এজাক বতাহ (পূৰ্ণাক্ষী ভট্টাচাৰ্য)

বাছখনৰ পৰা নামি সুদেষ্ণাই এনেই এবাৰ ইফালে-সিফালে চালে । কলেজীয়া লৰা- ছোৱালী দুটামানৰ বাদে আন কোনো নাই । ঘড়ীটোলৈ চালে তাই । প্ৰায় আধাঘণ্টঘ্মানেই আছে ক্লাছ আৰম্ভ হবলৈ । লৰা-ছোৱলী কেইটালৈ চাই তাইৰ ভাল লাগি গ’ল । তাইও সিহঁতক দৰেই আছিল। শেষৰ বেঞ্চত বহিবৰ বাবেই সদায় সোনকলে আহিছিল । অৱশ্যে সদায় তায়ে নহয়, আৰু এজাক আহিছিল। তাৰে মাজৰে এজন অলপ বেছি সোনকালে আহিছিল আৰু বাকীকেইটাৰ কাৰণে ছিট ৰাখিছিল। শেষৰ বেঞ্চখনত নবহিলে সিহঁতে ক্লাছতো মন দিব নোৱাৰিছিল। এইবোৰকে ভাবি আগুৱাই গৈ থকা সুদেষ্ণাই হঠাতে ৰৈ দিলে । নাই, ৰৈ দিয়া নাই। কিহবাই তাইক টানি ধৰিলে। উশাহটো অলপ দীঘলকৈ টানি ললে তাই। হয়, ৰবাব টেঙাৰ ফুলৰ গোন্ধ। লাইব্ৰেৰীটোৰ গাতে লাগি থকা ৰবাব টেঙাজোপা ফুলিছে । সৰু সৰু বগা ফুলবোৰেৰে তলখন ভৰি আছে । তাই এজোলোকা ফুল হাতত তুলি ল’লে। লাহে লাহে তাই পুনৰ ডিপাৰ্টমেণ্টলৈ খোজ ললে । লাহে লাহে খোজ কাঢ়িবলৈ সুদেষ্ণাই বৰ ভাল পায় । নানা কথা মনত পৰিছে । সৰু সৰু স্মৃতিবোৰে তাইক চুই গৈছে। পঢ়াদিনবোৰৰ হাঁহিবোৰে তাইক খুন্দা মাৰিছেহি। যেন কৈছে- ‘তোমাক দেখি আমাৰ বৰ ভাল লাগিছে সুদেষ্ণা’।

এসময়ৰ ৰসায়ন বিজ্ঞানৰ ছাত্ৰী আৰু আজি একেখন কলেজৰ প্ৰবক্তা সুদেষ্ণা দত্ত । ৰাতিপুৱাৰে পৰা অহা অসংখ্য মেচেজে তাইক অলপ ব্যস্ত কৰি ৰাখিছে । তাইৰ সাফল্যত সুখী সিঁহতবোৰ। এৰা কলেজখন মানেইতো সিঁহতবোৰ । আৰু? আছে, আৰু আছে । নাভাবো বুলিলেও সদায়ে মনলৈ অহা কিছুমান আৰু আছে । বাদ দিও বুলিলেও বাদ দিব নোৱাৰা কিছুমান আৰু আছে । আগবাঢ়িব নোৱাৰাকৈ বান্ধি ৰখা কিছুমান আৰু আছে ।

‘ইমান বতাহ মাৰি আছে সুদেষ্ণা । গোটেইখন ধুলি । তুমি খিৰিকিখন খুলি থৈছা যে?’ গোস্বামী   ছাৰৰ মাতত তাই ফোনটো থৈ তেখেতলৈ চালে। ফোনতে নিমগ্ন হৈ ৰোৱা বাবে তাই অলপ লাজো পালে ।

‘চ’তৰ বতাহজাকে বৰ আমনি কৰে হে। এজমাৰ প্ৰব্লেম আছে যে।‘

‘মই খিৰিকিখন বন্ধ কৰি দিছো ৰ’ব ছাৰ।‘ কথাষাৰ কৈ তাই উঠি গল খিৰিকিখনৰ কাষলৈ। চ’তৰ বতাহ! বতাহজাকে তাইক দেখি যেন মিচিকিয়াই হাঁহিলে । কলে- ‘চিনি পাইছা সুদেষ্ণা? মই যে চ’তৰ বতাহ!’ তায়ো লাহেকৈ হাঁহিলে । অস্পষ্ট স্বৰেৰে কলে  ‘পাইছো সমীৰণ।‘

 

 

‘সুদেষ্ণা, আজি সমীৰণদাই ৰামৰ দোকানত পেটিছ খাই আছিল ।‘ মেহেকে দূৰৰ পৰাই  চিঞৰি চিঞৰি কোৱা কথাষাৰ শুনি তাইৰ কাণ-মূৰ  গৰম হৈ উঠিল ।

‘হেই এইজনী । ইমানকে চিঞৰিছ কিয়? বেলেগে শুনিব।‘

‘ইস্! লুচিয়ে লাজ কৰিছে চোৱা।‘ তাইৰ ফুলা ফুলা গাল দুখনত টিপি মেহেকে কৈ উঠিল। সুদেষ্ণা অলপ শকত হোৱাৰ বাবে তাইক সিহঁতে লুচি বুলি জোকায়। তায়ো বেয়া নাপায়। কিন্তু এতি্যাহে দিগদাৰ হৈছে তাইৰ। মেহেক, জোনালীহঁতে য’তে ত’তে সমীৰণৰ নাম কৈ তাইক অপ্ৰস্ত্তত  কৰি তোলে।

‘ছেহ, কিহে পাইছিল মোক কবলৈ ইহঁতবোৰৰ আগত!’ মুখতে বিৰবিৰালে তাই।

‘এই লুচি, তোক এইবাৰ জোকোৱাৰ সুযোগটো যে মই এৰি নিদিওঁ দে।‘ মেহেকে তাইৰ মনৰ ভাব বুজি কৈ উঠিল।

অ’ আৰু সেইটো চিকেন পেটিছ আছিল দে।‘

‘তই কেনেকৈ গম পালি?’ সুদেষ্ণাই নুসুধাকৈ নোৱাৰিলে।

‘আৰে, এইবোৰ মামুলি কথা। গম পোৱা যায়। তোৰ কাৰণেতো ইমানখিনি খবৰ আনিবই পাৰো ন’ । মেহেকে পুনৰ দুষ্টালি ভৰা চকুৰে তাইৰ পিনে চালে। আনে সিহঁতে খবৰ। বহুত খবৰেই আনে। সমীৰণ কত আছে, কাৰ লগত আছে, কোনটো চাৰ্ট পিন্ধিছে, সমীৰণৰ ক্লাছ কেইটাত থাকে, প্ৰেকটিল কেইটাত শেষ হয়, সমীৰণে কত আড্ডা মাৰে, কত খাই, আনকি সমীৰণে কোন কোন ছোৱালীৰ লগত কথা পাতে, তালৈকে সিহঁতৰ হিচাপ। তাই মনে মনে শুনি থাকে।

‘তই কি তাৰ লগত কথা পাতিছিলি?’ সোধো-নোসোধোকৈ তাই সুধিলে। মেহেকে অলপ সময় তাইৰ পিনে চাই কলে-

‘সুদেষ্ণা সেইজন সমীৰণদা হয়। সমীৰণ নয়ন শইকীয়া । যাৰ কাৰণে কলেজৰ আধাতকৈ বেছি ছোৱালী পাগল। যিহে গহীন গম্ভীৰকৈ থাকে, মোৰ মাতিবৰ সাহস নাই।‘

এৰা, আজিলৈচোন তাইয়ে সমীৰণক মাতি পোৱা নাই ভালকৈ। কেতিয়াবা দেখিলে হাঁহি এটাৰহে আদান-প্ৰদান হয়। তাতেই তাইৰ মনটো ভাল লাগি থাকে। সমীৰণ তাইৰ দেউতাকৰ বন্ধুৰ ককায়েকৰ ল’ৰা। যোৱাবছৰৰ কথা। দূৰ্গাপূজাৰ বন্ধত ঘৰলৈ গৈছিল তাই। আহিবৰ দিনাখন বাছষ্টেণ্ডত দেউতাকে ল’ৰা এজনৰ লগত চিনাকি কৰি দিছিল তাইক। মনটো বাৰুকৈয়ে বেয়া আছিল তাইৰ সেইখিনি সময়ত। লৰাজনে কিবা-কিবি কৈছিল যদিও তাই তাৰ পিনে ভালকৈ মূৰ তুলিও নাচালে। ঘৰৰ পৰা অহাৰ সময়ত তাইক সদায় এক অনামী বিষাদে আৱৰি ৰাখে। গোটই ৰাস্তা তাইৰ টোপনি অহা নাছিল। পিছদিনাখন ৰাতিপুৱা তাই ফেচ্‌বুকত এটা মেচেজ পাইছিল। হয়, সেইটো সমীৰণ নয়ন শইকীয়াৰে মেচেজ আছিল। লিখা আছিল- ‘হাঁহি থাকিবাঁ।‘

কেনে লাগিছিল সুদেষ্ণাৰ? নাজানে তাই । বুজাবও নোৱাৰে । কিন্তু তাই হাঁহিছিল । আজিও সেই সময়খিনি মনত পেলালে তাইৰ মুখেৰে হাঁহি এটা বাগৰি যায় । তাৰপাছতো সিহঁতে কথা পাতিছিল । ফেচবুকতে । নাছিল দুয়ো দুয়োৰে ফ্ৰেণ্ডলিষ্টত । এজনেও নুখুজিলে আনজনৰ ফোন নম্বৰ। কথাবোৰৰো নাছিল কোনো বিশালতা। খবৰ আৰু পৰীক্ষাৰ মাজতে আবদ্ধ হৈ থাকিছিল দুয়ো । কলেজত মাজে মাজে লগ পালেও তাই প্ৰায়ে আনপিনে চাই গুচি গৈছিল। এক সংকোচবোধে তাইক আৱৰি ৰাখিছিল । মাতিব খুজিলেও মাতিব পৰা নাছিল । চাবৰ মন গৈছিল তাৰ মুখলৈ । কিন্তু তাই নাচাইছিল। কিহৰ ভয়? এৰা, তাইৰ ভয় লাগিছিল। মেহেকে তাইক প্ৰায়ে সোঁৱৰাই দিছিল- ‘প্ৰেমত পৰিছ সুদেষ্ণা’। নাই, মানি লব নোৱাৰিছিল তাই। কোনোদিনেই নোৱাৰিলে। সমীৰণক তাইৰ ভাল লাগিছিল। কিন্তু সেয়া প্ৰেম নাছিল তাইৰ বাবে। কেতিয়াৰ পৰাৰ জানো, প্ৰেম সৰ্ম্পকে এক বদ্ধমূলক ধাৰণাই তাইৰ মনত বাস সাজিছিল । প্ৰেম মানেই সফল হব লাগিব । অসফল হলে সেয়া প্ৰেম নাছিল তাইৰ বাবে । ৰোমিও-জুলিয়েটে তাইক কোনোদিন আকৰ্ষণ কৰা নাছিল । যোধা-আকবৰ চাই তাই যোধা হ’ব বিচাৰিছিল । উষা-অনিৰুদ্ধৰ কাহিনী শুনি তাই উষা হ’ব বিচাৰিছিল । কাহিনীৰ পৰিসমাপ্তিও তাই সদায়ে সুন্দৰ হোৱাটো বিচাৰিছিল। ঠিক তেনেদৰেই সমীৰণ আছিল তাইৰ বাবে এক ভাললগা অনুভুতি। ইতিমধ্যে সমীৰণৰ প্ৰেয়সী থকা কথাটো সকলোৱে জানিব পাৰিছিল ।

তাৰপাছত কথাবোৰ ক’ৰবাত সহজ হৈ পৰিছিল । সমীৰণে পঢ়া সমাপ্ত কৰি গুচি গৈছিল । তাই কেতিয়াও সমীৰণক পাহৰিবলৈ চেষ্টা কৰা নাছিল । বৰঞ্চ সকলোখিনি সামৰি-সুতৰি থৈ দিছিল । শেষৰ দিনটো তাই মনত পেলাব নিবিচাৰে কেতিয়াও । তাই জনা নাছিল যে সেয়াই শেষ আছিল। বজাৰলৈ যাবলৈ তাই আৰু মেহেকে ৰিক্সা এখনত উঠিছিল। তেনেতে কাষেৰে পাৰ হৈ যোৱা বাইকখনৰ পৰা সমীৰণে হাত জোকাৰি গৈছিল । তায়ো হাত জোকাৰি প্ৰত্যুত্তৰ দিছিল । ৰাতিলৈ তাই ফেচবুকত এটা মেচেজ পাইছিল । সমীৰণে দিছিল-‘ভালকৈ থাকিবা সুদেষ্ণা । হাঁহি থাকিবা । মই যাওঁ’ । তায়ো উত্তৰ দিছিল-‘যোৱা’। খবৰ লবলৈ পাহৰা নাছিল সমীৰণে। তাইৰ প্ৰতিটো পৰীক্ষা, প্ৰতিটো সফলতাৰ খবৰ সি ৰাখিছিল। তাই উত্তৰ দিছিল ঠিকেই। মাথোঁ সোধা নাছিল তাৰ খবৰ। বহুবাৰ ‘কেনে আছা’ বুলি লিখিও তাই কাটি দিছিল। প্ৰতিটো সন্ধিয়াৰ বতাহজাকে তাইক সমীৰণৰ বাতৰি দিছিল।

 

 

‘সুদেষ্ণা, তোমাক আজি ফাৰ্ষ্ট ইয়াৰৰ ক্লাছ এটা দিছো । কাইলৈৰ পৰা মেজৰৰ ক্লাছ লবা ।‘ কথাষাৰ কৈ গোস্বামী ছাৰ ৰুমৰ পৰা ওলাই গল । পুনৰবাৰ অপ্ৰ্স্তত হল তাই । ছেহ্, কিখনো ভাবি আছে তাই পুৱাৰে পৰা । ক্লাছটোৰ বাবে তাই নিজকে প্ৰস্তুত কৰি ললে। সময়খিনি সুন্দৰকৈ পাৰ হৈ গল। অন্ততঃ তাইৰ মতে তাই ঠিকে পঢ়ালে ।পঢ়াই থকাৰ মাজতে আৰ চকুৰে তাই এবাৰ শেষৰ বেঞ্চ দুখনলৈ চাই পঠিয়ালে । কথা পাতি থকা ল’ৰা দুটাক কিবা এটা কম বুলিও তাই ৰৈ গল । থাকক। স্মৃতিবোৰ এনেকৈ ঘূৰাই পোৱাৰোচোন এক মাদকতা আছে ।

আবেলি ওলাই আহিল তাই কলেজৰ পৰা । পুনৰ লাহে লাহে খোজ ললে । মাকলৈ ফোন লগালে তাই। অথনিতে মাকেই ফোন কৰিছিল। তাইৰহে কথা পতা নহল । বহু কিবা কিবি কথাই পাতিলে দুয়ো ।

‘তই কিবা ভাবিলিনে মৌমা ?’ মাকৰ শেষৰটো প্ৰশ্নত তাই থমকি ৰল । আকৌ যেন কিহবাই টানি ধৰিলে তাইক ।

‘জানো মা, একো চোন ভাবিবলৈ মনেই যোৱা নাই ।‘

‘ভাবি চাবিচোন এবাৰ । কিজানিবা তয়ে বুজাত ভুল কৰিছিলি বা হয়তো তোৰো কিবা জানিবলৈ বাকী থাকি গৈছিল।‘ মাকে আৰু কিবা কিবি কৈছিল। তাইৰ মুৰত একো নোসোমাল । ৰাতিপুৱাৰে পৰা এইটো কথাৰে সন্মুখীন হবলৈ তাই সাহস গোটাব পৰা নাই। বৰমাকে অনা সম্বন্ধটো সকলোৱে ভাল পাইছে । ঘৰুৱাভাৱেও চিনাকি দুয়োখন ঘৰ। কিন্তু আচৰিত আছিল তাইৰ বাবে এই প্ৰস্তাৱ। কোনোপধ্যে সহজ নহয় তাইৰ বাবে এই প্ৰস্তাৱ মানি লোৱাটো। চ’তৰ বতাহজাকে পুনৰ তাইক গালে মুখে চুই গল । ‘সমীৰণ’ অস্ফুট মাতেৰে তাই পুনৰ উচ্চাৰণ কৰিলে তাইৰ প্ৰিয় নামটো । পুনৰ ৰৈ গল তাই। এইবাৰ ফোনটো উলিয়াই মেচেজ এটা লিখিলে আৰু এক মূৰ্হুত ৰৈ পঠিয়াই দিলে।

মানুহজন অনলাইনে আছিল ।হঠাতে অহা মেচেজটো দেখি তেওঁ আনমনা হৈ উঠিল । ‘ কি খবৰ তোমাৰ?’ এই সাধাৰণ বাক্যশাৰীৰ বাবেইতো তেওঁ  ৰৈ আছিল, সেই কলেজীয়া দিনৰ পৰাই।! কঁপা কঁপা হাতেৰে তেওঁ উত্তৰ দিবলৈ সাজু হল ।

সুদেষ্ণাৰ ম’বাইলৰ নীলা-বগা স্ক্ৰীণত ভাহি উঠিল তিনিটা সৰু সৰু বিন্দু । সমীৰণ নয়ন শইকীয়াই যে উত্তৰটো লিখি আছে!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক