এজাক ছাগলী খেদা বৰষুণ- (মৌচুমী বৰি)

কোন টলকত গুণ্ডা যেন লগা ল’ৰাটোৱে পোন্ধৰবছৰীয়া আলফুলৰ উঠন বুকুত জোৰকৈ খামুচি বাছখনৰ পৰা নামি গ’ল আলফুলে ধৰিবই নোৱাৰিলে৷

বাছখন গণেশগুৰি বাছষ্টপেজত ৰ’ল৷
দেউতাকে ক’লে – “আলফুল নামা”

আলফুল আৰু দেউতাক বাছৰ পৰা নামিল৷ ল’ৰাটোৰ কাণ্ডত তাই ভিতৰি ভিতৰি ঘামি পৰিল আৰু এক অজান ভয়ে তাইক সাৱটি ধৰিলে, কিন্তু তাই দেউতাকক কথাটো কব নোৱাৰিলে৷ তাই ভয়াৰ্ত চাৱনিৰে ইফালে সিফালে ল’ৰাটো দেখা পাই নেকি চালে, কিন্তু নেদেখিলে৷
: আলফুল, তুমি ইমান ঘামিছা যে? কিবা হৈছে নেকি?

: একো নাই হোৱা দেউতা – আলফুলৰ উত্তৰ
। দেউতাকে আলফুলৰ কপালখন চুই চালে৷

: আৰে, তোমাৰ দেখোন জ্বৰ উঠিছে!
লৰালৰিকৈ দেউতাক আৰু আলফুলে এখন হোটেলৰ কোঠা এটা বুক কৰিলে ৰাতিটোৰ বাবে৷ পিছদিনা আলফুলৰ বিজ্ঞানৰ ছেমিনাৰ এখন আছে৷ স্কুলৰ পৰা তাই প্ৰতিনিধিত্ব কৰিছে৷

০০০০০০০০
: চালা চোঁৱৰৰ বাচ্ছা, ছোৱালীৰ গাত হাত দিয়! –ৰিদীপে উগ্ৰমূৰ্তি ধাৰণ কৰি ল’ৰাটোক ঘোচা-চৰ-গোৰ সৱ দি থাকিল৷ ক্ষন্তেকতে মানুহ ভীৰ হৈ পৰিল৷ ৰিদীপৰ প্ৰচণ্ড ঘোচাত ল’ৰাটোৰ মুখেদি তেজ ওলাবলৈ ধৰিলে৷

: ৰিদীপ, হ’ব আৰু ব’লা – সি তাৰ প্ৰাপ্য পাই গৈছে – আলফুলে ৰিদীপৰ হাতত ধৰি টানিলে৷ আলফুলৰ হাতৰ স্পৰ্শত ৰিদীপ ক্ষান্ত হ’ল৷ তাৰ মুখমণ্ডল ঘামি জামি ৰঙা হৈ পৰিছে৷ ৰিদীপে ল’ৰাটোক এৰি দিলত দুটামান ডেকাই সেই ল’ৰাটোক পুনৰ চৰ-গোৰ সোধাবলৈ ধৰিলে৷
আচলতে ঘটনাটো অতৰ্কিতে হৈ পৰিছিল৷ শিৱৰাত্ৰি মেলাৰ ভীৰৰ মাজত আলফুল আৰু ৰিদীপেও মেলা চাই ঘূৰি ফুৰিছিল৷ হঠাতে এখন হাত আহি আলফুলৰ শৰীৰ স্পৰ্শ কৰিলে৷ আলফুলে লগে লগে “ৰিদীপ” বুলি চিঞৰি দিলত ল’ৰাটো ভীৰৰ মাজত লুকাই পৰিব খুজোতেই ৰিদীপে পিছফালৰ পৰা তাক টানি আনি ভীৰৰ মাজৰ পৰা মুকলি জেগালৈ লৈ গৈ উত্তম মাধ্যম দিলে৷

এই ঘটনাটোৱে আলফুলক পোন্ধৰ বছৰৰ আগৰ ঘটনাটোলৈ মনত পেলাই দিলে৷ ভাবিলেই এক অজান ভয়ে তাইৰ মনটো কঁপাই তুলে৷ আলফুলৰ মনত পৰে – মাকে কেনেকৈ তাইক পুৰুষৰ পৰা সাৱধান হ’বলৈ শিকাইছিল৷ তেতিয়া আলফুল নৱম শ্ৰেণীত পঢ়ি আছিল৷ দূৰ সম্পৰ্কীয় এজন ককায়েক চিণ্টু দাদা আহিছিল সিহঁতৰ ঘৰলৈ৷ দ্ৰয়িং ৰূমত মাক আৰু চিণ্টুদাদাই কথা পাতি আছিল৷ আলফুলে চিণ্টু দাদাক মাত লগাবলৈ দ্ৰয়িং ৰূম পালেগৈ৷

: আলফুল আহ, মোৰ কাষতে বহ!

আলফুল গৈ চিণ্টুদাদাৰ কাষত বহিছিল৷ চিণ্টু দাদাকে আলফুলৰ হাত এখন নিজৰ হাতৰ মুঠিত লৈ মৰম কৰি কৰি মাকৰ লগত কথা পাতি আছিল৷

: আলফুল, পঢ়িবলৈ আছে নহয়! যা পঢ়গৈ৷

মাকৰ কথাত আলফুলে চিণ্টু দাদাৰ হাতৰ মুঠিৰ পৰা নিজৰ হাতখন এৰুৱাই ভিতৰলৈ গুচি গৈছিল৷ আলফুলে ভাবিছিল চিণ্টু দাদাই তাইক বহুত মৰম কৰে, কিন্তু মাকৰ কথাতহে তাই বুজি পাইছিল জীৱনত প্ৰয়োজনীয় বুলি ভবা কিছুমান কথা৷

: আলফুল, এতিয়া তুমি ডাঙৰ হৈছা৷ কিছুমান কথা বুজিবলৈ চেষ্টা কৰিবা৷ যাকে তাকে হাত আদি চুবলৈ নিদিবা৷

মাকে কি কব’ খুজিছে আলফুলে ঠিকেই বুজি পাইছিল৷

এবাৰ আলফুলে ফিজিক্সৰ চাৰৰ ঘৰলৈ যাব ওলাইছিল, ফিজিক্সৰ কিছুমান প্ৰশ্ন সুধিবলৈ৷

: কাৰ লগত যাবা আলফুল? – মাকে সুধিছিল তাইক।

: অকলেই যাম মা৷ – তাই কৈছিল।

: মই লৈ যাম তোমাক
। চোৱা আলফুল৷ তোমাৰ ছাৰ অকলে থাকে৷ তেওঁ যিমানেই ভাল মানুহ নহওক তুমি তেওঁৰ ওচৰলৈ অকলে যোৱাটো উচিত নহয়৷ কাৰণ তুমি এতিয়া ডাঙৰ হৈছা৷ গ’লেও সদায় কাৰোবাক লৈ যাবা৷ নহ’লে আমি আছো নহয় তোমাৰ লগত!
আলফুলে সেইদিনাও বুজি পাইছিল মাকে কোৱা কথাৰ অৰ্থ৷ মাথোঁ তাইৰ মনলৈ আহিছিল – “ছোৱালী হোৱা বাবেই সাৱধান কিয় হ’ব লাগে? ছোৱালীৰ বাবে সমাজ ব্যৱস্থা ইমান অসুৰক্ষিত কিয়? মাকে কিয় তাইক লৈ অসুৰক্ষিত অনুভৱ কৰে! কিয়? কিয়?”

০০০০০০০০

অফিছৰ সকলো কৰ্মচাৰী এজন এজনকৈ গৈছিলগৈ৷ মাথো ৰৈ গৈছিল অবিনাশ বৰুৱা, আলফুল আৰু চকীদাৰজন৷ অবিনাশ বৰুৱাই চকীদাৰজনক তামোল আনিবলৈ পঠাইছিল৷ নিৰ্জন অফিচটোত মাথোঁ অবিনাশ বৰুৱা আৰু আলফুল ৰৈ গৈছিল৷ অবিনাশ বৰুৱাই ফাইলৰ পৰা মূৰ তুলি আলফুলৰ মুখলৈ চাইছিল ৰহস্যময় চাৱনিৰে৷ আলফুলে ভিতৰি ভিতৰি খং আৰু অস্বস্তিত ভুগিছিল! অবিনাশ বৰুৱাৰ প্ৰতি থকা শ্ৰদ্ধা বহুত তললৈ নামি গৈছিল তাইৰ৷

: আলফুল, তোমাৰ অফিচ আচলতে এতিয়াৰ পৰাহে আৰম্ভ হয়৷ এই ডাটাখিনি তুমি এক্সচেলত ভৰাই দিয়াচোন৷

আলফুলে পৰম বিৰক্তিৰে হাতত ফাইলটো লৈ কম্পিউটাৰ ৰূম পাইছিলগৈ আৰু অনিচ্ছাস্বত্বেও এক্সচেলত ডাটা ভৰাবলৈ আৰম্ভ কৰিছিল৷
হাতত চিগাৰেটৰ ধোঁৱা উৰুৱাই উৰুৱাই অবিনাশ বৰুৱা আহি আলফুলৰ ওচৰত বহিছিল৷

: বেয়া পাইছা নেকি? ডাটাখিনি কাইলৈকে দিব লাগে৷ সেয়ে তোমাক কামটো কৰিব কৈছো৷ —আলফুলৰ বিৰক্তি ভৰা মুখখন দেখি আলফুলৰ বছ অবিনাশ বৰুৱাই তেনেকৈ কৈ উঠিল৷

: হ’ব ছাৰ, মই এতিয়াই শেষ কৰিম কামখিনি।

: ভেৰি গুড…আলফুল, তোমাক এটা কথা কব আছে…তুমি যেন কথাটো কাকো নোকোৱা৷ তোমাক মই মোৰ ভাল ফ্ৰেণ্ড বুলি ভাবোঁ৷ তোমাৰ লগত মই বহুত কথা শ্বেয়াৰ কৰিব বিচাৰোঁ৷

অবিনাশ বৰুৱাৰ কথা শুনি আলফুলৰ সৰগখন ভাঙি যেন মূৰতে পৰিল তেনে লাগিল৷ যি জন ব্যক্তি আলফুলৰ দেউতাকৰ বয়সৰ, সেইজন ব্যক্তিক আলফুলে সপোনতো ফ্ৰেণ্ড বুলি ভাবিব নোৱাৰে৷

: ছাৰ, এটা কথা কওঁ৷ আপুনি মোক যিখিনি কথা ক’লে আজিৰ পৰা যেন দ্বিতীয় বাৰ এনে কথা মুখলৈ নানে৷ আৰু এটা কথা অফিচৰ সময়ৰ বাহিৰত এনেকৈ অকলশৰে মই কাম কৰিবলৈ ইচ্ছুক নহয় আৰু আপুনি যদি মোক কাম কৰাবলৈ বাধ্য কৰাব বিচাৰে তেন্তে মই মহিলা আইনৰ কাষ চাপিম আৰু আপুনি এতিয়া দিয়া কামখিনি কাইলৈ ৰাতিপুৱা পাই যাব৷

–এইবুলি কৈ ফোঁ ফোঁৱাই আলফুল অফিচৰ পৰা ওলাই আহিল৷ হঠাতে অহা এজাক ছাগলী খেদা বৰষুণত তিতি তিতি তাই অট’ত উঠিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments