এটা কৰুণ বাস্তৱৰ লগত মুখামুখি (দেবাংগ পল্লৱ শইকীয়া)

এটা কৰুণ বাস্তৱৰ লগত মুখামুখি


দেবাংগ পল্লৱ শইকীয়া

ঘ্টনাটো যোৱা ১৭ ছেপ্তেম্বৰৰ। নিশা দহ বাজিছে। নাইট চিফটলৈ যাবলৈ ওলাই আহিছো। মোৰ থকা ঠাইৰ পৰা অফিছলৈ খোজকাঢ়ি সাত আঠ মিনিটৰ বাট। কিন্তু দেৰি হলে মই ৰিক্সা লওঁ। আজিও দেৰি হোৱা বাবে ৰিক্সা এখন মাতি উঠিবলে লৈছোহে হঠাতে মোৰ কান্ধত কোনোবাই পিছফালৰ পৰা খামোছ মাৰি ধৰিলে। উচাপ খাই যেতিয়া ঘুৰি চাওঁ এজন বৃদ্ধ-আনুমানিক আশী-দুচকুত তেনেই অসহায় অসহায় ভাৱ। মই কিবা সোধাৰ আগতেই তেখেতে মোক অনুনয়ৰ সুৰত কলে “বেটা মুঝে ঘৰপে ছ’ৰ আৱগে’ ??” তেখেত ৰাস্তাত পৰি যোৱাৰ ভয়, হাত ভৰিৰ কঁপনি। তেখেতৰ ঘৰ আছিল আধা মাইলমান দুৰত আৰু মোৰ অফিছৰ পথতেই, গতিকে কোনো প্রশ্নৰ অৱতাৰণা নকৰি তেখেতক মোৰ লগত ল’লো। হাতখনেৰে তেখেতৰ বাহুটোত ধৰি ল’লো যাতে নপৰে। ৰিক্সাত এনেদৰে তেওঁ মোৰ হাতখন খামুচ মাৰি ধৰিছিল, যেন তেওঁ হাতখন এৰি নিদিব। মোৰ ঠাইত আন কোনোবা এজন হোৱা হলেও যিটো প্রশ্ন তেখেতক হয়তু কৰিলেহেতেন, সেইটো প্রশ্ন কৰাৰ আগতেই তেখেতে মোক কৈ গ’ল- ঘৰত তেওঁৰ সকলো আছে। পুত্র-বোৱাৰী, পৰিবাৰ। পৰিবাৰ শয্যাশয়ী। পুত্র-বোৱাৰীৰ কোনো এজন তেওঁৰ লগত ডাক্তৰৰ ওচৰলৈ আহিব নোৱাৰিলে কামৰ তাগিদাত। সেয়েহে অকলেই তেওঁ ডাক্তৰৰ ওচৰলৈ আহিছে…থৰক বৰক খোজেৰে, কিন্তু পৰি যাব বুলি যথেষ্ট ভয়।

বৃদ্ধজনৰ মাতটো যথেষ্ট কঁপিছিল। কঁপিছিল মোৰ বুকুখনো কিবা এক অজান বিষাদত। অৱশেষত তেখেতৰ ঘৰৰ সন্মুখ পালোহি। ৰিক্সাৱালাজনৰ সহযোগত তেখেতক নমাই গেইটৰ ভিতৰলৈ আগবঢ়াই দিলো। ধন্যবাদ আৰু আশীষ দিয়াৰ পিছত তেখেতে মোক এনে এটা প্রশ্ন সুধি মোৰ উত্তৰলৈ বাট নাচাই আঁতৰি গ’ল যিটো প্রশ্নই মোক আজিও, ঘটনাটোৰ দুদিন পিছতো সময়ে সময়ে বিন্ধি আছে-“এইকণ সহায় কৰোঁতে, মোৰ কথা-বতৰাত মোক বোজা হেন অনুভৱ হৈছিল নেকি তোমাৰ?? বোপাই(বেটা)..??”

মই উত্তৰ দিবলে নাপালোঁ। ক্ষন্তেকৰ বাবে স্তব্ধ হৈ ৰ’লো। তেখেতৰ প্রশ্নটোৱে মোক বহু কথাই কৈ গ’ল।  দিল্লীৰ এটা ব্যস্ত অঞ্চলত নিশা দহ বজাত এজন ঠৰক বৰক বৃদ্ধ। জনসমাগমৰ মাজত সহায় বিচাৰিছে কেনেবাকে নপৰাকৈ ঘৰলৈ যাবলৈ…পুত্র-বোৱাৰী, পৰিবাৰে ভৰি থকা তেওঁৰ হেপাঁহৰ ঘৰখন…তেওঁৰ সপোনৰ ঘৰখন…আৰু অচিনাকি এজনক তেওঁ প্রশ্ন কৰিছে তেওঁ ‘বোজা’ নেকি!
বৃদ্ধজনৰ কথাকেইটাই মোক সময়ে সময়ে বিন্ধি আছে। কালিলৈ মইওটো বৃদ্ধ হ’ম!

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments