এটা ছমহলীয়া প্ৰেম কাহিনী (অংশুমান বৰা)

এটা ছমহলীয়া প্ৰেম কাহিনী


অংশুমান বৰা

‘ৰাম নাৰায়ণ শইকীয়া’– এই নামটোৰ কাৰণেই মাক-দেউতাকৰ ওপৰত সদায় খং উঠে তাৰ। তাৰ নিচিনা এটা ‘হেণ্ডচাম’ ল’ৰাকনো এনেকুৱা নাম দিয়েনে!! কোনে দিবলৈ কৈছিলে বাৰু এই ‘মডাৰ্ণ দুনীয়াত’ ইমান গাঁৱলীয়া নামটো?? তাৰো ইজ্জতৰ কথা আছে দিয়কচোন! সেই বাবেই সি কলেজত সোমোৱাৰ সময়ত তাৰ নামটো সলনি কৰি ৰোহিত কাশ্যপ কৰি লৈছিল। তাৰ পিছতহে হেনো ছোৱালীবোৰ তাৰ কাষ চাপিছিল!

মুম্বাইৰ এটা ‘শ্বপিং মল’ৰ ছয় নং মহলাৰ লিফ্টটোৰ কাষত ৰৈ ৰৈ আমনি লাগিছে আৰু তাৰ। ইমান শ্ল’ প্ৰচেছ। সেইবাবেই আমাৰ দেশখনৰ উন্নতি নাই। নাকত লাগি যোৱা এটা লেডিজ পাৰ্ফিউমে তাৰ মূৰটো ঘুৰাবলৈ বাধ্য কৰালে। কাষত এজনী বৰ ধুনিয়া ছোৱালী। দেখাত অসমীয়া যেনেই লাগিছে। বহু দিনৰ মূৰত এজনী ইমান ধুনীয়া ছোৱালী দেখি মনটো ফৰকাল হোৱা যেন লাগিল। ইতিমধ্যে লিফ্টৰ দুৱাৰখনো খুলিছে। ভিতৰলৈ মন কৰিলে সি। উস… ভাগ্য ভাল। কোনো মানুহ নাই ভিতৰত। সি লৰালৰিকৈ ভিতৰলৈ সোমাল। ছোৱালীজনীয়ে ভিতৰলৈ সোমাই শূন্য নম্বৰ চুইচটো টিপি ধৰিলে …. গ্ৰাউণ্ড ফ্ল’ৰৰ চুইচ। দুৱাৰ বন্ধ হ’ল।

ৰোহিতে তাৰ শ্বাহৰুখ খানৰ দৰে ‘ৰোমাণ্টিক ইমেজ’টো জগাই তুলিবলৈ চেষ্টা কৰিলে। বুঢ়া আঙুলিটো জিভাত লগাই দুই চেলাউৰিত ফুৰাই ল’লে। কিন্তু ইমান সোনকালে প্ৰেমৰ কথা পতাটো ভাল হ’ব জানো?? তাৰ চকু লিফ্টৰ ডিজিটেল স্ক্ৰীণ খনলৈ গ’ল। ইংৰাজী ছয় নম্বৰটো তৰতৰাই জিলিকি আছে। তাৰ মানসপটত ককাদেউতাকে কোৱা ছয় ৰিপুৰ কথাটো ভাঁহি উঠিল। কাম, ক্ৰোধ, লোভ, মোহ, মদ আৰু অহংকাৰ। প্ৰেমৰ কথা উল্লেখ নাই তাত। প্ৰেম কেতিয়াও মানুহৰ শত্ৰু হ’ব নোৱাৰে। সি লগে লগেই ছোৱালীজনীক উদ্দেশ্যি ক’লে; “মানে … হেৰি…. মোৰ নাম ৰোহিত… ৰোহিত কাশ্যপ।” ছোৱালীজনীয়ে তাৰ ফালে কেৰাহিকৈও নাচালে।

সি ভাৱিলে ছোৱালীজনীৰ হয়তো কোনোবা আছেই। ডিজিটেল স্ক্ৰীণৰ ছয় নম্বৰটো পাঁচ নম্বৰলৈ সলনি হ’ল। লগে লগে তাৰ মনটোৱে মহাভাৰতৰ ফালে জপিয়ালে। পঞ্চপাণ্ডৱৰো এগৰাকীয়েই ঘৈণী আছিল…. দ্ৰৌপদী। গতিকে ছোৱালীজনীৰ কোনোবা থাকিলেও ৰোহিতৰ কোনো আপত্তি নাই। সি আকৌ ক’লে; “হেৰা… শুনাচোন …!” নাই… কোনো ৰিয়েকচন নাই।
স্ক্ৰীণৰ পাঁচ নম্বৰ গুচি চাৰি হ’ল। ৰোহিতৰ মনে এইবাৰ বৈকুণ্ঠ ভ্ৰমিলে। চাৰি সিদ্ধই নাৰায়ণক লগ কৰিবলৈ যাওঁতেও জয় আৰু বিজয়ে তেওঁলোকক বাধা দিছিল। কিন্তু অন্তত নাৰাযণে তেওঁলোকক দেখা দিবলৈ বাধ্য হৈছিল। গতিকে সি কোনোপধ্যেই হাৰ নামানে। সি পুনৰ সুধিলে; “তোমাৰ লগত মোৰ এটা কথা আছিল।”
তাই এইবাৰ ৰোহিতৰ ফালে চাই এটা মিচিকিয়া হাঁহি মাৰিলে। স্ক্ৰীণৰ চাৰি গৈ তিনি হ’লগৈ। লগে লগে ৰোহিতৰ থ্ৰি-ইডিয়টচ বোলছবিত কৰিণা কাপুৰে মাৰা সেই মিচিকিয়া হাঁহিটোলৈ মনত পৰিল। তাৰ মনটোৱে তাণ্ডৱ নৃত্য দিবলৈ ধৰিলে। সি মনতে ভাবিলে; “হাঁহিলে যেতিয়া ফঁচিলে।… হাসি তো ফাঁচি।”
ডিজিটেল স্ক্ৰীণত দুই নম্বৰটো জিলিকি থকা দেখিলে সি। তাৰ মনটো এইবাৰ দূৰদৰ্শনত দেখুওৱা “হাম দ’… হামাৰে দ’”-শীৰ্ষক বিজ্ঞাপনটোলৈ দৌৰি গ’ল। সি তাৰ মনৰ ফটোফ্ৰেমত সিহঁত দুটা আৰু সিহঁতৰ কণমানি দুটা-টিকলু আৰু পিকলুক স্পষ্টভাৱে ধৰিব পাৰিলে। বাহ… কি অদ্ভুত অনুভূতি।
তাৰ বুকুখন আৰু ডাঠ হৈ পৰিল। সাহসবোৰ যেন বুকু ফাঁলি বাহিৰ ওলাই আহিব। স্ক্ৰীণত দুই নম্বৰ আতৰি এক হ’ল। সিও আমাৰ সকলোৰে ভগৱান এক বুলি সেৱা এটা কৰি আৰম্ভ কৰিলে; “পিচে… তোমাৰ নামটো কি? কোৱাচোন!! ”

ছোৱালীজনীয়ে তাইৰ তৰ্জনী আঙুলিটো প্ৰথমে কাণত আৰু তাৰ পাছ্ত জিভাত লগাই বুঢ়া আঙুলিটো লৰাই দিলে। ৰোহিতৰ মূৰত হিমালয় পৰ্বত ভাঙি পৰিল। স্ক্ৰীণৰ এক গুচি শূণ্য হ’ল। তাৰো প্ৰথম প্ৰেমিকাই কোৱা কথাষাৰ মনত পৰিল; “গোবৰ এবিধ উত্তম সাৰ। সেইটো থকা হ’লেও কিবা এটা ভাৱি চালোহেঁতেন! কিন্তু তোমাৰ মূৰত একোৱেই নাই। এটা শূণ্য তুমি…. প্ৰকাণ্ড শূণ্য।”

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments