এটা টেলিফ’নৰ কথাৰে (নীলোৎপল শৰ্মা)

যোৱা দেওবাৰে বিশৃংখল হৈ থকা পুৰণি আলমাৰি এটা অলপ ঠিক কৰো বুলি আলমাৰিটোত থকা বস্তুবোৰ এপদ এপদকৈ বাহিৰ উলিয়ালোঁ। বস্তুবোৰ উলিয়াই থাকোঁতেই হঠাৎ এটা ৰঙা প্লাষ্টিকৰ বেগ চকুত পৰিল, খুলি চাই দেখিলো সেইটো আমাৰ ধোঁৱা বৰণৰ পুৰণি টেলিফ’নটো। বৰ্তমান অব্যৱহৃত যদিও স্বাস্থ্য এতিয়াও পৰি যোৱা নাই। এইটো কেতিয়াৰ পৰা ইয়াত সোমাই আছে নাজানো। কিন্তু টেলিফ’নটোৰ এই দশা যে ম’বাইলৰ আধিপত্য বিস্তাৰৰ ফল বুজাত অসুবিধা নহ’ল।

আমাৰ গাঁৱলৈ কেতিয়া টেলিফ’ন আহিছিল ভালকৈ মনত নাই। তাৰ আগত টেলিফ’ন বুলি ক’লে গাঁওখনৰ ভিতৰত কেৱল দেৱজিত দাদাহঁতৰ টেলিফ’নটোহে মনলৈ আহে। চোতালত আছিল সুউচ্চ ম’বাইল টাৱাৰৰ দৰে কিবা এটা বস্তু। প্ৰায়বোৰ মানুহৰ বাবেই ই অৱশ্যে কৌতুহলৰ বিষয়বস্তুও আছিল। সেয়া যিয়ে নহওঁক, সেই সময়ত কিন্তু দেৱজিতদাদাহঁতৰ ঘৰত যথেষ্ঠ মানুহৰ সমাগম হৈছিল। উপলক্ষ নিকটাত্মীয়ৰ কুশল সংবাদ…। এদিন সৰু মাহী আৰু মইও গৈছিলোঁ ধেমাজিত চাকৰি সূত্ৰে থকা ডাঙৰ মাহীলৈ ফ’ন কৰিবলৈ । আইতাৰ কঁকালৰ বিষ ভাল পাইছে, দিবাকৰ খুড়াৰ ল’ৰা পুলকে মেট্ৰিকত ষ্টাৰ পাইছে, বাবাদাদাহঁতে কালি কলঙত মস্ত বৰালি এটা পালে.. ইত্যাদি কিমান যে খবৰ। ডাঙৰ মাহীয়েও সিমূৰৰ পৰা- তাই থকা ঠাইত বানপানী হোৱা নাই, দুদিন আগত মালিকৰ ঘৰত চোৰ সোমাইছিল, অৱশ্যে একো নিব নোৱাৰিলে, ঘৰলৈ চাগৈ পূজাৰ আগত যোৱা নহ’ব আদি ইটোৰ পিছত সিটোকৈ ব্ৰেকিং নিউজবোৰ দি যায়। তাৰ পিছতে আৰম্ভ হয় গাখীৰ চাহেৰে আতিথ্য আৰু আমাৰ পৰা আগবঢ়াওঁ ফ’নৰ আনুমানিক কলচাৰ্জ। “কি কৰিছা এইবোৰ, নাপায় নহয় ধেইৎ” বুলি আমাক ওলোটাই প্ৰশ্ন। বাধ্য হওঁ গাঁঠিৰ ধন গাঁঠিত ভৰাই থ’বলৈ। অগণন চিনাকি অতিথিৰ আপ্যায়ন আৰু ফোনৰ বিলৰ ওপৰত দিয়া এনে ৰাজসাহাৰ্য্যৰ বাবে সেইসময়ত দেৱজিৎদাদাহঁতৰ ঘৰত কি পৰিস্থিতিৰ উদ্ভৱ হৈছিল সেয়া জ্ঞাত নহ’লো যদিও এঘৰ মধ্যবিত্ত মানুহৰ বাবে তেনে পৰিস্থিতি খুব এটা সাধাৰণ নহ’ব যেনেই বোধ হয়।

লাহে লাহে গাঁৱৰ আন মানুহৰ লগতে আমাৰ ঘৰলৈকো টেলিফ’ন আহিল। দীৰ্ঘ প্ৰতীক্ষাৰ অন্তত অহা এটা সপোনৰ টেলিফ’ন। আস্…ৰিচিভাৰটো দাঙি ল’লে কুৰ্ কুৰ্ শব্দটো আজিও কাণত বাজি উঠে। ফোন আহিলেই দৌৰি গৈ হেল্ল’ কোৱাৰো এক সুকীয়া মাদকতা আছিল। গাঁৱৰ কেইবাঘৰ মানুহৰে টেলিফোন হ’ল, ইঘৰে সিঘৰক খবৰ লোৱাৰ প্ৰকোপো বৃদ্ধি পালে কিন্তু লগে লগে আন এটা ফেশ্বনেও গা কৰি উঠিল। মধ্যমীয়া ধৰণৰ ৰিং এটা কৰি পাকঘৰত কাম কৰি থকা উৰ্মিলা পেহী, জগত বৰদেউতাহঁতৰ বৰমা বা তৰু খুড়ীহঁতক পাকঘৰৰ পৰা ড্ৰয়িংৰূমলৈকে দৌৰাই ঠিক ৰিচিভাৰটো দাঙিব খুজোঁতেই ৰিংটো বন্ধ কৰি দি এচামে দুপৰীয়া সময়খিনিৰ বেচ্ মজা লৈছিল। এইবোৰ আছিল সৰু সৰু ধেমালি, পিছলৈ অৱশ্যে এইবোৰ নোহোৱা হৈছিল গৈ।

লাহে লাহে ফোন নথকা দুই এঘৰেও নিজৰ চিনাকি আৰু বিশ্বস্ত মানুহৰ ফোন নাম্বাৰটোকে নিজৰ যোগাযোগৰ বাবে ব্যৱহাৰ কৰিছিল। দৰকাৰী– অদৰকাৰী, সুখ– দুখ, প্ৰেম– বিৰহৰে ভৰপূৰ অলেখ খবৰ কঢ়িয়াই আনিছিল টেলিফ’নটোৱে।

এদিন ওচৰৰে প্ৰণৱ দা আহিছিল ফ’ন কৰিবলৈ, তেতিয়া আবেলি ৪ মান বাজিছিল, সেই সময়ত মা, দেউতা কোনো কামৰ পৰা আহি নাপায়হি বাবে ঘৰত মই অকলেই থাকো। সেই দিনতো আছিল মাথো আৰম্ভণি হে… লাহে লাহে কামফেৰা নিয়মীয়া হৈ পৰিল। সদায় নহয় কিন্তু ঘনাই প্ৰণৱদাৰ আগমন ঘটিব ধৰিলে। ৰিচিভাৰটো কাণত লগাই প্ৰণৱদাৰ কথা পতাৰ ষ্টাইল দেখিয়েই সিমূৰৰ অদৃশ্য জন যে কোনোবা ৰম্ভা মেনকাই হ’ব এক প্ৰকাৰৰ খাটাং হৈছিলোঁ। প্ৰথমে পৰিচয় লুকুৱাইছিলোঁ যদিও বেছিদিনলৈ নোৱাৰিলে। ৰঙিয়াৰ ফালৰ বুলি জানিছিলোঁ পিছলৈ। অৱশ্যে এই প্ৰেম কাহিনীৰ আৰম্ভণি কিদৰে হৈছিল তাৰ ইতিবৃত্ত মোৰ বুৰঞ্জীত লিপিবদ্ধ নহ’ল কেতিয়াও। মাথো আবেলি ৪ মান বজাত ফোন এটা আহে- “হেল্ল’.. মই নিজৰাই কৈছো, প্ৰণৱদাক অলপ মাতি দিব পাৰিবা নেকি ?” …..এনেকৈয়ে দুৰন্ত গতিৰে চলি যায় দুয়োৰে প্ৰেম, ডাকোৱালতকৈ বহু বিশ্বস্ত টেলিফ’নটোয়ে একমাত্ৰ সাৰথি হৈ পৰে তেওঁলোকৰ।

আজিও মনত আছে নিজৰা বৌয়ে (বৌ সম্বোধন প্ৰণৱ দাৰ একান্ত তাগিদাতহে) প্ৰণৱদাক ফোনতে এটি কবিতা উপহাৰ দিছিল—

নিদ্ৰাহীন আকাশত তৰাৰ দলিচা দেখি
বৰকৈ মনত পৰে তোমালৈ
তুমি লাজুক চকুৰে বাৰে বাৰে জুমি চোৱা
মোৰ ভিজা ওঁঠৰ কঁপনি,
তোমাৰ শব্দৰ পাৰ ভঙা উচাহে
মোৰ হৃদয়ৰ চোতালত সিঁচি যায় জোনাক…

…এনেকৈয়ে বহু আৱেগেৰে আহ্লাদিত, অনুৰাগেৰে উজ্জীৱিত একান্ত ব্যক্তিগত মুহূৰ্তবোৰ টেলিফ’নটোৱে বুকু পাতি লয়…নিৰৱে, নিৰ্বিবাদে…।

কেৱল প্ৰেমেইনে! এই টেলিফ’নটোত আন্তৰিক ভাব বিনিময়ৰ পৰা আৰম্ভ কৰি নীতি-আদৰ্শ আনকি উপদেশলৈকে… একো বাদ পৰা নাছিল। মোৰ মেট্ৰিক পৰীক্ষাৰ আগত এই টেলিফ’নটোৰ মাজেৰে কিমান যে উপদেশৰ টোপোলা বৈ আহিছিল… “ভালকৈ পঢ় দেই, ভাল ৰিজাল্ট কৰিব লাগিব”, “ঘৰৰ এটাই ল’ৰা, তাতে আকৌ মাষ্টৰৰ পুতেক…নপঢ়িলে কি কৰি খাবি….”
……………..কত যে কি উপদেশ।
কিমান যে সৰু ডাঙৰ স্মৃতি মেদুৰতাত জীপাল হৈ ৰৈছিল টেলিফ’নটো। আজি কিন্তু ম’বাইল ফ’নৰ জোৱাৰত ই অৱহেলিত হৈ পৰিল। এসময়ত গৃহ সৌন্দৰ্য অহংকাৰ বুকুত বান্ধি লৈ ফুৰা টেলিফ’নবোৰ ক্ৰমশঃ মানুহৰ পৰা বিচ্ছিন্ন হৈ গ’ল। দেৱজিৎদাদাহঁতৰ চোতালৰ সেই যে ওখ টাৱাৰটো আজিও আগৰ দৰেই আছে, বহু পৰিৱৰ্তনৰ নিৰৱ সাক্ষী হৈ। টেলিফ’নটো অৱশ্যে আছেনে নাই জ্ঞাত নহওঁ। প্ৰণৱদাৰ হাততো আজিকালি ম’বাইল এটা দেখোঁ। কিন্তু লেণ্ডলাইন টেলিফ’নৰ ক্ষমতাক কিদৰে নস্যাৎ কৰো যাৰ বাবেই এদিন প্ৰণৱদা আৰু নিজৰা বৌৰ সপোনৰ বিয়াখন ঠিক হৈছিল। টেলিফ’নৰ তাঁৰৰ মাজেৰে অহা হিয়া জুৰোৱা শব্দবোৰে সম্বন্ধৰ মালা গাঁথিছিল।

দুয়োৰে আঙুঠি পিন্ধোৱা পৰ্ব হৈ গ’ল। বিয়াৰ কিছুদিন আগত এদিন
নিজৰা বৌৰ ফ’ন আহিল। ক’লে- “আজি প্ৰণৱদাক মাতিব নালাগে তোমালোকৰ লগত হে কথা পাতিম, নহ’লে আকৌ পিছত ক’বা নহয় সদায় প্ৰণৱদাৰ লগতহে কথা পাতো তোমালোকৰ খবৰ নলওঁয়ে বুলি”……..সম্ভৱতঃ সেইদিনাই বৌয়ে আমাৰ ঘৰৰ সকলোৰে লগত প্ৰথম কথা পাতিছিল, বৌৰ কথা বাৰ্তাবোৰ বেচ্ ৰসাল আৰু শুৱলা বুলি ইতিমধ্যেই মোৰ বদ্ধমূল ধাৰণা এটা হৈ গৈছে, গতিকে আশা কৰা ধৰণে বৌক ঘৰৰ সকলোৱে ভালেই পালে…মজাৰ কথাটো হ’ল বৌয়ে ফ’ন কৰিও প্ৰণৱদাৰ লগত কথা নাপাতিলে বুলি গম পোৱাৰ পিছত প্ৰণৱদাক যে সেইদিনা চাবলগীয়া হৈছিল…।

পিছদিনা আছিল দেওবাৰ। পুৱা সাতমান বজাত এটা খবৰ আহিল– “পুৱতি নিশা নিজৰা বৌয়ে চলন্ত ৰে’লৰ আগত পৰি আত্মহত্যা কৰিছে…”
…দীৰ্ঘসময় ধৰি নিস্তব্ধতাই গ্ৰাস কৰিছিল চৌদিশ…মাথো হিয়াভগা বেদনাৰ ৰোল আৰু স্তব্ধ হৈ পৰা বুকুৰ কঁপনিৰ শব্দই ম্লান কৰি পেলাইছিল সকলো…সত্য কি ইমান নিষ্ঠুৰ! বৌৰ সমস্ত দেহ ৰে’লে কাটি ছিন্ন-বিচিন্ন কৰি পেলাইছিল সম্ভৱ, চিনাকি বৌজনী চাগে মূহূৰ্ততে অচিনাকি হৈ পৰিছিল…. নাহ্… আৰু নোৱাৰি ভাবিব… বাস্তৱৰ কি যে এক বিভৎস ৰূপ আছিল সেয়া…।

প্ৰণৱদাৰ আৰু বিয়া পতা নহ’ল। আজিও মই নিজৰা বৌৰ আত্মহত্যাৰ কাৰণ বুজিব নোৱাৰিলোঁ। মাথো মাজে মাজে অজস্ৰ ধূসৰ ছবি পাৰহৈ যায় মনৰ মাজেৰে, পাৰহৈ যায় সেই মাত… “প্ৰণৱদাক অলপ মাতি দিব পাৰিবা নেকি?” অথবা সেই কবিতাৰ পংক্তি–
“নিদ্ৰাহীন আকাশত তৰাৰ দলিচা দেখি
বৰকৈ মনত পৰে তোমালৈ….”

বহু সুখ-দুখ, হাঁহি-কান্দোনেৰে ভাৰাক্ৰান্ত মোৰ টেলিফ’নটি… যিদৰে এদিন সৌন্দৰ্যৰ গৰ্বৰে গৰ্বিত আছিল, ঠিক সেইদৰে বহু অবাঞ্ছিত পৰিস্থিতি নিৰৱে বুকুত কঢ়িয়াই সি ভাগৰুৱা হৈ পৰিছে আজি। নাই.. নাই.. তাক আৰু আমনি নিদিওঁ, আকৌ আগৰ দৰে তাক আলমাৰিটোৰ ভিতৰত ভৰাই থ’ম। তাক আজি সঁচাকৈয়ে জিৰণিৰ প্ৰয়োজন।
লাহে লাহে আলমাৰিটোৰ দৰ্জাখন বন্ধ কৰি দিলোঁ…. ভিতৰত এটা ৰঙা প্লাষ্টিকৰ বেগ…তাতেই শ্লেষহীন, ক্লান্ত, অৱসন্ন মোৰ টেলিফোনটি…।

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক