এজোপা শুকান গছ (ছেভ ট্ৰি এণ্ড ছেভ আৰ্থ ) (উৎপল খাটনিয়াৰ)

আজি গছজোপাৰ কান্দোন শুনিবলৈ কোনো নাই , নীৰৱে আজি সি উচুপি আছে, তাৰ দুচকুৰে নিৰ্গত হৈছে ধাৰাষাৰ পানী আৰু সেই চকুপানীবোৰ মচি দিবলৈ কাৰো আহৰি নাই | অথচ এসময়ত তাৰ শীতল ছাঁৰ তলতে জিৰণি লৈছিল বাটৰুৱাসকল | পৰিশ্রান্ত দেহটো তাৰ তলত এৰি দি পাইছিল এক পৰম তৃপ্তি ৷ এটা জৰাজীৰ্ন শৰীৰ লৈ গছজোপাই ভাবিবলৈ ধৰিলে আচলতে তাৰ দোষ কোনখিনিত ,কিয় আজি সি অনাদৃত ,উপেক্ষিত হ’বলৈ ধৰিছে মানৱ সমাজৰ পৰা ৷ সি যেতিয়া সৰু আছিল তেতিয়া তাক জাৰজ বুলি হাঁহিছিল মানৱ সমাজ খনে আৰু উভালি দলিয়াই দিছিল ৰাজপথৰ সমীপলৈ , জাৰ জহোৱা বাবেই সি মনৰ দুখবোৰ নিজৰ ভিতৰতেই সীমাবদ্ধ ৰাখি ৰাজপথৰ কাষৰীয়া মাটিখিনিকেই আশ্রয় হিচাবে লৈ ডাঙৰ হৈ আহিছিল যদিও সমস্যাই তাৰ লগ এৰা নাছিল | এইবাৰ তাক বেদখলকাৰী নাম দি তাৰ ডালবোৰ কাটি পেলাই দিছিল ৷ তাৰ জীৱন্ত শৰীৰটোৰ ওপৰত কৰা এই অত্যাচাৰ বোৰ জেৰেঙা পথাৰত জয়মতীক শাস্তি দিয়াতকৈ কোনো গুণে কম নাছিল যদিও মৌনতা অৱলম্বন কৰাৰ বাহিৰে তাৰ ওচৰত বেলেগ উপায় নাছিল কিয়নো সৃষ্টিকৰ্তাই তাৰ মুখত প্রতিবাদী কণ্ঠ নিদিলে |
গছজোপাই এটি সুন্দৰ সপোন বুকুত লৈ ফুৰিছিল , সি সদায় ভাবিছিল এই বসুন্ধৰাখন সেউজীয়া কৰি তুলিব,জীৱ সমাজে নিশাহত এৰি দিয়া দূষিত কাৰ্বন ডাই অক্সাইডগেছ সমুহ সি গ্রহণ কৰিতাৰ দেহৰ পৰা নিৰ্গত হোৱা অস্কিজেন গেছ সমুহেৰে জীৱসমাজৰ কল্যাণ সাধন কৰিব, পৰিবেশৰ ভাৰসাম্য বজাই ৰাখি সময়মতে বৰষুণক আদৰি আনিব মুঠৰ উপৰত জনহিত এক আঁচনি ৷তাৰ এই সুন্দৰ সপোনটিক বাস্তৱ ৰূপ দিবলৈ সি আপ্রাণ চেষ্টা চলাই আহিছিল আৰু তাৰ চুবুৰীয়াটোক সেউজীয়া কৰি তুলিবলৈ সক্ষমো হৈছিল কিছু পৰিমাণে কিন্তু দয়া-মমতা নোহোৱা আজিৰ মানৱ সমাজখনৰ এচাম বিবেকহীনলোকে তাৰ সপোনটিক ধূলিসাৎ কৰি দিলে | সিহঁতে অট্টালিকা সজোৱাৰ নামত তাৰ ভাতৃসম গছ বোৰ কাতি পেলালে | সিদিনাও তাৰ ভাতৃসকলে হিয়া ঢাকুৰি কান্দিছিল কিন্তু সেই কান্দোন শুনিবলৈ সেই নিষ্ঠুৰ ব্যক্তি সকলৰ ওচৰত সময় নাছিল | গছ নাথাকিলে যে এদিন এই জীৱ সমাজখনো ধ্বংস হ’ব সেয়া ভাবিবলৈ আজি কাৰোৰে আহৰি নাই,সকলোবোৰ ব্যস্ত আজি প্রকৃতিৰ ধ্বংসলীলা যোগ্য চলাই যোৱাত৷
আজি মানৱ সমাজে উপযুক্ত সময়ত এজাক বৰষুণৰ বাবে ৰৈ থাকে , খৰাংপীড়িত অঞ্চলত গাওঁৰ ৰাইজে ভেকুলীৰ বিয়া পাতি ইন্দ্র দেৱতাক সন্তুষ্ট কৰিবলৈ চেষ্টা কৰে আৰু এনেবোৰ কাৰ্য্যৰ জৰিয়তে নিজৰেই মুৰ্খামিৰ পৰিছয় ডাঙি ধৰে৷ ভেকুলীৰ বিয়া পতাট কৈ যদি সেই মানুহবোৰে এজোপাকৈ গছৰ পুলি ৰুলেহেঁতেন ? আচলতে আমিবোৰ জীয়াই থাকিবলৈ প্ৰকৃতিও জীয়াই থকাটো প্ৰয়োজন বুলি পাহৰি গৈছো | এই বিষয়সমুহ প্ৰায়ে আমি এৰাই চলো কিন্তু এই বিষয়বোৰে আমাক ভৱিষ্যতে কিমান এটা ডাঙৰ বিপদত পেলাব পাৰে সেই বিষয়ে আমি অলপো চিন্তা নকৰো | আমি সকলোৱে জানো যে গছ নাথাকিলে আমিও জীয়াই নাথাকিম সেয়েহে আহকচোন আমি সকলোৱে মিলি এই বিষয়টিলৈ সজাগতা বৃদ্ধি কৰো আৰু আমি বোৰে মাহত মাথোঁ এজোপাকৈ পুলি ৰুই তাৰ যত্ন লৈ ডাঙৰ-দীঘল কৰো আহক |ছেভ ট্ৰি…ছেঊ নেচাৰএণ্ড ছেভ আৰ্থ

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments