এটা অকাল পদ্য (ডিম্পী সন্দিকৈ)

নীলাচল পাহাৰত
যজ্ঞৰ ধোঁৱা উৰিছে
তন্দ্ৰালসা চকুৰ পতাত
কুঁৱলীৰ ৰাগি লাগিছে
বাইছটা বসন্তৰ গুপুত অভিলাষ
আৰু
বৰষুণবুলীয়া কলেজীয়া বাটৰ
উৰণীয়া আলাপবোৰ
সোঁৱৰণীৰ কুণ্ডলীত পাকঘুৰণি খাইছে
অথাউনিয়া শব্দৰ কোলাহলত
বুটলিবলৈ এটা শব্দৰ অভাব
মাত্ৰ দুটা শব্দৰ অহা যোৱা
চলি থাকে বুকুত
অবাধে
মোৰ জন্মৰ বিনিময়ত বাঢ়ি যোৱা
দেউতাৰ হাতুৰীৰ কোবৰ শব্দ
আৰু
সময়ৰ সোঁতত হেৰাই যোৱা
আইতাৰ খুন্দনাৰ ঘেয়ামী শব্দ
যিবোৰে নামানে বৰ্ণমালাৰ
ব্যাকৰণিক অৰ্থl
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments