এটা তৃতীয় চৰিত্রৰ কথাৰে (হিৰণ্ময় বৰুৱা)

প্ৰস্তাৱনা : জীৱন হয়তো এনেকুৱাই ।হেঁপাহে বাৰে বাৰে হাত বাউলি মাতে চিনাকি চৰিত্ৰবোৰ বুকুত সাবটি অচিনাকী মুখকেইখন জুমি চাবলৈ । এনেদৰেই জীৱনলৈ আগমন ঘটে নিতৌ নতুন চৰিত্ৰৰ । আৰম্ভ হয় প্ৰত্যেকটো চৰিত্ৰৰ সৈতে এটা নতুন কাহিনী ।তাৰেই কোনোবা এটা চৰিত্ৰই লগ লয় ছাঁটোৰ দৰে, কোনোবাটো হেৰাই যায় বাটতে কোনোবা ডোখৰত চিৰদিনৰ বাবে, আনটোৱে মাজে মাজে লুকাই পৰে কিছুসময়ৰ বাবে আৰু পুনৰ আহি দেখা দিয়ে বিশেষ মূহুৰ্ত কিছুমানত ।কোনোবা এটা চৰিত্ৰই নাম পায় প্ৰথম বা দ্বিতীয় চৰিত্ৰৰ, কোনোৱে তৃতীয়ৰ আৰু আনবোৰ চৰিত্ৰ হৈ পৰে জীৱনৰ অধ্যায়ৰ সাধাৰণ চৰিত্ৰবোৰ । এনেকৈয়ে আগবাঢ়ে এটি এটিকৈ কাহিনী ।

এয়া এটা তৃতীয় চৰিত্ৰৰ সাধাৰণ কাহিনী মাথোঁ । কিন্তু বহুজনে হয়তো বিচাৰি পাব ইয়াত নিজৰ জীৱনৰ এখন প্ৰতিচ্ছবি ।

 

 

সৌসিদিনা : কিছু ফ্লেছবেক : হঠাৎ এদিন তেওঁ আহিছিল মোৰ জীৱনলৈ আন দহজনৰ দৰেই । বুকুভৰাই লৈ আহিছিল তেওঁৰ সতে মৰম আৰু ভালপোৱা । মোৰ আকলুৱা হৃদয়খনত তেওঁ হেপাঁহৰ ৰং ছটিয়াইছিল । মনৰ দাপোণত আঁছোৰ পৰিছিল ৰঙা, নীলা, সেউজীয়া ।অপ্ৰত্যাশিত আছিল সকলো; নভবাকৈয়ে জীৱনৰ প্ৰতিটো মূহুৰ্তত পৰশ পৰিছিল কণমান আশাৰ ৰেঙনি ।

এনেকৈয়ে কণমানি সপোন এটাই বুকুত বাহ সাজিছিল ।নিতে বাঢ়ি গৈছিল চিনাকি সুখটোৰ অচিনাকি চালচলন । সপোনৰো যে থাকে এখন নিজা জগত ; ত প্ৰাণ খুলি হাঁহে সকলোৱে ।মোৰ সপোনৰ পৃথিৱীত দেওধনি তুলিছিল, সুখৰ ৰাগি লাগি নষ্ট হোৱা, মোৰ আলসুৱা মনটোৱে । মোৰ আকাশত জিলিকিছিল মাত্ৰ দুটি তৰা— ‘তেওঁআৰু মই

আজি : বৰ্তমানৰ এটা স্নেপ : মৰমৰো হয়তো এটা বয়স থাকে; এটা সময়সীমা থাকে । বহুতৰে জীৱনত সেয়ে ভালপোৱাই দেখা দিয়াৰ পিছতে পুনৰ লুকাই পৰে ।
ময়ো ইয়াৰ ব্যতিক্ৰম নহওঁ । তেওঁৰ আৰু মোৰ সম্পৰ্কটোক নাম দিব খোজোঁতেই দেখা দিয়ে কাহিনীটোত আন এটা চৰিত্ৰই; যাৰ অস্তিত্বৰ উমান মই অতদিনে পোৱা নাছিলো । লাহেকৈ এখোজদুখোজকৈ আগবাঢ়ি ক্ৰমাৎ কাহিনীটোৰ প্ৰধান নায়ক হৈ পৰিল এই নৱাগতজন ।বুজি উঠিলো যে মোৰ তেওঁৰ প্ৰতিটো কথাই আচলতে আৰম্ভ হয় আন এজন তেঁওৰ পৰা আৰু শেষ হয় সেই তেওঁৰেই ওচৰতে । মই মাথোঁ মাজৰে কোনোবা ডোখৰত ওলমি ৰলোঁ । থাপ মাৰি দুচকুত ৰং সিঁচি লব খোজোঁতেই সুখটোৱে ঢাপলি মেলিলে কোনোবা দুৰণিলৈ ।

মোৰ সপোনৰ উৎস তেওঁ, তেওঁৰ সপোনৰ উৎস আন এজন তেওঁ সঁচাই আচৰিত নহয়নে ? সৌ সিদিনালৈকে মূল চৰিত্ৰত ভাও দি থকা মই কেইটামান মুহূৰ্ততে এনেদৰে কাৰোবাৰ জীৱনৰ তৃতীয় চৰিত্ৰ হম বুলি কেতিয়াও ভবা নাছিলো ।কষ্ট হয় এতিয়া; মনটোক বান্ধি ৰাখিবও নোৱাৰি, বিবেকৰ বিৰুদ্ধে যাবও নোৱাৰি । নিজকে হিকটিৰ সৈতে বাৰে বাৰে তুলনা কৰিবৰ মন যায় । মনৰ আৱেগঅনুভূতিক জোৰ কৰি সামৰিসুতৰি , মিছা হাঁহি এটা আঁকোৱালি, কৰি যাব লগা হয় জীৱন নাটত অভিনয় । চকুপানীবোৰেও আজি হাবাথুৰি খাই বাট বিচাৰি ।কষ্ট হয়, ভীষণ কষ্ট ।

ভবিষ্যতৰ এখন ছবি : হাতত কলম তুলি থমকি ৰৈছোঁ । কি লিখিম, কেনেকৈ লিখিম । কেনেকৈ বুলাওঁ উকা কেনভাছত ভবিষ্যতৰ এখন ভাল লগা ছবি । শিপাহীন সম্পৰ্ক এটা ধৰি ৰখাটো মুৰ্খামিৰ বাদে একো নহয়; আৰু কোনো ভবিষ্যৎ নথকা সম্পৰ্ক এটাক আকোৱালি লোৱাটো.. সেয়া নিশ্চয় পাগলামি ।
হয়তো এদিন হেঁপাহে বাগৰ সলাব । শুই থকা আন এটি কবিতাই সাৰ পাই উঠিব । সুখে বাট সলাব কোনেও নেদেখাকৈ । সেইদিনাই ধূসৰ হৈ পৰিব এই সম্পৰ্কটোৰ মিছা ৰূপ । শেষ হব এইটো কাহিনী । সেই দিনটোতেই সেমেকিব আমিৰ উত্তাপ ; তেওঁ হৈ পৰিব তেওঁআৰু মই হমই

সামৰণি : তৃতীয় চৰিত্ৰটো সদায় বিকল্প হৈয়েই ৰয় ।কাৰোবাৰ চকুৰ পানী মচিবলৈ, কাৰোবাৰ ঘাত মৰমৰ প্ৰলেপ সানিবলৈ নতুবা আন কাৰোবাক সময় দিবলৈকে প্ৰয়োজন হয় সকলোৰে জীৱনত তৃতীয় চৰিত্ৰটোৰ; কিন্ত্ত মাথোঁ কেইটামান মুহূৰ্তৰ বাবে । যেতিয়ালৈকে কাৰোবাৰ জীৱনত দুখ থাকিব; তেতিয়ালৈকে জিলিকি থাকিব এই তৃতীয় চৰিত্ৰটো । কিন্ত্ত এই চৰিত্ৰটোৰ দুখৰ বতৰা লবলৈ আহৰি নাই কাৰোৰে । সকলো ব্যস্ত নিজৰ সপোনবোৰৰ সৈতে; নিজৰ প্ৰিয় চৰিত্ৰটোৰ সৈতে ।…. তৃতীয় চৰিত্ৰটো মৌন হৈ ৰলেই খেলিমেলি লাগে প্ৰধান চৰিত্ৰকেইটাৰ জীৱনত । এই মৌনতাই তেওঁলোকৰ হৃদয়ত এসোপা প্ৰ্শ্ন বা বিষাদৰ ঢৌ তুলি যে তোলপাৰ লগায় তেনে নহয়, বৰঞ্চ প্ৰিয়জনৰ ওপৰত কৰা খংঅভিমানৰ বৰ্ণনা নতুবা মনৰ মানুহগৰাকীয়ে দিয়া দুখৰ বতৰা দিবলৈ মানুহৰ অভাৱ হোৱাৰ বাবেই এই খেলিমেলি । তেওঁলোকৰ সুখৰ দিনত তৃতীয় চৰিত্ৰটো লুকাই পৰিলেও পিছে ইয়াৰ একো প্ৰভাব নপৰে নায়কনায়িকাৰ জীৱনত । তৃতীয় চৰিত্ৰটোৰ মৌনতা যে সদায় এটা ধেমালি হৈ ৰয় ।

যিদৰে দুখৰো এটা নিজস্ব ৰূপ আছে; যাক উপভোগ কৰিবলৈ প্ৰয়োজন হয় কণমান সাহস আৰু অলপ ধৈৰ্যৰ । ঠিক সেইদৰে কাৰোবাৰ জীৱনৰ তৃতীয় চৰিত্ৰ হোৱাৰো এটা সুকীয়া আমেজ আছে; কিন্ত্ত এই আমেজৰ শেষত বাট চাই ৰৈ থাকে এটা উত্তৰবিহীন হুমুনিয়াহে…. !

(জীৱন নাটৰ কোনো অধ্যায়ত তৃতীয় চৰিত্রৰ ভাও লোৱা সকলোৰে হাতত )

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments