এজাৰৰ আহ্বান আৰু অসমীয়াৰ “Saturday NITE” (দেৱব্ৰত গগৈ)

এজাৰৰ আহ্বান আৰু অসমীয়াৰ “Saturday NITE”

দেৱব্ৰত গগৈ

এসময়ত এনে এটা সময়ো আছিল যেতিয়া এচাম অসমীয়াই, অসমীয়াৰ বাপতি সাহোন সদৃশ বিহুটোক “ইতৰ প্ৰাণীৰ নাচ-গান” বুলি ভাবিছিল। মংগোলীয় মূলৰ বিহুটোক তেতিয়ালৈকে আৰ্যমূলৰ অসমীয়াই আপোন কৰি ল’বলৈ সাজু হোৱা নাছিল। আহোম ৰাজতন্ত্ৰই বিহুক ৰাজদৰবালৈকে লৈ অনা কাৰ্যক সেইসকল অসমীয়াই প্ৰকাশ্যে বিৰোধ কৰিব নোৱাৰিলেও সৰ্মথনো কৰা নাছিল, বৰঞ্চ বিহুৰ প্ৰতি তেওঁলোকৰ যি অৱহেলাৰ ভাৱ আছিল সেয়া বংশানুক্ৰমিক হৈ পৰিছিল বুলি কলেও বঢ়াই কোৱা নহয় আৰু সেয়ে হয়তো মুষ্টিমেয় কেইজনমান অসমীয়াই বিহুক নিষিদ্ধ কৰিবলৈ বৃটিছ শাসকৰ ওচৰত আবেদন কৰিছিল। পিছে চতুৰ বৃটিছে জানিছিল যে বিহুক নিষিদ্ধ কৰিলে সেই সময়ৰ সংখ্যাগৰিষ্ঠ মংগোলীয় মূলৰ অসমীয়া লোকসকলে বৃটিছৰ বিৰোধিতা কৰিব পাৰে আৰু শেষত গৈ সেই বিৰোধিতাই বৃটিছ বিৰোধী সংগ্ৰামৰ ৰূপ লব পাৰে। অৱশ্যে ইয়াৰ পৰৱৰ্তী সময়ত অসমৰ আন জনজাতি আৰু মংগোলীয়মূলৰ অসমীয়াৰ পৰা এক নিৰ্দিষ্ট সামাজিক ব্যৱধান বজাই ৰখা তুলনামূলকভাৱে সংখ্যালঘু বৰ্ণহিন্দু অসমীয়াইও লাহে লাহে বিহুক নিজৰ চ’ৰাঘৰলৈ আদৰিবলৈ ধৰিলে। এনেদৰে বিহুক বৰ্ণহিন্দুৱে আদৰি নিয়াৰ অন্যতম কাৰণ হ’ল, ইতিমধ্যে পাশ্চাত্য শিক্ষাৰে শিক্ষিত হৈ পৰা বৰ্ণহিন্দু মধ্যবিত্ত অসমীয়াৰ হাতলৈ লাহে লাহে হস্তান্তৰিত হবলৈ ধৰা সমাজিক নেতৃত্ব আৰু ইয়াৰ বাবে তেওঁলোকক প্ৰয়োজন হোৱা সমাজৰ প্ৰতিটো স্তৰৰ বাসিন্দাসকলৰ মাজত তেওঁলোকৰ গ্ৰহণযোগ্যতা।

আৰু এনেকৈয়ে বিহুৱে জনপ্ৰিয়তা পাবলৈ আৰম্ভ কৰিলে আৰু এটা সময়ত বিহু হৈ পৰিল আমাৰ বাপতি সাহোন, জাতীয় উৎসৱ। বিহুক লৈ আমি গৌৰৱ কৰিব পৰা হ’লো। আন ৰাজ্যৰ বুদ্ধিজীৱিয়ে আক্ষেপেৰে ক’লে- “এইখিনিতে আমি আপোনালোকৰ ওচৰত হাৰি যাওঁ, আমাৰ ল’ৰা-ছোৱালীয়ে ধৰ্মীয় প্ৰভাৱৰ পৰা আঁতৰত থাকি আনন্দ কৰিবলৈ আমাৰ কোনো উৎসৱ নাই”। হয়, বিহুৱে জাত-পাত নমনা হ’ল, বিহুৱে চিনি নোপোৱা হল ধৰ্মৰ প্ৰভেদ। কেতিয়াও নাচি নোপোৱা, গাই নোপোৱা, গোমোঠা মানুহটোও “বিহুত ঘৰলৈ” যোৱা হ’ল। বিহুৰ এই কোলাহলৰ মাজতে বিহুৱে কেতিয়া পথাৰ আৰু ঘৰৰ পদূলিমুখ পাৰ হৈ নগৰৰ মঞ্চ পালেহি অসমীয়াই গমকে নাপালে, আকৌ মনৰ আনন্দত পালন কৰা বিহুটো কেতিয়াৰে পৰা কাৰোবাৰ বাবে পেছা হৈ পৰিল, বিহুতলীত কেতিয়াৰে পৰা কেৱল বিহুৰ উপৰিও আধুনিক গীত পৰিৱেশন কৰিবলৈ ধৰিলে, মনৰ উলাহত নচা বিহুনাচটোত কোনে কেতিয়াৰে পৰা ব্যাকৰণিক সূত্ৰ প্ৰয়োগ কৰিলে কোনেও গমকে নাপালে। যেন বিহুনামৰ এই অশ্বমেধ ঘোঁৰাটোক কোনেও ৰাখিব পৰা নাই, যিয়ে ৰখাবলৈ গৈছে সেইজনেই উফৰি গৈছে, হৈছে হাঁহিয়াতৰ পাত্ৰ।

জাতিটোৰ আয়ুসৰ বাবেই পৰিৰ্ৱতনৰ প্ৰয়োজন আছে, কাৰণ বিহুৱে আমাক মিলাইছে, অসমীয়া মানেই বিহু আৰু বিহু মানেই অসমীয়া, যেন এটা আনটোৰ পৰিপূৰক।

পিছে জাতিটোৰ ওপৰত বিহুৰ ইমান ইতিবাচক প্ৰভাৱ থকাৰ পাছতো আজি আমি ভাবিবলৈ বাধ্য হৈছোঁ, বিহুৱে অসমীয়া জাতিটোক ধ্বংস কৰিব নেকি?

অসমীয়াত এষাৰ কথা আছে, “ এজাৰ ফুলিলে ধৰিবা, বগৰী ফুলিলে এৰিবা”। এইষাৰ কথাতে সোমাই আছে অসমীয়া জাতিটো কিমান কৃষি নিৰ্ভৰ জাতি। বাৰিষাৰ আৰম্ভণিৰ লগে লগে হাবি-বনে ফুলিবলৈ ধৰা অগণন এজাৰ ফুলে অসমীয়া কৃষকক মনত পেলাই দিয়ে যে পথাৰত হাল জুৰিবৰ হ’ল, আকৌ শীতৰ আগমনৰ লগে লগে ফুলিবলৈ ধৰা বগৰীজোপাই মনত পেলাই দিয়ে যে বছৰৰ খেতি-খোলা সামৰিবৰ হ’ল। আনকি আজিৰ এই পৰিৱৰ্তিত সময়ত কৃষি কৰ্ম এৰি আন পেছাত ধৰা অসমীয়াকো যেন নিজৰ নিজৰ কৰ্ম ক্ষেত্ৰত ভালদৰে মনোনিৱেশ কৰিবলৈ ধুনীয়া এজাৰ ফুলে পাহে আহ্বান জনায়। কিন্তু আমি জানো সেই আহ্বান শুনিছোঁ?

যোৱা সপ্তাহত বেপাৰ ভ্ৰমণৰ উদ্দেশ্যে উত্তৰ অসমলৈ গৈছিলোঁ। ৰাষ্ট্ৰীয় পথৰ দাঁতিকাষৰীয়া গ্ৰাম্য অঞ্চলৰ মাজে মাজে যাওঁতে লক্ষ্য কৰিলোঁ বাটৰ কাষত বিহুসন্মিলন আয়োজনৰ ঘোষণা দিয়া অসংখ্য সৰু-বৰ ফলক। অমুক বিহু সন্মিলন, তমুক বসন্ত উৎসৱৰ লগত জনপ্ৰিয় গায়ক-গায়িকাৰ ছবি আৰু অনুষ্ঠিত হবলগীয়া তাৰিখ। 24 আৰু 25 মে’, 25 আৰু 26 মে’ নতুবা 31মে’ আৰু 1 জুন নতুবা 1 আৰু 2 জুন। আয়োজন কৰা তাৰিখবোৰলৈ অলপ ভালকৈ মন কৰিলেই গম পোৱা যায় যে এই আবতৰীয়া বিহু সন্মিলনবোৰ আয়োজন কৰিছে সপ্তাহটোৰ শেষৰ দিন কেইটাত শুকুৰ আৰু শনি অথবা শনি আৰু দেওঁবাৰে। বিহু সন্মিলন নহয় যেন কোনোবা ক্লাৱৰ ‘চাটাৰ ডে’ নাইট পাৰ্টি’!

এসময়ত গাঁৱত জন্মা বিহুটো আজিকালি চ’তৰ শেষত নগৰৰ কোলাহলৰ মাজত আৰম্ভ হয়। বিহুক হৃদয়ংগম কৰিব নোৱাৰা এজাক এলেহুৱা সুবিধাবাদী মধ্যবিত্ত অসমীয়াই সন্মিলনৰ নামত আয়োজন কৰা বহুৱালিৰে আজিকালি হেঁপাহৰ ৰঙালীটো আদৰিবলৈ বাধ্য হৈছোঁ। আৰু এই বহুৱালিবোৰেই আজিকালি গাঁওবোৰলৈও সংক্ৰমিত হৈছে। যেন নগৰত বিকলাংগৰ ৰূপ পোৱা বিহুৰ ওভতনি যাত্ৰা। যিসময়ত হেঁপাহৰ পথাৰখনক শস্য-শ্যামলা কৰাৰ সময়, যিসময়ত নতুন বছৰটোক সাক্ষী কৰি নিজৰ নিজৰ পেছাত মনোনিৱেশ কৰাৰ সময়, সেই সময়ত আমি এই জেঠ মাহৰ গৰমত গাঁও আৰু মফচলীয়া অঞ্চলত বিহু সন্মিলন আয়োজন কৰাত ব্যস্ত আছোঁ, জাতি হিচাবে ধ্বংস হবলৈ আমাক ইয়াতকৈ আৰু আন কিবা লাগেনে?

শুনিবলৈ অপ্ৰিয় যদিও এনেধৰণ আবতৰীয়া বিহুৰ নামত কৰা বহুৱালিবোৰৰ বাবে আমাৰ গায়ক-গায়িকাসকল আৰু লগতে শিল্পীসকলো বহুক্ষেত্ৰত দায়ী বুলি ভাবো। নগৰৰ বিহু সন্মিলনবোৰত তেখেতসকলে গাই বাই থাকোতে ব’হাগ মাহৰ ভিতৰত গাঁও অঞ্চলবোৰত গান গাবলৈ সময় নাপায়। ইফালে সৰ্ম্পূণ পেছাদাৰী মনোভাৱেৰে গান গোৱা এইসকলে ধনৰ লোভকণ সামৰিব নোৱাৰি আবতৰীয়া বিহু সন্মিলনবোৰত অংশ লয়। এনেকৈয়ে তেওঁলোকে বিহুৰ নামত কৰা বহুৱালিবোৰত অংশ লৈ জাতিটোৰ ধ্বংসত অৰিহণা যোগায়। ইমানেই যদি গাবলৈ মন আছে আৰু গান শুনিবলৈ মন আছে তেন্তে তেওঁলোকে সাধাৰণ সাংস্কৃতিক অনুষ্ঠান এখন কিয় আয়োজন কৰিব নোৱাৰে ? কাৰণ তেওঁলোকে বিহুক ব্যৱহাৰ কৰিছে আৰু সেয়ে ব’হাগৰ শেষত যাবলৈ বিচৰা বিহুক তেওঁলোকে জোৰকৈ আহাৰলৈকে ৰখাই থবলৈ বিচাৰে।

অসমীয়া সমাজ তথা জাতিটো জীয়াই থকাৰ স্বাৰ্থতেই বিহুৰ স্বকীয়তাক ৰক্ষা কৰিবই লাগিব আৰু তাৰ বাবে আহাৰলৈকে পতা বিহু সন্মিলনৰ আঁৰ লৈ আয়োজন কৰা অসমীয়াৰ “Saturday NITE” বোৰক বিৰোধ কৰাটো অত্যন্ত জৰুৰী হৈ পৰিছে। বৃটিছ আমোলত এচাম অসমীয়াই যেনেকৈ বিহুক নিষিদ্ধ কৰিবলৈ দাবী তুলিছিল ঠিক তেনেকৈ ব’হাগ মাহৰ পাছত আয়োজন কৰা সকলো ধৰণৰ বিহু সন্মিলনক নিষিদ্ধ কৰিবলৈ দাবী জনোৱাটো এতিয়া সময়ৰ আহ্বান মাথোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments