এটা দেওলগা সাপৰ কাহিনী- নিশান্ত বৰদলৈ

এটা ডাঙৰ বানপানী আহিছিল৷ পানী শুকাওঁতে বহুত দিন লাগিছিল৷ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা ঘৰলৈ উভতি অহাৰ দিনা আমাৰ ঘৰখন সম্পূৰ্ণকৈ পানীৰ তলৰ পৰা ওলাইছিল৷ মহাকালৰূপী বানে গৰকি যোৱা বুকুৰ আপোন ঘৰখন কিবা অচিনাকি অচিনাকি লাগিছিল৷ আইতাৰ সন্ধিয়াৰ সাধুকথাৰ চোতালখন বোকাৰে লুতুৰি-পুতুৰি হৈ আছিল৷

আমাৰ সৰু ঘৰটোৰ বাৰাণ্ডাখনৰ এটা কোণত পানীত উঁটি অহা এবোজা মেটেকা তেতিয়াও লাগি আছিল৷ ঘোলা বাঢ়নি পানীত চিকমিকাই উঠা আচহুৱা বৰণৰ বেলিটোৱে মোৰ বুকুত এক অচিনা ভয়ৰ সৃষ্টি কৰিছিল৷ হাতত কাৱৈ লাঙি জালখন লৈ খুড়াই মোক ক’লে- ’সোণ, বাৰাণ্ডাত লাগি থকা মেটেকাখিনি তয়েই আঁতৰাই থ’বি, মই জাল পাতিবলৈ যাওঁ৷’

খুড়াৰ আজ্ঞা পালি মই মেটেকাবোৰ আঁতৰাবলৈ আৰম্ভ কৰিলোঁ৷ এইদৰে মেটেকাবোৰ আঁতৰাই থাকোঁতে হঠাতে মেটেকাৰ মাজৰ পৰা এটা সাপ ৰূদ্ৰ মূৰ্তি ধাৰণ কৰি মোৰ ফালে চোঁচা মাৰি আহিল৷ মই কি কৰিম, কি নকৰিম বুলি হাতত থকা কটাৰীখনকে তাৰ গালৈ মাৰি পঠালোঁ৷ কটাৰীখন তাৰ গাত লাগিল, সি একে ঠাইতে ৰৈ দিলে৷ ওচৰ চাপি দেখোঁ, সাপটোৰ নেজডাল চিগি গ’ল৷ তাৰ নেজডালৰ পৰা তেজ ওলাবলৈ ধৰিলে৷ বুকুখনে হাহাকাৰ কৰি উঠিল৷ মই প্ৰায়বোৰ সাপকেই চিনি পাওঁ, সেয়ে মই নিশ্চিত হ’লো, সেইটো এটা বিষাক্ত চকৰি ফেঁটী৷

সি অৱশ, যন্ত্ৰণাকাতৰ৷ মই তাৰ কাষ চাপি গ’লো৷ যদিও মই জানিছিলোঁ, তাৰ দংশনত মোৰ মৃত্যু নিশ্চিত হ’ব, কিয়নো বানপানীৰ বাবে সকলো হাস্পতাল বন্ধ আছিল, এণ্টিভেনম সকলোতে উপলব্ধও নহয়৷ মই মানুহ, আত্মৰক্ষা কৰিব মই জানো, সেয়ে ভয়ক একাষৰীয়া কৰি মই তাৰ আৰু কাষ চাপি গৈছিলোঁ৷

সি তাৰ অৱশ দেহাটো পেলাই মূৰটো লৰাই আছে৷ প্ৰথমতে মই তাৰ মূৰত পানী ঢালি দিলোঁ৷ মাৰি এডালেৰে সাপটো দাঙি মুকলি ঠাইলৈ আনিলোঁ৷ এটা সময়ত সাপটো মই হাতত উঠাই ল’লো৷ তাক যে মই পুনৰ আক্ৰমণ নকৰো সিও চাগৈ নিশ্চিত হৈছিল৷ তাক কোঁচত লৈয়েই মই বাৰীৰ পৰা কেঁচা হালধি এডোখৰ বিচাৰি আনিলোঁ৷ পীৰা এখনতে খুন্দি, তাৰ ক্ষত স্থানত হালধি লগাই দিলো৷ মাৰ চাদৰৰ টুকুৰা এটা ফালি আলফুলকৈ বান্ধি দিলো৷

প্ৰায় এঘণ্টামানৰ পাছত সি যাব পৰা হ’ল৷ যোৱাৰ পৰত সি ডিঙিটো চেপেটা কৰি মোৰ ফালে চাই ফণা খন তুলি ধৰিছিল, যেন মোক কৃতজ্ঞতাৰ চুমাহে দিছিল! মোৰ দুচকুত আনন্দৰ চকুলো, আজি যদি মোৰ বাবেই তাৰ যদি মৃত্যু হ’লহেঁতেন তেনে মই নিজক কেতিয়াও ক্ষমা কৰিব নোৱাৰিলোহেঁতেন৷ মই তাৰ ফালে চাই হাত জোকাৰিলো- প্লিজ্ মোক বেয়া নাপাবা, ঘটনাৰ আকষ্মিকতাতহে মই তেনে আচৰণ কৰিলো৷ ঘোলা পানীবোৰ ফালি সাপটো গ’লগৈ৷

এবছৰ পাৰ হ’ল৷ লাহে লাহে মানসপটৰ পৰা সেই ঘটনাটোও নোহোৱা হৈ গ’ল৷ এদিন পুৱা, শুই উঠিছোহে মাত্ৰ, কুকুৰটোৱে পদূলিমুখত ৰাউচি জুৰিবলৈ ধৰিলে৷ মই বোলো পুৱাই কি ওলাল! পদূলিলৈ ওলাই গৈ যি দেখিলো, সেয়া মোৰ কল্পনাৰ অগোচৰ আছিল৷ মই নেজ কটা চকৰি ফেঁটী সাপটো ৰৈ আছে, লগত এবেগেত এবেগেত মান দীঘল তিনিটা পোৱালি৷

মই নিশ্চিত আছিলো- মোক দংশন কৰিবলৈ সিহঁত ইয়ালৈ অহা নাই৷ মই সাপটোৰ কাষতে আঁঠু কাঢ়ি বহি দিলো৷ সি ফণা তুলি ধৰিলে, তাৰ সমান্তৰালকৈ পোৱালিকেইটাই সিহঁতৰ সৰু সৰু মূৰ কেইটা মোৰ ফালে দাঙি ধৰিলে৷
মই জানিছিলোঁ, পোৱালিকেইটা লৈ, সি মোৰ কাষলৈকে প্ৰথম আহিছে- চা, মই তিনিটা পোৱালি পালো৷ মোৰ দুচকু ভৰি উঠিছে৷ সি যেন মোক সেইদিনা তাক মাৰি নেপেলোৱাৰ বাবে কৃতজ্ঞতা জনাবলৈ তাৰ পোৱালি কেইটা দেখুৱাবলৈ আনিছে!
পাঁচ মিনিটমান মোৰ সৈতে কটাই, সিহঁত গ’লগৈ৷ আগে আগে ডাঙৰ সাপটো, পাছে পাছে পোৱালি কেইটা, চকুৱে নমনালৈকে মই সিহঁতক চাই থাকিলোঁ৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক