এটা অসমাপ্ত গল্প (কৌশিক ৰাজ শর্মা)

ককুকুৰুক
কুকুৰুক … কুকুৰুকু … বাহিৰত কুকুৰা জনীয়ে মাত লগালেই । ‘অভি’ মানে অভিনৱে দুৱাৰ থুলি বাহিৰলৈ ওলাই আহিল । সিহঁতৰ ঘৰত ৰভা লগাই থকা বাবে চোতালখন তেতিয়াও আন্ধাৰ হৈয়েই আছিল । ৰভাখন দেখি সি এটা মিচিকিয়াই হাঁহি দিলে । আজি যে তাৰ বিয়া । তাৰ যেন নিজৰেই বিশ্বাস হোৱা নাই । সি আৰু ‘অনন্যাই’ কম আশা কৰি আছিলনে এইটো দিনলৈ । অনন্যা নৈৰ সিপাৰৰ গাওঁখনৰ গাওঁবুঢ়াৰ সৰুজনী জীয়েক । অতুলনীয় ৰুপ আৰু চেহেৰাৰ বাবে ওচৰৰ প্রায় চাৰি-পাঁচ খন গাঁওৰ ডেকাল’ৰা তাইৰ পিছত । কিন্তু তাইৰ মনৰ মানুহ এজনেই , অভিনৱ । দুয়ো দুয়োৰে প্রেমত বৰ বেয়াকৈ মছগুল হৈ পৰিছিল । দুয়ো গাঁৱৰ মানুহ নৌউঠোতেই সিহঁত নৈৰ পাৰৰ দলংখনত লগ হৈছিল । দিনক দিনে সিহঁত অধিক আপোন হৈ পৰিছিল আৰু এদিন অভিয়ে মৰণত সৰণ দি সিহঁতৰ ঘৰত বিয়াৰ কথা উলিয়াইছিল । মাক-বাপেকে প্রথমতে কিছু আচৰিত হৈছিল , তেওঁলোকৰ ল’ৰা যে ইমান ডাঙৰ হ’ল । পিছত সন্মতি দিয়াই নহয় একেবাৰে দিন-বাৰো ঠিক কৰি পেলাইছিল । অভিয়ে কামবিলাক ইমান সহজতে হৈ যাব বুলি ভবাই নাছিল । তাৰ এনেকুৱা লাগিছিল যেন যুদ্ধ আৰম্ভ নহওঁতেই প্রতিপক্ষই আত্মসর্মপন কৰিলে । সি আৰু অনন্যাই অধীৰ আগ্রহেৰে বাট চায় থকা দিনটো আজি অৱশেষত আহি পালে । সদায় দেখি অহা অনন্যাক আজি সি নতুন ৰুপত দেখিব , কইনাৰ সাঁজত দেখিব । ভাবিয়েই কিবা এটা ভাল লাগিল তাৰ । কালি যোৰণ পিন্ধাই আহি নবৌয়েকে তাক জোকাইছিল , “বাঃ, তুমি দেখাতহে নিবোকা চামোন , সাইলাখ অপেশ্বৰী এজনীক ‘পতাই’ দিছা ।” সি মাথোন মিচিকিয়াই হাঁহিছিল ।….

…কৰবাৰ শীতল বতাহ এজাকে তাৰ দেহটো ছুই গ’ল । সি বাস্তৱলৈ ঘুৰি আহিল । সি উঠি অহাৰ প্রায় এঘন্টা হ’ল । ঘৰৰ মানুহ তেতিয়াও উঠাই নাই । সদায় নৈৰ পাৰত যোৱা অভ্যাসটোৰ বাবেই আজিও সোনকালে সাৰ পাইছিল । “তাই ছাগে সাৰ পাই মোৰ কথাকে ভাৱি আছে ” – অভিয়ে মনতে ভাবিলে । সি পিৰালিতে বহি পুনৰ উভতি গ’ল তাৰ অতীতৰ সেই দিনবোৰলৈ ।………..
……………..,…..
এনেতে সি গেট খোলাৰ শব্দ শুনিলে । সি আচৰিত হ’ল এই ৰাতিপুৱাই কোননো আহিল ? দেখিলে ‘ৰঘু খুৰা’ ফোঁপাই জোঁপাই সোমাই আহিছে । ৰঘু খুড়া মানে অনন্যাৰ সৰু খুড়াক । দৌৰি দৌৰি সোমায় অহা দেখি অভিয়ে লগে লগে সুধি পেলালে ,”হাৰে খুড়া, ইমান পুৱাই যে ? তাকো এনেকৈ ? ”
: “বোপা, মই ক’ব নোৱাৰিম ।এতিয়াই নৈৰ পাৰলৈ ব’লা । ককাইয়েৰাক মাতা । ব’লা , ব’লা ।”
: “কি হৈছে নকয় কিয় খুলি ?”
ৰঘু খুড়াই একো ক’ব নোৱাৰি পিৰালীত বহি পৰিল আৰু জোৰে জোৰে কান্দিবলৈ ধৰিলে । অভিয়ে ৰব নোৱাৰি নৈলৈ দৌৰ দিলে । সি ভাৱিলে কি হ’ব পাৰে নৈৰ পাৰত ! কিহৰ কাৰণে ইমান পুৱাই ৰঘু খুড়াক সিহঁতৰ ঘৰত হাজিৰ হৈছিহি ? সি ইতিমধ্যে নৈৰ পাৰ পালেহি । দেখিলে সিটো পাৰত বহু মানুহৰ ভীৰ । সি ধীৰে ধীৰে মানুহখিনিৰ মাজলৈ আগবাঢ়ি গ’ল । সি আচৰিত হ’ল মানুহবোৰে তাৰ ফালে এক অদ্ভুত দৃষ্টিৰে চাই আছিল । কোনোবা এজনে কৈ উঠিছিল “ছোৱালীজনীয়ে ছাগে অইন দিনাৰ দৰে আজিও নৈৰ পাৰলৈ আহিছিল ! ” …… অভিৰ যেন হঠাৎ মুৰটো ঘুৰাই গ’ল । সি চিয়ঁৰ এটা মাৰিব খুজিলে , জোৰে জোৰে কান্দিব খুজিলে , কিন্তু সি একোকে কৰিব নোৱাৰিলে । তাৰ সন্মুখত যেন চাৰিওফালে ধোঁৱা , আৰু ধোৱা । সি একো চাব নোৱাৰি চকু দুটা মুদি দিলে ।…… কেনেকৈনো চাই ? তাৰ সন্মুখত যে পৰি আছে এজাক ধর্ষণকাৰীৰ আঁচোৰ খোদিত প্রেমিকা অনন্যাৰ উলংগ মৃতদেহ ।…….

লেখকৰ দুআষাৰ : প্রিয় পাঠকবৃন্দ , গল্পটো পঢ়াৰ বাবে ধন্যবাদ । আপোনালোকে ছাগে ভাৱিছে গল্পটো ইমানতেই শেষ । কিন্তু মই ইমান স্বার্থপৰ হ’ব নোৱাৰো । এই গল্পটোৰ পৰিসমাপ্তি সিদিনা হ’ব যিদিনা গল্পৰ নায়িকা অনন্যাৰ দৰে হাজাৰ হাজাৰ ধর্ষিতা ভগ্নীক ধর্ষণ কৰা খলনায়ক সকলৰ উচিত শাস্তি হ’ব , গল্পৰ শেষ সেইদিনা হ’ব যিদিনা সমাজৰ সকলো জীয়ৰী-বোৱাৰী মুকলিকৈ ঘুৰা ফুৰা কৰি নোম এডালো ইফাল সিফাল নোহোৱাকৈ ঘৰ সোমাব পাৰিব । যেতিয়ালৈকে আমাৰ সমাজত সেই অসুস্হ, কামুক, বিকৃত মানসিকতাৰ মানুহবোৰ জীয়াই থাকিব তেতিয়ালৈকে এই গল্পটো হৈ থাকিব এটা অসমাপ্ত আধৰুৱা গল্প ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments