এটা আধৰুৱা কাহিনী (মৌচুমী বৰি)


“যি জনী ছোৱালীক হৃদয়ৰ সকলো দি ভাল পালো,তাইয়েই মোৰ প্ৰেমক প্ৰত্যাখান কৰি গুচি গ’ল স্বপ্না”।
—এইবুলি কৈ অভিকে এটা দীঘল হুমুনিয়াহ কাঢিলে।
“যাক ভালপাওঁ, যাক সকলো সময়তে কাষতে পাবৰ মন যাই সেইজনেই যেতিয়া আঁতৰি গুচিযাই,তোমাৰ ভালপোৱাৰ তিলমানো অর্থ নুবুজাকৈ….সেই অসহনীয় বিষাদগাঁথা ভুক্তভোগীজনৰ বাহিৰে কোনেও হয়তো বুজি নাপাব স্বপ্না”
স্বপ্নাই মৌন হৈ শুনি গ’ল অভিকৰ প্ৰেম প্ৰত্যাশিত কথাবোৰ।হঠাতে তাই উচুপি উঠিল..
“তুমি যে হৃদয়ত এবোজা বিষাদৰ স্মৃতি লৈ ঘূৰি ফুৰিছা,সেই কথা মই জনা নাছিলো অভিক।তোমাৰ দৰে এটা সৰল,মৰমলগা ল’ৰাকো যে কোনোবাই কষ্ট দিব পাৰে,প্ৰেম প্ৰত্যাখান কৰিব পাৰে….”এইবুলি কৈ স্বপ্নাই উচুপি থাকিল।তাইৰ কান্দোন দেখি অভিকে হাঁহি পেলালে।
“অ’ তুমি আকৌ কিয় কান্দিছা?মোৰ বিষাদ কাহিনী শুনি?হ’ব দিয়া আৰু, আজিৰ পৰা নকওঁ,ফোনটো থওঁ আজিলৈ..”
“ৰ’বা,তোমাৰ সেই পাষাণ হৃদয়া প্ৰেয়সী এতিয়া ক’ত?বিয়া হৈ গ’ল তাই?”
“ওঁ”—অভিকে ক’লে।
হঠাৎ, ফোনৰ সিপাৰে হুক হুকাই কন্দা অভিকে শুনিলে।
“তুমি কষ্ট পোৱা বুলি জানিলে মোৰ বৰ কষ্ট হৈ অভিক..”
“তুমিও আৰু,এনেকৈনো হুক হুকাই কান্দিব লাগেনে?আজিলৈ থওঁ দিয়া,শুভৰাত্ৰি”—অভিকে ফোনটো কাটি দিলে,তেতিয়া ঘড়ীত পুৱা ৩ বাজিছিল।

“মই নজনাকৈ তুমি হ’লা নো বৰএজনী,চকুতে পিৰীতিৰ চাৱনি”—ৰিংটনটো বাজি উঠিল হঠাৎ; ৰিংটনৰ মাতত অভিক সাৰ পাই গ’ল;স্বপ্নাৰ ফোন;সি মবাইলৰ সেউজীয়া বুটামত লাহেকৈ হেঁচি দিলে—
“সু-প্ৰভাত,তুমি উঠিলানে?তোমাৰ আজি মর্ণিং ডিউতি আছে নহয়!”স্বপ্নাই কৈ উঠিল
“অঁ ভাল যে উঠাই দিলা।কালি কথা পাতি পাতি কমখন ৰাতি হ’লনে?ধন্যবাদদেই”—এইবুলি কৈ সি লৰালৰিকৈ টুথব্ৰাছডাল হাতত লৈ বাথৰুম পালেগৈ।তাৰ চকুত তেতিয়াও টোপনিৰ জালে ঘেৰি আছিল।

দুপৰীয়া আকৌ ৰিংটন টো বাজি উঠিল।
“কি কৰিছা?ভাত খালা?কিহেৰে খালা?তোমালৈ মোৰ মনতেই পৰি থাকে;তোমাৰ মাতটো নুশুনাকৈ মই থাকিব নোৱাৰা হৈছো,অভিক”
স্বপ্নাৰ কথা শুনি অভিকে ভাবিলে –স্বপ্নাই সঁচাই মোক ভাল পাই পেলাইছে নেকি?ক’তা মইটো তাইৰ প্ৰতি কোনোধৰণৰ আকর্ষন অনুভৱ কৰা নাই?মই তাইক যোৱাৰাতি মোৰ জীৱনৰ সকলো কাহিনী কৈ পেলাইছো,কেনেকৈ স্নিগ্ধাই মোৰ তেজৰঙী সপোনবোৰ লৈ গ’ল….সেই সকলো কথা;ইমানবোৰ জনাৰ পিছতো এজনী ছোৱালীয়ে কেৱল মোৰমাতটো শুনিবলৈকে সকলো সময়তে উন্মনা হৈ থাকো বুলি বিনা দ্বিধাৰে কেনেকৈ কবপাৰে?অৱশ্যে এই কথা হয় যে মই তাইক বিয়া কৰাব পাৰিম নেকি বুলি চিন্তা কৰাৰ কথা তাইক জনাইছো কিন্তু ভাল লাগিছে বুলি এবাৰলৈওটো কোৱা নাই!
ৰাতি ১০ বজাত অভিকে নিজেই তাইলৈ ফোন কৰিলে—
“অ’অভিক,মই তোমালৈকে বাট চাই আছিলো।ভাত-পানী খাই আজৰি হ’লো;মা-দেউতা শুলে,মইয়ো তোমাৰ লগত কথা পাতিম বুলি সাজু হৈছো,দুৱাৰখন মাৰি লৈছো আকৌ; ওঁ এতিয়া কোৱা…”
স্বপ্নাৰ কথাত অভিকে নিজকে স্বপ্নাৰ কোঠাত আৱিস্কাৰ কৰিলে ৷
“তুমি কোৱা…কি কথা পাতিম,কথাবোৰ ক’ৰ পৰা আৰম্ভ কৰিম….”
“বাৰু ঠিক আছে কোৱাছোন,বিয়াৰ পিছত তুমি মোক হনিমুনলৈ ক’ত লৈ যাবা”
তাইৰ কথা শুনি অভিকৰ টোপনি-টোপনি ভাবটো একেবাৰতে নাইকিয়া হৈ পৰিল। তাৰসঁচাই আচৰিত হ’বৰে কথা,এতিয়ালৈকে সি স্বপ্নাক বিয়াৰ প্ৰতিশ্ৰুতি দিয়াই নাই,তেন্তে তাই এইবিলাক কেনেধৰনৰ কথা কয়?সিহঁত দুটাই বন্ধুত্বৰ চুক্তিৰেহে চুক্তিবদ্ধ হৈছিল,ইটোৱে সিটোক যদি ভালপাই পেলাই তেতিয়াহে বিয়াত বহিব বুলি চুক্তি কৰিছিল।তাই চোন এই চুক্তি ভংগ কৰিছে।
“স্বপ্না,মইটো তোমাক এতিয়াও বিয়া কৰিম বুলি কোৱা নাই!তুমিটো আমাৰ চুক্তিখনৰ কথা জানা,জনাৰ পিছতো তুমি এনেকৈ কিয় কৈছা?”
তাই হোঁ হোঁ কৈ হাঁহি পেলালে।
“চুক্তিৰ কথা মনত আছে অভিক, কিন্তু তোমাৰ কইনা হ’ম বুলি ভাবিলেইচোন মোৰ কিবা এটা ভাল লাগে”।
“এনেবোৰ কথা কৈ তুমি মোক বান্ধি পেলাবলৈ যত্ন নকৰিবা। মই তোমাক এতিয়াও কথা দিয়া নাই;আজিৰ পৰা আৰু তোমালৈ মই ফোন নকৰোঁ;থলো”।–সি উষ্মাৰে কৈ উঠিল,
“ৰ’বা ৰ’বা, অনুগ্ৰহ কৰি ফোনটো নথবা। তুমি মোৰ বন্ধু হৈ থাকা। তোমাৰ দৰে বন্ধু এই জীৱনত প্ৰথম লগ পাইছো,তুমি কিমান ভাল সেইকথা তুমি হয়তো অনুমান কৰিব নোৱাৰিবা। ৰাহুল নামৰ মোৰ এজন বন্ধু আছিল যাৰ স’তে মোৰ বিয়া ঠিক হৈছিল,মইও ৰাহুলকে বিয়া কৰিম বুলি ভাবিছিলোঁ,কিন্তু এদিন সি মোৰ ওপৰত হাত উঠালে—মই বোলে বৰ চঞ্চল,বৰ কথকী তেনে এটা কথাৰ গইনা লৈ,সেইদিনাৰ পৰাই তাৰলগত মোৰ সম্বন্ধ শেষ হৈছিল আৰু কিয় জানো কোনো ল’ৰাকে মোৰ ভাল নলগা হ’ল কিন্তু কিয় নাজানো,তোমাৰ লগত কথা পাতি মোৰ সেই মনৰ বিদ্বেষ বহুখিনি কমি গৈছে,তুমিয়েই হয়তো মোৰ জীৱনৰ প্ৰথম প্ৰিয় পুৰুষ। ফোন নকৰো বুলি নকবা অভিক,মই কেনেকৈ থাকিম কোৱা। বিয়া নাপাতিলেও তুমি মোক ফোন কৰি থাকিবা”
“তুমি আবেগক প্ৰাধান্য দি কিয় কথা কৈছা স্বপ্না?মইটো তোমাক সোঁশৰীৰে দেখানাই,তুমিও মোক দেখা নাই;যদি মোৰ ভৰি এটাই নাই,হাত এখনেই নাই…তেতিয়া তুমি মোৰ লগত বিয়াত বহিম বুলি কোৱাৰ সাহস হ’বনে?”
তাই খিল খিলাই হাঁহি উঠিল “মই জানো,এনেকুৱা একো নহয়,মেট্ৰিমনিত তোমাৰ ফটোখন দেখিছো নহয়,কি হেন্দছাম তুমি!”
“সেইখন মোৰ পার্ছপর্ট ফটোহে”
“হা: হা: হা:,থোৱা থোৱা, মোক ভয় খুৱাব নালাগে।এইবাৰ দেৱালীত তুমি আমাৰ ঘৰলৈ আহিবা, আমি দেৱালী উপভোগ কৰিম একেলগে,হ’বনে?”
“ঠিক আছে বাৰু,চাওঁচোন,আজিলৈ শুভৰাত্ৰি”
ফোনটো থৈ অভিকে ভাবিলে—মেট্ৰিমনিত স্বপ্নাৰ ফটোখন দেখিছিল সি,হাঁহি থকামুখ খনে কিবা যেন কব কব লাগিছিল তাৰ,সি নিজৰ কনটেক্ট নম্বৰ পঠাইছিল স্বপ্নালৈ ৷ তাই ফোন নম্বৰ পাই সঁহাৰি দিছিল,তেতিয়াই সি লগে লগে বিয়াৰ প্ৰতিশ্ৰুতি দিয়াৰ কথা কোৱা নাছিল,কাৰণ তাৰ মাক-দেউতাকৰো মত লব লাগিব,গতিকে সকলোবোৰ ভাবিচিন্তিহে সিদ্ধান্ত লোৱা হ’ব।তাৰোপৰি ইজনে সিজনক জানি বুজিলোৱাটোও দৰকাৰী।কিন্তু স্বপ্নাৰ আবেগপ্ৰৱনতাই তাক আচৰিত কৰি তুলিছে—যিজনী ছোৱালীয়ে নেদেখাকৈ মাথো ফোনত কথা পাতিয়েই তাক ভালপাওঁ বুলি কৈ পেলাইছে,পত্নীৰূপত কল্পনা কৰি ৰোমাঞ্চিত হৈছে,তেনে এজনী ছোৱালী আচলতে কিমান প্ৰেকটিকেল?এনেকুৱা এজনী ছোৱালীক বিয়া কৰা উচিত নে?কিন্তু সিওটো তাৰজীৱনৰ বিষাদভৰা কাহিনী কৈ পেলাইছে ৷ ফোনতে প্ৰথম লগ পোৱা এজনী ছোৱালীক বিয়া কৰিম বুলি ক’লে মা-দেউতাই বাৰু ঘপক কৈ মান্তি হ’বনে?কথাবোৰ ইমান সহজটো নহয়,অথচ তাই কেনেকৈ ইমান সহজভাৱে কৈ পেলাব পাৰে,বিয়াত বহিমবুলি ? কথাবোৰ ভাবি ভাবি অভিকে চকুদুটা মুদি দিলে।

পুৱা আকৌ ৰিংটনটো বাজি উঠিল।স্বপ্নাৰ ফোন—“উঠা উঠা ডেকা ল’ৰা,কি হে ইমান দেৰিলৈ শুই থাকে নেকি?”
“উফ, তুমি মোৰ কেঁচাটোপনি ভাঙি দিলা,উঠিছোঁ”
“অভিক, কথা এটা কওঁ,বেয়া পাবা নেকি?”
“নাপাওঁ,কোৱাচোন..”
“মোৰ নহয়,ভাবি বৰ ভাল লাগে,কি জানা?মই সদায় পুৱা গা-পা ধুই ধূপ-ধূনা জলাই ভগৱান সেৱা কৰি উঠি তোমাক জগাম ৷ ”
“আস, স্বপ্না তুমি আকৌ কল্পনা কৰা আৰম্ভ কৰি দিলা নহয়!পুৱাই পুৱাই মূৰটো নষ্ট নকৰিবা দেই;থোৱা এতিয়া ফোনটো..” এইবুলি কৈ ফোনটো কাটি দিলে সি।
ব্ৰাছ কৰি কৰি সি ভাবিলে—“স্বপ্নাৰ প্ৰতি তাৰো অকনমান দুৰ্বলতা আহিছে নেকি বাৰু?”
ৰাতি আকৌ ১০ বজাত তাই ফোন কৰিলে—
“অভিক, মই জানো তুমি মোকেই বিয়া কৰিবা;তুমি এবাৰ তোমাৰ ঘৰত কথা পাতানা;মইমোৰ মা-দেউতাক তোমাৰ কথা কৈছো। আমাৰ যেন বিয়াখন এইবছৰৰ ভিতৰতে হৈযায়”
“ঠিক আছে বাৰু,মই ঘৰত কথা পাতি চাম। মা-দেউতাহঁতে আগবাঢ়িম বুলি ক’লে তোমাৰ ঘৰলৈ যাম…মোৰ মাৰ পছন্দক মই পিছে অগ্ৰাধিকাৰ দিম”
“তোমাৰ মায়ে যদি মোক পছন্দ নকৰে,তুমি কি মোক বিয়া নাপাতিবা?”
“সেইবোৰ পিছৰ কথা স্বপ্না”
“তোমাৰ মায়ে মোক পছন্দ নকৰিলে তুমি যদি মোক বিয়া নাপাতা মোৰ কি হ’বঅভিক”—কৈ কৈ তাই উচুপি থাকিল আৰু অভিকে তাইৰ উচুপনি শুনি থাকিল।অলপ দেৰিৰ পিছত তাই কান্দোন বন্ধ কৰিলে।
“বেলেগ কথা পাতো দিয়া অভিক”
“পাগলী”—অভিকে লাহেকৈ ক’লে।হঠাতে তাৰ অকনমান তাইক জোকাই চাবৰ মন গ’ল-
“তুমি যে সিদিনা হনিমুন যোৱাৰ কথা কৈছিলা,তুমিয়েই কোৱাছোন ক’ত যাবা?”
হঠাৎ যেন গোলাপ ফুল এপাহ হে বতাহত হালিজালি উঠিল।তাই উৎসাহেৰে ক’লে—
“আমি গোৱালে যাম দেই ।সাগৰৰ পাৰত ফুৰি কিমান যে ভাল লাগিব। হনিমুনত মন্দিৰ ফুৰিলে ভাল বুলি কয়,আমি মন্দিৰবোৰলৈও যাম দেই..”
“কিয় গোৱালৈহে যাবানে?বিদেশ নোযোৱা নেকি যেনে ধৰা চুইজাৰলেণ্ড…”
“আই ঔ দেহি,বহুত টকা লাগিব নহয়!”
“তুমি কি মোৰ টকা নাই বুলি ভাবিছা নেকি?”
অভিকৰ কথাত স্বপ্নাই জোৰকৈ হাঁহি দিলে,অভিকেও হাঁহিলে।
“বাৰু কোৱাছোন অভিক,আমাৰ প্ৰথম সন্তানটো ল’ৰা হ’ব নে ছোৱালী হ’ব? আমাৰ যদি প্ৰথম সন্তান ছোৱালী হয়,দেখিবলৈ কাৰ নিচিনা হ’ব?তোমাৰ নিচিনা নে মোৰনিচিনা..”
বৰ মনোযোগেৰে অৰুন্ধতীয়ে পাত লুটিয়ালে।কিন্তু কি দুর্ভাগ্য বাকী পাতবোৰ আধাফলা হৈ আছে, একো বুজিব নোৱাৰি।
“চেহ,এনেকুৱানো হ’ব লাগেনে?আগ্ৰহেৰে পঢ়ি থকা কাহিনীটোৱে চেঁচাপানী ঢালিদিলে পাই।কোনে বা ফালিলে,কেনেকৈ ফালিলে এইখন” তাই মনৰ মাজতে ভোৰভোৰালে।
তাই ভাবিলে—“কাহিনীটোৱে যিদৰে গতি লৈছিল,অভিকে বাৰু স্বপ্নাক শেষত বিয়া পাতিলেনে?স্বপ্নাৰ অভিকৰ পত্নী হোৱাৰ আশা পূৰণ হ’লনে? তাইৰ কথাবোৰত লাগেতাই একেবাৰে প্ৰেকটিকেল নহয়,সপোনৰ ৰাজ্যত বিচৰণ কৰি থকা এজনী ছোৱালী ৷ আৰুঅভিক,অভিক যেন সপোনৰ ৰাজ্যৰ পৰা উঠি আহি বাস্তৱৰ মাটিত ভৰি দিয়া এটাল’ৰা,যি সপোন দেখিবলৈ ভয় কৰে”।
অৰুন্ধতীয়ে ওচৰত বহি থকা তৰালীলৈ কিতাপখন আগবঢ়াই দিলে—
“অ’ই তৰালী এই কাহিনীটো পঢ়চোন আৰু তোৰ পঢ়ি হ’লে মই তোক কথা এটা সুধিম”
“এতিয়াই ক’ছোন কি সুধিবিনো?” তৰালীয়ে কপাল থুপাই সুধিলে।
“অভিক বোলাটোৱে স্বপ্নাক বিয়া কৰা উচিত নে অনুচিত?”
“ক’ৰ অভিক ক’ৰ স্বপ্না”এইবুলি কৈ তৰালীয়ে কাহিনীটো পঢ়িবলৈ আৰম্ভ কৰিলে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক