এটা চোৰৰ কাহিনী: আদিত্য ৰঞ্জন দত্ত

এটা চোৰৰ কাহিনী

(স্বনামধন্য চুটি গল্প লিখক ৰাস্কিন বণ্ডৰ বিখ্যাত চুটি গল্প “দ্য থিফচ্‌ ষ্টৰী”ৰ অসমীয়া ভাবানুবাদ)

আদিত্য ৰঞ্জন দত্ত

অপূর্বক লগ পোৱাৰ আগতেও মই চোৰেই আছিলো। সেই পোন্ধৰ বছৰ মান বয়সতেই মই এটা পাকৈত চোৰ হিচাপে পৰিগণিত হৈ পৰিছিলো। হাত লৰ স্বভাৱটোত ইমানেই অভিজ্ঞ হৈ উঠিছিলো যে মোক ধৰা পেলোৱাটো অসম্ভৱ আছিল।
যোৱা ব’হাগ বিহুৰ সময়ৰ কথা। চহৰখনৰ বিখ্যাত বিহু ফাংচন এখন চাই থাকোতে অপুর্বক মই প্রথম দেখিছিলো। আনুমানিক প্রায় ২৫ টা মান বসন্ত গৰকা অপূর্ব দেখাত খুবেই দয়ালু আৰু সহজ-সৰল যেন আছিল। মোৰ দৰে চোৰৰ লক্ষ্য সদায় এনেবোৰ মানুহৰ ওপৰতেই থাকে। সিহঁতৰ এই সৰলতাৰ সুবিধা লৈয়েই মই মোৰ কাম কৰি যাওঁ। অপূর্বক দেখাৰ পাছত মই প্রায় নিশ্চিত হৈ পৰিলো যে মই অতি সোনকালেই তাৰ বিশ্বাসভাজন হৈ পৰিব পাৰিম। -‘বিহু শুনিলে ৰৈ থাকিবলৈকে মন নাযায়।আপুনি বিহু নাচি ভাল পায় যেনেই লাগে দেখাত’।মই অপুর্বক লাহেকৈ ক’লো।আচলতে মই জানো, বিহুৰ সময়ত ইয়াতকৈ ভাল তোষামোদৰ বাক্য একোৱেই হ’ব নোৱাৰে। -‘হয়। মই বিহু নাচি খুব ভাল পাওঁ।আচলতে কোন অসমীয়াইনো ভাল নাপায়!তুমিও নিশ্চয় বেয়া নোপোৱা’। -‘হেঃ হেঃ মই মাজে মাজে বিহু নাচো।ভাল পাও”।মই অপুর্বক বিহু নাচো বুলি ক’লো যদিও আচলতে মই অকনমানো নাচিব নাজানো।বিহু নালাগে আন যিকোনো ধৰণৰ নাচেই মই নাচিব নোৱাৰো।

-‘পিছে তোমাৰ নামটোনো কি”? অপুর্বই মোক সুধিলে।
-‘ৰাতুল কলিতা’ গোকোট মিছা কথা এটা মিছাইল এটাৰ দৰে মাৰি পঠিয়ালো। প্রত্যেক মাহতেই মই এটা এটা নতুন নাম ৰাখিব লগা হয়।মোৰ আই-বোপায়ে দিয়া নামটোনো কি আছিল মোৰে মনত নাই।
সাধাৰণভাৱে আৰু দুই এটা কথা পাতিছিলো আমি।সেইদিনাৰ ফাংচনৰ ওপৰত দুই এটা মন্তব্য কৰিছিল অপুর্বই।মই বেছিভাগ সময় ওঁ-আ কৰিহে আছিলো।এটা সময়ত ফাংচন শেষ হোৱাত সি যাবলৈ ওলাল।মইও লাহে লাহে তাৰ পিছ ললো।অলপদুৰ যোৱাৰ পাছত তাক পাছফালৰ পৰা মাত লগালো,
-‘দাদা’
-‘ৰাতুল নহয়নে?কি হ’ল’ মোৰ বুদ্ধিয়ে কাম দিছে তাৰমানে, সি মোক চিনিব পাৰিলে।
-‘দাদা মানে….মানে মই আপোনাৰ লগত কাম কৰিব বিচাৰো।’ মই ধুনীয়া হাঁহি এটাৰে অপূর্বক ক’লো।
-‘কিন্তু তাৰ বিনিময়ত মই যে তোমাক একোৱেই দিব নোৱাৰিম, অন্তত কিছুদিনলৈকে।’ সি কৈ উঠিল।
তাৰ উত্তৰে মোক চিন্তাত পেলাই দিলে।মই ভুল মানুহ এটাক মোৰ লক্ষ্য হিচাপে ঠিৰ কৰা নাইতো!
-‘আপুনি মোক অলপমান খাবলৈ আৰু থাকিবলৈ ঠাই অকন দিব পাৰিলেই হ’ল।’ কিবা এটা ভাবি মই কৈ উঠিলো।
-‘তুমি ৰন্ধা-বঢ়া কৰিব জানানে?’
-‘হয়,মই ভালদৰেই ৰন্ধা-বঢ়া কৰিব পাৰো।’ আকৌ এটা গোকোট মিছা কথা।
-‘তুমি যদি ৰন্ধা-বঢ়া কৰিব পাৰা ভালদৰে তেনেহ’লে মই তোমাক মোৰ লগত ৰাখিব পাৰো।’
চহৰখনৰ বস্তি যেন লগা অঞ্চল এটাত থকা দুমহলীয়া ঘৰ এটাৰ ওপৰমহলাৰ কোঠা এটাত অপূর্ব থাকে।সি মোক তাৰ লগত তালৈকে লৈ গ’ল।সি মোক ক’লে যে তাৰ কোঠাৰ লগতে লাগি থকা বেলকনীটোতে মই শুব পাৰিম।
পিছদিনা সাৰ পাওঁতেই বহু দেৰী হৈ গ’ল।উঠি দেখো অপূর্বই নিজেই চাহ বনাই মোক খাবলৈ দিছে।সেইদিনা দুপৰীয়াৰ ভাতসাজ সি মোক বনাবলৈ ক’লে।জীৱনত প্রথমবাৰৰ বাবে ভাত বনাইছিলো।অপূর্বই নিজে নাখাই বেলকনীৰ পৰা পেলাই দিওঁতেই বুজি উঠিছিলো কিমান বেয়া হৈছে।সি মোক কাম এৰি যাবলৈ ক’লে।
কিন্তু মইহে যাবলৈ ইচ্ছুক নাছিলো।তাৰ পিছে পিছে ঘুৰি তাক যেনেতেনে সৈমান কৰালো।সি মোক ভাত বনাবলৈ শিকাই দিয়াৰ কথা ক’লে।
লাহে লাহে মই ভাত বনাব পৰা হ’লোগৈ।অপু্র্বই মোক ভাত বনাবলৈ শিকোৱাৰ উপৰিও মোৰ নিজৰ নামটোও ইংৰাজীত লিখিবলৈ শিকালে।দুই এদিনৰ পাছতে ইংৰাজীৰ গোটেইকেইটা আখৰ আৰু বাক্য গাঁঠনি শিকোৱাৰ কথাও ক’লে।
মোৰ সচাঁকৈয়ে বহুত ভাল লাগিছিল।মই জানিছিলো যে মই ভালদৰে অলপ ইংৰাজী শিকি ল’ব পাৰিলেই মই বহুত ওপৰলৈ যাব পাৰিম।
অপূর্বৰ প্রতি লাহে লাহে মোৰ শ্রদ্ধা বাঢ়ি আহিছিল।তাৰ লগত থাকি কাম কৰিও ভাল লাগিছিল।ৰাতিপুৱা শুই উঠিয়েই মই চাহ বনাও আজিকালি।তাৰপাছত অপূর্বই দিয়া পইচাৰে দুপৰীয়া ভাতসাজৰ বাবে শাক-পাচলী বজাৰ কৰিবলৈ ওলাই যাওঁ।বজাৰ কৰিবলৈ দিয়াৰ পৰা মই কেতিয়াবা দুই এপইচা নমৰাও নহয়। এই কথাটোত অপূর্বৰ সন্দেহ হয় যেন লাগে মোৰ,তথাপিও সি মোক আজিলৈকে কোনো প্রশ্ন কৰা নাই।
অপূর্বই স্থানীয় বাতৰি-কাকত এখনত সংবাদদাতাৰ কাম কৰে।মাজে মাজে দুই এটা গল্পও লিখে।দুই-তিনিটামান বাতৰি যোগান দিয়াৰ পাছত তাক কাকতখনৰ ফালৰ পৰা টকা কেইটামান দিয়ে।গল্প ওলালে দুটকামান বেছিকৈ পায়।পিচে সি সাঁচিব পৰাকৈ পোৱা নাই আজিলৈকে।কেতিয়াবা দুটকামান বেছিকৈ পালেও তাৰ বন্ধু-বর্গৰ লগত উৰুৱাই শেষ কৰে।
এদিন আবেলি সি সোনাকালে ঘৰলৈ উভতি আহিল।হাতত তাৰ কেইবাশও টকা।যথেষ্ট আনন্দৰে সি মোক ক’লে যে চহৰৰ বিখ্যাত প্রকাশন গোষ্ঠী এটাই তাৰ গল্প সংকলন এখন উলিয়াব বুলি কথা দিছে।আগধন হিচাপে তাক এইখিনি টকা দি পঠাইছে।তাৰপাছত সি টকাখিনি তাৰ শেতেলীৰ গাৰুটোৰ তলতেই থৈ দিলে।
অপুর্বৰ লগত থকা মোৰ এমাহমান হ’ল যদিও আগবেলা শাক-পাচলিৰ বজাৰ কৰোতে দুই-এপইচা ফাঁক মৰাৰ বাহিৰে কোনোধৰণেৰে তাক ঠগাৰ চেষ্টা কৰা নাই।সুযোগ হয়তো বহুত পাইছিলো।মই ইচ্ছা কৰা হ’লে বহুত আগতেই তাক ঠগি থৈ গুচি যাব পাৰিলোহেঁতেন, কাৰণ অপূর্বই মোক সকলোতকৈ বেছি বিশ্বাস কৰিছিল।
সেইকাৰণেই চাগৈ তাক ঠগাটো মোৰ কাৰণে বৰ কঠিন কামৰ দৰে হৈ পৰিছিল।লোভী মানুহ এজনক ঠগাটো যিদৰে বৰ সহজ কাম ঠিক একেদৰেই এজন ভাল মানুহক ঠগাটো বৰ টান কাম।আৰু সেই ভাল মানু্জনে যদি তেওঁক ঠগি থকা কথাটো গুৰুত্ব নিদিয়াৰ দৰে দেখুৱাই তেনেহ’লে সেইটো পৃথিৱীৰ সকলোতকৈ কঠিন কামটোৰ দৰে হৈ পৰে।তেনেকুৱা মানুহক ঠগিও শান্তি নালাগে।
কিন্তু এইবাৰ তাৰ গাৰুটোৰ তলৰ টকাকেইটা দেখি মোৰ মনটোৱে নমনাৰ দৰে কৰিলে।নিজকে নিজে ক’লো, যদি টকাকেইটা মই নলওঁ সি খুউব বেছি তাৰ বন্ধুকেইটাৰ লগত মদ খাই শেষ কৰি দিব।তাৰোপৰি সিটো মোক কোনোধৰণৰ দর্মহাও নিদিয়ে।
সেইনিশা ভাত খাই উঠি অপুর্ব সোনকালেই শুবলৈ গ’ল।তাৰ টোপনিও সোনকালেই আহে।মই লাহেকৈ তাৰ বিচনাৰ ফালে চালো।জোনৰ পোহৰত তাৰ মুখখন উজ্জল হৈ পৰিছে।মই সন্তর্পনে গৈ তাৰ বিচনাৰ মুৰৰ শিতানৰ ওচৰতে মাটিত বহি পৰিলো।মনতে ভাবিলো টকাকেইটা লৈ এতিয়া ওলাই গ’লে কলকাতা হৈ মাদ্রাজৰ ফালে যোৱা ৰে’লখনত উঠি দিব পাৰিম।
এইবুলি ভাবি খুউব সাবধানেৰে সোঁহাতখন অপুর্বৰ গাৰুটোৰ তলত ভৰাবলৈ চেষ্টা কৰিলো।পইচাখিনি হাতেৰে ঢুকি পাই একেটানেই উলিয়াই আনিলো।অপুর্বই টোপনিতে বাগৰ সলালে।টকাকেইটা লৈ পিন্ধি থকা চোলাটোৰ পকেটত গুজি ততাতৈয়াকৈ মই কোঠাটোৰ পৰা ওলাই আহিলো।
ঘৰটোৰ পৰা বাহিৰ হৈয়েই মই ৰে’ল ষ্টেচনৰ ফালে দৌৰিবলৈ আৰম্ভ কৰিলো।অলপদুৰ দৌৰি ভাগৰ লগাৰ পাছত ৰাস্তাৰ সোঁমাজতে থকা ভগা কালভার্ট এটাত অলপ সময়ৰ বাবে বহি পৰিলো।টকাকেইতা উলিয়াই হিচাপ কৰি পাওঁ যে পাঁচ হাজাৰ টকা আছে।অন্ততঃ দহদিনমান মই ৰজাৰ দৰে আৰামত থাকিব পাৰিম!
অলপ সময় আৰাম কৰি আকৌ দৌৰিবলৈ আৰম্ভ কৰিলো।কিছুদুৰ দৌৰাৰ পাছত মই ষ্টেচন পালোগৈ।আৰু বৃত্তিগত কায়দাৰে কোন টিকট নোলোৱাকৈ মই প্লেটফর্ম সোমালোগৈ।মই মোৰ জীৱনত আজিলৈকে টিকত কাটি পোৱা নাই।মই গৈ পাওঁ মানে মাদ্রাজ এক্সপ্রেছখনে ষ্টেচন এৰিবলৈ আৰম্ভ কৰিছিলেই।লাহে লাহে গৈ আছিল ৰে’লখন তেতিয়াও আৰু মই কষ্ট নকৰাকৈ আৰামতেই উঠিব পাৰিম।
কিন্তু মই নুঠিলো।কিবা এক অজান তাড়নাত মোৰ উঠিবলৈ মন নগ’ল।কিহৰ কাৰণে নুঠিলো মই নিজেই নাজানো। ৰে’লখন যোৱা চাই চাই মই প্লেটফর্মৰ বেঞ্চ এখনতেই বহি পৰিলো।
ৰে’লখন নেদেখা হৈ যোৱাৰ পাছতহে মোৰ সম্বিত ঘুৰি আহিল।প্লেটফর্মত সেই সময়ত মোৰ বাহিৰে অন্য কাকো দেখা নাপালো মই।দুটামান ভটুৱা কুকুৰে মাত্র কাজিয়া কৰি আছে।ৰাতিটো ক’ত কটাম চিন্তা কৰিবলৈ ধৰিলো।মোৰ কোনো বন্ধু-বান্ধৱ বুলিবলৈ নাই।মোৰ পেছাত বন্ধুৱে সহায় কৰাতকৈ বিপদতহে পেলাই।হোটেলত থাকিও টকাকেইটা পানীত পেলাবলৈ অকনো মন নাই মোৰ।নিজৰ বুলিবলৈও বংশ-পৰিয়ালৰ একো চিন্‌চাব্‌ নাই।
এনে লাগিল চহৰখনত অপূর্বৰ বাহিৰে নিজৰ বুলি ক’বলৈ মোৰ কোনোৱেই নাই।ষ্টেচনৰ পৰা বাহিৰলৈ ওলাই আহিলো মই।লাহে লাহে শুই থকা চহৰখনৰ মাজেৰে খোজ ললো আকৌ।
মই এতিয়ালৈকে যিমান চুৰি কৰিছো তাৰপৰা এটা কথা গম পাইছো যে,নিজৰ চুৰিৰ কথা গম পোৱাৰ পাছত মানুহবোৰৰ মুখবোৰ কেনে হৈ পৰে।
লোভীমানুহে সদায় কান্দি থাকিব।ধনী মানুহে খং দেখুৱাব।দুখীয়া মানুহ উদাস হৈ পৰিব।কিন্তু মই জানো যে অপুর্বই ইয়াৰ ভিতৰত এটাও নকৰে।মনত হয়তো খুউব দুখ পাব, মই তাৰ বিশ্বাস ভাঙি থৈ অহা বুলি ভাবি, টকাকেইটা হেৰুৱাৰ বাবে নহয়।
নিশাটো লাহে লাহে গভীৰ হৈ আহিছিল।নৱেম্বৰ মাহৰ নিশা তাতে আকৌ ভূতৰ ওপৰত দানৱ পৰাদি কিনকিনিয়া এজাক আপদীয়া বৰষুণ।বৰষুণ দিয়া দেখি মই গছ এজোপাৰ তলতেই অলপ সময় ৰ’লো।সময় ঠিক নিশা বাৰটামান বাজিছিল চাগৈ।মই পকেটত থকা টকাকেইটা হাতেৰে চুই চালো।বৰষুণৰ পানী লাগি প্রায় তিতি গৈছে।
টকাকেইটা চুৰ নকৰা হ’লে হয়তো সি মোক পুৱালৈ পঞ্চাশ টকামান দিলেহেঁতন চিনেমা চাবলৈ বুলি।কিন্তু মোৰ হাতত যে তেতিয়া গোটেইখিনি টকাই আছিল।অন্ততঃ কিছুদিনলৈ ৰন্ধা-বঢ়া কৰিব নালাগে,বজাৰে বজাৰে ঘুৰিব নালাগে।ইংৰাজী শিকি শিকি অপূর্বৰ গালি খাব নালাগে।
ইংৰাজী শিকা!চুৰিৰ উৎসাহত কথাটো পাহৰিয়েই গৈছিলো মই।মই জানো যে সম্পুর্ণকৈ ইংৰাজীত বাক্য এটা লিখিব পাৰিলে এদিন মই এতিয়া মোৰ হাতত থকা টকা পাঁচ হাজাৰতকৈ বহু বেছি উপার্জন কৰিব পাৰিম।মোৰ এনে লাগিল চুৰ কৰাটো বহুত সৰু কথা।কিন্তু সমাজৰ এজন সন্মানীয় মানু্হ হোৱাটো এটা বৰ ডাঙৰ কথা যিটো অকল ইংৰাজী লিখিব পাৰিলেহে মই হ’ব পাৰিম।মই অপূর্বৰ ওছৰলৈ উভতি যোৱাটোৱেই উচিত হ’ব, নিজকে নিজে কৈ উঠিলো।
মই পুনৰ উভতি খোজ ল’লো, অপূর্বৰ কোঠাৰ ফালে।মোৰ এনে লাগিল যেন মই জীৱনৰ আটাইতকৈ কঠিন কামটো কৰিবলৈ গৈ আছো।
খুউব সাৱধানেৰে মই তাৰ কোঠাৰ দুৱাৰখন খুলিলো।অপূর্ব আগৰ দৰেই শুই আছে তেতিয়াও।মই বিচনাৰ মুৰ শিতানৰ ফালে চুচৰি যোৱাদি গ’লো।টকাকেইটা মোৰ চোলাৰ পকেটৰ পৰা উলিয়াই আনিলো।মোৰ উশাহ ঘন হৈ আহিছিল।টকাকেইটা তেতিয়ালৈ বৰষুণৰ পানীত ভালেখিনি তিতি গৈছিল।লাহেকৈ গাৰুটো ডাঙি টকাকেইটা অথনি যেনেকৈ আছিল ঠিক একেধৰণেৰেই থৈ দিলো।
পিছদিনা পুৱা মই যথেষ্ট দেৰিকৈ সাৰ পালো।অপূর্বই শুই উঠি ইতিমধ্যে চাহ বনাইছিল।
চাহ খাই উঠি সি ওলাই যোৱাৰ আগে আগে পঞ্চাশ টকা মোলৈ আগবঢ়াই দি ক’লে,
-‘এইটো ল। চিনেমা চাবি।আজিৰ পৰা তোক মই নিয়মীয়াকৈ দর্মহা দিব পাৰিম।’
মোৰ বুকুখনে ধপ্‌ধপাইছিল।যথেষ্ট ভাল লাগিছিল।নিজৰ ওপৰতে গর্ব হৈছিল।কিন্তু মই যেতিয়া হাতেৰে পঞ্চাশ টকাটো ল’লো মোৰ মুখৰ মাত হৰিল।টকাটো তেতিয়াও যোৱানিশাৰ বৰষুণৰ পানীত তিতি আছিল।মই বুজি উঠিছিলো যে অপূর্বই ৰাতি কি হৈছিল নিশ্চয় অনুমান কৰিব পাৰিছিল।কিন্তু সি একো নক’লে মোক।
যোৱাৰ সময়ত মাত্র কৈ গ’ল,
-‘আজিৰ পৰা আমি ইংৰাজীত বাক্য গাঁঠনি শিকিম।’
মই অপূর্বলৈ চাই হাঁহি এটা মাৰিলো।তাক আজি মোৰ খুউব আপোন আপোন যেন লাগিছে।

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Nath
9 months ago

বৰ ধুনীয়া কাহিনী