এজাক বৰষুণৰ কথাৰে (নিবেদিতা হাজৰিকা)

শূন্যতাৰ স্পৰ্শসিক্ত আঁচলেৰে
দুচকু মচিব ধৰোঁতেই
নামি আহিল বৰষুণজাক
তোমাৰ সুগন্ধিৰে আকৌ এবাৰ
সুবাসিত হৈ পৰিল অকণমান সময়
বুকুভৰি ফুলি উঠিল হেঁপাহৰ খৰিকাজাঁই
মই নহ’লেও ফুলবোৰ এদিন পুনৰ ফুলিব
তোমাৰ ফুলনিৰ কলিজা বৰণীয়া ফুলবোৰত
নিয়ৰকণা হৈ ওলমি ৰ’ব
মোৰ দুটোপাল চকুপানী,
ফুলবোৰৰ সুবাসে তোমাক লৈ যাব
নিজান সেউজীয়া মোহনালৈ
মনত পেলাই দিব এজাক জোনাকৰ কথা
যি জাক জোনাকে এদিন
ঠোৰ মেলিছিল তোমাৰ বুকুত
যেতিয়া দুচকুত মেঘ হৈ উপচি পৰে
হেঁচি ৰাখিব নোৱাৰা মোৰ বুকুৰ শূন্যতাবোৰ,
কঁপি উঠে
সৰু সৰু আবেগৰ ঢৌবোৰ,
তেতিয়াই শব্দ হৈ সৰি পৰে
মোৰ হৃদয়ৰ অকৃত্ৰিম স্বীকাৰোক্তি
সময় পালে তুমি এদিন শব্দবোৰ চুই চাবা
সিহঁতে তোমাক মনত পেলাই দিব
অতীত হৈ পৰা
বৰষুণৰ দিনবোৰৰ কথা
—–**—–

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
9 years ago

Emman hundar…atialoike 9 bar pahilu…