এজাৰ : মিতালী গোস্বামী

এজাৰ

ණ মিতালী গোস্বামী

 

দুপৰীয়াৰ ৰ’দজাক বৰ চোকা হৈ আহিছে। ভাতকেইটা পেটত পেলাই অলপ জিৰণি লোৱাৰ ইচ্ছা এটা জাগিছে মনে মনে। অন্যদিনাখন দুপৰীয়া জিৰণি লোৱা তেনেকুৱাই হয়। কেতিয়াবা কামৰ তাগিদাৰ বাবে খোৱা-বোৱাবোৰেই ক’ৰবাত পৰি ৰয়; জিৰণি আৰু ক’ত হয়? সময়বোৰ যে কিয় পাখি মেলা পখিলাটো হৈ উৰি ফুৰে! পুৱাই শ্রীমতীয়ে চেনেহ কৰি বান্ধি দিয়া শুকান ৰুটি দুটাই সন্ধিয়াও যেতিয়া একেধৰণেই হাঁহি এটা মাৰি টিফিন বাটিটোৰ ভিতৰত মোৰ অপেক্ষাত ৰৈ থাকে নিজৰে কিবা অপৰাধী অপৰাধী ভাৱ এটা হয়। আগন্তুক বিপদ এটাৰ আশংকা কৰোঁ। বাটিটোৰ ঢাকোনখন খুলি দিয়াৰ লগে লগে ভেকেটা ভেকেট গোন্ধ এটা নাকত লগাৰ লগে লগে সাঁজু হৈ যাওঁ-নিশ্চয় কিবা এটা শুনিম মই এতিয়াই! কিন্তু কেতিয়াবা মোৰ সেই অনুমান মিছা হয়। বক্র হাঁহি এটা মাৰি মানুহজনীচোন লগাতকৈও বেছি নিশ্চুপ হৈ ৰয়। মোৰ সাধাৰণ অপৰাধী যেন ভাৱটো ক্ষন্তেকতে দাগী অপৰাধীৰ ভাৱলৈ পৰিৱর্তিত হয়। কিন্তু মোৰ জীৱনত এই সকলোবোৰ ক্ষন্তেকীয়া। পাৰ হৈ যোৱা কথাবোৰ বেছি সময় ভাবি মই বর্তমান আৰু ভৱিষ্যতৰ সময়বোৰ নষ্ট নকৰোঁ। আৰু এই গাত কথা নলগা স্বভাৱ এটা থকা বাবে মা-দেউতাই হওঁক অথবা শ্রীমতীয়ে হওঁক; আটাইৰেপৰা মই আজিলৈ কমকৈ কথা শুনা নাই। তথাপি মোৰ কোনো পৰিৱর্তন নাই।

:তোমাক নাপালে মই মৰি যাম জানা।

যিমান সহজভাৱে স্নিগ্ধা নামৰ ছোৱালীজনীয়ে এটা মিছা কথা অনুৰাগ নামৰ কলেজীয়া ডেকাজনৰ আগত বাৰংবাৰ উচ্চাৰণ কৰিছিল, সিমানেই গুৰুত্বসহকাৰে ল’ৰাজনে কথাষাৰ গ্রহণ কৰিছিল। যৌৱন হয়তো তেনেকুৱাই; বেৰঙী বস্তুবোৰো ৰঙীন ৰঙীন হৈ ধৰা দিয়ে। কিন্তু তাতেই ভুল হয় মানুহৰ। তাকেই হয়তো কয় যৌৱনৰ ভুল।

অন্ততঃ মোৰদৰে শান্ত প্রকৃতিৰ মানুহজনৰ ক্ষেত্রতো প্রতাৰিত প্রেমিকজাতীয় ছদ্মনাম এটা লাগি যাব পাৰে বুলি কোনেও ভবা নাছিল। কিন্তু লাগি গ’ল মোৰ আগত সেই বিশেষণ। ভাগ্যে চন্দ্রবিন্দুটো নবহিল। কাৰণ? কাৰণ কথাবোৰ বেছি গভীৰভাৱে লোৱাটো মোৰ ধর্ম নহয়। নহ’লে স্নিগ্ধাৰাণীক নাপালে মৃত্যুৰ প্রতিজ্ঞা, ছিপ লোৱাৰ প্রতিজ্ঞা কৰাৰ পাছতো মই মই হৈ থাকিব পাৰোনে? তথাপি মই আছো। অনুৰাধাৰ সতে এতিয়া মোৰ সুখৰ সংসাৰ। আমাৰ ল’ৰা-ছোৱালী এহাল আছে। দুয়ো এতিয়া মানুহবিলাকে সচৰাচৰ জীৱনত ভুল কৰা বর্ষবোৰৰ ওচৰে-পাজৰে তহলি ফুৰিছে। পঢ়া-শুনা ভালদৰে কৰি সিহঁত দুয়ো মানুহ হওঁক; তাকেই আশা কৰোঁ অনুৰাধা আৰু মই। মানুহজনীয়েনো কম কষ্ট কৰেনে সিহঁতৰ সতে। মোৰ হ’ল বেংকৰ চাকৰি। আজি অ’ত, কালি ত’ত। ভাগ্যে কেইটামান বছৰৰপৰা ঘৰৰ ওচৰৰে বেংকটোত খোপনি পুতি ৰ’ব পাৰিছো। কিন্তু ক’ব নোৱাৰি। কোন মূহুর্তত ক’লৈ যোৱাৰ ডাক পৰে। মোৰ বেডিং-পত্র সকলো সময়তে প্রায় সাঁজু থকাৰ দৰেই। ট্রেন্সফাৰৰ অর্ডাৰ এটা আহি হাতত পৰিব; বেগ-বস্তা পিঠিত উঠাম আৰু গৈ পাম কোনো এক অচিনাকি ঠাই। কেতিয়াবা ভাৱ হয় মোৰ দৰে যাযাৱৰী মানুহ আৰু দুনিয়াত নোলাবই নেকি!

মোৰ এই সুন্দৰ দুপৰীয়াটো উপভোগৰ আশাত চেঁচাপানী ঢালিবলৈ মহীধৰ নামৰ এই বেৰসিক মানুহজনৰ আৱির্ভাৱ হ’ব বুলি ভবা নাছিলো মই। মানুহজনে যি মূহুর্তত আহি মোৰ দুৱাৰত টোকৰ মাৰিলে সেই মূহুর্ততে মোৰ মূৰটোৱে আচন্দ্রাই কৰিলে। তেওঁৰ টোকৰকেইটা মৰাৰ ধৰণেই সুকীয়া—টক্‌, টক্‌টক্‌, টক্‌টক্‌, টক্‌। দোৰ্‌বেলটো আজিলৈ কোনো দিনেই ব্যৱহাৰ কৰা নাই তেওঁ। কিয় নাজানো! শ্রীমতীয়ে দুৱাৰখন খুলি দিলে। ল’ৰা-ছোৱালী হালৰে চকু কপালত উঠিল। শেষ আজি এই দিনটো—লাহেকৈ ক’লে মন্‌মীয়ে। অন্য কোনোবা আলহীক তাই তেনেকৈ কোৱাহেঁতেন মই ধমক এটা লগালোহেঁতেন। কিন্তু আজিৰ আলহী গৰাকী তেনে সমাদৰৰে যোগ্য; সেয়ে একো নক’লো। অনুৰাধাৰ সংস্কাৰ তাইৰ গাত আছে। মানুহক তাই সাধাৰণতে বেয়া ব্যৱহাৰ নকৰে। অনুৰাধাৰো নিশ্চয় খং উঠিছে। মানুহজনে কথাবোৰ বৰ ৰহণ সানি কয়, কিমান মিছাকযে সঁচা কৰে; সেয়ে আমাৰ ঘৰখনৰ আটাইকেইটাই বিৰক্তি বোধ কৰে তেওঁ আহিলেই। আৰু তাতকৈও ডাঙৰ কথা—মানুহজনৰ অহা-যোৱাৰ কোনো সময় নাই। যেতিয়াই মান যায় আহি ওলায়; মন গ’লেই উভতি যায়। অহৌ বলিয়াধৰণৰ কিবা। যি মন যায় তাকেই কৰে। এই বুদ্ধ পূর্ণিমা বুলি পোৱা বন্ধটোত দুপৰীয়া সময়কনতে আহি মোৰ সকলো পৰিকল্পনা পণ্ড নকৰিলেনে!

:আজি ল’ৰাটো আহিছিল। একেবাৰে মাছে-মঙহে এসাজ মাৰিলো। খাই বৈ ভাবিলো এপাক ইয়ালৈয়ে আহো। আপুনিওতো চাগে আমনিহে পাইছে দিনটো ঘৰত বহি বহি।

বেঙাৰদৰে মই মাত্র এটা হাঁহি মাৰিলো। বুঢ়া মানুহ! কমেই বা কি? তেওঁ আপুনি বুলি সম্বোধন কৰাটো মই পছন্দ নকৰোঁ।। কিন্তু কিমানবাৰ ক’লো। নুশুনে। মানুহক হেনো সম্মান কৰে তেওঁ। তুমি বুলি ক’লে মোৰ আত্মসম্মানত আঘাত লাগিব বুলি তেওঁৰ চিন্তা। বাৰে বাৰে তাকেইনো কৈ থাকিমনে মই? শেষত ক’বলৈ বাদ দিলো।

মানুহজন স্নিগ্ধাৰাণীৰ কিবা অলপ সম্পর্কীয়। কলেজত পঢ়োতে তেওঁ তাইৰ লোকেল গার্জেন আছিল। সেইসূত্রেই মোৰ সতে তেওঁৰ প্রথম চিনাকি। কিন্তু বহুবছৰ মই চাকৰিৰ খাতিৰত এই অঞ্চলৰপৰা দূৰত থকাই তেওঁ মোৰ চিন একেবাৰেই পাহৰিছিল। প্রথম দৃষ্টিতে তেওঁক চিনাত অৱশ্যে মোৰ অকনো কষ্ট হোৱা নাছিল। অতীতক অতীততে এৰি অহা বুলি মই তেওঁৰ সম্মুখত পুৰণি পৰিচয় ব্যক্ত কৰিব বিচৰা নাছিলো। অৱশ্যে মনটোৱে কৈছিল—‘এবাৰ খবৰ লোৱাচোন, ক’ত গ’ল তোমাৰ সেই নীলাঞ্জনা। তোমাৰ অবিহনে সুখী নহ’ব বুলি কৈ তাই সুখত আছেনে?’ দিনবোৰ বাগৰি মাহত পৰিণত হ’ল। আৰু তেনেকৈ কেইটামান মাহ পাৰ হোৱাৰ পাছতে এদিন হঠাৎ মানুহজনে নিজেই আহি মোৰ আগত তেওঁৰ অতীতৰ চিনাকি ডাঙি ধৰিছিল। বুজিছিলো স্নিগ্ধাৰাণীয়ে আজিও মোৰ খবৰ ৰাখিছে। কিন্তু কিয়? মোৰ নিজৰ সংসাৰত মই সুখী। তেওঁক সোণৰ পালেঙত বহুৱাই ৰখাৰ প্রতিশ্রুতিৰে মোৰপৰা আঁতৰাই নিয়া মানুহজনে দিব পৰা নেকি সুখৰ সংসাৰ এখন? অনুৰাধা আৰু ল’ৰা-ছোৱালীহঁতৰ কথা ভাবি মই গর্ব অনুভৱ কৰিছিলো সেই মূহুর্তত। প্রতাৰণাজাতীয় শব্দৰ সতে আকৌ একাত্ম নহওঁ বুলিয়েই স্নিগ্ধা সম্পর্কীয় সকলো চিন্তাক মনৰপৰা আঁতৰাই একেবাৰে সহজভাৱে কথা পাতিছিলো মানুহজনৰ লগত। আজিও মই তেওঁৰ সতে তেনেদৰেই সহজভাৱে কথা-বতৰা হওঁ। আমাৰ কথা-বতৰাৰ মাজত স্নিগ্ধাজাতীয় কোনো কথাই কেতিয়াও ঠাই পোৱা নাই। শ্রীমতীক মই কোন কাহানিবাই কৈছো এই সকলোবোৰ কথা। মানুহজনৰ সতে মোৰ পুৰণি চিনাকি; স্নিগ্ধা আৰু তেওঁৰ সম্পর্ক! মুঠতে সকলোখিনি কৈছো। তেওঁ সহজভাৱে সকলো গ্রহণ কৰিছে। ইমান ভালকৈ তেওঁ মোক বুজে। সেয়ে আজি মই তেওঁৰ সতে সম্পূর্ণ সুখী। সুখত ৰাখিছোও।

:তাৰ বেপাৰৰ কথা কি ক’ব? দোপত্‌দোপে উন্নতি কৰিছে। ডাঙৰ ডাঙৰ মন্ত্রী-দালালৰ সতে তাৰ উঠা-বহা। মাছ-শাক আদিৰে উভৈনদী হৈ ৰয় তাৰ ঘৰৰ চোতাল। এদিন ওলাব বুজিছে। লৈ যাম তাৰ ঘৰলৈ।

এবাৰ ঘড়ীটোলৈ চালো বেঁকাকৈ। ৫.৩০ হ’ল। চাহ-পানীৰ পর্ব কোন-কাহানিবাই শেষ হ’ল। অথচ শেষ নহ’ল মহান পিতৃৰ মহান পুত্রৰ গুণানুকীর্তন। পুতেকৰ কথা কৈ মানুহজনে লগাতকৈ অলপ বেছিকৈয়ে ভাল পায় নেকি? মোৰ ল’ৰা-ছোৱালী সকলো নিজৰ কামত ব্যস্ত হয় তেওঁ আহি ঘৰৰ চোতালত ভৰি থলেই। অন্যথা মই বিৰক্তিৰ বোজা ববলৈ সিহঁতকো মাতি আনো যদি! ল’ৰাটোৱে দুদিন কৈছে মোক,
:অ’ দেউতা, তুমি তেওঁক কৈ দিবানা এইবোৰ কৈ থাকিব নালাগে বুলি। শুনিলেই মূৰটো নষ্ট হয়। এটা কথাও সঁচা নহয় জানানে। মদ-ভাং খাওঁতেই দিন যায় তেওঁৰ ল’ৰাৰ। আমি জানো নহয়।

উপায় নাপায় তাক সেইবোৰ কথাত কাণ নিদিবলৈ বুজালো এদিন। গতিকে আজিকালি সি মোৰ আগত কোনো অভিযোগ নিদিয়ে।

:এহ্ , কথা ক’লে ওলায়েই থাকিব বুজিছে। গৈ থাকো দিয়ক। বহুদূৰ বাট যাব লাগিবতো।

মানুহজনে কৈ থকা কথাখিনি আধাতে এৰি ঘপ্‌কৈ যাব ওলোৱা দেখি মই অলপ আচৰিত হ’লো। অবাক চাৱনিৰে মই তেওঁলৈ চালো। মানুহজন উঠিলেই যাবলৈ।

:কিন্তু?

মোৰ মেলা মুখ মেলা হৈয়ে ৰ’ল। মানুহজনৰ চকুহাল প্রচণ্ড ৰঙা পৰিছে। তেওঁৰ যাত্রাত বাধা দিয়াৰ সাহ নহ’ল মোৰ। গেইটখন খুলি মই তেওঁক আগবঢ়াই দিলো।

বাৰে বাৰে মনৰ দাপোনত মোৰ মানুহজনৰ ৰঙা পৰা চকুহাল ভাঁহি উঠিল। কিয় জানো ৰঙা পৰিছিল তেওঁৰ চকুহাল! সকলো কথা তাতে শেষ কৰি সন্ধিয়াটো কিছু ব্যতিক্রমীভাৱে উপভোগ কৰাৰ মনেৰে মই ওলাই আহিলো। দোকানৰ আড্ডাত বহিম আজি কিছু সময়। ডেকাকালতে আড্ডা দিয়া সেই ঠাইবোৰ আজিও সপ্রাণ হৈ আছে। বু বু বা বা গুজৱ এটা উঠিছে চাৰিওফালে। কি বা হ’ল ক’ত? মই প্রাণেশ্বৰৰ দোকানৰ মুখত ঠিয় দিলোগৈ। প্রাণেশ্বৰ মোৰ ক’লেজীয়া দিনৰে বন্ধু। সিও বৰ ব্যস্ত। দোকানখন ভাল চলে তাৰ। মোক দূৰৰপৰা দেখিয়েই চিনি পালে সি। ব্যস্ততাৰ মাজতেই চিঞঁৰ এটা মাৰি প্রাণেশ্বৰে মোক কৈ উঠিল,

:আৰে কি হে দেৱদাস! স্নিগ্ধাৰাণীয়ে তোমাক টানি আনিলে নেকি আজিৰ বিশেষ দিনটোত?

আচৰিত হ’লো মই। অতবছৰৰ অন্তত আজি প্রাণৰ মুখত স্নিগ্ধাৰ নাম।

:তাইৰ টকাৰ গছডালত বোলে পুলিচবোৰ গৈ বাগীকুঠাৰ মাৰিলে। মহীধৰ বুঢ়াৰ পুতককো নি লক আপত ভৰাইছেগৈ বুলি শুনিছো। ইহঁতে লুতিলে দেই মানুহবোৰ।

প্রাণেশ্বৰৰ কথাখিনি শুনাৰ লগে লগে মোৰ চকুৰ আগত ভাঁহি উঠিল সেই বৃদ্ধৰ ৰঙা পৰি উঠা চকুহাল। মানুহজনে বাৰু কান্দিছিল নেকি?

চকুটো মুদি মই আকৌ মনত পেলালো মহীধৰ বুঢ়াৰ চকুহাল। হয়, বুঢ়াই কান্দিছিল। নহ’লেনো তেওঁৰ চকুহালে এজাৰ ফুলৰ বৰণ লয়নে?

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক