এটা পুৰস্কাৰ আৰু এখন চিঠি (অৰুণজ্যোতি দাস)

প্ৰিয় ভ‌ৱিতা দাস সমীপেষু,
নমস্কাৰ! প্ৰীতি সম্ভাষণ গ্ৰহণ কৰিব ।আশা কৰোঁ, নেদেখাজনে আপোনাক কুশলে ৰাখিছে ।
এই কথা জানি আপোনাৰ কেনে অনুভ‌ৱ হ’ব সঠিকভা‌ৱে অনুমান কৰিব পৰা নাই, যে মই আপোনালৈ বুলি চিঠিখন লিখাৰ প্ৰতিটো মূহুৰ্তত এক অজান আৰু অভূতপূৰ্ব শিহৰণ অনুভ‌ৱ কৰিছোঁ। এনে হোৱাৰ কাৰণ অৱশ্যেই আপুনি ভ‌বাৰৰ দৰে এজন যু‌ৱকে এগৰাকী যু‌ৱতীৰ ওচৰ চপাৰ প্ৰয়াসেৰে প্ৰথমটো খোজ দিওঁতে স্বাভা‌ৱিকতেই সৃষ্টি হোৱা উত্তেজনা আৰু ‌আৱেগ, সমূলি নহয়!
ই হৈছে সৰুতে অসমীয়া সাহিত্যৰ ভঁৰাল খুঁচৰি ভালপো‌ৱা, সততেই বিদ্যালয়ৰ পাঠ্যপুথিতকৈ তথাকথিত ‘বাহিৰা’ কিতাপ পঢ়িবলৈহে ইচ্ছা কৰা আৰু মনৰ ভাষাক কবিতাৰ ৰূপ দিবলৈ চেষ্টা কৰা ল’ৰাজন—যি ভাগ্যৰ বিড়ম্বনাত বৰ্তমানে এজন কম্পিউটাৰ অভিযন্তা হিচাপেহে কৰ্মৰত, যাৰ হৃদয়ৰ কথা-বতৰা এতিয়া কাগজ-কলমৰ সলনি একোটা বাকচসদৃশ যন্ত্ৰইহে সংৰক্ষিত কৰে, যি মনত পেলাব পৰা নাই তেওঁ কেতিয়া শেহতীয়াকৈ কলমেৰে মাতৃভাষাত কিবা এটা লিখিছিল;  তেনে এজন ডেকাই এখন চিঠি লিখাৰ আনন্দ আৰু সুখানুভূতি !
আপোনাক অভিনন্দন জনাইছোঁ-কে‌ৱল মাথোঁ ‘ফে’চবুক’ৰ ‘চিঠি’(http://www.facebook.com/groups/ciThi/) নামৰ গোটটোত এটা প্ৰশ্নৰ সঠিক উত্তৰেৰে বিজয়ী হো‌ৱাৰ বাবে নহয়, এটা উপযুক্ত পুৰস্কাৰ দাবী কৰি এজনৰ মাজত ক্ৰমান্বয়ে মৰহি যাব ধৰা চিঠি লিখাৰ অভ্যাসক পুনৰুজ্জীৱিত কৰাৰ বাবেও –যাৰ গৌৰ‌ৱৰ অংশীদাৰ সমানেই আপুনিও।
আজি-কালি তথ্য-প্ৰযুক্তিৰ ‌যুগত সমগ্ৰ পৃথিৱীৰ মানুহকে একত্ৰিত কৰি এখন বিশ্বজনীন গাঁৱৰ ধাৰণাৰ সৃষ্টি হৈছে। সেইমতেই মানুহ এইক্ষেত্ৰত সফলো হৈছে। দূৰদৰ্শন, অনাতাঁৰ, আন্ত:জাল আৰু দূৰভাষেই দেখোন আমাক নিজৰ মাতৃভূমিৰ পৰা, আপোনজনৰ পৰা আঁতৰত থাকিবলৈ দিয়া নাই! এই ধৰাৰ যি প্ৰান্ততেই আপুনি নাথাকক কিয়, আধুনিক কাৰিকৰী প্ৰযুক্তিৰ উচিত ব্যৱহাৰেৰে আপুনি বিশ্বৰ যিকোনো ঠাইৰ  যিকোনো মানুহৰ সতে, আপাতঃ মুখামুখিকৈ ভাৱৰ আদান-প্ৰদান কৰিব পাৰে ।
কিন্তু এনে উচ্চ মানৰ প্ৰযুক্তিৰ উপলব্ধতাৰ পাৰ্শ্বক্ৰিয়া স্বৰূপেই  মানুহে যেন হেৰু‌ৱাইছে আন বহুতো কিবা-কিবি। আপুনিতো জানেই, শুভেচ্ছা-পত্ৰৰ ঠাইত সময় আৰু টকা ৰাহি কৰি আজিকালি সকলো‌ৱে দূৰভাষযোগে  চুটি-বাৰ্তা পঠিয়াবলৈহে পছন্দ কৰে । চমকপ্ৰদ প্ৰযুক্তি-নিহিত এই নিত্য-নতুন আধুনিক সা-সঁজুলিবোৰ আমাৰ দৈনন্দিন জী‌ৱনৰ প্ৰতিটো কাৰ্য-কলাপৰ লগত এনেভা‌ৱে জড়িত হৈ পৰিছে যে মানুহে নিজে নজনাকৈয়ে ক্ৰমশঃ যান্ত্ৰিক আৰু ব্যস্ত জী‌ৱন অতিবাহিত কৰাত  অভ্যস্ত হৈ পৰিছে ।
মই ক’ব খুজিছোঁ, মান‌ৱ-জাতিৰ একতা, মান‌ৱীয়তা, প্ৰগতি আৰু উদ্ভা‌ৱনী শক্তিৰ আধাৰ স্বৰূপ উপাদান মানুহৰ অনুভূতি, আ‌‌ৱেগ আৰু চিন্তাশক্তিৰ  কথা। যাৰ অবিহনে মানুহ এটা জড় পদাৰ্থ অথবা অনুন্নত প্ৰজাতিৰ কোনো জন্তুৰ বাদে একো নহ’লহেঁতেন । মই অনুমান কৰোঁ, ২ ঘণ্টীয়া এটা দূৰভাষিক আলাপেও কিজানি একেখিনি ভাৱ প্ৰকাশ কৰাত ব্যৰ্থ হ’ব,  যিখিনি এখন চিঠিয়ে  ক’ব পাৰিব। চিঠিয়ে প্ৰকাশ কৰে লিখোঁতাৰ হৃদয়ৰ বতৰা…অন্তৰ্নিহিত ভাৱনা-চিন্তা আৰু অনুভূতি। এনে হো‌ৱাও দেখা যায় যে বহুক্ষেত্ৰত আমি কিছুমান কথা মুখ ফুটাই কাৰোবাক কোৱাতকৈ এখন চিঠিৰে জনাবলৈহে বেচি পছন্দ কৰোঁহক। প্ৰথম কথা,  কোৱাৰ সময়ত আমাৰ মনলৈ  সঠিক বাক্যশাৰী বা সঠিক ভা‌ৱটো নাহিব পাৰে ,কিন্তু লিখাৰ সময়ত , তাক আমি ধীৰে-সুস্থিৰে চালি-জাৰি  উপযুক্তভাৱে উপস্থাপন কৰিব পাৰোঁ। দ্বিতীয়তে মৌখিকভা‌ৱে কো‌ৱা কথাষাৰৰ প্ৰতিক্ৰিয়া সাধাৰণতেই তৎমুহূৰ্ততে হয় –যাৰ বাবে বিষয়বস্তুৰ গভীৰতাৰ ওপৰত নিৰ্ভৰ কৰি কেতিয়াবা বক্তাজনো কোনো অভা‌ৱনীয় পৰিস্থিতিৰ সম্মুখীন হ’বৰ বাবে প্ৰস্তুত থাকিবলগীয়া হয়। কিন্তু চিঠি এখনে আমাক তেনে শংকাৰ পৰাও নিৰাপদে ৰখাৰ আশ্বাস প্ৰদান কৰে!(এতিয়া এই চিঠি পঢ়ি অমুকাৰ আবোল-তাবোল কথাৰ বাবে খঙতে আস্ফালন কৰি থাকিলেও সেয়া নিস্ফল হ’ব-লিখক যে নিৰাপদ দূৰত্বত বৰ্তমান!)
মোৰ এগৰাকী বাইদেউ, যি আমাৰ ঘৰৰ পৰা মাত্ৰ ২ কি.মি. আঁতৰত থাকে আৰু যাৰ সতে সঘনাই দেখা-সাক্ষাৎ হৈ থাকে, তেওঁও মোক আগতে চিঠি দিছিল-লেফাফাত নভৰো‌ৱাকৈ, লগ পো‌ৱাৰ সময়ত নিজ হাতে। দৈনন্দিন কথা-বতৰাত প্ৰকাশ নোহো‌ৱা কিছুমান মৰম আৰু বিশ্বাসৰ সততেই স্বাক্ষৰ কঢ়িয়াইছিল, বাইদেউৰ সেই তিনি-চাৰি পৃষ্ঠাজোৰা চিঠিৰ বৰ্ণমালাই। বাইদেউৰ মনৰ ভিতৰৰ মানুহজনীক পঢ়ি চাবলৈ সুবিধা পাইছিলো। বাস্ত‌ৱ জী‌ৱনৰ বহু অভিজ্ঞতাই তেওঁ মোৰ সতে আলোচনা কৰিছিল। কিছুমান সৰু-সুৰা অভিমান, কিছু অনুৰোধ তথা পৰামৰ্শ আছিল তেওঁৰ চিঠিৰ মাজত, মৰমৰ ভায়েকৰ প্ৰতি।
সেইজনী বাইদেউ, যাৰ লগত তেজৰ সম্বন্ধ নাই বুলি বিশ্বাস কৰিবলৈ মই টান পাওঁ, তেওঁ আজিকালি মোলৈ চিঠি নিলিখে। আমাৰ সম্বন্ধ আৰু যোগাযোগ একেদৰে আছে… প্ৰায়ে বাৰ্তালাপ হয় বা ঘৰলৈ গ’লে  ভিনদেউৰ সতে আমি তিনিও কোনো নিৰ্জন ঠাইত ফুৰিবলৈ যাওঁ।
কাৰণ হ’ল,  মই যে যান্ত্ৰিক হৈ গৈছোঁ, ৰুটিনমাফিক কাৰ্যা‌ৱলীৰে প্ৰণালীটোৰ লগত একাকাৰ হৈ গৈছো, কিতাপ পঢ়া বা লিখা-মেলা কৰিবলৈ যে কমাই দিছো;  সেয়া বাইদে‌ৱে অনুধা‌ৱন কৰিব পাৰিছে আৰু গতিকেই তেওঁ মোলৈ চিঠি দিয়া নাই। (অভিমানৰ অন্য ৰূপ নিশ্চয়!)
এনে অভিজ্ঞতাই মোক উপলব্ধি কৰাইছে যে চিঠিয়ে প্ৰকৃততে কিছুমান লিখিত প্ৰাণহীন শব্দ নকঢ়িয়ায়- ই কঢ়িয়ায় সম্বন্ধ!
আজি লিখা এই চিঠিখনে মোক যেন আকৌ এবাৰ জগাই তুলিলে। অন্তৰত সঞ্চিত হৈ থকা অনুভ‌ৱবোৰ ব্যক্ত কৰিবলৈ যেন মোক প্ৰেৰণা দিছে। মই যে যান্ত্ৰিক হৈ যো‌ৱা নাই, মোৰ মগজুৰ অভ্যন্তৰত অনুভূতি-প্ৰ‌ৱণ কোষকণাবোৰ যে এতিয়াও জী‌ৱিত হৈ আছে,  সেই কথা এই মুহূৰ্তত উপলব্ধি কৰি পুলকিত হৈ উঠিছোঁ ।
মই চিঠি লিখিবলৈ ল’ম। মোৰ বাইদে‌ৱে মোৰ প্ৰতি পোষণ কৰা ধাৰণাক মই ন কৈ সজাম, কলেজীয়া পুৰণা বন্ধুৰ ই-পত্ৰৰ ঠিকনা বা দূৰভাষ নম্বৰ গোটো‌ৱাৰ সমানে সমানে গুৰত্ব দিম মই তেওঁলোকৰ ডাক-ঠিকনা যোগাৰ কৰাত। ঘৰৰপৰা হাজাৰ মাইল দূৰত এই পাহাৰীয়া সীমান্ত‌ৱৰ্তী ঠাইত অকলে থাকি অনুভ‌ৱ কৰা প্ৰতিটো নিসংগতা, প্ৰতিটো  মনৰ খবৰ চিঠিৰে জনাই হঠাৎ আচৰিত আৰু আনন্দিত কৰি তুলিম দৈনিক দূৰভাষযোগে যোগাযোগ ৰখা মা-দেউতাকো!
আপুনি শুনি আচৰিত হ’ব নিশ্চয় যে বিগত চাৰে চাৰি বছৰে প্ৰেয়সীলৈ বুলি  লিখা চিঠিৰ এখনো সম্পূৰ্ণ হৈ নুঠাৰ পিছত তিনিদিনীয়া প্ৰচেষ্টাৰে এখন চিঠি লিখা সম্পূৰ্ণ হ’ল- যিখন আপুনি আজি পঢ়ি আছে। গতিকে এই সংক্ৰান্তত প্ৰিয়তমাৰ পৰা পাবলগীয়া কঠোৰ শাস্তি উপভোগ কৰিবলৈও মানসিকভা‌ৱে মোক প্ৰস্তুত কৰিলে আপোনালৈ  লিখা এই চিঠিখনে।
অ’ ৰ’ব ,আপুনি নিশ্চয় বিৰক্ত হৈছে! কাৰণ মই ইমান সময়ে কে‌ৱল নিজৰ কথাই বখানি থাকিলোঁ। এজনে কৈছে, “কথা কমকৈ ক’বা, বেছিকৈ শুনিবা৷”  মোৰ আকৌ ওলোটাটোহে হয়! যি নহওঁক, দুদিন আগলৈকে মাথোঁ কম্পিউটাৰৰ পৰ্দাত আৱদ্ধ এটা নাম আজি মোৰ বন্ধুৰ তালিকাত যোগ হ’ল। তাৰ বাবে ‘চিঠি’ গোটলৈ ধন্যবাদ যাঁচিলোঁ । আপোনাৰ লেখাবোৰ পঢ়িছোঁ। ভাল লিখে আপুনি! অনুভূতি-প্ৰ‌ৱণ হৃদয়বান মানুহক মই সম্মান কৰোঁ। আশা কৰোঁ, অনাগত দিনতো আপোনাৰ অনুভূতিৰ জোলোঙা জুমি চাবলৈ সুযোগ পাম ।
ভয় নাখাব, আৰু বেছি দীঘলীয়া নকৰোঁ। কিন্তু যি দুটা কথা নক’লে এই চিঠিখন মূল্যহীন হ’ব বুলি ভা‌ৱোঁ, সেয়া কৈ সামৰণি মাৰিম। আচলতে এই দুটা মোৰ ব্যক্তিগত অনুৰোধহে;  কে‌ৱল আপোনাৰ প্ৰতি নহয়, মোৰ সকলো ইচ্ছুক বন্ধু-বান্ধ‌ৱীলৈয়ে মই এই বক্তব্য ৰাখোঁ। সেয়া হ’ল-
ক) আপোনাৰ ব্যক্তিগত জী‌ৱনটোৰ পৰা অকণমান হ’লেও সময় উলিয়াই সমাজৰ কামত নিজকে নিয়োগ কৰক। আজি-কালিৰ পৃথি‌ৱীত ভাল কামৰ চিন্তা কৰা মানুহ বহুত পো‌ৱা যায়, কিন্তু হাতে-কামে লগা মানুহ পাবলৈ বিৰল। দুৰ্নীতি, অহিংসা আৰু অবিচাৰৰ এই দু:সময়তো চৌপাশে ঘটি থকা ভাল কামবোৰত জড়িত হওক আৰু আনকো জড়িত কৰাওক। প্ৰত্যেকেই গা-এৰা দি কে‌ৱল নিজকলৈ ব্যস্ত থাকিলে সমাজৰ প্ৰগতি হ’ব বুলি আমাৰ মনে নধৰে। অসমীয়াৰ মাজত সকলো প্ৰতিভা আৰু গুণ আছে;  নাই মাথোঁ সাহস, একতা আৰু পৰোপকাৰী মনোভা‌ৱ।
খ) লক্ষ্য কৰিছোঁ যে, আপুনি আন্ত:জালতো অসমীয়া ভাষা-সাহিত্যৰ চৰ্চা অলপ হ’লেও কৰে (অন্ততঃ ফে’চবুকত হ’লেও)। গতিকে লিখিছেই যেতিয়া; নিজৰ মাতৃভাষাটোক ইংৰাজী বৰ্ণমালাৰে প্ৰকাশ কৰি দৃষ্টিকটু কিয় কৰিব লাগে, সুন্দৰ অসমীয়া ইউনিক’ডত টাইপ কৰক আৰু ভাষাটোৰ শুদ্ধৰূপে প্ৰচাৰ তথা প্ৰসাৰত যথাকিঞ্চিৎ অৰিহণা যোগাওক। অসমীয়া ভাষী  মানুহৰ সংখ্যা ক্ৰমান্বয়ে নিম্নগামী হো‌ৱা, ইংৰাজী মাধ্যমৰ বিদ্যালয়ত নামভৰ্তিৰ বাবে হেতা-ওপৰা কৰা, প্ৰচাৰ মাধ্যমতো শুদ্ধ ৰূপৰ অসমীয়া প্ৰচলন নোহো‌ৱা… এনেবোৰ পৰিস্থিতিৰ এই সংকট কালত কে‌ৱল মাথোন এজন মানুহৰ সজাগতাৰ প্ৰয়োজন হৈ আছে, যিয়ে নেকি এই শু‌ৱলা অসমীয়া ভাষাটোক সজী‌ৱ কৰি টনকীয়াল কৰি তুলিব পাৰিব;  তেওঁ হ’ল ‘আপুনি’ । আমি প্ৰত্যেকেই ।
অনুৰোধ দুটিৰ বাবে বেয়া নাপায় যেন। আপোনাৰ কুশল-বাৰ্তা জনাব। আজিলৈ সামৰিছোঁ ।
প্ৰান্তত,
আপোনাৰ বন্ধু
অৰুণজ্যোতি
২ আগষ্ট,২০১১
চাইহা, মিজোৰাম
পুন:শ্চ -আপোনাৰ নামটো যদি ভুলকৈ লিখিছোঁ, তেন্তে ক্ষমা কৰে যেন। ‘ব’ হ’ব   নে ‘‌ৱ’ হ’ব মোৰ সীমিত ভাষাজ্ঞানেৰে থিৰাং কৰিব নো‌ৱাৰিলোঁ।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments