এটা নখ হেৰুৱাৰ বেদনাত (ইন্দুকল্প শইকীয়া)




স্নায়ুহীনতাৰ অনুতাপত যেতিয়া সি কান্দিছিল
তেতিয়া হয়তো মই ব্যস্ত আছিলোঁ
পথৰ কাষৰ উদণ্ড ধূলিকণা কেইটাৰ পৰা
চকুজুৰিক নিৰাপদ দূৰত্বত অৱস্থিত কৰাত ।
বিজুলী বাতিৰ কৃত্রিম পোহৰখিনি পর্য্যাপ্ত নাছিল তেতিয়া
চকুযুৰিৰ বাবে
চিনাক্ত কৰিবলৈ তেজৰঙী অশ্রুৰ
সেই মৌন ধাৰাক ।

সংগীহীনতাত ভুগিছিল চাগেসি
ভূগিছিল চাগেস্পর্শহীনতাতো
সি ক্ষুব্ধ হৈছিল নেকি বাৰু ?
নে হৈছিল বিষাদগ্রস্ত !
অনুভুতিহীন এখন হৃদয়ৰ অন্যমনস্কতাই
তাক দিব পাৰিছিল নেকি
কিবা অনুভুতি ?
আহ !!
যান্ত্রিকতাৰ সেই গতিশীলতাত
কিমান যে থাকে বিলাসিতা !!
পথৰ কাষত কিলবিলাই ফুৰা কিছু সপোন,
জীৱন বুলি শৰীৰ একোটাকে বোকোচাত তুলি
ঘুৰি ফুৰা সেই সপোনৰ প্রেমিকবোৰ
আৰু বাটৰুৱাৰ নামত বাহনত উঠি
আলেখ-লেখ চাই যোৱা
মোৰ দৰে বিলাসী পথিক…।
তাৰ মাজতেই চাগৈ ঘটিছিল ঘটনাটি
স্নায়ুহীনতাৰ দুর্বলতাই মোক অজ্ঞাত কৰি থলে,
জন্মতে লাগি অহা এটা নখৰ বিচ্ছেদত
বৰণহীন দুটোপাল অশ্রুৰ প্রয়োজনীয়তাক
গোপন কৰি থলে।।।।।

(কেতিয়াবা কিছুমান অনুভুতিহীন বস্তুৰ প্রতি দয়া ওপজে। দেওবাৰে বাইকেৰে আহি থাকোতে এটা শিলত খুন্দিয়াই হেৰুওৱা নখটোৰ স্মৃতিত।)
Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments