এটা কবিতাৰ জন্মলগ্নত (চন্দ্ৰমা কলিতা)

তোমাৰ দুচকুৰ ডাৱৰ হৈ বৰষা যাবনে
জোনাকী পৰুৱাবিলাকে নিতাল মৰা কোনো নিৰৱ নিশা?
কেৱল সেউজীয়াৰেই খেলা কৰা হাতত গুজি দিওঁ যদি
সুৰ বিচাৰি হাবাথুৰি খোৱা গানৰ বিশৃংখল আখৰাৰ টুকুৰা
ভঙা গঢ়াৰ অব্যৰ্থ শিল্পী হৈ ঘূৰাই আনিবানে
বিলুপ্তিৰ বাট বুলা ৰং বিচাৰি বলিয়া হেঁপাহবিলাকৰ মালিতা?
নিজেই নিজক বিচাৰি উন্মুক্ত এই আবেলিবিলাক
ঘৰমুখী বিমর্ষ পদাতিক মুর্হূত্তবিলাক
কথাতে হেৰাই আকৌ কথাতে কৰ্ফাল খাই উফৰি পৰা হুমুনিয়াহবিলাক
প্রতিটো অভিনয়ৰ পৰিসমাপ্তিত এইবোৰকে অকৃপণভাৱে
গুজি দিয়া যায় নে কবিতা ৰূপে তোমাৰে ওঁঠত?
সৰাপাতবোৰত লুকুৱাই থোৱাতে আছে
পোহৰ অন্বেষণত দিকবিদিক হেৰোৱা হেপাঁহবিলাকৰ সাধুকথা
বিষাদৰ গান এটা হৈ বৈ যাবলৈকো সংশয় উপজা সকলো নিশা
ভঙা পঁজাৰ কণমান বৈথকখানাত
খন্তেক জীৱনক উদযাপনৰ কৰাৰ এই মধুৰ পৰত
জানোচা তুমি আমনি পাই আতৰি যোৱা !!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments