এটা প্ৰতিজ্ঞা, এখন কিতাপ আৰু ইতিহাসৰ শিক্ষা – অন্বেষা ফুকন

২০০৫ চন, চতুৰ্থৰ পৰা পঞ্চম শ্ৰেণীলৈ উত্তীৰ্ণ হৈছোঁ মাত্ৰ। ঘৰৰ কিতাপৰ আলমাৰিত দুখন নতুন কিতাপ আৱিষ্কাৰ কৰিছিলোঁ। এখন গীতা উপাধ্যায়ে লিখা জীৱনী ‘এন্ ফ্ৰাঙ্কৰ গল্প’ আৰু আনখন গীতা উপাধ্যায় আৰু বাসন্তী লস্কৰে একেলগে অসমীয়ালৈ অনুবাদ কৰা ‘এন্ ফ্ৰাঙ্কৰ ডায়েৰী’। মনত পৰে, এন্ ফ্ৰাঙ্কৰ জীৱন কাহিনী পঢ়ি দুখত কাতৰ হৈ এবেলামান বিছনাত বাগৰি আছিলোঁ। আৰু ‘এন্ ফ্ৰাঙ্কৰ ডায়েৰী’ হৈ পৰিছিল মোৰ প্ৰিয় কিতাপ।

দ্বিতীয় বিশ্বযুদ্ধ, হিটলাৰ, নাৎসী, ইহুদী নিধন আৰু Holocaust, বন্দী শিবিৰ- concentration camp, Auschwitz- এই শব্দবোৰৰ লগত সেয়াই প্ৰথম চিনাকি। বছৰচেৰেকৰ পিছত হাইস্কুলত ইতিহাসৰ কিতাপ খুচৰি পঢ়িছিলোঁ বিশ্বযুদ্ধৰ কাহিনী। কমা নাছিল এন্ ফ্ৰাঙ্কৰ আকৰ্ষণ। বিশ্বযুদ্ধৰ ৰাজনৈতিক ইতিহাসতকৈ আগ্ৰহী হৈ উঠিছিলোঁ এন্ ফ্ৰাঙ্কৰ দৰে যুদ্ধৰ অমানুষিকতাৰ প্ৰত্যক্ষদৰ্শী আৰু ভুক্তভোগী সাধাৰণ মানুহৰ মুখেৰেই সেই ইতিহাস জানিবলৈ। এলি ৱাইজেলৰ আত্মজীৱনীমূলক গ্ৰন্থ Night পঢ়ি বুজিলোঁ ইতিহাস চেতনা মোৰ কিমান সীমাবদ্ধ। এন্ ফ্ৰাঙ্কৰ জগতখনতকৈ কিমান ব্যাপক সেই ইতিহাস। জানিবলৈ উৎসুক হৈ উঠিছিলোঁ কি শাৰীৰিক আৰু মানসিক শক্তিয়ে মানুহক তেনে কল্পনাতীত দুৰ্যোগৰ মাজতো জীয়াই থাকিবলৈ প্ৰেৰণা দিয়ে আৰু যুদ্ধোত্তৰ পৃথিৱীত পুনৰ ‘মানুহ’ হিচাপে খোপনি পুতিবলৈ সাহস দিয়ে। সেই আগ্ৰহেৰেই পঢ়িছিলোঁ লিভিয়া বিটন জেকছনৰ ‘I Have Lived a Thousand Years’, ক্লাৰা ক্ৰেমাৰৰ ‘Clara’s War’, এলিচিয়া এপলমেন জুৰমেনৰ ‘Alicia : My Story’ আদি কেইখনমান মন চুই যোৱা কিতাপ। ইয়াৰ মোৰ মনত সবাতোকৈ বেছি ৰেখাপাত কৰা কিতাপখন আছিল ‘Rena’s Promise – A Story of Sisters in Auschwitz’।

১৯৪২ চনৰ মাৰ্চ মাহত ইহুদী যুৱতী- মহিলাৰ প্ৰথমটো দল কুখ্যাত Auschwitz বন্দী শিবিৰলৈ নিয়া হৈছিল। সেই ৯৯৮ গৰাকী যুৱতী- মহিলাৰ ভিতৰত এগৰাকী আছিল ৰেনা। সম্পূৰ্ণ নাম Rena Kornreich Gelissen। তেওঁৰ নাম পঞ্জীয়ন কৰা হৈছিল Rifka Kornreichova বুলি। ৰেনাৰ জীৱন কাহিনীৰ অনুলিখন কৰিছে হীথাৰ ডিউন মেকএডামে ( Heather Dune Macadam)। কিতাপখন লিখাৰ দায়িত্ব লৈ হীথাৰ প্ৰথম যিদিনা ৰেনাৰ ঘৰলৈ গৈছিল, সেইদিনাই তেওঁ উপলব্ধি কৰিছিল কেনে এক গধুৰ দায়িত্ব তেওঁ কান্ধত লৈছে। এগৰাকী সদাহাস্যময় ফূৰ্তিবাজ প’লিশ আমেৰিকান বৃদ্ধাই কাকো মুখ ফুটাই ক’ব নোৱাৰা, বছৰ বছৰ জুৰি বুকুত ভাৰ বৈ থকা দুঃসহ স্মৃতি কিছুমানক বাংময় ৰূপ দিয়াৰ দায়িত্ব, সেই দুখৰ বোজা পাতলোৱাৰ দায়িত্ব, বধ্যভূমিৰ মাজতো জীয়াই থকা মানৱতাৰ মহত্বক উজ্বলাই তোলাৰ দায়িত্ব আৰু ভৱিষ্যতৰ পৃথিৱীক ইতিহাসৰ ভুলৰ পুনৰাবৃত্তি নকৰিবলৈ শিক্ষা দিয়াৰ দায়িত্ব। হীথাৰে ৰেনাৰ আত্মকথনক এখন অগতানুগতিক, মৰ্মস্পৰ্শী কিতাপৰ ৰূপ দিলে। ১৯৯৫ চনত ‘Rena’s Promise’ প্ৰথম প্ৰকাশ হৈ ওলায়।

প’লেণ্ডৰ ( Poland) Tylicz নামৰ এখন চহৰত মাক-দেউতাক, বাই-ভনীৰে ভৰা এখন সুখৰ সংসাৰ আছিল ৰেনাৰ। সম্প্ৰীতিৰ ডোলেৰে বান্ধ খাই থকা এখন শান্ত সমাহিত সমাজ আছিল চহৰখনত। কিন্তু দ্বিতীয় বিশ্বযুদ্ধৰ আগমনে সকলো থান-বান কৰি পেলালে। হিটলাৰ আৰু নাৎসীবাহিনীৰ ইহুদী বিৰোধী কাৰ্যকলাপত ৰেনাহঁতৰ দৰে ইহুদী পৰিয়ালবোৰৰ জীৱন অসহনীয় হৈ পৰিল। জীৱনৰ নিৰাপত্তা বিচাৰি এদিন ৰেনাৰ পৰিয়াল ভাগ ভাগ হ’বলগীয়া হ’ল। ৰেনা আৰু ভনীয়েক Dankaক শ্ল’ভাকিয়াৰ কোনো সুহৃদ পৰিয়ালত আশ্ৰয় ল’বলৈ পঠিওৱা হ’ল। শ্ল’ভাকিয়াতো স্বাভাৱিক জীৱনযাত্ৰা বেছিদিন নিটিকিল। যুদ্ধৰ লেলিহান শিখা লাহে লাহে সকলোতে বিয়পি পৰিছিল। এদিন ৰেনাই কৰ্মঠ ইহুদী যুৱতীবোৰক কোনো কৰ্ম শিবিৰত কাৰ্যত নিয়োগ কৰিব বুলি গম পাই নাম পঞ্জীয়ন কৰালে। পিছদিনা Poprad ৰে’ল ষ্টেচনত এখন জন্তু কঢ়িওৱা গাড়ীত ৯৯৮ গৰাকী যুৱতী- মহিলাক তুলি দিয়া হ’ল। আৰম্ভ হ’ল অজ্ঞাত যাত্ৰা। তেতিয়ালৈ সেই যুৱতীসকলে গমেই পোৱা নাছিল যে কৰ্ম সংস্থাপনৰ কথা কৈ আচলতে তেওঁলোকক concentration camp অভিমুখে লৈ যোৱা হৈছে। দুঃসহ এক দীঘলীয়া যাত্ৰাৰ অন্তত Auschwitz বন্দী শিবিৰৰ কোঠাত যেতিয়া সুমুৱাই দিয়া হ’ল তেতিয়াহে দুৰ্ভগীয়া যুৱতীসকলে বুজিলে তেওঁলোকক কৰা বিশ্বাসঘাটকতাৰ কথা।

এইদৰেই আৰম্ভ হ’ল ৰেনাৰ Auschwitzৰ জীৱন। হাতত টেটু কৰি দিয়া হ’ল ক্ৰমাঙ্ক 1716। ৰেনাৰ বয়স তেতিয়া প্ৰায় ২১ বছৰ। কিছুদিনৰ পিছতে আন এটা যুৱতীৰ দলৰ লগত আহি উপস্থিত হ’ল ভনীয়েক Danka। আৰম্ভ হ’ল দুই বাই ভনীৰ কঠোৰ জীৱন সংগ্ৰাম। শিবিৰত ইহুদী বন্দীসকলক মানুহৰ মৰ্যাদা দিয়া নহৈছিল। খাবলৈ দিয়া হৈছিল অখাদ্য নূনতম আহাৰ। হাড়ভঙা শ্ৰম আৰু অনাহাৰ- অপুষ্টিত দিনৌ একো একোজনীৰ মৃত্যু হোৱাটো সাধাৰণ ঘটনা আছিল। সামান্য কাৰণতে বা বিনাদোষতে কোনো কোনো যুৱতীক হত্যা কৰা হৈছিল। অনা ইহুদী বন্দী ‘কাপো’ (যিবোৰক ইহুদী বন্দীবোৰৰ কাম-কাজ আদি পৰিচালনাৰ দায়িত্ব দিয়া হৈছিল) বোৰৰ নিষ্ঠুৰতা সহিবলগীয়া হৈছিল। সহ্য কৰিব লগা হৈছিল ভোক-পিয়াহ, ঠেঁটুৱৈ লগা জাৰ। গেছ চেম্বাৰলৈ খোজ কাঢ়ি যোৱা এজাক অনাথ শিশুক দেখি বেদনাত ৰেনাৰ হৃদয় মূক হৈ পৰিছিল। মাক – দেউতাকৰ মৃত্যুৰ খবৰো তেওঁ পাইছিল। সময়ে সময়ে ঘণ্টাৰ পিছত ঘণ্টা থিয় কৰাই থৈ নাৎসী চিকিৎসকে বন্দীবোৰৰ জীৱন-মৃত্যুৰ সিদ্ধান্ত লৈছিল। তথাপি ৰেনা ভাগি পৰা নাছিল। প’লেণ্ড এৰি যোৱাৰ আগতে মাকৰ ওচৰত তেওঁ শপত খাইছিল যে ভনীয়েকক তেওঁ সুস্থ শৰীৰেৰে এদিন মাকৰ ওচৰলৈ ওভতাই আনিব। ভনীয়েকৰ প্ৰতি মৰম আৰু দায়িত্ববোধে ৰেনাক পদে পদে সাহস যোগাইছিল। এইদৰেই Auschwitz, Birkenau, Ravensbruck আৰু Newstadt Glewe বন্দী শিবিৰত তেওঁ কটাইছিল ৩ বছৰ ৪১ দিন।
অৱশেষত এদিন মুক্তিৰ দিন আহিল। ১৯৪৫ চনৰ ২ মে’ৰ দিনা ৰাছিয়ান আৰু আমেৰিকান সৈন্য আহি বন্দী শিবিৰৰ প্ৰৱেশদ্বাৰ খুলি দিলে। যুদ্ধোত্তৰ জীৱনৰ প্ৰাৰম্ভিক ঘাত-প্ৰতিঘাতবোৰ পাৰ হৈ যোৱাৰ পিছত শান্তি ঘূৰি আহিল। আৰম্ভ হ’ল দুই বাই ভনীৰ নতুন জীৱন।

জীৱনৰ অব্যক্ত এই কাহিনী কৈ শেষ কৰাৰ পিছত হীথাৰৰ সন্মুখত বহি থকা ৰেনাৰ চকুলো বৈ আহিছিল। তেওঁ কৈছিল, তেওঁৰ এই জীৱন কাহিনী আগতে কোনেও শুনা নাই। ইমান দুঃসহ স্মৃতিৰ বোজা লৈও কিন্তু ৰেনাই কৈছিল, ” The heart is only so big, so I do not hate. To hate is to let Hitler win.” তেওঁ বিচাৰিছিল যুদ্ধ আৰু বন্দী শিবিৰৰ অমানৱীয়তাৰ মাজত জীয়াই থকা মানৱতাৰ কথাও তেওঁৰ আত্মজীৱনীৰ পৰা মানুহে জানক। এমা নামৰ এগৰাকী ‘কাপো’ৰ কথা ৰেনাই কৃতজ্ঞতাৰে সুঁৱৰিছিল। সুঁৱৰিছিল লুকাই চুৰকৈ তেওঁক ঔষধ-পাতি, খোৱা বস্তু দিয়া আৰু বন্ধুত্বৰ মিঠা আমেজেৰে দুখৰ মাজতো সুখৰ সন্ধান দিয়া যুদ্ধবন্দী যুৱকসকলৰ কাহিনী, এজন সাধাৰণ কৃষকৰ মহানুভৱতা, অনাহাৰে থকা ৰেনাৰ হাতত নিজৰ পৰিয়ালৰ পৰাই চান কাঢ়ি এমুঠি আহাৰ তুলি দিয়া মহিলাগৰাকীৰ কথা। কোনো ইতিহাসৰ কিতাপত লিপিবদ্ধ নোহোৱা এই মানৱীয়তাৰ কাহিনীবোৰৰ একমাত্ৰ প্ৰত্যক্ষদৰ্শী আছিল ৰেনা। এই মানৱীয়তাই আছিল ৰেনাৰ প্ৰাণ সঞ্জীৱনী।

এন্ ফ্ৰাঙ্কৰ ডায়েৰী, ৰেনা আৰু এলি ৱাইজেলৰ জীৱন কাহিনী আৰু অনেক…! এইবোৰ হৈছে ইতিহাসৰ একোখন দলিল। যুদ্ধবিহীন, জাতি ধৰ্ম বৰ্ণৰ ভেদাভেদ বিহীন পৃথিৱীৰ সপোন দেখিয়েই তেওঁলোকে দুঃসহ স্মৃতিক খুচৰি আত্মকথা লিখিছিল, যাতে মানৱজাতিয়ে পাহৰি নাযায় মানৱ ইতিহাসৰ সেই লজ্জাজনক অধ্যায়। ভৱিষ্যত প্ৰজন্ম‌ই যাতে পূৰ্বপুৰুষৰ ভুলৰ পুনৰাবৃত্তি নকৰে। মানৱতাৰ বধ্যভূমিতো কেনেকৈ মানৱতা জীয়াই থাকিব পাৰে সেই শিক্ষা যাতে আমি পাহৰি নাযাওঁ।

শান্তিৰ ন’বেল বঁটা বিজয়ী এলি ৱাইজেলে বঁটা গ্ৰহণ কৰাৰ সময়ত দিয়া বক্তৃতাত কৈছিল, “There may be times when we are powerless to prevent injustice, but there must never be a time when we fail to protest. None of us is in a position to eliminate war, but it is our obligation to denounce it and expose it in all its hideousness. War leaves no victors, only victims. Mankind needs peace more than ever. Mankind must remember that peace is not God’s gift to his creatures, it is our gift to each other.” সম্প্ৰতি ক্ষমতাৰ কঢ়া আঁজোৰা, মহামাৰী, অৰ্থনৈতিক শোষণ, যুদ্ধ, সন্ত্ৰাসবাদ, ধৰ্মীয় বিভেদ আৰু মৌলবাদ আদি এশ এবুৰি সমস্যাৰে জৰ্জৰিত পৃথিৱীত আমি ইতিহাসৰ শিক্ষাৰ প্ৰাসঙ্গিকতা অধিক অনুভৱ কৰিছো।


০০০০০

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক