এটা উত্তৰ আধুনিক প্ৰেম কাহিনী (উপাসনা কৃষ্ণাত্ৰেয় শৰ্মা)

“হেল্লো….অ’ দিশাবা….অ’ ভালেই আছোঁ, ৰ’ব দিছোঁ”

” জান, তোমাৰ ফোন…..!! অৰ্ণৱ….অৰ্ণৱ ফোন তোমাৰ….!!

দিশাৰ ফোন প্ৰায়েই আহে৷ দিশাই অৰ্ণৱৰ সৈতেহে কথা পাতে, মানে ৰিত্বিকাৰ সৈতেও পাতে, অৱশ্যে ‘ কি খবৰ’, ‘চাকৰি কেনে চলিছে’ জাতীয়হে৷ কিন্তু অৰ্ণৱৰ সৈতে অতি কমেও আধা ঘণ্টা কথা পাতিবই৷ অৰ্ণৱ ৰিত্বিকাৰ স্বামী৷ প্ৰায় ছমাহ হ’ল সিহঁতৰ বিয়াৰ৷ তাৰো আগৰ ছমাহমানৰ পৰাই ইজনে সিজনক জানে৷

বিয়াক লৈ তাই বৰ চিনিক আছিল, পিছে মাক দেউতাকৰ ইম’চনেল ব্লেকমেইলিং, বন্ধু -বান্ধৱীৰ সতৰ্কতামূলক কাউন্সেলিংবোৰ ‘অকলশৰে কেনেকৈ থাকিবি’, ‘অমুকৰ এনেকুৱা হ’ল.তেনেকুৱা হ’ল’ ইত্যাদিবোৰে অৱশেষত তাইক বিয়াৰ বাবে সেউজ সংকেত দিবলৈ বাধ্য কৰালে৷

অৰ্ণৱক ঘৰৰ পৰাই চাইছিল৷ তাই শংকা কৰাৰ দৰে অৰ্ণৱৰ পৰিয়ালে তাইক ‘ভাত বনাব জানানে?’, ‘চিলাই কৰিব জানানে?’ জাতীয় কথাবোৰ নুসুধিলে৷ অৰ্ণৱেও চোন ‘মোৰ পৰিয়ালৰ দায়িত্ব পালন কৰিব পাৰিবা নে নাই?’ ইত্যাদি নুসুধিলে, বৰং ভৱিষ্যতে আৰু কি কি কৰিব মন সেইবোৰহে সুধিলে৷ অৰ্ণৱৰ মাক দেউতাকৰো তাইক ভাল লাগিল, তাইৰ ঘৰখন ভাল লাগিল৷ তাইৰ মাক দেউতাকৰো অৰ্ণৱ তথা অৰ্ণৱৰ ঘৰখন ভাল লাগিল৷ মুঠৰ ওপৰত আটাইৰে আটাইকে ষাঠি-সত্তৰ শতাংশ ভাল লাগিল৷ ফলত বিয়াখন হ’ল….এৰেইঞ্জড মেৰেজবোৰ এনেকৈয়ে হয়৷ অৱশ্যেই সেই ষাঠি-সত্তৰ শতাংশ ভাল লগাৰ লগত ৰাহি যোৰা মিলাৰ বাবে এক্স্ট্ৰা বিশ শতাংশমান ভাল লগাও সোমাই আছিল৷

কিন্তু প্ৰথম এমাহমানতে ৰিত্বিকাৰ অৰ্ণৱক ভাল লাগিল, মানে প্ৰেমতেই পৰিল৷ মানে প্ৰেমত পৰিবলৈ বাধ্য হ’ল৷ তাইৰ যিবোৰ কাৰবাৰ মাক-দেউতাক, ককায়েক, বন্ধু -বান্ধৱীয়ে আক্ষৰিক অৰ্থতেই ভাল নাপায়…..সি চোন সেইবোৰ কথাক লৈ একো আপত্তি নকৰে৷ সি যেন তাইক বহু আগৰ পৰাই জানে, কোনটো কথাত কি ধৰণে প্ৰতিক্ৰিয়া কৰিব তাৰ বাবে যেন সি আগৰ পৰাই প্ৰস্তুত থাকে৷

সম্ৰাটৰ বাহিৰে ক্লাছৰ আটাইকেইটা ল’ৰাই কৈছিল-” তোৰ দৰে ছোৱালী মই বিয়া নাপাতো দেই”৷ তাই জানে সেইবোৰ ধেমালি, কিন্তু ধেমালিৰ মাজত অকণমান সত্যতা যে আছিল সেয়াও তাই জানে৷ সম্ৰাট আৰু তাই ভাল বন্ধু আছিল, এহ আছিল নহয় এতিয়াও দুয়ো ভাল বন্ধু৷ কলেজ শেষ কৰি চাকৰি কৰি থকা সময়ত কেতিয়াবা কেতিয়াবা ভাবিছিল তাইৰ আৰু সম্ৰাটৰ মাজত প্ৰেম কিয় হোৱা নাছিল!?! ৰাতি এঘাৰ বজাত চিৰিৰ পৰা পৰি হাত ভঙাত তাই ওচৰৰ হোষ্টেলত থকা সম্বন্ধীয় ককায়েকক নামাতি সম্ৰাটকহে মাতিছিল!অথবা ” ঐ তোৰ চাৰ্জাৰ ডাল বেয়া হৈ আছে নহয়, বজাৰলৈ আহিছো….নিম নেকি? ” বুলি সম্ৰাটে বজাৰৰ পৰা ফোন কৰে৷ অথচ চাৰ্জাৰ বেয়া হোৱা কথাটো তাই পাহৰিয়ে গৈছিল৷ সেয়াই আছিল সিহঁতৰ সম্পৰ্ক৷

” তোমাৰ তন্দুৰী খাবলৈ মন গৈ আছিল নহয়, ওলাবা মই বাহিৰে বাহিৰে অফিচৰ পৰা পিক কৰিম” দিশাৰ লগত কথা পাতি উঠি অৰ্ণৱে ৰিত্বিকাক ক’লে৷ : আৰু দিশাবাই কি ক’লে?
: এহ! অফিচ পলিটিক্স, জানাইতো তাই ক’ত কি কৈ দিয়ে নিজেই নাজানে৷

দিশা অবিবাহিতা এতিয়াও, ‘ইন্দিপেন্দেণট ৱোমেন’…..ভাল লাগে তাইৰ, সন্মানো কৰে৷ দিশা আৰু অৰ্ণৱ খুব ভাল বন্ধু আছিল হেনো, অহ আছিল নহয় এতিয়াও ভাল বন্ধুত্ব আছে৷ অৰ্ণৱৰ পুৰণা ফটোবোৰ দেখিও ধৰিব পাৰিছিল….দিশা আৰু অৰ্ণৱ প্ৰায়বোৰ ফটোতে ওচৰা ওচৰিকৈয়ে আছে৷ কৰবাত পাইছিল তাই দুজন ব্যক্তিৰ মাজৰ বাহ্যিক দূৰত্ব আৰু মানসিক দূৰত্ব হেনো সমানুপাতিক হয়৷ নাহ! টিপিকেল ঘৈণীয়েকৰ দৰে সন্দিহান নহয় তাই৷তাই জানে সিহঁত কেৱল মাত্ৰ ভাল বন্ধু৷ এবাৰ কথাই কথাই সি কৈছিল “এনেয়ো দিশাই গ্ৰুপৰ ভিতৰত আটাইতকৈ বেছি বিশ্বাস মোকেই কৰিছিল৷” সন্দিহান নহলেও বুকুত যেন মোচৰ এটা খাইছিল এক মূহুৰ্তৰ বাবে! তাকে পাতলাবলৈ তাই তাক জোকাই দিলে “ৱাহ একেবাৰে পাভ যোৰা আছিলা নেকি তোমালোক?”
:ধেই! সেইজনীকনো ছোৱালী বুলি কোনে গণ্য কৰিছিল?
আহ! সম্ৰাটেও একেষাৰ কথাই কৈছিল, পুনমে সিহঁত দুয়োটাকে জোকাই দিছিল! ৰিত্বিকাৰ খুব খং উঠিছিল পুনমৰ ওপৰত আৰু কথাখিনি বাটটোতেই পাতি থকা বাবে আৰু বাটৰ কাষত খাল এটা থকা বাবেই নেকি ‘ গতা মাৰি খালত পেলাই দিম তোক’ বুলি প্ৰত্যুত্তৰ দিছিল৷ এনেতে সম্ৰাটে পৰিস্থিতি চম্ভালিবলৈয়ে নে সঁচাকৈয়ে কৈ দিলে ” ধেই! এইজনীক ছোৱালীত কাউণ্টেই নকৰোঁ!”
অৰ্ণৱেও দিশাৰ বিষয়ে সঁচাকৈয়ে কৈছিল নে পৰিস্থিতি চম্ভালিবলৈ কৈছিল তাই ধৰিব নোৱাৰিলে৷
এটা ভাৱনাই আন এটাৰ বাবে বাট মুকলি কৰি দিয়ে৷ হয়! থিক মনত পৰিছে তাইৰ, দিশা আৰু অৰ্ণৱৰ লগৰ বাকীবোৰ আটায়ে মিলি হোৱা গেট টুগেদাৰত দিশাৰ থাইৰয়ডৰ সমস্যা হোৱা বুলি চিন্তিত হোৱা অৰ্ণৱ অথবা পুনমৰ বিয়াত একেলগে খাই থাকোতে ৰিত্বিকা ইমান খীণাইছে বুলি চিন্তিত হোৱা সম্ৰাট! কাৰ পৰা কাক পৃথক কৰিব? এতিয়াও একোৱে সলনি হোৱা নাই হয়তো……অফিচত সমস্যা হ’লে দিশাই অৰ্ণৱকেই ফোন কৰে, ৰিত্বিকায়ো গাহৰি বনালে সম্ৰাটলৈ মেচেজ এটা দিবলৈ নাপাহৰে “গাহৰি বনালে তোলৈয়ে মনত পৰে” বুলি!!!

কালি নিশা ‘ইমান দিন হ’ল চিকেন তন্দুৰী খোৱা নাই’ বুলি এনেই কথাই কথাই কোৱা ৰিত্বিকা আৰু অৰ্ণৱ অৰ্ণৱৰ পৰিকল্পনা অনুযায়ী সন্ধিয়া তন্দুৰীৰ সোৱাদ লবলৈ গ’ল৷ তন্দুৰী খাই থাকোতে মন কৰিলে তাইচোন দিশাৰ দৰে হৈ পৰিছে আৰু তাইৰ সন্মুখত এয়া অৰ্ণৱ নহয়…..সম্ৰাটহে চোন!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক