এটা চাৰপ্ৰাইজ (দেৱ প্ৰতিম)

(১)

আজি তাইক প্ৰথম লগ কৰিবলৈ যাম । নৈশ বাছৰ যাত্ৰা সদায়ে মোৰ প্ৰিয়, তাতে এইবাৰ এই নৈশ বাছৰ অন্তৰালত আছে কিছু নতুন আশা, কিছু নতুন আনন্দৰ আৰম্ভণি। যথাসময়ত বাছৰ যাত্ৰা আৰম্ভ হ’ল। তাইলৈ এটা মেছেজ দিলোঁ বাছৰ যাত্ৰা আৰম্ভ হ’ল বুলি। তাৰ পাছৰ পৰা তাইৰ এছ.এম.এছেৰে মোৰ মোবাইল সঘনে বাজিব ধৰিলে। মনতে ভাবিবলৈ ধৰিলোঁ কেনেকুৱা আছিল আমাৰ সম্পৰ্ক; কেনেদৰে আৰম্ভ হৈছিল আমাৰ নতুন আশাৰ আৰম্ভণি, প্ৰথম যেতিয়া তাইক মনৰ কথা কৈছিলোঁ তেতিয়া তাই মোৰ লগত কথা পতা বন্ধ কৰিছিল। কিন্তু হাৰ নমনা প্ৰেমীৰ নিচিনাকৈ চলাই নিছিলোঁ নিজৰ প্ৰেমৰ যুদ্ধখন। অৱশেষত এই যুদ্ধৰ ফল মোৰ ফালে ঢাল খাব ধৰিছিল। লাহে লাহে জিকিবলৈ ধৰিছিলোঁ । তাই মাতি পঠিয়াইছিল লগ কৰিবলৈ। কলেজৰ দিনতে দেখা তাইক, কেতিয়াও মাতি পোৱা নাছিলোঁ, কিন্তু তাই মোক সদায়ে আকৰ্ষণ কৰিছিল। পিছত ইন্টাৰনেটৰ সু-ব্যৱহাৰ কৰিছিলোঁ, কলেজৰ দিনৰ সেই আকৰ্ষণ প্ৰেমলৈ কেতিয়া পৰিৱৰ্তিত হৈছিল গমকে নাপালোঁ। এতিয়া ইমান দিনৰ মূৰত তাইক লগ কৰিবলৈ যাওঁ। মনটো কিবা উগুল-থুগুল লাগি আছিল। সেই দিনা প্ৰথম তাইৰ লগত ৰাতি কথা পাতিছিলোঁ বহু দেৰিলৈকে। সেইয়াই যেন আমাৰ প্ৰেমৰ আৰম্ভণি…….

 

(২)

আজি দুবছৰ হ’বৰ হ’ল আমাৰ মাজত থকা প্ৰেমৰ সম্পৰ্কৰ। কিন্তু প্ৰথমৰ সেই মৰম বিলাক যেন আমাৰ মাজত নাই আজিকালি। কথাই কথাই কাজিয়া হ’ব ধৰিছিল। লাহে লাহে অতিষ্ঠ হ’বলৈ ধৰিছিলোঁ দুয়ো। আমাৰ মাজত থকা সম্পৰ্কত ফাঁট মেলিব ধৰিছিল। হেৰুৱাই পেলাইছিলোঁ প্ৰেমৰ সেই মাদকতা। প্ৰেমৰ নিচাত ডুব যাবলৈ ভয় খোৱা হৈছিলোঁ। এক অজান আশংকাই মনৰ মাজত ঠাই পাইছিল। এদিন সেই সম্পৰ্কৰ মাজত থকা দুৱাৰখন বন্ধ হৈ পৰিছিল। শেষ হৈ গৈছিল এটা সম্পৰ্কৰ সেই দিনটোতে যিদিনা এই সম্পৰ্কৰ আৰম্ভণি হৈছিল……

 

(৩)

মদ, চিগাৰেট আৰু নিচা…তাই নোহোৱাৰ পৰা যেন হৈ পৰিছিল মোৰ সংগী। আজি ছমাহ হ’ল তাইৰ মাত নুশুনা, দিনে দিনে যেন পাগল কৰি তুলিছিল এই নিঃসংগতাই। সংগী বিহীন জীৱনটোৱে মনত অশান্তিৰ সৃষ্টি কৰিছিল। তাইৰ মাত শুনিবলৈ আজিকালি আশ্ৰয় লওঁ পুৰণি কিছুমান ভিডিঅ’ৰ…তাইক পাহৰিব চেষ্টা কৰি হাৰি গ’লো। হঠাতে ফোনটো বাজি উঠাত স্মৃতিৰ পৃথিৱীৰ পৰা দিঠকলৈ ঘুৰি আহিলো। ফোনটোত এটা চিনাকী নম্বৰ ভাহি আহিল….যি মোৰ মুখত এটা হাঁহি বিৰিঙাবলৈ যথেষ্ঠ আছিল…..

 

(৪)

-“কোনটো পিন্ধিলে মোক ভাল দেখিব বাৰু?”

-“যিকোনো এটা পিন্ধা। তোমাকতো যিকোনো কাপোৰ পিন্ধিলেই ভাল লাগে।”

-“হ’ব তেল মাৰিব নালাগে। কাপোৰ চাবলৈ মন নাই বুলি ক’লেই হ’ল দেখোন।”

-“সঁচাকে কৈছোঁ জান…তেনেকৈ কিয় কৈছা। ঠিক আছে তেন্তে…এই ক’লাজোৰত তোমাক ভাল লাগিব….”

 

(৫)

-“দেউতা, মায়ে ইমান দেৰী কিয় কৰে নো। সদায় ওলাই আমাৰ আগতেই হৈ যায় আৰু আমি বহি থাকিবলগীয়া হয়।”

-“উপায় নাই আৰু মাইনা। মাইকী মানুহ যে। এদিন তোমাৰো দেৰি হ’ব এনেকৈ ওলাওঁতে।”

-“ইস…মোৰ নহয় দেই ইমান দেৰি। মায়ে বেছি ষ্টাইল কৰে। সেইকাৰণে দেৰি হ্য়।”

-“হেঃ হেঃ……..”

 

(৬)

আজি ২৫ বছৰ হ’ল নেকি আমাৰ বিয়াৰ…হয়তো ২৫ বছৰেই হ’ল। তাইক কিবা এটা দিব লাগিছিল নহয়। পিছে কি দিও….? তাই এনেয়ে একো নোখোজে, আজি মইয়ে তাইক চাৰপ্ৰাইজ এটা দিম। তাইৰনো ক’ত মনত আছে চাগে….

 

অফিচৰ পৰা চিধাই জুৱেলাৰী শ্বপখনত সোমাই তাইৰ কাৰণে এডাল ধুনীয়া নেকলেচ ল’লো। ঘৰ পাইছোঁহি এইমাত্ৰ। কিন্তু আন দিনাৰ দৰে আগফালে মাইনা নাই যে। তাইতো সদায়ে আগফালেই বহি থাকে মই আহি পাওতে। ঘৰখনত কোনো নাই নেকি…..কিবা বেলেগ বেলেগ লাগিছে আজি…..

 

দুৱাৰখন খোলোঁতেই হঠাৎ লাইট জ্বলি উঠিল। সন্মুখত সেইয়াচোন মাইনা আৰু মোৰ মৰমৰ পূৰবী। মানে তাই পাহৰা নাছিল। আচলতে মইয়ে এটা বুৰ্বক। মাইকী মানুহৰ এইবিলাক কথা মনত নাথাকিবনে….

 

-“হেপ্পী ছিলভাৰ জুবিলী মা আৰু দেউতা….”

 

মাইনাৰ এই কেইষাৰ শব্দই মোৰ চকুৰ পৰা অজানিতে অশ্ৰু বোৱাই আনিছিল। পুৰবীলৈ চাই ৰৈছিলোঁ….তাইক আকৌ এবাৰ আগৰ দৰেই বুকুৰ মাজত সুমুৱাই ল’বলৈ মন গৈছিল….

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments