এটা গল্পৰ শেষত – কৌশিক দাস

জনক চৌধুৰীৰ সাহস আৰু পাণ্ডিত্যক সমীহ নকৰা মানুহ হয়তো নোলাব৷ বহুকেইখন আপুৰুগীয়া গ্ৰন্থ, আগশাৰীৰ কাকত-আলোচনীত নিয়মীয়া স্তম্ভ আৰু নিউজ চেনেলবোৰৰ নিশা আঠৰ শ্ব’সমূহে তেওঁক জাতীয় জীৱনৰ অন্যতম কাণ্ডাৰীলৈ উন্নীত কৰিছে ৷ পেটক কেতিয়াবা অন্নই ঢুকি নোপোৱা অৱস্থাটোৰ পৰা শিখৰলৈ উঠি অহা সাঁকোখনৰ প্ৰকৃত ৰহস্য তেওঁৰ বহু ঘনিষ্ঠ লোকেও ভেদ কৰিব কৰিব নোৱাৰে৷ নাজানে,মানুহজনৰ দুৰন্ত প্ৰতিভাৰ লগত কিদৰে সংযুক্ত হ’ল ইমান প্ৰভাৱ! অৱশ্যে জনবিৰোধী মন্ত্ৰী, বিষয়া আৰু ৰাজহুৱা ধনৰ কোণাকটা অন্যান্য ক্ষেত্ৰবিশেষত সক্ৰিয় মুৰব্বীসকলৰ সৈতে বহা তেওঁৰ গোপন আড্ডাবোৰ কেতিয়াও জনচক্ষুৰ পোহৰলৈ নাহে ! জীৱনযোৰা সাধনাসমৃদ্ধ সৌধটোত সামান্য সন্দেহ আৰু আশংকাকো নি: সংগতাই গ্ৰাস কৰি যায়৷

: “পাপা, তোমাৰ ফোন…. ৷ ”

: “কোননো, মাজনী? ”

: “এদিটৰ-ইন-চীফ বৰফুকন ”

: “ বাৰু, তুমি ভিতৰলৈ যোৱা মাজনী ”

গৰিমাৰ পৰা ততাতৈয়াকৈ ফোনটো তুলি লৈ চৌধুৰী সিটোমূৰলৈ উভতি ব্যগ্ৰ হৈ পৰিল……

: “ চাৰ, আজি গৰম টপিক ৰাখিছো… “ ধৰ্মীয় অসহিষ্ণুতা বনাম অনৈতিক সহিষ্ণুতা”৷ আপুনি আহিব লাগিব৷ ”

: “ পেনেলত একলব্য হাতীমূৰীয়া থাকিবতো!”

: “ বাপৰে, বাপ! অহি অবিহনে নকুলক বহুৱালে বিতৰ্ক কেনেকৈ হ’ব হে! কথা পাতিলোঁ৷ আপোনাৰ অনুৰূপধৰণে তেঁৱো আপোনাৰেই নাম লৈছে………৷ মুঠতে… … “দুয়োৰে পৰস্পৰবিৰোধী চিন্তাবোৰ সুপৰিকল্পিত বাকযুদ্ধ এখনৰ মাজেৰে ওলাই আহিলেহে আমাৰ টি.আৰ.পি.হাচিল হ’ব! নে কি কয়!”

: “হা: হা: হা: …… জানো, ভাই জানো! ৰাইজৰ নিমখ খাইছো যেতিয়া তেওঁলোকৰ মনোতৃপ্তিৰ বাবে সেইখিনি এৰাধৰাতো লাগিবই, বৰফুকন! !”

চৌধুৰীৰ আসুৰিক অট্টহাস্য প্ৰতিধ্বনিত হৈ গোটেই ৰূমটোৰ ভিতৰত তেওঁৰেই সৃষ্ট উপন্যাস সমগ্ৰৰ নায়ক সকল যেন এজন এজনকৈ চিৎকাৰ কৰি অচেতন হৈ পৰিল……! ! ……তাতে কি হ’ল……আমিহে বহুত ভাবো…! ! মানুহজনৰ বাবে সেইবোৰ তুচ্ছৰো তুচ্ছ সাধাৰণ কথা৷ সময়ৰ লগে লগে সদা জাগ্ৰত, জীৱন্ত আৰু বাৰ্তাবাহী চৰিত্ৰ সৃষ্টিৰ দক্ষতা চৌধুৰীৰ বাবে ভাতৰ লগত পানী খোৱাহেন বিষয় ৷ কলম বা মুখেৰে নিগৰি অহা অমৃত বাণীবোৰ পিছলৈ আৰু তেওঁৰ আন্তৰিকতাৰ অংশ হৈ নাথাকিল৷ একমাত্ৰ বিজ্ঞাপনমুখী সমাজখনৰ দৃষ্টিত দৃষ্টান্ত স্থাপনৰ উদ্যেশ্যেহে তেওঁলোকক আলপৈচান ধৰা ছোৱালীজনীক সকলোপিনৰ পৰা উপযুক্ত কৰি তুলিছে৷ হয়, গৰিমাৰ কথাই কৈছো৷ চৌধুৰীৰ ঘৰত তাইৰ বিশ বছৰ পাৰ হৈ গ’ল৷ চলিত বৰ্ষত তাই সুখ্যাতিৰে স্নাতকোত্তৰ ডিগ্ৰী লাভ কৰিছে৷ কৃতকৰ্মৰ গৌৰৱত চৌধুৰী আজি অহংকাৰী হৈ উঠিছে……হেজাৰটা পাপৰ প্ৰায়শ্চিত্ত কৰাৰ সুযোগ যেন গৰিমাৰ মাজত বিচাৰি পাইছে৷ সন্ধিক্ষণত কেতিয়াবা মানুহৰ একক ভাবমূৰ্তি উজ্জ্বল হৈ উঠে ……! ! আজিকালি এনে অনুকৰণীয় ভাল কাম এটা-দুটাত সীমাবদ্ধ থাকিও অতিমানবীয় বেনাৰ এখন দীৰ্ঘম্যাদলৈ বৰ্তাই ৰাখিব পাৰি ৷ ডাঙৰ গছ নথকা ঠাই যে! এৰাই অকলেই দোপতদোপে মৰ্যাদা বৃদ্ধিৰ সুযোগ পায়৷ কিন্তুু একমাত্ৰ পুত্ৰ বিবেকৰ চকুত চকু থোৱাৰ সাহস তেওঁৰ নাই৷ ক’লা অধ্যায়বোৰ আকস্মিকভাবে মুকলি হোৱাৰ পিছতেই পিতা-পুত্ৰৰ দুৰত্বই বিপৰীত মেৰু স্পৰ্শ কৰে ………

: পাপা, প্ৰতাপ আংকুলৰ খবৰ লৈছানে? জেলত ঘনিষ্ঠ বন্ধুবোৰৰ সন্ধান চলাইছে হেনো ………! !

: “সেই নিধকৰ লগত মোক বাৰে বাৰে নাটানিবা৷”
পুত্ৰ বিবেকৰ তীৰ্যক বাক্যবানৰ চোক বাঢ়ি অহাৰ পূৰ্বেই উচাত মাৰি আঁতৰি আহে চৌধুৰী৷
অলপতে বহুকেইটা দুৰ্নীতিৰ গোচৰত ৰঙাঘৰৰ আলহী হৈছিল প্ৰতাপ খাণ্ডেলৱাল৷ চৌধুৰীৰ ৰাজহুৱা জীৱনত তেওঁ বাহ্যিকভাবে শত্ৰু হলেও পৰস্পৰৰ স্বাৰ্থত সদায় অন্তৰঙ্গতাৰে সহবাস কৰি আহিছিল৷ ব্যাপক অনিয়মত সৰকি যোৱা প্ৰতাপৰ বহু বৃহৎ “নিৰ্মানকাৰ্য”ত চৌধুৰীৰো অদৃশ্য অৱদান আছে৷ বিভাগীয় মন্ত্ৰীৰ অবৈধ হস্তক্ষেপ আদায়ৰ পৰা আৰম্ভ হৈ প্ৰায়বোৰ গুৰুতৰ খুটি-নাতিৰ আঁৰৰ মানুহজনেই হ’ল চৌধুৰী৷ , , , ক্ষণভঙ্গুৰ মথাউৰিবোৰৰ পাৰত ৰৈ থকা অগণন দুৰ্ভগীয়াৰ মাজত গৰিমাহঁতৰ পৰিয়ালটোও এদিন নি: শেষ হৈ গৈছিল৷ যাক বহুতে চৌধুৰীৰ আপোন জীয়েক বুলি ভাবে ………৷ গৰিমায়ো লাহে লাহে সকলো বুজি উঠিছে৷
চৌধুৰীৰ ওপজা গাঁওখনৰ বাস্তৱৰ প্ৰতিটো শব্দই হ’ল একোটা সুবৃহৎ শিল! কৰ্ণপথত প্ৰবেশৰ নিমিষতে বুকুখন খুন্দিয়াই চিৰাচিৰ কৰি পেলায়………! ! খাণ্ডেলৱাল কোম্পানীয়ে নিৰ্মাণ কৰা মথাউৰিটো উদ্বোধনী বৰ্ষতে অস্তিত্বহীন হৈ ইতিহাস সৃষ্টি কৰাৰ পিছত এতিয়া কেৱল মৃত্যুৰহে অপেক্ষাত ৰৈ আছে লুইতত ভূমিহাৰা পাঁচশ পৰিয়াল৷ এইখিনি মানুহৰ ৰোমন্থনৰত কিছু স্মৃতিৰ বাহিৰে গাওঁখন ক’তো জীয়াই থকা নাই৷ কলংকৰ দুৰ্বিষহতাই বিবেকক ভিতৰি ভিতৰি পঙ্গু কৰি পেলোৱাৰ কচৰৎ আৰম্ভ কৰিছিল !

চৌধুৰী থকা চেনেলটোত টক শ্ব’ চলি আছে৷ সদায়ৰ দৰে সিদিনাও এদিটৰ -ইন-চীফ বৰফুকনৰ সোঁৱে-বাৱে বহিছে জনক চৌধুৰী আৰু একলব্য হাতীমূৰীয়া৷ দুৰ্নীতিৰ বিৰুদ্ধে চৌধুৰীয়ে বেছ আক্ৰমণাত্মক ভঙ্গীত গৰ্জি উঠাৰ সময়তে সম্পাদনা কক্ষলৈ এটা বিশেষ খবৰ আহিল……কোনোবা অজ্ঞাত সংগঠনৰ প্ৰতিবাদী মিছিলে মহানগৰীৰ ৰাজপথ স্থবিৰ কৰি তুলিছে৷
জনক চৌধুৰীৰ ওচৰলৈ পুনৰ উভতি যোৱাৰ আশ্বাসেৰে এদিটৰ-ইন-চীফ বৰফুকনে ঘোষণা কৰিলে………

: “এইমুহুৰ্তত মহানগৰীৰ এটা বিগ ব্ৰেকিং………আমি পোনে পোনে ক্ষেত্ৰভিত্তিলৈ উভতি গৈছো………“
এহাল যুৱক-যুৱতীয়ে স্থানীয় সাংবাদিকজনৰ সৈতে বাৰ্তা বিনিময় কৰাত ব্যস্ত……

: “আপোনালোক কোন/ উদ্যেশ্য কি / কাৰ বিৰুদ্ধে ওলাই আহিছে?”

: “ আমি এই মুহুৰ্তত এটা চেনেলত বহি আবেগিক বক্তৃতা জাৰি থকা এজন মানুহৰ বিৰুদ্ধে ওলাই আহিছো৷ আচলতে ওলাই অহা ঠিক নহয় তেওঁৰ বাসভৱনৰ ভিতৰত প্ৰবেশ কৰিবলৈহে গৈ আছো’ , , , নিশ্চয়, সেইখন মোৰো ঘৰ……৷ মই তেওঁৰ কলংকিত পুত্ৰ হৈ জীয়াই থাকিব নোৱাৰো৷ এইজনী মোৰ ভনী , আজীৱন অন্যায় সহি থকাৰ অধিকাৰতো তাইৰ নাই৷ আৰু লগত এয়া ইতিহাস হ’বলৈ আগবঢ়া এখন গাঁৱৰ পাঁচশটা পৰিয়ালৰ দুই সহস্ৰ মানুহ……………তেওঁলোকক জানিবুজি মৃত্যুমুখলৈ ঠেলি দিম নেকি? দুৰ্নীতিবিৰোধী যুদ্ধখন মোৰ ঘৰৰ পৰা আৰম্ভ হ’ব৷ আইনী যুদ্ধত কোন জিকে সময়ে কব! কিন্তুু প্ৰভাৱশালী মানুহজন আজিৰ পৰা গোটেই পৃথিৱীৰ সন্মুখত অকলশৰীয়া হৈ পৰিল৷ “
সাংবাদিকসকলৰ মাইকবোৰ লাহে লাহে আঁতৰি গ’ল………
প্ৰতিবাদী সমদলটোৰ লক্ষ্য …… দুৰ্নীতি-অনাচাৰৰ বিৰুদ্ধে চিৰসৰৱ স্বয়ং জনক চৌধুৰীৰ বাসভৱন৷ বিবেক আৰু গৰিমাৰ নেতৃত্বত চৌধুৰীৰ ওপজা গাওঁখনৰ অভ্যুত্থান যাত্ৰা ইতিমধ্যে আৰম্ভ হ’ল………

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক