এটা ছিউড’ছ’ছিয়েল সপোন (বিকাশ শইকীয়া)

(১)

চন ২০১০, ফেব্ৰুৱাৰীৰ প্ৰথম সপ্তাহ, অলকেশে কৈছিল— যদি আমি সফল হওঁ, আমাৰ চাৰিওফালে বহু শুভাকাংক্ষী থাকিব। কিন্তু যদি বিফল হওঁ, উই উইল অনলি দা ওৱান টু বি কনডেমনড্‌। যদি সঁচাকৈয়ে কৰিব খোজো, নিজে কৰা উচিত, বেলেগে বেয়া সময়ত লগ এৰি দিব। এনেকৈয়ে চলি আছে, চলি থাকিব।
 
মই কৈছিলোঁ— আমাৰ বিফলতা হয়তো নিশ্চিত হব পাৰে, কিন্তু যেতিয়ালৈকে আমি চেষ্টা নকৰোঁ তেতিয়ালৈকে আমি বিফল নহওঁ।
 
অলকেশৰ পাছত মই মোৰ পাঁচজন পুৰণা বন্ধুলৈ ফোন কৰিলোঁ। দুজনে উৎসাহজনক কথা ক’লে, দুজনে দোধোৰ-মোধোৰ অৱস্থা প্ৰকাশ কৰিলে আৰু পঞ্চমজনে মোক ভুতে পাইছে নেকি বুলি সুধিলে। পঞ্চমজনৰ লগত কথা পতাৰ পাছত ষষ্ঠ-সপ্তম কাৰো লগত কথা পতাৰ ইচ্ছা নগ’ল।
সেইদিনাই মই এটা ফোন কৰিলোঁ। ভয়ে ভয়ে তেখেতক মোৰ পৰিকল্পনাটো ক’লোঁ, তেখেতে শুনিলে, প্ৰশংসা কৰিলে, কিন্তু সংশয় প্ৰকাশ কৰি ক’লে— কিমান দিনলৈ চলিব, ধানখেৰৰ জুইৰ নিচিনা নহয়গৈতো?
মই ক’লোঁ— অন্ততঃ পাঁচ বছৰ, কৰিম বুলি মই দৃঢ়তাৰে লৈছোঁ, বোধকৰোঁ ই এটা প্ৰত্যাহ্বান। এখন ভিতৰুৱা গাঁৱৰ এটা ধূলিময় পথৰ এযুৰি তিৰবিৰাই থকা চকুৱে দি যোৱা এটা প্ৰত্যাহ্বান।

(২)
প্ৰায় ডেৰবছৰ আগতে, ১ চেপ্তেম্বৰ ২০০৯, স্নাতকোত্তৰ মহলাৰ পাছতে মই এখন জিলাৰ সকলোতকৈ ডাঙৰ মহাবিদ্যালয়খনত যোগদান কৰিছিলোঁ।
 
২ চেপ্তেম্বৰ ২০০৯, সময় প্ৰায় দুই বাজিছে, ডিপাৰ্টমেন্টৰ কোঠাত তলা, মোৰ বেগটো লৈ বিয়াৰাৰ এজন ৰৈ আছে।
– ছাৰ, আপোনাৰ কাৰণেই ৰৈ আছোঁ, বেগটো থৈ গৈছিল।
– বাকী মানুহ গ’ল নেকি? মই সুধিলোঁ।
– গ’লগৈ, আপুনিহে আছে।
– মানে দুই বজাৰ পাছত ক্লাছ নহয় নেকি?
– প্ৰেক্টিকেল হয় কেতিয়াবা, বাকী ক্লাছ নহয়।
 
৩ চেপ্তেম্বৰ ২০০৯। ডিপাৰ্টমেন্টৰ কমন-ৰূম।
– মেডাম, কালি দেখিলোঁ যে আবেলি ক্লাছ নাথাকেই, সেইখিনি সময় এনেয়ে যোৱাৰ সলনি কামত লগাব পাৰোঁ দেখোন- মই কলোঁ
– মানে?
– মানে ধৰক টিউটৰিয়েল ক্লাছ, কুৱেচন-আনচাৰ চেচন ইত্যাদি…
– সেইবোৰ কৰি লাভ নাই, নিয়মীয়া ক্লাছেই নকৰে, অতিৰিক্ত ক’ত কৰিব?
– তথাপিও…
– নাই, সেইবোৰ ভবাৰ দৰকাৰ নাই। তুমি নিজৰ ক্লাছ কৰা, বেছি দেখুওৱাৰ কোনো দৰকাৰ নাই, যেনেকৈ চলি আছে, তেনেকৈ চলি থাকিব, কাৰো অতিৰিক্ত ক্লাছৰ মূৰ কামোৰণি লোৱাৰ সময় নাই।
মূৰ গৰম উঠি গ’ল। ইমানো নিৰুৎসাহিত কৰিব নালাগে।
৪ চেপ্তেম্বৰ ২০০৯। সাধনিদাৰ ছাৰক কথাটো ক’লোঁ। ছাৰে হাঁহিলে।
– নতুনকৈ যোগদান কৰিছা, বহুত শিকিবলৈ আছে। কেইবছৰমান আগতে আমাৰ কলেজত হায়াৰ ছেকেণ্ডাৰীৰ তিনিটা চেকশ্বন আছিল, প্ৰতিটোত আশীজনকৈ ছাত্ৰ-ছাত্ৰী। এইবছৰ কিমান জানানে? এটা চেকশ্বন, চল্লিছজন ছাত্ৰ-ছাত্ৰী। আজিকালি ল’ৰা-ছোৱালীবোৰ চৰকাৰী মহাবিদ্যালয়ৰ সলনি কনিষ্ঠ মহাবিদ্যালয়লৈ যায়, কাৰণটো সকলোৱে জানে। এটা চিষ্টেম ইতিমধ্যে প্ৰতিষ্ঠিত হৈ গৈছে, কোনেও স্থিতাৱস্থাৰ সলনি হোৱাটো নিবিচাৰে। কোনোবাই যদি সলনি কৰিব বিচাৰে তেওঁক নিৰুৎসাহিত কৰি বোবা হৈ থাকিবলৈ বাধ্য কৰাই দিয়া হয়।
সাধনিদাৰ ছাৰ অলপ ৰ’ল, তাৰ পাছত নিজকে কোৱাদি ক’লে— আজিকালি মোৰ শত্ৰু নাই, কাৰণ বোবাৰ শত্ৰু নাথাকে।
৫ চেপ্তেম্বৰ ২০০৯। শিক্ষক হিচাপে মোৰ প্ৰথমটো শিক্ষক দিৱস। তৃতীয় বৰ্ষৰ ছাত্ৰ-ছাত্ৰীকেইজনে উলহ-মালহৰে শিক্ষক দিৱস আয়োজন কৰিলে। সাধনিদাৰ ছাৰে মোক কলে— এই যে ল’ৰা-ছোৱালীকেইটা, ইহঁতৰ বহুত সপোন আছে, বহুত আশা আছে, তেওঁলোকে বৰ্তমান সময়ত শিক্ষক হিচাপে আমাক বহুত সন্মান কৰে। কিন্তু আমি তেওঁলোকৰ প্ৰত্যাশা পূৰণ কৰিব পৰা নাই। কেইবছৰমান পাছত তেওঁলোক জনা-বুজা হব, তেতিয়া এই কথাটো বুজিব, নিচাত মাতাল হৈ তেওঁলোকে গালি পাৰিব সমাজ, চিষ্টেম আৰু আমাক। তাৰ পাছৰ ছাত্ৰ-ছাত্ৰীকেইজনৰ ফালে চাই ক’লে— তহঁতে কেকটো বঢ়িয়া খুৱাইছ, চবকে প্ৰেক্টিকেলত বঢ়িয়া নম্বৰ দিম।
পাঁচ দিন। মাত্ৰ পাঁচ দিনত মোৰ অসামাজিক চিন্তাধাৰা সামাজিক হৈ পৰিবলৈ আৰম্ভ হৈছিল।
বতাহৰ দিশত নাও মেলি দিয়াটো সহজ আছিল। কিন্তু, এখন ভিতৰুৱা গাঁৱৰ এটা ধূলিয়ৰি পথ, এখন মুখ, এযুৰি তিৰবিৰাই থকা চকুৰ সৈতে এটা ম্লান হাঁহি।
 
(৩)
মই পঢ়ি অহা মহাবিদ্যলয়খন আৰু মই পঢ়াবলৈ অহা মহাবিদ্যালয়খনৰ মাজত পাৰ্থক্য আছিল।
প্ৰথম বাৰ্ষিকত মই ক্লাছ লবলৈ যাওঁতে প্ৰথমদিনাই বহুতকেইখন কিতাপৰ নাম ব’ৰ্ডত লিখি দিলোঁ। জেৰি মাৰ্চ, ক্লেইডেন, ফিনাৰ, পাইন, কেম্প।
ক্লাছত স্পষ্টকৈ কৈ দিলোঁ যে মই নোটছ নিদিওঁ, মই কনচেপ্ট বুজাই দিম। তোমালোকে কিতাপৰ পৰা পঢ়ি নিজৰ নোটছ নিজে প্ৰস্তুত কৰিব লাগিব, যোৱা পাঁচ বছৰৰ বিশ্ববিদ্যলয়ৰ গোটেই প্ৰশ্ন ক্লাছত কৰাম, কিন্তু মই নোটছ নিদিওঁ।
প্ৰথম বাৰ্ষিকত মই ৰিয়েক্সন মেকানিজম পঢ়াইছিলোঁ, ব’ৰ্ডত মই কেৱল মলিকুল, ইলেক্ট্ৰন ডট আৰু ইলেক্ট্ৰনৰ মুভমেন্ট বুজাবলৈ কাড় আঁকিছিলোঁ। কোনো লিটাৰেচাৰ নাছিল।
কিন্তু চাৰিজনী ছোৱালীৰ বাদে আনসকল ক্লাছত খুব এটা নিয়মীয়া নাছিল। বিশেষকৈ এটা ল’ৰা আছিল। এদিন আহে, দুদিন নাহে। যিদিনা আহে সিদিনা একো বুজি নাপায়। তাৰ একো বুজা নাই ধৰণৰ অভিব্যক্তি দেখি মই নিজে হতাশ হৈ যাওঁ।
এদিন খং উঠি গ’ল।
 
– কিবা বুজি পাইছানে নাই- মই সুধিলোঁ।
– ছাৰ সেইটো কেনেকৈ হ’ল- ল’ৰাজনে ক’লে।
– এইটো কেনেকৈ হ’ল সেইটো যোৱা ক্লাছত কৰিছিলোঁ।
– ছাৰ, মই যোৱা ক্লাছ নাছিলোঁ।
– নাথাকিলে কেনেকৈ বুজি পাবা? ঘৰৰপৰা কলেজৰ পঢ়িবলৈ পঠায় নে আদ্দা মাৰিবলৈ পঠায়?
-…….
– দেউতাৰে কি কৰে?
-………
– যিয়েই নকৰক কিয়, তোমালোকে যাতে পঢ়ি-শুনি ডাঙৰ মানুহ হোৱা তাৰ বাবেইতো কষ্ট কৰি তোমালোকক পঢ়াইছে, হয় নে নহয়?
– হয়
– তেন্তে?
– ……
– চোৱা এটা কথা জানি লোৱা, মোৰ ক্লাছত নিয়মীয়াকৈ আহিব লাগিব। এটেনডেন্স মই চবকে দি দিম, কিন্তু অনুগ্ৰহ কৰি এইদৰে সময় কটাবলৈ আহিব নালাগে, লাগিলে একেবাৰে আহিবই নালাগে।
কলেজত থাকোঁতে মই সাধাৰণতে ক্লাছ খটি নকৰিছিলোঁ, এটা ক্লাছ থাকিলেও আহিছিলোঁ। মই মাত্ৰ দুটা ক্লাছ খটি কৰিছিলোঁ এটা জিত ছাৰৰ আৰু আনটো চুমী মেমৰ। ছাৰে সেই ক্লাছটোত চিলেকচন ৰুল পঢ়াইছিল আৰু মেমে ই.এচ.আৰ স্পেক্ট্ৰা, আৰু আজিলৈকে এই দুটা টপিকৰ ওপৰত মোৰ কনচেপ্ট ক্লিয়াৰ নহ’ল।
যিয়েই নহওঁক গালি খাই আৰু কেইটামান ছাত্ৰ-ছাত্ৰী নিয়মীয়া হ’ল।
 
চেপ্তেম্বৰৰ শেষ সপ্তাহ। বিয়াৰাৰ এজনৰ অৱসৰ, ডিপাৰ্টমেন্টত বিদায়-সভা আয়োজন হ’ল। পাছবেলা গোটেইকেইজন শিক্ষক বিয়াৰাৰজনৰ ঘৰলৈ গ’লোঁ। বিয়াৰাৰজনৰ ঘৰটো ভিতৰুৱা গাঁও এখনত। গাড়ীৰে তেওঁৰ ঘৰ পাওঁতে প্ৰায় আধাঘন্টা লাগিল। অৱসৰৰ উপলক্ষে ভালেকেইজন মানুহ তেওঁৰ ঘৰত গোট খাইছে।
উভতি আহোঁতে বেলি লহিয়াইছে। গাঁওখনৰ কেঁচা ৰাষ্টোটোয়েদি আমাৰ ৰঙা ৰঙৰ জেনখন পাছফালে ধূলি উৰুৱাই আগুৱাইছে। ষ্টেয়াৰিং সাধনিদাৰ ছাৰৰ হাতত। পথটো ধূলিময়। সমুখৰপৰা গৰু এজাক আহিছে। সাধনিদাৰ ছাৰে গাড়ীৰ ব্ৰেক মাৰিলে। পিছফালৰ ধূলিজাকে গাড়ীখন আৱৰি ধৰিলে। এটা এটাকৈ গৰুবোৰ পাৰ হৈ গৈ আছে।
– ছাৰ কৰবালৈ আহিছিল?
– মতিন কা ৰিটায়াৰ হ’ল, তাক থ’বলৈ আহিছিলোঁ। সাধনিদাৰ ছাৰে ক’লে।
– ছাৰ ভালনে? গৰুবোৰ খেদি অনা ল’ৰাটোৱে মোক সুধিলে।
– ভাল। মই ক’লোঁ।
সাধনিদাৰ ছাৰে ক’লে। ই আমাৰ ডিপাৰ্টমেন্টৰে। প্ৰথম বাৰ্ষিকৰ। দেউতাকৰ গা ভাল নহয়। খেতি-বাতি কৰি ঘৰখন ইয়েই চাই আছে।
ক’ত ক্লেইডেন, ফাইনাৰ, জেৰি মাৰ্চ আৰু কত ধূলিৰে নেদেখা এটা পথ!
পাছদিনাখন মই কলেজত ৰেজিগনেচন লেটাৰ দিলোঁ।
(৪)
মই পলাবলৈ খুজিছিলোঁ। সাধনিদাৰ ছাৰে প্ৰিন্সিপালৰ টেবুলৰপৰা মোৰ ৰেজিগনেচন লেটাৰখন লৈ আনিলে।
– যাব কিয় খুজিছা? -ছাৰে সুধিলে।
– নাই, এনেয়ে। -মই ক’লোঁ।
– ক্লাছৰ সংখ্যা যদি বেছি হৈছে বুলি ভাবিছা কমাই দিম।
– তেনেকুৱা একো কথা নাই।
– তেন্তে?
– ……
– চোৱা, যোৱা বছৰ আমি কোনো মানুহ নাপালোঁ, কোৰ্চ পাল মাৰি থৈ দিলোঁ। এইবাৰ অন্তত তুমি আহিছা, ভাল শিক্ষক এজন পাইছোঁ। তুমি এৰি গ’লে বৰ দিগদাৰ হব।
– ……
– যদি বেলেগত ভাল সুবিধা পাইছা, তেন্তে মই তোমাক থাকিবলৈ নকওঁ।
– তেনেকুৱা একো নাই।
 
সাধনিদাৰ ছাৰক পৰিস্থিতিটোৰ কথা কলোঁ, যিখন গাঁওলৈ গাড়ীৰে ত্ৰিশ মিনিট সময় লাগে তাত থকা ধূলিময় ৰাষ্টাত ক্লেইডেন-ফাইনাৰ… কেনেকৈ?
ছাৰে অলপ সময় চিন্তা কৰিলে, তাৰ পাছত ক’লে- যোৱা বিছ বছৰে মই তোমাৰ দৰেই অনুভৱ কৰি আহিছিলোঁ। চেষ্টা নকৰা নহয়, কৰিছিলোঁ। প্ৰথমতে বহুত কৰিছিলোঁ। কিন্তু, মই আজিকালি কলা-বোবা হোৱাৰ চেষ্টা কৰোঁ।
– ছাৰ, মই কলা-বোবা হব নোৱাৰোঁ। -মই কলোঁ।
– তেন্তে?
– মই একো সলনি কৰিব নোৱাৰোঁ, চো আই ৰিজাইন।
– ৰেজিগনেচন ইজ নট দা চলুচন।
– গেটিং দিফ এন্ড ডাম্ব ইজ অলচো নট এ চলুশ্বন।
– অলপ ঠাণ্ডা মগজুৰে চিন্তা কৰা। ধৰা তুমি গুচি গ’লা, কাৰ লোকচান হ’ব? মোৰ একো নহয়, মই দৰমহা পাই থাকিম, কিন্তু লোকচান হ’ব তোমাৰ ছাত্ৰ-ছাত্ৰীকেইটাৰ, যাৰ কাৰণে তুমি ৰিজাইন দিব খুজিছা।
– হয়, কিন্তু ইয়াৰ সমাধান কি?
– চোৱা, আমাৰ কলেজৰ ৮০ শতাংশ ছাত্ৰ-ছাত্ৰীয়েই গ্ৰামাঞ্চলৰ। বেছিভাগেই ঘৰৰ কাম বন কৰি উঠি কলেজ কৰে। তুমি-মই কাক কাক সহায় কৰিম? যেতিয়ালৈ ছছিঅ’-ইকনমিক ষ্ট্ৰাকচাৰ ভাল নহয়, তেতিয়ালৈ এনেকৈয়ে চলিব।
– আৰু কেতিয়া ছ’ছিঅ’-ইকনমিক ষ্ট্ৰাকচাৰ ভাল হ’ব?
– হয়তো কেতিয়াও নহয়।
– কলেজৰ পৰা কিবা অনুদান দিব পৰা যায় নেকি?
– নাভাবিবাই।
– কিয়?
– হীৰক জয়ন্তী, শতবাৰ্ষিকী উদ্‌যাপনৰ নামত আমি লাখ লাখ টকাৰ সাংস্কৃতিক-সন্ধিয়া পাতোঁ, কিন্তু কেতিয়াও কোনেও নাভাবোঁ যে এইবোৰৰপৰা অলপ পইচা ৰাহি কৰি লাইব্ৰেৰীত কিতাপৰ সংখ্যা বঢ়াম। অন্ততঃ কেইজনমান আৰ্থিকভাৱে দুৰ্বল লৰা-ছোৱালীক ফীজ মাফ কৰি দিম, চাকৰিৰ বাবে হোৱা পৰীক্ষাবোৰৰ বাবে এটা সংগঠিত প্ৰশিক্ষণ দিম। কোনেও নাভাবোঁ। আচলতে এইবোৰ কাম হ’ব লাগে, কিন্তু নহয়। হোৱা হ’লে ৰেজিগনেচন দিয়াৰ কথাই নাহিলহেঁতেন।
– হয়, তেন্তে পাৰ্চনেল এফৰ্ট?
– মে বি। কিন্তু জানানে? যোৱা বাৰ বছৰত মই ইয়াৰপৰা কিমান ছাত্ৰ-ছাত্ৰীক পঠিয়াইছোঁ। বহুত। কিন্তু প্ৰতিষ্ঠিত হোৱাৰ পাছত কোনোবা ইয়ালৈ ঘূৰি আহিছে জানো? নাই অহা। যোৱা বছৰ এজনে কৈ গ’ল- তাক চাকৰি দিয়াৰ ইচ্ছা নাই, সেয়ে ইচ্ছাকৃতভাৱে এডভাৰটাইজমেন্ট নুলিয়ালোঁ।
– ….
– কেতিয়াবা কোনোবা আহে, তেওঁলোকে ব্যক্তিগত সফলতাৰ কথা পাতে, বিদেশ যাত্ৰা, শেহতীয়া মডেলৰ গাড়ী, ২-৩ BHKs… কিন্তু তেওঁলোকে পাহৰি যায় যে এসময়ত মই তেওঁলোকক কিতাপৰ খবৰ দিছিলোঁ। বৰ্তমান তেওঁলোকক সেই কিতাপবোৰৰ প্ৰয়োজন নাই। মই সেই কিতাপবোৰৰ অংশবিশেষ দেখা পাওঁ কাবাৰীৰ দোকানত বা কোনোবা চানাচুৰ বেপাৰীৰ বাকচৰ ভিতৰত, ৰাজহুৱা লাইব্ৰেৰীৰ চেলফৰ ভিতৰত নহয়।
– আপুনি হয়তো ভুল বিকল্পবোৰ বাচি লৈছিল।
– মই সু-সাম্ভাব্য বিকল্পবোৰ বাচি লৈছিলোঁ। হয়তো মই ভুল আছিলোঁ।
– তেনেহ’লে?
– হয়তো এটা উপায় আছে। ভাবাচোন, আমি এটা যদি সংগঠিত পদ্ধতিৰ সৃষ্টি কৰোঁ, যাৰ দ্বাৰা ব্যক্তিগত সলনি কেইজনমান ল’ৰা-ছোৱালী গ্ৰুপ হিচাপে উলিয়াই দিওঁ, তেওঁলোক উতপাদনমুখী কামত নিয়োজিত হ’ব, ভাল চাকৰি পাব, ভাল কাম কৰিব…। তেওঁলোকেও এই সংগঠিত পদ্ধতিত গ্ৰুপ হিচাপে বৰঙণি দিব, ৰিভাৰ্চ কন্ট্ৰিবিউচন। পাছৰ বছৰ আকৌ এচাম ওলাব। এটা নতুন গ্ৰুপ…. ৱান ডে দেয়াৰ উইল বি এ ৰিফৰমেচন, এ ছ’ছিয়েল ৰিফৰমেচন।
– এইটো অসম্ভৱ নহয়।
– কিন্তু প্ৰচলিত পদ্ধতিটোৱে সংশোধন নিবিচাৰে। বৰ্তমান ভাল পজিচনত থকা দহৰ নজনেই বিৰোধিতা কৰিব।
– কিয় বিৰেধিতা কৰিব? এইটোতো বেয়া কাম নহয়।
– তুমি এদিন নিজেই বুজিবা। স্পেচিয়েলি হোৱেন য়ু গেট টু এ গুড পজিচন।
 
মই ৰেজিগনেচন নিদিলোঁ। মই জানিবলৈ খুজিছিলোঁ- মই কি বুজি পোৱাৰ কথা ছাৰে কৈছিল।
(৫)
 
তাৰ পাছত বহুত সময় পাৰ হৈ গ’ল।
সাধনিদাৰ ছাৰে কোৱাৰ দৰে- বেছিভাগ ক্ষেত্ৰতে ইন্দিভিজুৱেল এফৰ্ট অন ইন্দিভিজুৱেলচ উইল লীড টু অনলি ইন্দিভিজুৱেলচ
“Students who acquire large debts putting themselves through school are unlikely to think about changing society. When you trap people in a system of debt they cannot effort time to think”
(৬)
তাৰ ডেৰবছৰ পাছত মই যেতিয়া জিতুলক কথাটো কৈছিলোঁ জিতুল প্ৰথমতে অলপ দোধোৰ-মোধোৰত পৰিছিল।
– অলপ বেছি হোৱা নাইনে? জিতুলে সুধিছিল।
– বেছিয়েই কৰিছোঁ। মই কৈছিলোঁ।
– যদি আমাৰ অৱস্থা অতি বেয়ালৈ গুচি যায়?
– মই বহুত সুখী হ’ম, যদি কোনোবাই আমাৰ অৱস্থা বেয়া কৰিব পাৰে। কিন্তু ২-৩ বছৰলৈ কোনো সম্ভাৱনা নাই।
– কিয়?
– ২-৩ বছৰ পাছত নিজেই গম পাবা।
– কিমান দিনলৈ এইবোৰ চলাবা?
– যেতিয়ালৈ আমি টিকি আছোঁ। যেতিয়া আমি নোৱাৰিম, তেতিয়া বাদ দিম।
– কিন্তু কিয়?
– বিমলেশ বৰপুজাৰীক মনত আছেনে?
– আমাৰ ডিপাৰ্টমেন্টৰ মুৰব্বী আছিল যে…
– অ’, আমি দ্বিতীয় বাৰ্ষিকত থাকোঁতে তেওঁৰ অৱসৰ লৈছিল, অৱসৰৰ দিনা তেওঁ এটা বক্তৃতা দিছিল, মনত আছেনে?
– অলপ অলপ।
– তেওঁ তেওঁৰ ল’ৰা-ছোৱালীৰ বিষয়ে কৈছিল। ডাঙৰজন ইঞ্জিনিয়াৰ, আমেৰিকাত থাকে। কিন্তু সৰুজনৰ বাবে তেওঁৰ চিন্তা হৈছিল। সৰুজনে হায়াৰ ছেকেণ্ডাৰীৰ পাছত ইঞ্জিনিয়াৰিঙত ছীট পোৱা নাছিল। তেওঁ নিজৰ বন্ধু আৰু সহকৰ্মীৰ সৈতে আলোচনা কৰি সৰু পুতেকক পেইড ছীটত নামভৰ্ত্তি কৰি দি বাংগালোৰলৈ পঠাইছিল। মিটিঙত তেওঁ গৌৰৱেৰে কৈছিল যে সৰু পুতেকে বৰ্তমান তেওঁতকৈও বেছি উপাৰ্জন কৰে।
– অ, মনত পৰিছে।
– তাৰ পাছত তেওঁ কি কৈছিল— তেওঁ সৰু পুতেকক জেনেৰেল লাইন কিয় নপঢ়ালে— কাৰণ জেনেৰেল লাইনত চাকৰি পাবলৈ নেট-গেট পোৱাটো অৱশ্যে প্ৰয়োজনীয়, আৰু নেট-গেট পোৱাটো বহুত টান বুলি তেওঁ মিটিঙত কৈছিল, তেতিয়া আমি কি ভাবিছিলো।
– আমি ভাবিছিলো যে জেনেৰেল নাইন পঢ়ি আমি জীৱনৰ সকলোতকৈ ডাঙৰ ভুল কৰিছিলো, ভৱিষ্যতৰ এটা বেকাৰ হোৱাৰ দুস্বপ্নই আমাক খেদি ফুৰিছিল তেতিয়া।
– কিন্তু তেতিয়াৰ আমাৰ ধাৰণা মিছা আছিল।
– হয়, বিজয়, আদিত্য আৰু মনোজে আমাৰ ধাৰণা সলনি কৰিছিল।
– বিজয়হঁতে আমাক কি দিছিল? এটা ধনাত্মক মনোবৃত্তি, অলপ অনুপ্ৰেৰণা।
– হয়।
– আমি একেই কৰিবলৈ চেষ্টা এটা চলাম।
(৭)
মাৰ্চ ২০১১।
মোৰ পুৰনা ডিপাৰ্টমেন্টটোলৈ সোমাই গ’লো। ডিপাৰ্টমেন্টৰ মুৰব্বীৰ লগত আগতেই কথা পাতি থোৱা আছিল।
– তোমালোকে আচলতে কি কৰিব খুজিছা? -মৰব্বীয়ে সুধিলে।
– তেওঁলৈ কাগজ এখন আগবঢ়াই দিলো।
“আমাৰ উদ্দেশ্য হ’ল ডিপাৰ্টমেন্টত এটা প্ৰতিযোগিতামূলক পৰিবেশ গঢ় দিয়া, য’ত প্ৰতিজন ছাত্ৰ-ছাত্ৰীয়ে সৰ্বভাৰতীয় স্তৰত প্ৰতিযোগিতাৰ বাবে নিজকে সাজু কৰাৰ চেষ্টা কৰে। তেওঁলোক সেই পৰীক্ষাবোৰত সফল হয় তথা নিজৰ আৰু ডিপাৰ্টমেন্টলৈ সুনাম কঢ়িয়াই আনে, ব্যক্তিগতভাৱে কৰাৰ সলনি দল হিচাপে হিচাপে পাৰফৰ্ম কৰে।
ইয়াৰ বাবে আমি ছাত্ৰ-ছাত্ৰীসকলক অনুপ্ৰাণিত কৰাৰ চেষ্টা কৰিম। ভাল ফলাফল কৰা ছাত্ৰ-ছাত্ৰীক পুৰষ্কাৰ দিম। অহা-যোৱাৰ খৰচ দিম, কিতাপ দিম, বৃত্তি দিম, ৰাজহুৱাভাৱে সম্বৰ্ধনা জনাম, যাতে তেওঁলোকক দেখি পাছৰ চাম ছাত্ৰ-ছাত্ৰী উৎসাহিত হয়।
প্ৰতিবছৰে আমি চেমিনাৰ বা ইন্টাৰএকটিভ চেচন পাতিম, য’ত আমি ছাত্ৰ-ছাত্ৰীক বিভিন্ন কেৰিয়াৰ সম্পৰ্কীয় তথ্য দিবলৈ চেষ্টা কৰিম আৰু যিকোনো ভাল সুবিধা বা চাকৰিৰ খবৰ ছাত্ৰ-ছাত্ৰীয়ে পোৱাৰ ব্যৱস্থা কৰাৰ প্ৰয়াস কৰিম।”
মুৰব্বীয়ে কাগজখন পঢ়িলে—
– কিমান দিনলৈ?
– চাবজেক্ট টু দা টাৰ্গেটচ। আমি ফিডবেক লম আৰু বিশ্লেষণ কৰিম, প্ৰয়োজন হ’লে ষ্ট্ৰেটেজি সলনি কৰিম। কিন্তু কৰাৰ চেষ্টা কৰিম।
– তোমালোকেতো বহুত কিবাকিবি দিম বুলি কৈছা, ফান্ড বহুত লাগিব, কৰপৰা যোগাৰ কৰিবা?
– চিষ্টেমে আমাক দৰমহা বোলা বস্তু এটা দি আছে। উই উইল দেভট এ পাৰ্ট অফ ইট ফৰ দা কজ।
– তথাপি, প্ৰতিবছৰে অতি কমেও ২০-২৫ হাজাৰ খৰচ হ’ব।
– হয়তো বেছি হ’ব, বেছি হলেহে আমি ভাল পাম।
– ইটছ নট এ স্মল এমাউন্ট।
– মেম দন্ট মাইন্দ, মোৰ সহকৰ্মী এজনে ছমাহত KFC ৰ চিকেন আৰু Bagpiper, Black Dog ৰ দৰে Fermented beverage ৰ নামত যিমান খৰচ কৰে তাতকৈ বেছি নহয়গৈ ছাগে, আৰু এইটো কামত মই অকলশৰীয়া নহয়।
– ঠিক আছে, এইবোৰ কাৰোবাৰ সোঁৱৰনত দিবা নেকি? অমুক সোঁৱৰনী, তমুক সোঁৱৰনী?
– নিদিও। আচলতে বঁটা দিয়াটো আমাৰ উদ্দেশ্য নহয়। লোকক দেখুৱাই টকা-গামোচা বিলাই লাভ নাই।
– তেন্তে?
– আমি এটা “আইডিয়া” কনভে কৰিব বিচাৰিছো। এ যোগাত্মক পৰিৱেশ। এক অনুপ্ৰেণা।
– মানে?
– প্ৰতিভা সকলোৰে থাকে। যেতিয়া লৰা-ছোৱালীবোৰে নিজে নিজৰ অন্তনিহিত প্ৰতিভা উপলব্ধি কৰিব পাৰিব, তেতিয়া তেওঁলোকৰ আত্মবিশ্বাস বাঢ়িব, তেতিয়া তেওঁলোকে স্বাধীনভাৱে চিন্তা কৰিব পাৰিব, সকলো ক্ষেত্ৰতে তেওঁলোকে নিজৰ শ্ৰেষ্ঠতম প্ৰদৰ্শন কৰিব, সেইটোৱেই আমাৰ মুললক্ষ্য।
– ডু য়ু থিংক ইট উইল ৱৰ্ক আউট? -মুৰব্বীয়ে সুধিলে।
– নিশ্চিত নহয়। অন্ততঃ আমি এটা চেষ্টা কৰিব পাৰোঁ, যেতিয়ালৈ চেষ্টা নকৰোঁ তেতিয়ালৈ আমি বিফল নহওঁ। মই ক’লোঁ।
 
(৮)
 
চাকৰি আৰু ব্যক্তিগত ব্যস্ত জীৱনৰপৰা আমি সময় উলিয়াইছোঁ। তথ্য গোটাইছোঁ, কষ্টোপাৰ্জিত কিছু ধন এটা পৰিৱৰ্তনৰ সপোনৰ নামত খৰচ কৰিছোঁ, কেইজনমান আমাৰ লগত নতুনকৈ যোগ দিছে। কিন্তু বহুতৰ মতে আমি বিফল হৈছোঁ। হয়তো হৈছোঁ।
 
২ চেপ্তেম্বৰ ২০১৩। আই.আই.টি.ত জিতুলৰ হোষ্টেল।
-উই ফেইলড দিচ টাইম অলচো- জিতুলে ক’লে।
– আনফৰচুনেটলি উই ডু। মই উত্তৰ দিলোঁ।
– ইয়াৰ পাছত?
– চিম্পল, উই উইল ফেইল এগেইন, তাতকৈ বেছি একো নহয়।
– পৰৱৰ্তী পৰিকল্পনা?
– ৪ তাৰিখে ১১ টা বজাত যোৱাবাৰৰ বিষয়-বস্তুৰে এটা PPT প্ৰেজেনটেছন আছে। যোৱাবাৰৰ ৰেচপনচৰপৰা শিকি এইবাৰ বেলেগ কাকো মতা নাই। ৩০-৪০ এটেনডেন্স হ’ব, দুয়োজনে চম্ভালি লম।
৪ চেপ্তেম্বৰ ২০১৩। মহাবিদ্যলয়ৰ ‘নিউ গেলাৰী’। ৰাতিপুৱা ১০.৫০। লেপটপটোত প্ৰজেক্টৰটো সংযোগ কৰি পৰীক্ষা কৰি আছোঁ, গেলাৰীত মই, জিতুল আৰু এজন বিয়াৰাৰ। ১০.৫৫ বাজিছে। কেইজনমান ল’ৰা-ছোৱালী সোমাই আহিল। তাৰ পাছত আৰু কেইজনমান.. আৰু কেইজনমান… আৰু… মই কেতিয়াও ভবা নাছিলোঁ ১১ টা বজাৰ আগতেই ডেৰশ কেপাচিটিৰ গেলাৰী ভৰ্তি হৈ গ’ল।
মই এটা স্লাইড-শ্বো প্লে কৰিলোঁ। বিশ্ববিদ্যালয়ৰ সোণালী দিন। তাৰ পাছত ছ’ছাইটিৰ ৰেফাৰীৰ ৰঙা কাৰ্ড, দোধোৰ মোধোৰত ওলমি থকা এটা বান্দৰ। “The most common Story”।
তোমালোকৰ কোনে কোনে সমৰ্থন কৰা -মই সুধিলোঁ।
কেইখনমান হাত ওপৰলৈ উঠিল। তোমালোকৰ কোনে কোনে “The most common Story” টো নতুনকৈ লিখিব খোজা
প্ৰায় প্ৰত্যেকেই হাত দাঙিলে। তিনিঘন্টা ধৰি ইন্টাৰএক্টিভ চেচন চলিল।
এটা ধূলিৰে নেদেখা ৰাষ্টাৰ ধূলি আঁতৰাই “One day the young saplings will grow up and contribute to self, family & a little bit to the society”… “A little bit” য়েই যথেষ্ট।
 
…এইটোৱেই আছিল এটা ছিউড’ছ’ছিয়েল সপোন…
সেইদিনা সেই গেলাৰীটোত থকা তিনিজন ছাত্ৰ-ছাত্ৰীয়ে ২০১৪ বৰ্ষত IIT-JAMত উত্তীৰ্ণ হৈ আই.আই.টি.ত আসন লাভ কৰিছে। ২০০৪ ৰ পৰা অনুষ্ঠিত হৈ অহা সৰ্বভাৰতীয় পৰ্যায়ৰ এই পৰীক্ষাটোত পোন প্ৰথমবাৰৰ বাবে অসমৰ এখন কলেজৰ এটা বিভাগৰ পৰা তিনিজনকৈ ছাত্ৰ-ছাত্ৰী উত্তীৰ্ণ হৈছে।
 
উপসংহাৰ-
আজি যেতিয়া “মই” মোৰ গাঁওখনলৈ যাওঁ, মোৰ বিদ্যালয়খনলৈ যাওঁ, মহাবিদ্যলয়-বিশ্ববিদ্যালয়ৰ পুৰণা ক্লাৱটোলৈ যাওঁ, তেতিয়া মানুহৰ চকুত “মই” সমীহ দেখা পাওঁ। কাৰণ বৰ্তমান চিষ্টেমটোত “মই” এটা ভাল পজিছনত আছোঁ। আৰু সাধনিদাৰ ছাৰৰ কথা অনুসৰি আন বহুতৰ দৰেই “মই” চিষ্টেমটোৰ একো পৰিবৰ্তন বিচৰা উচিত নহয়। কাৰণ যদি কেনেবাকৈ কিবা পৰিবৰ্তন আহে তেতিয়া বৰ্তমান “মই” লাভ কৰা সমীহবোৰ কিজানি নোহোৱা হৈ যাবও পাৰে। তেতিয়া কি হ’ব? তেনেকুৱা এটা ভয় মোৰ মনত থকা উচিত। আৰু হয়তো “মই” কাৰোবাক ক’ম, যেনেকৈ চলি আছে তেনেকৈ চলি থাকিব।
কিন্তু!
মুষ্টিময় কিছুমান লোকৰ সেই কোনো ভয় নাই। তেওঁলোকে ভাৱে যদি এটা চিষ্টেমত থিয় দি টিকি থাকিব পাৰিছে, পৃথিৱীৰ যিকোনো ঠাইৰ যিকোনো চিষ্টেমত মূৰ থিয় কৰি থাকিব পাৰিব। আৰু সেয়ে হয়তো, তেওঁলোকে কিছুমান পৰিবৰ্তনৰ সপোন দেখিবলৈ সাহস গোটাব পাৰে। কাৰণ তেওঁলোকৰ এই সপোনবোৰত “মই” ৰ কোনো অস্তিত্ব নাই। এই সপোনটোত কেৱল “আমি” আছে।
 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments