বিচাৰিছিলা মোৰ বুকুত মোৰ গুজি পিছে মই তোমাৰ সেইকান্দোন স্তব্ধ কৰি দিছিলো মোৰ হিয়াৰ সমস্ত মৰমেৰে তোমাক আকোৱালি লৈ। তুমিমূহুৰ্ততে পাহৰি গৈছিলা তুমি ক‘ত আছা ? লাহে লাহে আমি দুয়ো এক হৈ পৰিছিলো এটা মধুৰ ক্ষণত । তেনেদৰে তুমি মোৰ বুকুৰ মাজত শুই থাকোতেই কাউৰীয়া কা কাকৰিছিল আৰু লাহে লাহে খিৰিকীৰে পোহৰ বিৰিঙিছিল । মই সযতনে তোমাক বিচনাত শুৱাই নামি আহিছিলো তোমাৰ কাষৰ পৰা । পুৱাৰ সকলো নিত্য কৰ্ম কৰি মাক জগাই দিছিলো তুমি যাবগৈ লাগে বুলি । ইতিমধ্যে দেউতাও প্ৰাতঃ ভ্ৰমণৰ পৰা আহি পাইছিল । মায়ে দৌৰা-দৌৰিকৈ ভাত ৰান্ধিবলৈ সোমাইছিল আৰু মই তোমাৰ সকলো যাৱতীয় বস্তু সামৰি পেলাইছিলো । মনতে ভয়ো হৈছিল তোমাৰ দৰে মই সুকলমে বস্তুবোৰ সামৰিব পাৰিছিলো নে নাই ! পিছে তুমি উঠিয়ে যিহে মোক ক‘লা মই এবাৰলৈ থমকি ৰৈছিলো । কিয় যে সেইদিনা তুমি মোক ভয় খুৱাইছিলা মই এইবোৰ কি সামৰিছা বুলি । মোৰ অৱস্থাটো দেখি তুমি এনেকৈ হাঁহিছিলা মা দৌৰি আহি আমাৰ কোঠা পাইছিল ! তেনেতে তুমি সাৱতি ধৰি মোক কৈছিলা মোক হেনো ভগৱানে তোমাৰ অন্তৰখনৰ সৈতে এক কৰিহে তোমাৰ ওচৰলৈ পঠাইছে বুলি । মই লাজত তলমুৰ কৰিছিলো আৰু মায়ে দুৱাৰ মুখৰ পৰা মিছিককৈ হাঁহি মাৰি দুৱাৰ মুখৰ পৰাই উভতি গৈছিল ।তাৰ ঠিক এঘন্টামান পিছতে তুমি আমাৰ পৰা বিদায় ল‘ব লগা হৈছিল । তোমাক বিদায়দি আহি মোৰ কেনে লাগিছিল তাক বুজাই কোৱাৰ মোৰ সাহস নাই । মাথো নিজৰ অজ্ঞাতে দুচকুৰে নিগৰিছিল কেইটোপাল মান তপত চকুলো ।
আমাৰ বিয়াৰ সময়ত তুমি আছিলা ভাৰতীয় সীমান্ত সৈন্য বাহিনীৰ কেপ্টেইন । আৰু আজি তুমি প্ৰমোচন পাইপাই প্ৰথমে মেজৰ, তাৰ পিছত লেফটেনেন্ট কৰ্ণেল আৰু এতিয়া তুমি কৰ্ণেল পদত কৰ্মৰত বিষয়া হ‘লাহি । তোমাৰ প্ৰতিটো প্ৰমোচনৰ পিছতেই মা আৰু মই নামঘৰত গোপিনী সকলক শৰাই এখন আগবঢ়োৱাৰ লগতে একোকাপ চাহ আৰু মিঠাই খুৱাও । এইবাৰোতাৰ ব্যতিক্ৰম ন‘হল । তুমি সাজিম বুলি ভৱা সপোনাৰ ঘৰখন মই সুচাৰুৰূপেই চলাই নিছো তোমাৰ ইচ্ছানুসৰি । মা-দেউতাৰ প্ৰতিটো কামতে যিমান পাৰো সিমানখিনি সহায়ত হাত আগবঢ়াইছো । তোমাক লৈ মোৰ আৰু বহু আশা আছে জানানে ? মই বিচাৰিছো তুমি এদিন ভাৰতৰ সৈন্যবাহিনীৰ জেনেৰেল পদলৈ পদোন্নতি পোৱাতো । সদায় কোৱামোৰ অনুপ্ৰেৰণাই তোমাক প্ৰতিটো যুদ্ধৰ বিজয়ৰ গান গোৱাই । আজি দুবছৰে তুমিঘৰলৈ আহিব পৰা নাই । তথাপি মোৰ আক্ষেপ নাই কিয় জানা ? তুমি যিমান তোমাৰ দেশখনক ভাল পোৱা ময়ো সিমানেই পাওঁ হয়তো এজন সৈনিকৰ পত্নী হিচাবে অলপ বেছিহেপাঁও কিজানি । আজি তোমাক কণমানিহঁতৰ কথা একো নজনাও দেই বেয়া নাপাবা । আজি মই স্বাৰ্থপৰৰ নিচিনাকৈ মাথো তোমাৰ আৰু মোৰ কথাবোৰ হে পাতিবলৈ বিচাৰিছো ।কালিলৈ সিহঁতক লৈ বাৰু এখন আৰু চিঠি লিখিম। ৰ‘বাচোন , তুমিটো এতিয়া দেশৰ বাতৰিবোৰ চোৱাত ব্যস্ত আছা । খোৱা-বোৱা কৰিলানে নাই বাৰু ? তুমি সঠিক সময়ত নাখালে মই ইয়াত বৰ কষ্ট পাওঁ জানা ।
মাজনিশা তোমালৈ যেতিয়া চিঠি লিখো তোমাৰ তুমি মোৰ কাষতে থকা যেন অনুভৱ কৰো । তোমাৰ ওঁঠৰ গৰম চুমাৰ পৰশে মোক যেন হঠাতে আমনি কৰে চিঠিখন লিখি থকাত । তোমাৰ নোমাল বুকৰ মাজৰ পৰা ওলাই অহা উশাহ আৰি নিশাহৰ ঘন শব্দই মোক তোমাৰ বুকুৰ মাজত সোমাবলৈ বাউলি কৰি তোলে । সেই সময়ত মই তোমাৰ একেবাৰে কাষতে শুই পৰো জানা ! বহুত কিবা কিবি লিখিলো এসপ্তাহ এইখনকে পঢ়ি থাকিবা । এই কেইদিন মোৰ চিঠি লিখিবলৈ সময় বৰ কম ।ভাদ মাহ যে ৰাতিপুৱাই মা আৰু দেউতাৰ লগত গোসাঁই ঘৰত কীৰ্তন পঢ়ো ।প্ৰতিদিনে মায়ে অলপমান প্ৰসাদ দিয়ে ঘৰখন আৰু তোমাৰ নামত । এটা কথা শুনাচোন, আজিকালি ভাইটি ঘৰলৈ সোনকালে আহে কিয় জানা – লগৰ কেইটাৰ লগত বাৰত বহিব নোৱাৰা হ‘ল কাৰণ ইয়াত মদৰ দোকান বিলাক সৰহ বিলাকে বন্ধ আছে ।
চিঠিপঢ়ি থাকোতে তোমাৰ ৰুটি ঠাণ্ডা হৈ গ‘ল । এতিয়া কি খাবা বাৰু ? ঠাণ্ডাৰুটি দেখোন নোখোৱাই তুমি । যোৱা ভাত কেইটাকে খাই লোৱা । মই সদায় তোমাক লৈসুখী হৈ থাকিম তুমি অলপো চিন্তা নকৰিবা । এৰা, তোমাৰ সুন্দৰ ঘৰখন মই কিন্তু সাজিবলৈ সক্ষম হোৱা নাই কিন্তু মা-দেউতাই সাজি থোৱা ঘৰখন মই সুচাৰুৰূপেই চলাই আহিছো । বহুত ভাল পাওঁ তোমাক যিমান মই পৃথিৱীৰ একো বস্তুকেই ভাল পাব নোৱাৰিম। সদায় নিজৰ যত্ন ল‘বা তেতিয়াহে দেশৰ যত্ন ল‘ব পাৰিবা । কথা দিবা মোক মোৰ চিঠিৰ প্ৰত্যুত্তৰত যাতে মোৰ মৰম মোৰ কাষলৈ সদায় নিৰাপদে ঘুৰি আহে,জানাই দেখোন মই দুবাহু মেলি ৰৈ থাকো তোমাক আকোৱালী ল‘বলৈ।
জয় হিন্দ। চেলুট টু কৰ্ণেল চাহাব !!!!
ইতি
তোমাৰ মৰমৰ
মৰমী
২৬ আগষ্ট , ২০১২

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক