এটা তৰাৰ কাহিনী – ৰীতা লীনা সোণোৱাল

‘মৃত্যু সাৱটি সমাধি তলিত….’

গীটাৰৰ ষ্ট্ৰীং এডালত প্ৰয়োজনতকৈ বেছি ঝংকাৰ উঠিল। “কি হ’ল?

তৰায়ে টানি দিছিল ষ্ট্ৰীং এডাল পাছফালৰ পৰা।

“মৃত্যুৰ গান কিয় গাই আছ?  মোৰ একেবাৰে ভাল নালাগে জান নে?  মোৰ মৰিবলৈ মনেই নাযায় কেতিয়াও।”

“হুমম্! মোৰো মন নাযায়। জয়ন্ত হাজৰিকাৰ গানবোৰ ভালপাওঁ। সেইবাবে গুণগুণাও মাজে মাজে।”

তৰা গৈ মোৰ বুক চেলফটোৰ কাষত ৰ’লগৈ।

“নতুন কিতাপ কিবা আনিছ?”

“নাই, গীতা পঢ়ি আছোঁ এইকেইদিন।”

“তই মানুহটো গ’লি।”

“ক’ত গ’লোঁ? “

“নিজক সুধি চা।”

তৰালৈ চালোঁ, তাইৰ চকুদুটা নিশাৰ আকাশৰ তৰাটোৰ দৰেই তিৰবিৰ কৰি আছিল। এইবাৰ তাই মোৰ কাষত বহি গীটাৰখন টানি ল’লে মোৰ পৰা। টুং টুং টাং টাং বজাই মোলৈ চাই হাঁহি থাকিল।

“তৰা”

“হুম্!”

“তোৰ বিৰাট আনন্দ ন? “

“অফকৰ্চ, চাৰিদিন পাছত বিয়া আছে মোৰ। আফটাৰ অল দহ বছৰীয়া প্ৰেমৰ সফল পৰিসমাপ্তি।”

তৰা মোৰ শৈশৱৰ লগৰী। মোৰ সুখ দুখ, খং অভিমানৰ আজন্ম প্ৰহৰী। যেনেকৈ তৰাৰ পিতা আৰু মোৰ দেউতাক জন্মৰ পৰা দেখি আহিছো সহচৰ হিচাপে। তৰা আৰু মোৰ মাজতো আছে সেই চিৰ শাশ্বত টান।

“বৰমাই ভাত খাবলৈ মাতি পঠিয়াইছে তোক। তললৈ ব’ল। মই কেতিয়াবাই আহিলোঁ অথচ তোৰ এটা খবৰ নাই। ভাবিছিলো নাইট ডিউটি কৰি আহি শুই আছ।”

তৰাৰ লগে লগে তললৈ নামি আহিলোঁ। তৰাৰ মাক দেউতাক মানে খুৰা খুৰীহঁতো আহিছে। মোক দেখি খুৰাই সাৱটি ধৰিলে।

“বাবা, ভালে আছ? “

বেছ কিছুদিনৰ পৰা মোৰ মনটো অস্থিৰ হৈ আছে। ঘৰৰ সকলোৱে কথাটো জানে। মই কাকো একো দেখুৱাব নিবিচাৰোঁ যদিও মোৰ অজানিতে সকলোৱে সকলোবোৰ কথা গম পাই যায়।

মা আৰু বৌৱে মিলি সোতৰ ওঠৰবিধ মান ব্যঞ্জন ৰান্ধিছিল। খাবৰ সময়ত মায়ে তামোল- পান এযোৰ সজাই শৰাই এখনত তৰালৈ পাটৰ কাপোৰ এযোৰ আগবঢ়ালে। কইনাক ঘৰলৈ মাতি ভাত খুৱালে এনেকৈ কিবা এটা দিয়াটো নিয়ম হেনো আমাৰ ফালে। তৰাৰ চকুদুটা চলচলীয়া হৈ উঠিল। তাই মাক সেৱা এটা কৰিলে। মায়ে তৰাক সাৱটি ল’লে। মা, বৌ, তৰাৰ মাক সকলোৰে চকু চলচলীয়া। মই, দাদা, দেউতা আৰু তৰাৰ পিতা গোটেইকেইজন মৌন হৈ ৰৈ থাকিলোঁ। পুৰুষ মানুহ যে, সহজে কান্দিব নোৱাৰোঁ। অথচ তৰা গুছি যাব বুলি মোৰ মাহঁততকৈ কম দুখ লগা নাই!

বিদায় পৰত তৰাই কৈ থৈ গ’ল,- “মোৰ বিয়া তিনিদিনীয়া জাননে?”

“হ’ব, চুটি ল’ম মই।”

“ৰুণা যে জাপান পালেগৈ তাৰ কাৰণে কিন্তু পঞ্চাশ শতাংশ তই নিজেই জগৰীয়া। তয়োতো কম্প্ৰমাইজ নকৰিলি।”

জানিছিলোঁ তৰাই মোক এষাৰ শুনাই যাবই।

“তই সুখী হৈ থাক তৰা। সেয়াই বিচাৰোঁ।”-তৰাহঁত গুছি গ’ল।

নিউৰো চাৰ্জন হিচাপে মই হস্পিতালৰ পৰা চুটি নাপাওঁৱেই, কিন্তু আজি ইমাৰ্জেন্সি পেচেন্ট নাই। তৰাহঁত যোৱাৰ পাছত মোবাইলটোকে অলপ সময় চাই থাকিলোঁ। এপাকত মনটো জাপানলৈ উৰা মাৰি গ’ল। পাতল গুলপীয়া চেৰীফুলৰ গছ এজোপাৰ তলত ৰুণা বহি আছে। তাই কান্দিছে নেকি বাৰু?  মুখখন জুম কৰি চালো, নাই তাই জান নেজান আবেশেৰে হাঁহি হে আছিল। ফটোখন ছাগৈ আকাশ মুখাৰ্জীয়েই উঠাইছে। ৰুণাক ঘূৰাই নাপাওঁ বুলি জানোঁ। কিন্তু এই যে মায়াৰ জৰী এডালে বান্ধি ৰাখিছে তাইক মোৰ লগত। জৰীডালৰ সিটো মুৰে ছাগৈ তাই নায়েই। তথাপি মই জৰীডাল ছিঙি পেলাব নোৱাৰো। ফেচবুকটো বন্ধ কৰি দিলোঁ। আকৌ আহিম ৰুণাক চাবলৈ মন গ’লে।

যোৱাকালি মানুহ এজন ষ্ট্ৰোক হৈ আই চি ইউত ভৰ্তি হৈছে। অপাৰেচনৰ কথা চলি আছিল। মেৰিণ বংৰূপীৰ ফোন আহিল সেই সময়তে,- “ছাৰ পেচেন্টৰ অৱস্থা একেবাৰেই বেয়া। ষ্টেৱল নহয় কোনো ফালৰ পৰা।”

গাড়ীখন উলিয়াই দৌৰাদৌৰিকৈ হস্পিতাল পাঁলোগৈ। ৰোগীয়ে কোনো ঔষধৰেই ৰেচপণ্ড দিয়া নাই। এইটো অৱস্থাত অপাৰেচন কৰাৰ প্ৰশ্নই নুঠে। বিপি লেভেল বিপদজনক ভাৱে তললৈ নামি গ’ল হঠাৎ। আচলতে মানুহজনৰ অন্য ৰোগৰো হিষ্ট্ৰী আছে। মানুহজনক ভেন্টিলেচনত ৰখাৰ ব্যৱস্থা কৰি বাহিৰলৈ ওলাই আহিলোঁ। আই চি ইউৰ বাহিৰত আহি কম বয়সীয়া মানুহ এগৰাকীয়ে মোক আগচি ধৰিলেহি।

“ছাৰ ন’ নম্বৰ বেডৰ পেচেন্টজন?”

মানুহগৰাকীৰ দুচকুত আশাৰ প্ৰাৰ্থনা। কাতৰ দুচকুৰে মোৰ দুচকুলৈ চাই কৈ আছিল যেন,”ভাল হ’ব বুলি কৈ দিয়ক ছাৰ!”

কিছুমান মূহুৰ্তত আমি ডাক্তৰ হ’লেও অসহায় হৈ পৰোঁ। ভগৱানৰ ওপৰতেই আমিও শেষ ভৰসা ৰাখোঁ। যদিও নিৰানব্বৈ শতাংশই জানোঁ যে আচলতে কি হ’বলৈ গৈ আছে। তথাপিওঁ আমিও ভাৱোঁ, কিবা যদি মিৰাকল হৈ যায়!

মেৰিণ বংৰূপীক নিশাভাগৰ দায়িত্বটো দি মই গুচি আহিলোঁ। কিবা অসুবিধা হ’লে তাই মোলৈ ফোন কৰিব। বৰ ভাল ছোৱালী তাই। পাহাৰীয়া বতাহ এজাকৰ দৰেই সতেজ আৰু কোমল। আমাৰ হস্পিতালত আহি মোৰ জুনিয়ৰ হিচাপে জইন কৰা দুমাহেই হ’ল।

ৰাতি বিচনাত আকৌ এবাৰ ৰুণাৰ কথা মনত পৰিল। তৰাই কোৱাৰ দৰে মোৰ সচাঁকৈয়ে ভুল হৈ গ’ল নেকি?  হুমুনিয়াহ এটা ওলাই আহিল আপোনা আপুনি। টোপনি আহক বা নাহক শুবলৈ চেষ্টা কৰাটো ভাল। গীতাখন উলিয়াই ল’লো এপাকত।

তৰাৰ বিয়ালৈ বুলি মই কলা চ্যুট এযোৰ পিন্ধি লৈছিলোঁ। বৌৱে আকৌ চ্যুট খোলাই নতুনকৈ অনা নীলা কুৰ্তা আৰু অফ হোৱাইট পায়জামা এটা পিন্ধালে। বৌৰ মতে মোক নীলা ৰঙটোৱে সাংঘাটিক লুক এটা দিয়ে। মোৰ পাঁচ ফুট এঘাৰ ইঞ্চিৰ দেহৰ জোখত ৰুণাৰ মুৰটো মোৰ বুকুৰ মাজতে ৰৈ গৈছিল সদায়। আকাশ ছাগৈ মোতকৈ ওখ নহয়। তাক এবাৰেই দেখিছিলোঁ। ৰুণাৰ সমানেই আছিল প্ৰায়।

তৰাক দেখি আজি মই আচৰিত হৈছোঁ। অনবৰতে ছটফটাই থকা ছোৱালীজনী শান্ত হৈ কইনা ৰূপ ধৰি বহি আছে। ৰঙা কাপোৰযোৰেৰে তাইক গোলাপ এপাহৰ দৰে লাগিছিল। তাই আজি একেবাৰে গুচি যাব আমাক সকলোকে এৰি। এই কথাটোৱে মোক আনমনা কৰি তুলিছিল। কিন্তু এসপ্তাহৰ পাছততো তাই দিল্লীলৈ গুচি যাবগৈ, তেতিয়া মই কি কৰিম?  ৰুণা গুচি যোৱাৰ পাছত তৰাৰ লগতে অলপ ইফালে সিফালে ওলাই গৈছিলোঁ। ৰুণাৰ কথা কিবা ক’ব লগা থাকিলে তৰাকে কৈছিলোঁ। মনটো বেয়া লাগি আহিল। আলহী অতিথিক মাত এষাৰ দিবলৈ উঠি গ’লো।

তৰাৰ বিদায় বেলা চমু চাপি আহিল। তৰাৰ মা পিতা সকলোৱে উচুপিছে। মই এচুকত স্থানুৰ দৰে ৰৈ আছোঁ। তাই মোক সাৱটি ধৰি কান্দিছে। মই তাইৰ হাতখন সমৰৰ দুহাতত গুজি দিলোঁ। বিবাহ বাহৰৰ পৰা অলপ ওলাই আহি মুকলি আকাশৰ তলত ৰৈ পশ্চিম আকাশলৈ চাই পঠিয়ালো। ৰাতিপুৱাবলৈ হয়তো বেছি সময় নাই। পুৱতি তৰাৰ পোহৰ শেতা হৈ আহিছিল। ঠিক সেই সময়তে মেৰিণৰ ফোন আহিল।

“ছাৰ ন’ নম্বৰ বেডৰ পেচেন্টজন আৰু নাই। হি ইজ ন ম’ৰ ছাৰ।”

মেৰিণৰ মাতটো থোকাথুকি হৈ পৰিছিল। তাই উচুপি আছে।

“মেৰিণ কি হ’ল?  কিয় কান্দিছা?”

“ছাৰ এইটো মোৰ প্ৰথম এনেকুৱা কেচ। মই পৰা নাই ছাৰ। মানুহজনৰ ৱাইফৰ মুখখন মনত পৰি আছে।”

“পাৰিব লাগিব মেৰিণ। তুমি পাৰিব লাগিব। এইয়া আমাৰ কৰ্তব্য। আমি আমাৰ কৰ্তব্য হে কৰি যাব পাৰো কিন্তু ফলাফল বিচাৰিব নোৱাৰো। আৰু তুমি, মই, আমি সকলোৱে এদিন এই পৃথিৱী এৰি যাবই লাগিব। কোনোবা এজন যদি এদিন আগত গৈছে তেন্তে কোনোবা এজন এদিন পাছত। কিন্তু যাব সকলোৱে লাগিব।”

কথাখিনি কাক বুজাইছিলোঁ? মেৰিণক নে নিজক?  মই বহু দেৰিলৈকে মুখেৰে ভোৰভোৰাই থাকিলোঁ।

তৰা দিল্লীলৈ গুচি যোৱাৰো বহুদিন হ’ল। ঘৰত মোৰ বাবেও কাৰোবাক বিচাৰি আছে। ৰুণা নাই যেতিয়া মই নিজে কাৰোবাক বিচাৰি যাব পৰাকৈ ইচ্ছা, ধৈৰ্য্য একোৱেই নাই। মাজে মাজে মেৰিণলৈ চাওঁ। সৰু মৰমলগা পাহাৰীয়া ছোৱালী এজনী। হাঁহিলে চকুদুটা মুদ খাই যায়। ঈষৎ মুগাৰঙৰ চিধা চুলিবোৰ যেনেকৈ বান্ধি থলেও জাপানী পুতলা এজনীৰ নিচিনা লাগে। বৰ সৰল ছোৱালী তাই। মাজে মাজে মোক সিহঁতৰ কাৰ্বি গাওঁখনৰ সাধু শুনায়। তাইক তৰাৰ কথা কওঁ কেতিয়াবা। ৰুণাৰ কথা ক’বলৈ লৈও ৰৈ যাওঁ। ৰুণা আৰু মোৰ বিচ্ছেদৰ কথা ক’লে হয়তো সকলোৱে মোকেই হাঁহিব। কি নো বহুত কিবা বিচাৰিছিল ৰুণাই? মাথোঁ মোৰ লগত অকলে বেলেগ এখন ঘৰত থাকিব বিচাৰিছিল। কিন্তু মা- দেউতা, দাদা বৌক এৰি মই অকলে ৰুণাৰ লগত থাকিবলৈ সন্মত নহ’লোঁ।  প্ৰকৃতাৰ্থত এইয়া এক প্ৰকাৰৰ জিদ হৈ পৰিল। মই ভাবিছিলোঁ যিখন ঘৰত মই থাকোঁ মোৰ মৰমৰ মানুহেৰে পৰিবেষ্টিত হৈ, সেইখন ঘৰত ৰুণা কিয় থাকিব নোৱাৰিব?  ৰুণা গুচি গ’ল আকাশ মুখাৰ্জীৰ লগত জাপানলৈ! মোক এবাৰ সুধিছিল তাই। আৰু তাইৰ স্বাধীনতাত মই হস্তক্ষেপ নকৰোঁ বুলি ক’লোঁ। একেটা প্ৰজেক্টতে সহযোগী হৈ ৰুণাই আকাশৰ জীৱন লগৰী হৈ জাপানলৈ গুচি গ’ল। মই প্ৰথমে বিশ্বাস কৰিব পৰা নাছিলোঁ। যেতিয়া পাৰিলোঁ তেতিয়ালৈ ৰুণাই জাপানত আকাশৰ বাবে চেৰীফুলৰ থোপা সজাইছিল সিহঁতৰ ঘৰত। মুখখন হাতেৰে এবাৰ ঢাকি ধৰিলোঁ। এনেতে মোৰ ৰুমৰ বাহিৰত কাৰোবাৰ খোজৰ শব্দ হ’ল।

“চন্দন উঠিলা নে? “

বৌ সোমাই আহিল ৰুমলৈ।

“হেপী বাৰ্থ দে চন্দন। আজিও ভালকৈ টোপনি নাহিল নেকি? “

“নাই নাই শুলোঁ। এইমাত্ৰ সাৰ পাইছোঁ।”

গোকাট মিছা কথা এটা ক’লোঁ বৌক। ৰুণা আঁতৰি যোৱা প্ৰায় দুবছৰ হ’ল। এই দুবছৰত মই কিমানদিন পূৰাকৈ শুইছো নিজেই নাজানোঁ!

“ৰাতিলৈ পাৰ্টি এটা ৰাখিছো ঘৰতে, সাজু হৈ থাকিবা।”

মোৰ হৃদয়ত মাৰ পাছৰ স্থানেই হ’ল বৌৰ। মোৰ সকলো দুখ যাতনা বুজি চলিবলৈ চেষ্টা কৰে দুয়োজনীয়ে। এনেকুৱা এখন ঘৰ, এইখিনি মানুহৰ মৰম নেওচি মই কেনেকৈ অকলে থাকিলোঁ হয় মাথোঁ ৰুণাৰ লগত?  অৱশ্যে মাহঁতে অনুমতি দিলেহেঁতেন হেলাৰঙে। তথাপিওঁ মই নোৱাৰিলোঁ। বৌৱে হাতত কিবা এটা গুজি দিলে। ৰেমব্ৰাণ্টৰ ছবিৰ এলবাম এখন।

ৰাতিলৈ মেৰিণক মাতি থৈ আহিলোঁ। হস্পিতালৰ ফালৰ পৰা আৰু কাকো মতা নাই। বৌৱে বহুত কিবাকিবি খাদ্যৰ অৰ্ডাৰ কৰি আনিছিল। মই মাথোঁ নাম নজনা শূন্যতা এটাত বুৰ গৈ থাকিলোঁ। তৰাই ভিডিঅ’ কল কৰিছিল। মেৰিণক মাতি দেখুৱালোঁ। তৰা খুশ হৈ গ’ল।

“বৰ মৰমলগা ছোৱালীজনী।”

“হুম্”

“তই কিবা ভাৱিছ নে? “

“ভবা নাই এতিয়াও।”

মেৰিণক লৈ ভাবিব পৰাকৈ আমাৰ মাজত গঢ় লৈ উঠা নাই একো। কিন্তু লাহে লাহে অনুভৱ কৰিছো মেৰিণ কাষত থাকিলে মই আশ্বস্ত হৈ থাকোঁ। মেৰিণ ৰুণাৰ বিকল্প নহয়। মেৰিণ নিজেই এক পৰিপূৰ্ণ সত্তা মোৰ বাবে।

“ছাৰ মই যাওঁ।”

এঘাৰ মান বজাত মেৰিণ যাবলৈ ওলাল। তাই কেব মাতিবলৈ ওলাইছিল। মই তাইক থবলৈ ওলালোঁ। নিশাৰ মায়াময় মহানগৰীখনৰ বুকুত এজনী ছোৱালী মোৰ কাষত বহি গাড়ীৰ খিৰিকীৰে ৰ’ লাগি বাহিৰলৈ চাই গৈছিল আৰু মোৰ তাইক ক’ব লগা একো নাছিল।

“ছাৰ!”

“হুম্”

“মই ছাগে কাৰ্বিআংলং যামগৈ!”

“কিয়?” -মই আশ্বৰ্যত ফাটি পৰিছিলোঁ।

“নিজৰ জেগাখিনিত থাকি মানুহক অলপ সেৱা কৰাৰ মন আছে ছাৰ।”

মই কি উত্তৰ দিম ভাবি পোৱা নাই। বুকুখন আকৌ এবাৰ হাঁহাকাৰ কৰি উঠিল। মস্তিষ্কৰ সকলোবোৰ সিৰা, উপসিৰা একেলগেই যেন বিকল হৈ পৰিছে। মেৰিণক বহুত আৱেগেৰে কিবা এটা ক’বলৈ মন গ’ল, অথচ একো ক’ব নোৱাৰিলোঁ। মেৰিণক ড্ৰপ কৰি আহি চান্দমাৰি অভাৰ ব্ৰীজৰ ওপৰত ৰৈ গ’লোঁ। দূৰৈৰ পাহাৰবোৰৰ বুকুত ঢিমিক ঢামাককৈ লাইটবোৰ জলি আছিল। মুৰৰ ওপৰৰ আকাশত ডাৱৰে আবৰি ধৰা জোন। ঠিক মোৰ দৰেই মৌন আৰু অকলশৰীয়া। কি আছে এই মানুহৰ জীৱনত? সুবিশাল আকাশলৈ চালোঁ। নিজকে বৰ নিঃস্ব যেন লাগিল। 

মনটো মোৰ ভাল লাগি থকা নাই। হস্পিতাল যাবলৈ ৰেডী হৈ থাকোতেই মোবাইলটো বাজি উঠিল। তৰাৰ পিতাৰ ফোন।

“বাবা!”-খুৰাৰ মাতটো কঁপিছিল।

“তৰাৰ কিবা এটা হৈছে অ’ বাবা। দিল্লীৰ পৰা ফোন আহিছিল। জুই লাগিছে বোলে।”-খুৰাই কথা ক’ব পৰা নাই। মই চিধাচিধি তৰাহঁতৰ ঘৰলৈ গাড়ী দৌৰালোঁ।

খুৰা-খুৰী দুয়োজনে কান্দোনত ভাঙি পৰিছে। দিল্লী পুলিচৰ পৰা ফোন আহিছিল তৰাৰ গাত জুই লাগিছে। প্ৰায় নব্বৈ শতাংশ জ্বলি গৈছে তৰা। মই কান্দিব পৰা নাই। কালি কথা পাতিছিলোঁ তাইৰ লগত। অহা সপ্তাহত সিহঁত বেংকক যোৱাৰ কথা আছিল। কি হ’ল হঠাৎ এনে? এই নিয়তি সদায়ে কিয় ইমান নিষ্ঠুৰ হয়!

আবেলিলৈ যেনেতেনে ফ্লাইটত দুজনৰ বাবে দিল্লীলৈ যোৱাৰ টিকট হ’ল। মেৰিণলৈ ফোন লগালোঁ। মই কথাখিনি ভালকৈ বুজাব পৰা নাই। তৰাৰ কথা কৈ আছোঁ। মই যে দিল্লীলৈ যাব লৈছো বুজালোঁ। মোৰ ক’ৰবাত নাইকিয়া হৈ যাবলৈ মন গৈছিল। তৰাৰ অৱস্থা মই অনুধাৱন কৰিছোঁ। মেৰিণে মোক বুজি উঠিছিল। মোৰ দুখৰ উকমুকনিখিনি হৃদয়ঙ্গম কৰিব পাৰি তাই লাহেকৈ কৈ উঠিল,- “ছাৰ মই আপোনালৈ অপেক্ষা কৰিম।”

আমি দিল্লী পোৱালৈকে তৰা এই পৃথিৱী এৰি গুচি গৈছিল। দিল্লীত আমাৰ বাবে আৰু এক আশ্বৰ্যই অপেক্ষা কৰি আছিল। দিল্লী পুলিচে আমাক জনোৱাৰ দৰে তৰাৰ গাত জুই লগা ঘটনাটো মাথোঁ এক দূৰ্ঘটনা নাছিল। তাইক জ্বলাই দিয়া হৈছিল। তৰাই মৃত্যুৰ আগে আগে পুলিচক জনাই গৈছে। তাইৰ গাত সমৰে জুই লগাইছিল। খুৰা আৰু মই ধৈৰ্য্য ধৰি থাকিব পৰা নাছিলোঁ। সমৰক দিল্লী পুলিচে নিজৰ জিম্মাত ল’লে। সমৰক যেন মৃত্যুৰ গহ্বৰত ঠেলি দিম, এবাৰ তেনেকুৱা ধৰণৰ আশংকা এটাই মনটোক তীব্ৰ ভাৱে জোকাৰি গ’ল। মৃত্যু বেয়া পোৱা ছোৱালীজনীক নিজৰ একান্ত আপোনজনেই শুৱাই দিলে মৃত্যুৰ শীতল কোলাত। আচৰিত লাগিল সমৰৰ অন্য কোনো নাৰীৰ সৈতে সম্পৰ্ক আছে বুলি জানিও তৰাই আমাক কোনোদিনে নজনালে।

তৰাক লৈ দিল্লীৰ পৰা অসমলৈ উভতাই আনিছোঁ। মাথোঁ তাই মৃতদেহ এটা হৈ কাঠৰ বাকচ এটাত সোমাই আহিছিল। তৰাহঁতৰ পদূলিমূৰত অগণন মানুহৰ ভিৰ। মাহঁতৰ লগত আহি মেৰিণ ৰৈ আছিলহি।

তৰাৰ বাবে অন্তিম যাত্ৰাৰ প্ৰস্তুতি চলিল। তাইক ফোট সেন্দুৰ দি ন-কইনাৰ সাজেৰে সজালে। তৰাৰ মা পিতাৰ অৱস্থা অবৰ্ণনীয়। মই বাৰাণ্ডাৰ এচুকত বহি চাই আছিলোঁ। এটা বেয়া সপোন যেন। মেৰিণে আহি মোৰ হাতত ধৰিলেহি।

“ছাৰ!”

মেৰিণৰ মাতটো দূৰৰ পৰা ভাঁহি অহাৰ দৰে লাগিছিল। কাকো হেৰুৱাব নোখোজোঁ আৰু মই। মেৰিণৰ দুহাতত জোৰকৈ খামুচি ধৰিলোঁ।

“মেৰিণ মই নোৱাৰিছো আৰু।”

মোৰ মুখেৰে শব্দবোৰ ভালকৈ ফুটি ওলোৱা নাই। মোৰ মৌনতা ভেদি বাগৰি অহা চকুপানীবোৰ মেৰিণে সযত্নে মোহাৰি দিলে। অনুচ্চ স্বৰত তাই কৈ থাকিল,

“ছাৰ মই আছোঁ। মই আছো আপোনাৰ ওচৰত।

০০০০০

Subscribe
Notify of
1 Comment
Oldest
Newest Most Voted
Inline Feedbacks
View all comments
Anonymous
10 months ago

বহুত ভাল লাগিল ৰীতা। সমাপ্তি সুন্দৰ।

কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক