এটা গাখীৰেৰে পূৰ্ণ পুখুৰী

মূল উৎস-Akramulla Syed
অনুবাদ- অঞ্জল বৰা

——————————–

বহু বছৰৰ আগতে এজন ৰজাই তেওঁৰ কাম কৰা ব্যক্তিসকলক এটা পুখুৰী খান্দিবলৈ ক’লে৷ যেতিয়া পুখুৰীটো খন্দা হ’ল, ৰজাই তেওঁৰ প্ৰজাসকলক মাতি আনি ঘোষণা কৰিলে যে, ৰাজ্যৰ প্ৰত্যেক ঘৰৰ একোজনকৈ ব্যক্তিয়ে ৰাতি এগিলাচকৈ গাখীৰ পুখুৰীটোত দিবহি লাগিব যাতে ৰাতিপুৱালৈ পুখুৰিটো গাখীৰেৰে পূৰ্ণ হৈ থাকে৷ ৰজাৰ আদেশ শুনাৰ পিছত প্ৰত্যেকেই নিজ নিজ ঘৰলৈ ওভতি গ’ল৷

এজন মানুহে সেই ৰাতি পুখুৰীটোত গাখীৰ দিবৰ লৈ ভাবিলে প্ৰত্যেকেই নিশ্চয় পুখুৰীটোত ঢালিবলৈ গাখীৰ আনিব৷ গতিকে আন্ধাৰ ৰাতি তেওঁ এগিলাছ পানী ঢালি দিলেও কোনেও গম নাপাব৷ তেওঁ এগিলাচ পানী আনিলে আৰু পুখুৰীটোত ঢালি আঁতৰি গ’ল৷ ৰাতিপুৱা, ৰজাই পুখুৰীটো চাবলৈ আহিলে আৰু দেখি আচৰিত হ’ল যে, পুখুৰীটো কেৱল পানীৰে ভৰি আছে! কাৰণ প্ৰত্যেকেই সেই ব্যক্তিজনৰ দৰেই ভাবিলে “মই গাখীৰ নিদিলেও একো নহয়, আনসকলেতো দিবই৷”