এজন সেউজীয়া কবি (নিশাংক মিলন)

এজন সেউজীয়া কবি
নিশাংক মিলন

বিষাদৰ বৰ্ণমালাৰ
অস্থিৰ দুই এটি বৰ্ণ তুলি
তেওঁ যেতিয়া কবিতা লিখে,
দুখৰ ভাগৰবোৰে
স্মৃতিৰ বাটতো পাৰ হৈ আহি
আপেগোপে তেওঁৰ কবিতাতে জিৰায়হি;
তেওঁৰ কবিতাৰ অনুভৱী দুহাতত
বিষাদৰ সেউজীয়া পাণ্ডুলিপি
দুখৰ পোকে কুটি শেষ কৰা তাৰ প্ৰতিটো পৃষ্ঠা;
আলফুলে লুটিয়াব খুজিলেও
যেন নিশাহৰ ভৰতে সুলকি পৰে
নিহিত ভালপোৱাৰ বিনম্ৰ আস্থা;
কেৱল আঙুলিৰ আগৰ ৰুক্ষতাত লাগি ৰয়
সেউজীয়া কবিৰ
আন এটা অনুভৱৰ কবিতা !
কবিতো নহয় তেওঁ
মাথোঁ নষ্ট হাতেৰ
কাগজৰ শুভ্ৰতাত সানি যায়
কবিতাময় কলংক;
বিৰামহীন হৈ স্তব্ধতাৰ মুগ্ধতাত
মনে মনে তেওঁক দেও দি যায়
তেওঁৰেই অস্থিৰ সংগ
কবিতো নহয় তেওঁ …!
তথাপি পৰি ৰ’ল কবিতাৰ যুঁৱলিত
নষ্ট কবিতাৰ প্ৰহৰী হ’বলৈ;
কবিতাৰ বহীত কবি এতিয়া মৃত
কিন্তু কবিতা এতিয়াও জীৱন্ত…..
 
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক