এটা আলিবাটৰ কথাৰে (বৰ্ণালী বৰুৱা)

এটা আলিবাটৰ কথাৰে…….

আলিবাটটো পকী হ’ল……!

‘যানবাহনৰ সুযোগ নাই, আওহতীয়া আমাৰ ঠাই’ লৈ এতিয়া সুচল যাতায়তী। আমাৰ গাঁৱলৈ সোমোৱা পথটো পকী হ’ল। ৰাইজৰ বৰ সুবিধা হ’ল। এতিয়া আৰু বাৰিষাৰ বতৰত বোকা খচকি কোনেও অহা-যোৱা কৰিব নালাগে।

পকী হ’ল আলিবাটটি…..!

এতিয়া আৰু আমাৰ দৰে বাৰিষা বতৰত বিদ্যালয়লৈ গণবেশ (মেখেলা-চাদৰ) কোচাই, চেণ্ডেল হাতত লৈ জাক পাতি কোনো নাযায়। এতিয়া পিচ দিয়া পথেৰে লাহী পাহী গাভৰুহঁতে চাইকেল-স্কুটি চলাই অহা-যোৱা কৰে। বৰ সুবিধা হ’ল সঁচাই…..!

 

এবাৰ ৰাস্তাটোত নতুনকৈ মাটি দিছিল। সেইবাৰেই আকৌ বাৰিষা আহিছিল কিছু আগতীয়াকৈ। নেৰানেপেৰা বৰষুণজাকে ৰাস্তাটো কৰি তুলিছিল অভাৱনীয় ভাবে পিছল আৰু বোকাময়। বিদ্যালয়ৰ পৰা আহি থাকোঁতে এদিন ভৰিৰ খোপনি ৰাখিব নোৱাৰি বুধিৰাম দদাইৰ পদুলিতে পিচলি পৰিলোঁ। ভৰিৰ এপাত চেণ্ডেল সিহঁতৰ বাৰীত..। সেইদিনা হেনো মোকে ধৰি আঠজন….। সেই তথ্য মোক কোনোবাই দিয়াত হে ৰক্ষা। নহ’লে চকুৰ পানীয়ে নাকৰ পানীয়ে একাকাৰ অৱস্থা। এতিয়া সেইবোৰ অসুবিধাৰ পৰা মুক্ত সকলো।

কিন্তু….

শৈশৱৰ পৰা অতিকৈ চিনাকী আৰু আপোন মোৰ গাঁৱৰ সেই কেঁচা আলিবাটটো যে নোহোৱা হৈ গ’ল…! আশৈশৱ আমাৰ খোজৰ ছন্দ, দেহৰ ভৰ বুকু পাতি লোৱা মাটিবোৰৰ ওপৰত শিল বালিৰ লেও পৰিল..! শৰতৰ দোকমোকালিবোৰ নিয়ৰ আৰু শেৱালিৰে জীপাল কৰিবলৈ দৌৰ মৰা, ব’হাগ বিহুৰ সাজোন-কাচোনৰ বাবে তগৰ-কপৌ বিচাৰি ঢপলিয়াই ফুৰা, বাৰিষাৰ বৰষুণত বোকা খচকি অহা-যোৱা কৰা… স্মৃতিৰ আতোলতোল নিৰ্যাস কঢ়িয়াই উন্মনা কৰা কথাবোৰৰ স’তে সংপৃক্ত হৈ থকা মোৰ গাঁৱৰ আলিবাটটি নোহোৱা হৈ পৰিল !!

জাক পাতি বিদ্যালয়লৈ অহা-যোৱা ল’ৰা-ছোৱালীহঁতৰ কিচিৰ-মিচিৰ বোৰ নোহোৱা হৈ পৰিল। কিবা কাৰণে বিদ্যালয়লৈ যাব নোৱাৰিলে লগৰকেইজনী সোমাই ঘৰত কৰিবলৈ দিয়া কামৰ কথা কৈ যোৱা কথাবোৰ নোহোৱা হৈ গ’ল।….

এতিয়া আমাৰ গাঁৱলৈ সুচল যাতায়তী….! যান-বাহনৰ পয়োভৰত আলিটোৰ দুয়োকাষে থকা পথাৰৰ সেউজীয়াবোৰ, গছবোৰ হৈ পৰিছে ধূলি-ধুসৰিত। ডেকাহঁতৰ বাইকৰ গতিও সেয়ে তীব্ৰ।

চৌপাশে তীব্ৰতা….ক্ষিপ্ৰতা….দৌৰ…..!

আলিবাটটোৰ দৰেই আমাৰ বুকুতো পৰিছে নেকি কৃত্ৰিমতাৰ শিল-বালিৰ মিশ্ৰণ…….

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক