এজন সুখী মানুহৰ কাহিনী (মোৰ জীৱনৰ এটা সত্য অভিজ্ঞতা) – গাৰ্গী ভট্টাচাৰ্য

অফিচত চাহকাপৰ লগত চলা আড্ডাৰ সবাতোকৈ জনপ্ৰিয় বিষয়টো হৈছে, এই দেশত থাকি, এই চাকৰি কৰি কোনে কিমান ডাঙৰ ভুল কৰিলে (বিশ্বাস কৰক মই কাম কৰা এই প্ৰতিষ্ঠানত চাকৰি পোৱাটোকো বহুতে ভাগ্যৰ কথা বুলিয়েই কয়, তথাপিও..) আৰু কাৰ কোন আত্মীয়ই এনে মাৰাত্মক ভুল নকৰি কোন দেশত কিমান লাহ বিলাহৰ জীৱন কটাইছে! এনে আলোচনাৰ পাত্ৰ দুই এজনৰ কথা শুনি শুনি তেওঁলোকৰ super successful জীৱন আমাৰ চকুৰ আগত ইমান জলজল-পটপট হৈ পৰিছে যে তেওঁলোকৰ মোটামোটি অবয়ৱ এটা মনত বনায়েই লৈছো৷ এনে এজন সুখী মানুহ হৈছে মোৰ বচৰ সম্বন্ধীয়া ভায়েক, যি মাত্ৰ ৩৫ বছৰ বয়সতে বিশ্বৰ ভিতৰতে আগশাৰীৰ এটি কোম্পানীৰ মুৰব্বী বিষয়া হৈছিল৷ মোৰ চাৰে প্ৰায়ে কয়, যিমান কাম কৰিব লগীয়া আছিল কৰিলে, এতিয়া মানুহজনে অকল জীৱনটো উপভোগ কৰিছে৷ বাগিচাৰে সৈতে থকা তিনিমহলীয়া ঘৰত থাকে, বাগিচাত পাচলি খেতি কৰে, কাষ্ট’মাইজড্ হাইব্ৰীদ গাড়ী চলায়, কিতাপৰ লাইব্ৰেৰী কৰিছে ঘৰত..কৈ কৈ অন্ত নহয়৷ মুঠতে যিবোৰ বস্তুৰ আমি মাথো সপোন দেখোঁ, তেওঁৰ সকলোখিনিয়েই আছে৷ সুখী মানুহৰ উদাহৰণ দিবলৈ ময়ো আনৰ আগত মানুহজনৰ কথা ক’ব ধৰিলো৷
এনে এক আড্ডাত চাৰে দুদিনমান আগতে আকৌ মানুহজনৰ কথা উলিয়ালে৷ মই আকৌ মনোযোগেৰে শুনিলোঁ৷ ঘৰলৈ গৈ ক’বলৈ কথাৰ সমল ওলাব৷ চাৰে এইবাৰ মানুহজনৰ শিক্ষা জীৱনৰ খতিয়ান দিলে৷ বাচনি পৰীক্ষাত তেওঁৰ ফলাফল ইমান ভাল আছিল যে বিশ্বৰ প্ৰত্যেকখন আগশাৰীৰ বিশ্ববিদ্যালয়ৰ পৰাই তেওঁ আমন্ত্ৰণ পাইছিল৷ “তেখেতৰ ল’ৰা-ছোৱালীও চাগে বৰ চোকা নহয়? “মোৰ অতৰ্কিতে কৰা প্ৰশ্নত চাৰে অলপ থতমত খাই “নাই তেওঁ অবিবাহিত“ বুলি পটকৈ কৈ বেলেগ কথা ক’ব ধৰিছিল৷ মই শিষ্টাচাৰ চাঙিত তুলি কাৰণ সুধিলোঁ৷ এনে এজন মানুহে বিয়া কৰোৱা হ’লে কোনোবাই কিমান আৰামৰ জীৱন এটা পালে হয়! মোৰ প্ৰশ্নবোধক চিহ্নটোৰ দৰে হৈ পৰা মুখখনলৈ চাই মই যে সেইদিনা সহজে নেৰো চাৰে গম পালে৷ মোৰ মুখলৈ নেচোৱাকৈ চাৰে কৈ গল…“৩৩ বছৰ বয়সত মানুহজন চালৰ কৰ্কটৰোগত আক্ৰান্ত হৈছিল৷ বহু বেছি বিয়পি গৈছিল৷ কেমোথেৰাপীত তেখেত ৰোগমোক্ত হ’ল যদিও চেহেৰা বিকৃত হ’ল৷ পুৰুষ ইন্দ্ৰিয় আতৰাই পেলাবলগীয়া হ’ল! “ চাৰে কৈ গ’ল…“আকৌ কিছুবছৰ পিছত অত্যধিক কম্পিউটাৰৰ কামৰ বাবে তেখেতৰ ডিঙিৰ পিছফালে স্নায়ুজনিত কিবা ৰোগে দেখা দিলে যাৰ ফলত তেখেতৰ ডিঙি সম্পূৰ্ণ ভাৱে জঠৰ হৈ পৰিল৷ ফলত তেখেতক কামৰ পৰা স্থায়ীভাৱে অব্যাহতি দিয়া হ’ল৷ অৱশ্যে কোম্পানীয়ে চিৰজীৱনৰ বাবে তেখেতক পেন্সন আৰু চিকিত্সাৰ খৰচ বহনৰ দ্বায়িত্ব লৈছে“৷
মই শিলপৰা কপৌৰ দৰে বহি থাকিলো চাহৰ কাপটো লৈ৷ ইমানদিনে সেই “সুখী“ মানুহজনৰ বিষয়ে শুনা সকলো কথা যেন চকুৰ আগেদি খৰকৈ rewind হৈ প্ৰথমৰ পৰা চলিব ধৰিলে! এজন অকলশৰীয়া মানুহ..তিনিমহলাৰ ঘৰত অকলে, এখন বিশেষভাৱে নিৰ্মিত গাড়ী…এজন প্ৰচুৰ সম্ভাৱনাপূ্ৰ্ণ মানুহ যি কম্পিউটাৰত কাম কৰি খুব ভাল পাইছিল, তেখেতৰ সময় কটোৱাৰ আপ্ৰাণ চেষ্টা….হয়তো এসময়ৰ কোনোবা প্ৰেয়সীৰ স্মৃতিক মোহাৰিব চেষ্টা কৰা এজন মানুহ
..কাৰণ…

মোৰ মনৰ অৱস্থা বুজি চাৰে কিবা কামৰ কথা উলিয়ালে৷ মই এটা শেষ প্ৰশ্ন কৰিলো..“তেখেতৰ বৰ্তমান বয়স কিমান? “ উত্তৰ আহিল “৪৫“….মাত্ৰ! !

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক