এজাক বৰষুণৰ অপেক্ষাত (মিনুৰেখা গগৈ)

বেলকনিত থকা আৰামী চকীখনত দেহাটো এৰি দি চকু দুটা মুদি দিলে বৈশালী চহৰীয়াই।
অস্তাচলৰ আকাশত বেলিটোৱে হেঙুলীয়া ৰং কিছুমান সিঁচি দি অলপ আগতে আঁতৰি গৈছে। গুম গুম শব্দ কিছুমান ভাঁহি আহিছে আকাশৰ পৰা। ৰাতিলৈ বৰষুণ আহিব কিজানি।
আকাশৰ ফালে চকুযোৰ মেলি ভালকৈ নিৰীক্ষণ কৰিবলৈ চেষ্টা কৰিলে তেওঁ। ডাৱৰ নাই। কিন্তু ক’ব নোৱাৰি, বৰষুণ এজাক দেৰীকৈ হ’লেও আহি যাব পাৰে। ডাৱৰ নোহোৱা আকাশতো হঠাতে কেতিয়াবা কেতিয়াবা ডাৱৰৰ উন্মেষ ঘটে আৰু অভাৱনীয়ভাৱে এজাক বৰষুণে তিয়াই থৈ যায় পৃথিৱীখন। চাদৰ ওপৰত শুকাবৰ বাবে মেলি ৰখা কাপোৰবোৰ আনিবলৈ দৌৰি যায় মানে তিতি শেষেই হয়। কাপোৰো তিতে, কাপোৰ আনিবলৈ যোৱা মানুহজনীও তিতে। যেনেকৈ অলপ আগতে তেনে এজাক বৰষুণতে তিতি জুৰুলি -জুপুৰি হৈছিল বৈশালী চহৰীয়া নামৰ আত্মগৌৰৱত ওফন্দি থকা মহিলাগৰাকী। পাৰ্থক্য এটাই সেই বৰষুণজাকে তেওঁৰ কাপোৰ তিয়াব নোৱাৰিলেও আত্মাৰ ভিতৰলৈকে তিয়াই পেলাইছিল।

অলপ আগতে যে আহিছিল লাৱণ্য নামৰ আদবয়সীয়া বুঢ়ীগৰাকী, তেওঁক এজাক বৰষুণৰ দৰেই লাগিল বৈশালীৰ। বতৰৰ বৰষুণ নহয়। অভাৱনীয়ভাৱে অহা এজাক আবতৰীয়া বৰষুণ। যিজাক বৰষুণে তেওঁক এনেদৰে তিয়ালে যে তেওঁৰ কেৱল শৰীৰটোৱেই নিতিতিল, আত্মাটোও তিতি জুৰুলি-জুপুৰি হ’ল।

তেওঁ কেনেকৈ সাহস পালে বাৰু বৈশালীৰ ঘৰ বিচাৰি আহিবলৈ? কেৱল অহাই নহয়, এক বৃহৎ অংকৰ অৰ্থসাহায্য খুজিবলৈও সাহস কৰিব পাৰিলে বৈশালী চহৰীয়া নামৰ মানুহগৰাকীক। বৈশালীৰ এনেনো কি অন্তৰংগতা আছিল তেওঁৰ স’তে! বা এনে কি বিশ্বাসযোগ্যতা গঢ়ি উঠিছিল বুঢ়ীজনীৰ স’তে যে তেওঁৰ এটা মাত্ৰ মুখৰ কথাতে ইমানখিনি পইছা উলিয়াই দিব। বৈশালীয়ে এইটোও নাজানে বা জানিবলৈ প্ৰয়োজন অনুভৱ কৰা নাই যে বুঢ়ীৰ প্ৰকৃত ঘৰ ক’ত। চহৰখনৰে এটা গলিত থকা টিনৰ চালি দিয়া দুকোঠলীয়া ঘৰ এটাত এজনী ছোৱালী আৰু এটা ল’ৰাৰে স’তে থাকে তেওঁ –কেৱল ইমানেই জানে বৈশালীয়ে।
অইনদিনা হোৱাহ’লে সেই সাধাৰণ বুঢ়ীগৰাকীৰ কথা ভাবি বৈশালীয়ে তেওঁৰ মূল্যবান সময়খিনি অপচয় নকৰিলহেঁতেন। অইনদিনা হোৱাহ’লে এই সময়ত তেওঁ বেডৰুমৰ দামী মেহগনি কাঠৰ বিছনাখনত বহি পিঠিত কঁহুৱাকোমল গাৰু এটা দি আঁউজি লৈ ষ্টাৰ প্লাচৰ চিৰিয়েল কেইখন চাই থাকিলহেঁতেন। নতুবা পাকঘৰত সোমাই বৰুৱানীৰ পৰা শিকা নতুন ৰেচিপিটোকে নিজে কৰি চালেহেঁতেন। এনেইও তেওঁ নিতৌ ন-ন ধৰণে ৰান্ধি -বাঢ়ি নিজেও খাই ভাল পায়, আলহীকো খুৱাই ভাল পায়।
আজি কিন্তু বৈশালীৰ একো কৰিবলৈ মন যোৱা নাই। কাইলৈ সোণা আহিব দিল্লীৰ পৰা। লগত তাইৰ এজন বন্ধুও আহিব। দুয়ো মাজুলীত ৰাস চাবলৈ যাব। ৰাসলৈ মাজত দুদিন আছে মাত্ৰ। তাই তেওঁক নাৰিকলৰ লাড়ু আৰু চিৰা তৈয়াৰ কৰি থ’বলৈ কৈছে। বন্ধুজনে খাই বৰ ভাল পায় হেনো। তেওঁ বজাৰৰ পৰা দহটামান নাৰিকল কিনি আনি বাকলি গুচাই সাজু কৰি থৈছে, দুটামান ৰুকি ৰুকি চেনিৰ লগত সানিও থৈছে। তথাপিতো তেওঁৰ এতিয়া পাছৰ কামখিনি কৰিবলৈ মনত উৎসাহ জগা নাই।
লাৱণ্য বুঢ়ীক কেতিয়া প্ৰথম লগ পাইছিল তাকেই মনত পেলাবলৈ ধৰিলে তেওঁ। বিশ বছৰৰ আগৰ কথা। হয় হয় বিশ বছৰৰ আগৰেই কথা। তেতিয়া লাৱণ্যবুঢ়ী বুঢ়ী নাছিল। চল্লিশবছৰ মানৰ এগৰাকী ধুনীয়া মহিলা আছিল। বৈশালী আছিল তেতিয়া ত্ৰিশবছৰীয়া। দহবছৰীয়া সোণাৰ মাক।
বৈশালীৰ পঢ়া-শুনা বেছি নাছিল। পঢ়াত তেওঁৰ বিশেষ মনো নাছিল। কোনোমতে হায়াৰ চেকেণ্ডাৰীটো পাছ কৰি তেওঁ এই চহৰতে এখন বিউটি পাৰ্লাৰত ছমহীয়া বিউটিচিয়ানৰ কোৰ্চ এটা কৰি আছিল। তেনেতেই চিনাকি হৈছিল ডিম্বেশ্বৰ চহৰীয়াৰ লগত। ডিম্বেশ্বৰ নামটো বৈশালীৰ অকণো পচন্দৰ নাছিল। কিন্তু চেহেৰাই-পাতিয়ে, টকাই-পইছাই সকলো আছিল তেওঁৰ। নামটোনো কি কথা, নামেতো নুখুৱায়। বৈশালীয়ে প্ৰেমৰ জালেৰে ডিম্বেশ্বৰ চহৰীয়াক অতি সোনকালেই মেৰিয়াই মেৰিয়াই বান্ধি লৈ এদিন বৈশালী চহৰীয়া হৈ ডিম্বেশ্বৰ চহৰীয়াৰ ঘৰ শুৱনি কৰিলেহি।

বিয়া হৈ আহিহে ভালকৈ দেখিলে বৈশালীয়ে যে ডিম্বেশ্বৰ মানুহজন এখন খোলা কিতাপৰ দৰে। নাই নাই, খোলা কিতাপ নহয়, এখন খোলা দোকান বুলিলেহে ঠিক হ’ব। চৰকাৰী চাকৰি কৰে, বেছি ডাঙৰ চাকৰি নহয় যদিও সোঁহাতেৰে অহা পইছাতকৈ বাঁওহাতেৰে অহা পইছাই বেছি। কিন্তু কোনো হিচাপ নাৰাখে তেওঁ। বন্ধুবৰ্গ, পৰিয়ালবৰ্গৰ কথা বাদেই, ওচৰ -চুবুৰীয়াইও তেওঁৰ পৰা সততে পইচা বিচাৰি আহে। এই পইছা তেওঁ কোনোদিন ঘূৰাই নিবিচাৰে, কোনোবাই নিজে দিলে লয়।
বৈশালীয়ে আহি এই আপোনভোলা মানুহজনৰ সকলো যতন ল’বলৈ ধৰিলে। বেংকত একাউণ্ট খুলি, এল.আই.চি. আদিত পইচা জমা কৰি এদিন একঠা মাটি কিনিলে চহৰৰ উপকণ্ঠত আৰু এটা ধুনীয়া ঘৰো সজালে।

লাহে লাহে আহিল সোণা আৰু মুন্না। সকলোৱে ইংৰাজী মাধ্যমৰ স্কুলত পঢ়ুৱাই কাৰণে বৈশালীয়েও সোণাক এখন ভাল ইংৰাজী মাধ্যমৰ স্কুলত নাম লগাই দিলে। তাই যেতিয়া লাহে লাহে ওপৰ ক্লাচলৈ প্ৰমোচন পাই আহি থাকিল, বৈশালীয়ে পঢ়াব নোৱাৰা হ’ল তাইক। ক্লাচ ফ’ৰৰ পৰাই সোণাক টিউচন দিয়াব লগীয়া হ’ল। আগতে চহৰতে ভাৰাঘৰত থাকোঁতে ভাল আছিল, স্কুল -টিউচনৰ বাবে ওচৰ আছিলে। নিজৰ ঘৰলৈ যোৱাৰ পৰা অহা-যোৱাই এটা সমস্যা হৈ পৰিল। সোণাৰ টিউচন ডেৰঘণ্টা, এইখিনি সময় তাইক টিউচনত থৈ ঘৰলৈ যাবলৈ নিচেই কম হয়, গ’লেও আহিবৰ হয়েই।

চহৰীয়াই এদিন তাইক চিনাকি কৰি দিলে লাৱণ্যৰ লগত। লাৱণ্য গাভৰুতেই বিধৱা হৈছিল, দুটি এমা-ডিমা ল’ৰা-ছোৱালী লৈ গিৰিয়েকৰ তামোলৰ দোকানখনকে সাৰথি কৰি চলি আছিল গুৱাহাটীত। সন্মুখতে গড়কাপ্তানী বিভাগৰ অফিচটো। অফিচৰ তামোল খোৱা মানুহবোৰে লাৱণ্যৰ ওচৰতে তামোল খায়। পিছলৈ দুই একৰ পৰামৰ্শমতে চাহ আৰু বিস্কুটৰো ব্যৱস্থা কৰিলে। লাহে লাহে কেটলি মুখত দিয়া পিঠা, নাৰিকলৰ লাড়ু আদিও নিজে কৰি চাহৰ লগত দিবলৈ লোৱাত তাইৰ ব্যৱসায় ঠন ধৰি আহিবলৈ ধৰিলে। এতিয়া তাই সুন্দৰকৈ চলি আছে, ল’ৰা -ছোৱালী দুটাও ডাঙৰ হৈছে। ছোৱালীজনীয়েও পাছলৈ পিঠা তৈয়াৰ কৰা কামত মাকক সহায় কৰি দিব পৰা হ’ল।

লাৱণ্যই ডিম্বেশ্বৰক নিজৰ ভাইৰ দৰে ভাবিছিল বাবে বৈশালীকো ভাই বোৱাৰীৰ দৰে ভাবিছিল। তাই খোৱা চাহকাপৰ কোনো মূল্য নলৈছিল লাৱণ্যই। চাৰি-পাঁচবছৰীয়া পুতেকক লগত লৈ আহিছিল, লাৱণ্যই নিজৰ চকীখন এৰি দি তাক দুঘণ্টালৈকে বহুৱাই ৰাখিছিল আৰু বৈশালীয়ে বান্ধৱীৰ সতে বজাৰে বজাৰে ঘূৰি ফুৰিছিল।

কিন্তু বৈশালীয়ে এইবোৰ কথাৰ প্ৰতি কেতিয়াও গুৰুত্ব দিয়া নাছিল। লাৱণ্যক তাই সদায় ফুটপাথৰ দোকানী বুলিয়েই গণ্য কৰিছিল।

ডিম্বেশ্বৰে কেতিয়াবা বৈশালীৰ লগত লাৱণ্যৰ কথা পাতিব খুজিছিল যদিও বৈশালীৰ শুনাৰ ইচ্ছা নাছিল। বেছিকৈ ক’লে কৈছিল –“সেই বাটৰ দোকানীজনীৰ কথা ইমানকৈ কিয় বখানিব লাগে। তাই নিজৰ বিজনেচ চলাবলৈ মানুহক মিঠা মিঠা কথা ক’বই দিয়াচোন, তাকে বিশ্বাস কৰি গুৰুত্ব দি থাকিব নেলাগে।“

ডিম্বেশ্বৰ চহৰীয়াৰ মুখৰ কথা মুখতে ৰয়। তেওঁ নিজৰ মাজতে কথাবোৰ জুকিয়াই জুকিয়াই ৰাখি থয়। সেইজনী মানুহ কেৱল দোকানী হ’ব পাৰেনে যিজনীয়ে বাছে-ৰেলে বাটকুৰি বাই অহা ভাগৰুৱা ল’ৰা এটাক আথেবেথে একাপ গৰম চাহ এটা কেটলি পিঠাৰে সৈতে হাতত তুলি দিয়ে প্ৰতিদিনে। খৰধৰকৈ আহোঁতে পইছা পাহৰি অহা ল’ৰা এটাক নিজৰ বেগৰ পৰা এশটকীয়া নোট এখন উলিয়াই দি ঘূৰাই দিলে বেয়া পাম বুলি কোৱা মানুহজনীয়ে ব্যৱসায়ৰ খাতিৰত হে কয়নে তেনে কথা। চহৰীয়া বৰ কষ্টত ডাঙৰ দীঘল হোৱা মানুহ। মমতাৰ মাত তেওঁ চিনি পায়।

লাৱণ্যৰ মাজত তেওঁ নিজৰ হেৰাই যোৱা বায়েক পূৰ্ণিমাকহে যেন বিচাৰি পায়। বায়েক পূৰ্ণিমা ভৰ যৌৱনতে হেৰাই গৈছিল সিহঁতৰ মাজৰ পৰা। পূৰ্ণিমাৰ কথা মনলৈ আহিলেই এটা কথাই চহৰীয়াৰ মনটো এতিয়াও শোকাকুল কৰি তোলে। তেতিয়া ডিম্বেশ্বৰ দহ কি এঘাৰবছৰীয়া। ডিম্বেশ্বৰ আৰু ভায়েক ৰত্নক লৈ বায়েক পূৰ্ণিমা গৈছিল পাঁচ কি:মি: দূৰৰ পূজা চাবলৈ। পূজাথলীৰ আশে পাশে বহুতো চাহৰ দোকান। তাৰে দোকান এখনৰ সন্মুখত ৰৈ বায়েকে একাপ গাখীৰ দিয়া চাহ কিনি দুই ভায়েকক প্লেটত অলপ অলপকৈ বাকি দি এবাৰ ইটোক এবাৰ সিটোক খাবলৈ দি কাপৰ তলীত লাগি থকাখিনি নিজে খাইছিল আৰু পূজাত সেৱা কৰি দুয়োটাকে বেলুন দুটামান কিনি দি ঘৰলৈ লৈ আহিছিল।

তাৰ কিছুদিন পিছতে দুদিনৰ জ্বৰতে তাই ঢুকাই থাকিছিল। এতিয়া মহানগৰীত তেওঁৰ সন্মুখত চাহৰ গিলাচ তুলি দিয়া এই মানুহগৰাকীকো তেওঁৰ পূৰ্ণিমা পূৰ্ণিমা লাগিবলৈ ধৰিলে। গ্ৰাহক আৰু দোকানীৰ সমন্ধৰ উৰ্দ্ধলৈ গৈ তেওঁলোক হৈ পৰিল আপোন বায়েক ভায়েকৰ দৰে। তাৰপিছত তেওঁ ঘৰৰ পৰা অহা যোৱা কৰাত কষ্ট পাই লাৱণ্যৰ ওচৰতে এটা ভাৰা কোঠা লৈ ল’লে। লাৱণ্যৰ ছোৱালীজনী আৰু ল’ৰাটোৰ বাবে তেওঁ হৈ পৰিল অতি আপোন মামা। সিহঁতৰ কিতাপ পত্ৰ তথা স্কুলৰ খৰছো তেওঁ গাত পাতি লৈছিল। বিনিময়ত চহৰীয়াই পাইছিল এখন ঘৰৰ নিভাঁজ মৰম, হেৰোৱা বায়েকৰ চেনেহ। চহৰীয়াৰ পিতৃ-মাতৃ দুয়ো অগা-পিছাকৈ ঢুকোৱাৰ পাছত ভায়েক ৰত্নই ঘৰ নচলা হোৱাৰ বাবেই গাঁৱৰে প্ৰেয়সী অনিমাক বিয়া কৰাই ল’লে। এই সকলোবোৰ কামতে লাৱণ্যই নিজৰ পৰিয়ালৰ দৰেই লাগিভাগি দিছিল। ৰত্নৰ লগতো সহৃদয়তা বজাই ৰাখিছিল লাৱণ্যই। সঁচা অৰ্থত লাৱণ্য সিহঁত দুয়ো ভাই-ককাইৰ বাবেই পূৰ্ণিমা হৈ পৰিছিল।

তেনে সময়তে তেওঁৰ জীৱনলৈ আহি পৰিল বৈশালী। মধ্যবিত্ত পৰিয়ালৰ এজনী উচ্চাকাংখী যুৱতী বৈশালী। বৈশালীৰ আগমনত ডিম্বেশ্বৰ চহৰীয়াৰ জীৱন ধাৰণৰ প্ৰণালীয়েই সলনি হৈ পৰিল। লাৱণ্যৰ কাষৰ একোঠলীয়া ঘৰটো এৰিবলগীয়া হ’ল। এৰিবলগীয়া হ’ল গধূলি গধূলি লাৱণ্যৰ ঘৰলৈ গৈ খোৱা জুতি লগাকৈ দিয়া চাহকাপৰ সোৱাদ। এৰিবলগীয়া হ’ল সিহঁতৰ পৰিয়ালৰ সৈতে সঘন অহা-যোৱা। বৈশালীয়ে সকলোতে লক্ষ্মণৰেখা টানি দিলে। সুন্দৰী পত্নীৰ মিচিকিয়া হাঁহিটোৰ মোহতেই একান্ত বাধ্য ছাত্ৰৰ দৰে নমনীয় হৈ ৰ’ল চহৰীয়া, কিন্তু সন্তুষ্টিৰে নহয়, বৰং পৰম অসন্তুষ্টিৰে।

একোঠলীয়া ঘৰটোৰ পৰা ওলাই আহি ডাঙৰ ঘৰ এটা ভাৰাত লৈ, তাৰপিছত তাৰ পৰাও ওলাই নিজা ঘৰলৈ যোৱাৰ বাটটো যিমানেই দীঘল হৈ আহিল সিমানেই দূৰত্ব বাঢ়ি আহিল লাৱণ্যৰ লগত। তেওঁ লাৱণ্যক বাই বুলিয়েই মাতিছিল। হয়তো দুয়ো সমবয়সীয়াই আছিল। বৈশালীৰ স’তে বিয়াৰ কিছু বছৰৰ পিছত চহৰীয়াৰো দূৰৰ অফিচলৈ বদলিকৰণ হ’ল। সংসাৰৰ সকলো বোজা মূৰ পাতি লৈ বৈশালী এজনী সুগৃহিণী হৈ পৰিল আৰু চহৰীয়া হৈ পৰিল এটা টকা ঘটা যন্ত্ৰ। সংসাৰৰ কোনো কথাতেই তেওঁ এটা সিদ্ধান্তও ল’বলৈ নেপালে। সংসাৰত থাকিও তেওঁ দূৰে দূৰেই যেন ৰৈ গ’ল।

আজি তেওঁ ভাবিছে তেওঁ যি কৰিলে সঠিক কৰিছিলনে? কি জেদত তেওঁ বৈশালীৰ ওপৰতে সকলো এৰি দিছিল। চাদৰ ওপৰত নিশাৰ আন্ধাৰত আৰামী চকী এখনত মূৰটো হেলান দি তেওঁ তৰাভৰ্তি আকাশখনলৈ চাই চাই দিকবিদিক চিন্তাত ভাৰাক্ৰান্ত হৈ উঠিছে। তেওঁ লাৱণ্য আৰু বৈশালীৰ দূৰত্ব কমাবলৈ সদায়েই এখন সাঁকো হৈ থাকিল। থৰক বৰক বাঁহৰ সাঁকো। দুমূৰৰ দুটা সত্বাই কোনেও কাকো নুবুজিলে। তেজৰ সম্পৰ্ক নাথাকিলেও লাৱণ্যৰ পৰিয়ালৰ স’তে চহৰীয়াৰ যিটো আত্মিক সম্পৰ্ক গঢ় লৈ উঠিছিল তাক বৈশালীৰ বাবে হেৰুৱাবলৈ প্ৰস্তুত নাছিল তেওঁ। আনহাতে প্ৰচণ্ড আত্মসন্মানবোধসম্পন্ন লাৱণ্যই বৈশালীৰ স্বৰূপ বুজি পালে যে তেওঁৰ লগত সম্পৰ্ক ছেদ কৰিব সেই কথা জানি বৈশালী সম্পৰ্কে এটা ভালভাৱ সুমুৱাই ৰাখিছিল লাৱণ্যৰ মনত।
কিন্তু বৈশালীয়ে কেৱল স্বাৰ্থৰ বাবেই ব্যৱহাৰ কৰিলে লাৱণ্যক। সোণাৰ পিছত মুন্নাকো টিউচনলৈ লৈ গৈ বান্ধৱীৰ সৈতে লাৱণ্যৰ দোকানতে সময় কটালে লাৱণ্যই দিয়া ফ্ৰী চাহ খাই খাই। তথাপি এদিনলৈ লাৱণ্যক ভাত এসাঁজ খাবলৈ নেমাতিলে। লাৱণ্যই যদিও অলপ অলপ চিনিছিল বৈশালীক, চহৰীয়াই তাত এখন ধূসৰ পৰ্দা তৰি দিলে। তেওঁ কেতিয়াও লাৱণ্যক জানিবলৈ নিদিলে যে বৈশালীয়ে তেওঁক মানুহ বুলিও গণ্য নকৰে।

ইয়াতেই ডাঙৰ ভুল হ’ল তেওঁৰ। কেৱল ইয়াতেই নে! সংসাৰৰ প্ৰতিটো ঢাপতেই তেওঁ ভুলকেই কৰি অহা নাই জানো। নহ’লে জানো সোণাক হেৰুৱাব লগা হয়। দিল্লীত পঢ়িবলৈ গৈ তাই অন্য ৰাজ্যৰ বন্ধুৰ স’তে লিভিং টুগেডাৰ কৰা বুলি জনাৰ পিছতেই সোণা হেৰাইছিল তেওঁৰ মনৰ পৰা। আৰু মুন্না? সিওতো কলেজ গচকাৰ পাছৰেপৰা গাড়ীখন লৈ ক’ত কি কৰি ঘূৰি ফুৰে তেওঁ নাজানে। সিদিনা এখন হোটেলত ৰেইড কৰোঁতে সি ছোৱালীৰ লগত ধৰা পৰিছে আৰু এতিয়া মানুহৰ পৰা আঁতৰাই থ’বলৈ মাকে তাক বেংগালুৰুলৈ পঢ়িবলৈ পঠিয়ালে। পঢ়াত সি ভালেই আছিলে। বৈশালীৰ কথামতে পৈতৃক সম্পত্তি বিক্ৰী কৰিভায়েক ৰত্নৰ পৰিয়ালৰ লগততো কোনো সম্পৰ্কই বাচি নাথাকিল।

লাৱণ্যৰ ছোৱালীজনী ভাল ল’ৰালৈকে বিয়া হৈ সুখৰ সংসাৰ কৰি আছে। ল’ৰাটোৱে বি.এ .পাছ কৰি উঠি ঘৰতে বহি থাকি আমনি লাগি ব্যৱসায় কৰিবলৈ মন কৰিছে। পইছাৰ দৰকাৰ হোৱাত চহৰীয়াক খোজাত চহৰীয়াই বাৰু চিধাই না কৰি নিদি কিয় বৈশালীৰ ওচৰলৈ আহিবলৈ ক’লে। তেওঁতো জানিব লাগিছিল যিজনী মানুহে পইছাৰ কাৰণে আপোন মানুহৰ লগতে কাজিয়া কৰিব পাৰে সেইজনী মানুহে বাটৰ দোকানী এজনীক কি যুক্তিত পইছা দিব।

আজি আবেলি ঘটি যোৱা ঘটনাটোৱে চহৰীয়াক এনেদৰে মষিমূৰ কৰি পেলাইছে যে নিজে পতা মৰণফান্দৰ পৰা নিজকে বচাবৰ বাবে যুক্তি বিচাৰি ফুৰিছে। আচলতে এতিয়া তেওঁ সকলোফালৰ পৰাই এজন ৰিক্ত পুৰুষ।

কি আছে তেওঁৰ? একো নাই তেওঁৰ একান্ত নিজৰ বুলিবলৈ। সহোদৰ ভাইক হেৰুৱাব লগা হ’ল, ভগ্নীসম লাৱণ্য নামৰ মানুহজনী যাৰ মমতাৰ আঁচলত তেওঁ ঘূৰাই পাইছিল কৈশোৰৰ মৰমৰ ভগ্নীক তেওঁৰ লগতো সম্পৰ্কৰ বান্ধোনডাল কটকটীয়া কৰি ৰাখিব নোৱাৰিলে, নোৱাৰিলে নিজ পুত্ৰ কন্যাক নিজৰ মতে গঢ় দিবলৈ। এই দুখবোৰে তেওঁক এনেকৈ কাবু কৰি পেলাইছিল যে টকা পইছা, ঘৰ দুৱাৰ একোৰে খবৰ তেওঁ নৰখা হৈছিল। এনেকুৱা অৱস্থাতে লাৱণ্যই তেওঁক পইছা খুজোঁতে অভ্যাসবশতঃ তেওঁ কৈ পেলালে বৈশালীয়েহে জানে পইছাৰ কথা।
–তেওঁ দিব জানো ইমান পইছা? এদিনো আগতে পইছা বিচাৰি পোৱা নাই তেওঁৰ ওচৰত।
লাৱণ্য সন্দিহান হোৱা দেখি তেওঁ কৈছিল,
–নিদিব কিয়? থাকিলে দিবই। তই গৈ চাচোন এবাৰ। ময়ো ক’ম বাৰু তাইক।

কিন্তু চহৰীয়াই বৈশালীক ক’বলৈ পোৱাৰ আগতেই লাৱণ্য আহি পইছাৰ কথা ক’লেহি তাইক। আৰু বৈশালীয়ে পইচা দিবলৈ অস্বীকাৰ কৰাত কথাত কথা বাঢ়ি বাঢ়ি তাই লাৱণ্যক গতিয়াই উলিয়াই পঠিয়ালে। কঁকালত কোব খোৱা ফেটীসাপৰ দৰে লাৱণ্যইও উভতি ধৰিলে বৈশালীক। তেওঁ সোণা আৰু মুন্নাৰ নষ্ট চৰিত্ৰৰ বাবে যে বৈশালীয়েই দায়ী তাকো ক’বলৈ নাপাহৰিলে।
কিমানদেৰীৰ পৰা কাজিয়াখন হৈ আছিল তেওঁ নাজানে। তেওঁ যি মুহূৰ্ততেই অফিচৰ পৰা আহি বাৰাণ্ডাত থিয় হৈছিলহি সেই মুহূৰ্ততেই বৈশালীৰ মুখৰ পৰা ঠহৰ ঠহৰকৈ ভাঁহি আহিছিল,
–“মোৰ বিয়াৰ আগলৈকে লুটিপুতি খালি মোৰ মানুহটোক। মই নহা হ’লে চাগৈ ঘৰেই সোমালিহেঁতেন ল’ৰাই-ছোৱালীয়ে। হেঁপাহ নপলালে ন? এতিয়া লাখ টকা বিচাৰি আহিবলৈ সাহস কৰিলি”।

চহৰীয়াই অনুমানতে কথাবোৰ বুজি লৈ লাৱণ্যৰ আগত দেখা নিদিয়াকৈ পিছ দুৱাৰেদি আহি ভিতৰত সোমালেহি। তেওঁ অহাৰ উমান পাই বৈশালীয়ে এমোকোৰা হাঁহিৰে তেওঁক সদায় সম্ভাষণ জনোৱাৰ দৰে আজিও জনালে যেন একো হোৱাই নাই। চহৰীয়াৰ এনে লাগিল যেন সন্মুখত বৈশালী নহয়, এজনী কালনাগিনীহে থিয় হৈ আছে।

কিমান সময় আৰু এনেকৈ বহি থকা যায়। এটা সময়ত বৈশালীৰ আমনি লাগিল বহি বহি। কথাবোৰ ভাবি ভাবিও পাৰাপাৰ নোপোৱা হ’ল তেওঁ। কোনোবাখিনিত সঁচাই ভুল হৈ গ’ল নেকি তেওঁৰ? তেওঁওতো এগৰাকী মাতৃ। নিজ সন্তানৰ অমংগল তেওঁ জানো চিন্তা কৰিব? তেওঁ নিজে কৰিবলৈ নোপোৱাখিনি ইহঁতেও নোপোৱাকৈ নাথাকক, নিজে ভোগ কৰিবলৈ নোপোৱাখিনি ইহঁতেও ভোগ নকৰাকৈ নাথাকক- তেওঁ মাত্ৰ তাকেহে বিচাৰিছিল।

লাৱণ্য কোন তেওঁলোকৰ যে তাইৰ লগত ইমান আত্মীয়তা বজাই ৰাখিব। ফুটপাথত সাধাৰণ দোকান এখন দি চলা দোকানীহে মাত্ৰ। বৈশালীৰ মাকে বৈশালীক বাৰে বাৰে বুজাই থাকিছিল যে লাৱণ্যৰ পৰা যাতে নিজৰ মানুহজনক আঁতৰাই ৰাখে, এনেকুৱা গিৰিহঁত নাইকিয়া মানুহৰ কি বিশ্বাস, চহৰীয়াৰ দৰে হোজা মানুহবোৰক নিজৰ হাতৰ মুঠিত ৰাখি থ’ব বিচাৰে সিহঁতে। তেওঁ মাকৰ কথাই সাৰোগত কৰি চলিছিল। তথাপি ….তথাপি যোগাযোগ বন্ধ হৈ যোৱা নাছিল। তেওঁৰ অগোচৰেই চহৰীয়াই এই যোগসূত্ৰ জীয়াই ৰাখিছিল। কেনেকৈ সহ্য কৰিব পাৰে বৈশালীয়ে? কেনেকৈ?

মাকে কোৱাৰ দৰে হয়তো লাৱণ্যই কিবা আহুদি খুৱাই থৈছে মানুহজনক। নহ’লে বৈশালীৰ কাষত মন্ত্ৰমুগ্ধৰ দৰে থকা মানুহজনে বৈশালীৰ অগোচৰে কেনেকৈ লাৱণ্যৰ সৈতে সম্পৰ্ক জীয়াই ৰাখিছে।
এইবোৰ ভাবি থাকিলে নহ’ব। নিজৰ মানুহজনক বোকাত সোমাইছিল বুলিতো এৰি দিব পৰা নেযায়, ধুই-পখালি ল’বই লাগিব। বুজাব লাগিব তেওঁক। তেওঁ বাৰু লাৱণ্যৰ স’তে কথা কটাকটিৰ কিবা ভূ পালেনেকি? কিয় তেওঁ আজি আহিয়েই চাদৰ ওপৰলৈ উঠি গৈ এতিয়াও নামি অহা নাই। মাজতে এবাৰ মনে মনে চাই আহিছিল বৈশালীয়ে, কি যে এক উদ্ভ্ৰান্ত দৃষ্টি আছিল তেওঁৰ দুচকুত। সহজ হ’ব নোৱাৰি গুচি আহিছিল বৈশালী।

মনত অলপ সাহস গোটাই পুনৰ চাদৰ ওপৰলৈ এখোজ দুখোজকৈ উঠি গ’ল বৈশালী। তেওঁ লাহেকৈ লাৱণ্যৰ বিৰুদ্ধে কথা এষাৰ আৰম্ভ কৰিছিলহে, ডিম্বেশ্বৰ চহৰীয়াই বহি থকা চকীখনৰ পৰা ঘপকৈ উঠি বৈশালীৰ গালতকাণতলীয়া চৰ এটা মাৰি দিলে ।

থতমত খাই বৈশালী বহি পৰিল।
অসম্ভৱ।
অকল্পনীয়।
বিবাহিত জীৱনৰ দীৰ্ঘ পঁচিছ বছৰত বৈশালীয়ে কেতিয়াও গিৰিয়েকৰ এই ৰূপ দেখা নাই।
আকাশত প্ৰতিপদৰ জোনৰ মিঠা পোহৰ। ক’তো এচপৰাও মেঘ নাই। কিন্তু ডিম্বেশ্বৰ চহৰীয়া মানুহজন এই ফৰকাল বতৰতো নিজেই মেঘ হৈ পৰিল। তেওঁৰ জীৱনৰ আকাশখনত এনেকুৱা মেঘ বহুবাৰ জমা হৈছিল। বতাহে সেইবোৰ উৰুৱাই উৰুৱাই লৈ গৈছিল।
আজি বৰষুণ হৈ সৰিল। গাজনি -ঢেৰেকনি আৰু শিলাবৃষ্টিৰে এজাক কলহৰ কাণেৰে ঢলা বৰষুণ। ইমানদিনে তেওঁৰ সংসাৰত কেৱল ৰ’দ আছিল। ৰ’দ, কেৱল ৰ’দ। এই ৰ’দৰ আধিক্যই তেওঁৰ সংসাৰখনৰ সকলো ৰস শুহি শুহি মৰুভূমি কৰি পেলাইছিল। আৰু এই মৰুভূমিত মৰীচিকা খেদি খেদি তেওঁ ভাগৰুৱা হৈ পৰিছিল।

আজি নিজেই এজাক বৰষুণ হ’বলৈ পাই তেওঁ বহুত সকাহ অনুভৱ কৰিছে। হয়তো কিছু পলম হ’ল, তথাপিতো বৰষুণজাক আহিল।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments