এটা প্ৰপজৰ পাছত (বিকাশ কুমাৰ শইকীয়া)

– শুই থাক ভাই, ইমান চিন্তা কৰি লাভ নাই, কাইলৈ যি হব দেখা যাব ……. ৰুমমেট গণেশে বিছনাৰপৰা কলে
ফৰেষ্ট স্কুলৰ ভাড়াঘৰটোত থকা মোৰ বিছনাখনত এঘণ্টাতকৈও বেছি ইলুটি-সিলুটি কৰি আছো৷ টোপনি অহা নাই৷ ১২ বাই ১০ ৰ ভাড়াঘৰটোত গণেশ আৰু মই মেচ কৰি থাকো৷ ৰুমটোত দুখন খাট, দুখন টেবুল আৰু এডাল আলনা৷ দুয়োজনৰে নিজৰ নিজৰ টেবুল ফেন৷ ৰুমটোত অকণমানি পাকঘৰ এটা এটেষ্টড হৈ আছে৷ মুলত আমাৰ দৰে ইউনিভাৰ্চিটিৰ লৰাবোৰৰ কাৰণে মালিকে ভাড়াঘৰটো বনাইছে৷ আগৰ চেমিষ্টাৰটোত গণেশ আৰু মই লংকেশ্বৰৰ ফালে আছিলো৷ এইটো চেমিষ্টাৰত এইটোলৈ আহিছো৷
আচলতে কি ঘটি গল সেইটো মই এতিয়াও বুজি পোৱা নাই, কিয় এনে হল, মই এতিয়া কি কৰিম, কেনেকৈ, কিয়, কত৷ হাজাৰটা প্ৰশ্নই মোক শুবলৈ দিয়া নাই৷ এনেকুৱা ঠাইপৰ ফিলিং মই জীৱনত আগতে কেতিয়াও কৰা নাই৷
মবাইলটো চালো, ১১-৩৫ বাজিছে৷ নম্বৰ এটা ডায়েল কৰিলো৷ মোৰ বুকুৰ ধপধপনি বাঢ়ি গল৷ নম্বৰ ডায়েল কৰিছো ঠিকেই, কিন্তু কি কম৷ একো ভাবি পোৱা নাই৷
ফোনটো ৰিং হৈ হৈ কাটি গল৷ মানে মোৰ ফোন ৰিচিভ নকৰিলে৷ কিম্ত কেইটামান ঘণ্টা আগলৈকে তো চব ঠিকেই আছিল৷ খং, অভিমান, দুখ-শোক মিশ্ৰিত অনুভৱ এটাই মোক খুন্দা মাৰিলে৷ মই এটা বৰ্জনীয় বস্ত হৈ পৰিলো নেকি৷ নিজৰ ওপৰতে মোৰ প্ৰচণ্ড খং উঠিল৷ কিহে পাইছিল মোক৷ ধেত৷
হঠাত মোৰ ফোনটো বাজি বন্ধ হৈ গল৷ মিছকল৷ মবাইলটো চালো৷ মই ডায়েল কৰা নম্বৰটোৰপৰা মিছকল আহিছে৷ মই পুনৰ ডায়েল কৰিলো৷
– হেলো, ফোন কৰিছিলা নেকি…….. সিফালৰপৰা মাত এটা শুনা গল
সেই সময়ৰ মোৰ বাবে পৃথিৱীৰ সকলোতকৈ মিঠা মাতটো মোৰ কাণত পৰিল৷ এনে লাগিল যে মই শুনিয়েই থাকিম৷
– হয় কৰিছিলো…… মই কলো
– টোপনি অহা নাই
– নাই
– শুই থাকা
– শুবলৈ চেষ্টা কৰি আছো, কিন্তু পৰা নাই… মই কলো
– ৰাতি বহুত হৈছে, শোৱা এতিয়া
– ঠিক আছে, শুম বাৰু, তুমি ফোনটো ৰাখা
– মই নাৰাখো, তুমি ৰাখা আৰু শুই থাকা
– ওহো, তুমি ফোনটো কাটি দিয়া
– নহব, মই নাকাটো……. তাই কলে
আৰে ভাই, বেলেগ কথা পাত যদি পাত, নহলে কাট, অন্তত মোক শুবলৈ দে ভাই……… কাষৰ খাটখনত বাগৰি থকা ৰুমমেট গণেশৰ মাত মোৰ কাণত পৰিল
অগত্যা ফোনটো মইয়েই কাটি দিলো৷ আকৌ বহুতকেইটা প্ৰশ্নই মোক বিচলিত কৰিলে৷ তাই ফোনটো কিয় নাকাটিলে৷ তাই মিছকল কিয় দিলে, নিদিলেও হলহেতেন৷ তাৰমানে মোৰ প্ৰতিও তাইৰ কিবা অলপ হলেও ফিলিংছ আছে৷ এইবোৰ কথা ভাৱি থাকোতেই কেতিয়া টোপনি গলো ধৰিব নোৱাৰিলো৷
(২)
ৰাতিপুৱা গণেশে জগাই দিলে৷ ইউনিভাৰ্চিটি যাবলৈ সাজু হলো৷ কিন্তু এতিয়া মই কি কৰিম৷
– এতিয়া মই কি কৰিম…… মই গণেশক শুধিলো
– মোৰ ভিউ কও যদি বাদ দে তাইক, তাই তোৰ কাৰণে ঠিক নহয়, একো মেটছে নহয়….. গণেশে কলে
ফৰেষ্ট স্কুলৰপৰা ইউনিভাৰ্চিটিলৈ বেছিদুৰ নহয়৷ আমি প্ৰায়েই খোজকাঢ়ি যাও৷ গণেশ আৰু মই খোজকাঢ়িবলৈ ধৰিলো৷ সাতমাইলৰ চকটো পাওতেই দেখিলো জীৱন আৰু অলকেশ ফটোষ্টেট দোকান এখনৰপৰা ওলাই আহিছে৷ এজ ইউজুৱেল জীৱনৰ কান্ধত মোনা এটা আৰু অলকেশৰ হাতত বহী এখন৷
– কি দোস্ত, ৰিজেক্ট হৈ গলা বোলে …… জীৱনে সুধিলে
– আৰে নাই, আৰম্ভণিহে, লাহে লাহে নাটো হা হৈও যাব পাৰে….. মোৰ হৈ গণেশেই উত্তৰ দিলে
– মন বেয়া কৰিব নালাগে দোস্ত, বাছ, ট্ৰেইন আৰু ছোৱালীৰ বাবে বেছি টেনচন লব নালাগে, এক জাতা হে অউৰ দুচৰা আতা হে…….. অলকেশে কলে
এনেয়ে মন-চন বেয়া তাতে দুয়োটা কামোৰ৷ হাহি এটা মাৰিব খুজিছিলো কিন্তু নোৱাৰিলো৷ একদম ডিপ্ৰেছ হৈ গৈছো৷
সাতমাইলৰ পাছত মোৰ এফালে জীৱন, আনফালে অলকেশ৷ দুয়োটাই ইউনিভাৰচিটী পোৱালৈকে মোক টিপছ, সান্ত্বনা, সমবেদনা, উতসাহ দি গৈছে৷ কথাৰ মাজে মাজে মৰেল চাপৰ্ট দিবলৈ জীৱনে মোৰ পিঠিত ঢকা মাৰি আছে৷
ইউনিভাৰ্চিটি পালোহি৷ ডিপাৰ্টমেণ্টৰ গেটেৰে সোমাই কৰিডৰ পালো৷ সমুখত ভায়োলিনা এণ্ড বৈশালী৷
– ইছ ৰাম চেহেৰা একেবাৰে মুৰঝাই গৈছা দেখোন…… বৈশালীয়ে কলে
নাই এনেয়ে বুলি কব খুজিও মুখেৰে একো নোলালা৷ মুৰঝায়া হুৱা চেহেৰাত দুখৰ এক্সপ্ৰেচন বাৰুকৈয়ে ফুটি উঠিল৷
– ছোৱালীৰ নাত হা টোও সোমাই থাকে, তাই এবাৰহে নো কৈছে, চেষ্টা নেৰিবা, আমি আছো তোমাৰ লগত, তাই হা কবই, মোৰ বিশ্বাস আছে ……. ভায়োলিনাই কলে
কোনোমতে হাফ-হাহি এটা মাৰিলো৷ ভায়োলিনাই চকুৰে ইংগিত এটা দিলে৷ পাছফালে ঘূৰি চালো৷ গেটেৰে তিনিজনী ছোৱালী কৰিডৰৰ ফালে সোমাই আহিছে৷ পৰী, পলী আৰু তাই৷ অকস্মাত হাৰ্টবিট আকৌ বাঢ়ি গল৷ তাই আহি আছে৷ মই স্মাইল এটা দি আই কণ্টেক কৰাৰ চেষ্টা চলালো৷ পৰী আৰু পলীয়ে ভায়োলিনাৰ ফালে চাই হাফ স্মাইল এটা দিয়াৰ লগতে মোৰ ফালেও কেৰাহিকৈ চাই গল৷ কিন্তু তাই মোৰ ফালে নাচালেই৷ মোক টটেল এভইড কৰি তাই ক্লাছৰ ফালে গুচি গল৷
ক্লাছত সোমাই লাষ্টৰ ফালে চুক এটাত বহি দিলো৷ লাইফত পুৰা ট্ৰেজেদি হৈ গৈছে৷ মই কেতিয়াও ভাৱা নাছিলো যে তাই নো কব৷ এদিন আগলৈকে কিমান প্লেন-কিমান ড্ৰীম আছিল৷ চব চকনাচুৰ হৈ গৈছে৷ কালিলৈকে ডিপাৰ্টমেণ্টটোত সিংহৰদৰে বিচৰণ কৰি থকা মই বৰ্তমান ভিজা মেকুৰী হৈ পৰিছো৷ সকলোৰে মই এতিয়া পুতৌৰ পাত্ৰ৷ ইস বেচেৰা মই৷ ক্লাছত কি পঢ়াইছে একো গম পোৱা নাই৷ কালি ক্লাছত নহাকেইটাইও মাজে মাজে মোৰ ফালে ঘূৰি চাই আছে৷ সিহতৰ এক্সপ্ৰেচনৰপৰা লাগিছে যে সিহতে মোৰ কথাই চিন্তা কৰি আছে৷
ক্লাছৰপৰা ওলালো৷ ওলায়েই জুনিয়ৰ গ্ৰুপ এটাৰ মুখামুখি হল৷
– দাদা আপোনাৰ কালিৰ কথাটো গম পালো, উই ফিল ভেৰি ছৰি, বায়ে আপোনাক নো কব নালাগিছিল….. মোতকৈ এবছৰ জুনিয়ৰ লক্ষ্যৰ মাতত সহানুভুতিৰ চাপ
তাৰ লগত থকা বাকী জুনিয়ৰকেইটাৰ চেহেৰাকেইটাটো দেখিলো মোৰ প্ৰতি আন্তৰিকতা আৰু সমবেদনাৰ আভাস৷
(৩)
কি কৰিছিলো মই যাৰবাবে আজি এই অৱস্থা৷ বিশেষ একো কৰা নাই৷ লগৰ এজনীক মোৰ ভাল লাগে৷ মানে ডিপাৰ্টমেণ্টৰ চবকে মোৰ ভালেই লাগে কিন্তু তাৰে এজনীক অলপ বেছিকৈ ভাল লাগে৷ আবেলি চাৰিটামান বাজিছিল৷ ক্লাছ শেষ হোৱাৰ পাছত এনেয়ে ডিপাৰ্টমেণ্টৰ কৰিডৰত আদ্দা দি আছিলো৷ সেই সময়তে লগৰ চাৰিজনী ছোৱালী আমাৰ আগেৰে পাৰ হৈ গল৷ কি জানো হল ময়ে অলপ পাছত সিহতৰ পাছে পাছে গলো৷ সিহত জাষ্ট গেটখন পাৰ হৈছিলহে৷
– শুনাচোন
ছোৱালীকেইজনী ৰল৷ গোটেইকেইজনীয়ে মোৰ ফালে চালে৷
– তোমাৰ লগত অলপ কথা আছিল…… মই কলো
তাই ৰল, বাকীকেইজনী অলপ আতৰত কৃষ্ণচুড়া গছ এডালৰ তল পালেগৈ৷
– মানে মই কব খুজিছিলো যে মই তোমাক ভাল পাও, আই লাভ ইউ ……… মোৰ মুখত তেতিয়া এটা মৰমীয়াল হাহি৷
আচলতে মই ভাৱিছিলো যে মই প্ৰপজ কৰাৰ পাছত তাই প্ৰথমতে অলপ লাজ কৰিব, এটা মিঠা হাহি মাৰিব, লাহেকৈ মুৰটো দুপিয়াব, চিনেমাৰ ষ্টাইলত মই শ্বাহৰুখ খানৰ দৰে হাত দুখন প্ৰসাৰিত কৰি লাহে লহে আগুৱাই যাম, আৰু তাই মোৰ চকুত চকু থৈ কব….. ধেত অকৰাটো, ইমান দিল লগালেনে৷
সেইখিনি সময়ৰ আগলৈকে মই ২০০০ পাৰচেণ্ট চিউৰ আছিলো যে তাইও মোক ভাল পায়৷
কিন্তু তেনেকুৱা একো নহল৷ তাই অলপ ইফালে সিফালে চালে, অলপ ইতস্তত কৰিলে আৰু কলে…….. নো, মই তোমাক ভাল নাপাও
– আই এম চিৰিয়াচ, আই ৰিয়েলি লাভ ইউ….. মই অলপ জোৰ দি কলো
– আই ডণ্ট
– কিন্তু মানে
– প্লীজ, আই ডণ্ট লাভ ইউ, তুমি নুবুজা কিয়……. তাইৰ চেহেৰাত অস্বস্তিৰ ভাৱ
তাই খৰখোজৰে আতৰি গলগৈ৷ হঠাত কিবা এটা যেন খেলিমেলি হৈ গল৷ এনে লাগিল যেন বুকুত কোনোবাই হাতুৰীৰে কোবাইছে৷ খোজকাঢ়িবলৈও যেন মোৰ শক্তি নাইকিয়া হৈ পৰিল৷ কি হল, কি নহল, কিয় নহল বুজিবই নোৱাৰিলো৷ মোৰ চিন্তাশক্তি যেন লোপ পালে৷
– কি কলে…….. তেতিয়া ভায়োলিনা আৰু নীতু আহি মোৰ কাষত
– নো
– চিন্তা নকৰিবা, হৈ যাব…….. এইবুলি কৈ ভায়েলিনা গলগৈ
গণেশৰ লগত সিদিনা কেতিয়া ৰুম পালো কবই নোৱাৰিলো৷ কিন্তু মোৰ ট্ৰেজেদী হৈ গল৷ ৰুমত ৰাতি ভাত মই ৰান্ধো৷ চাল্লা সিদিনা ভাতত নিমখ দি দিলো৷ ৰুমমেট গণেশে পাছে গালি নিদিলে৷
ইমানবছৰ তাইৰ লগত একোটা ক্লাছতে, কথা পাতো, ধেমালি কৰো, আদ্দা মাৰো, একো এবনৰমেলিটি নাই৷ কিন্তু প্ৰপজৰ আনছাৰ নো হোৱাৰ পাছত তাইৰ কথা ভাৱিলেই হাৰ্টবিট বাঢ়ি যায়, অন্যমনস্ক হৈ বেলেগ দুনীয়া এখনত গুচি যাও৷ এনিটাইম মন বেয়া লাগি থাকে৷
ঘটনাটোৰ চৌবিশ ঘণ্টা নৌহতেই চৌদিশৰপৰা মোৰ বাবে সহানুভুতিৰ ঢল বৈ আহিছে৷ কিন্তু যিমানেই সহানুভুতি পাইছো সিমানেই মোৰ ট্ৰেজেদী বাঢ়ি গৈ আছে৷
ঘড়ীটোলৈ চালো৷ চাৰি বাজিছে৷ প্ৰপজ দিয়াৰ পাছত পুৰা এদিন পাৰ হল৷ ৰুপম শৰ্মা চাৰ মোৰ ফালে আহি থকা দেখিলো৷ মই থিয় হলো৷
– কি হে, কি চলি আছে…. ছাৰে সুধিলে
– ভালেই চাৰ
– কি ভাল হে, ডণ্ট গেট চেড, লাইফত এনেকুৱা হৈ থাকে, যেছ-নো চলি থাকেই, কীপ ট্ৰাইইং…… স্মাইল এটা দি ছাৰ পাৰ হৈ গল
মানে ডিপাৰ্টমেণ্টত মই এটা ডাঙৰ টপিক হৈ পৰিছো৷ ইতিমধ্যে জমা হোৱা দুখ-বেদনাৰ লগতে ভয় আৰু সংশয়ৰ ভাৱ কেইটামানেও মোক কপাই থৈ গল৷
ডিপাৰ্টমেণ্টত এটা ……..বেচেৰা মই!
(৪)
এনেয়ে লাইফত ট্ৰেজিক ফেজেৰে গৈ আছো, তাতে কামোৰ৷ যেতিয়াই তেতিয়াই যিয়ে-সিয়ে মোৰ খা-খবৰ লয়, সহানুভুতি উপদেশেৰে ভৰাই পেলায়৷
টোপনি বোলা বস্তটো নোহোৱা হৈ গৈছে, খোৱা বোৱাও কমি গৈছে৷ চকু কলা পৰিছে, চুলি অবিন্যস্ত, কেইদিনমানতে বহুত ক্ষীনাই গৈছো৷ মুঠৰ ওপৰত টটেল দেৱদাস টাইপৰ ট্ৰানজিচন৷
ডিপাৰ্টমেণ্টৰ ৰুম এটাত বহি ডেস্কত মুৰটো থৈ টোপনিয়াই আছো৷ এনেতে চুলিত কোনোবাই হাত বুলাই দিয়া যেন লাগিল৷ মুৰ তুলি চালো৷ স্বাতী, সুকন্যা আৰু মৃদু৷
– ইচ ৰাম, বেচেৰাটোৰ কি যে হই গল……. স্বাতীয়ে কলে
– জানো পাই, একেবাৰে মৰামুৱা হৈ গৈছা দেখোন……. মৃদুই কলে
– চিন্তা নকৰিবা, আমি আজি লংকেশ্বৰ মন্দিৰ গৈছিলো, তাত তোমাৰ কাৰণেও প্ৰাৰ্থনা কৰি আহিছো, তোমাৰ লাভ চাচচেচ হবই, এয়া চোৱা মন্দিৰৰ ধাগাও লৈ আহিছো………… এইবুলি কৈ সুকন্যাই ৰঙা সূতা এডাল মোৰ বাওহাতত বান্ধি দিলে
তাৰপাছত তিনিওজনী ওলাই গল৷ মই একো কবই নাপালো৷ হাতত থকা ৰঙা সূতাডাল চাই আকৌ ডেস্কত মুৰটো পেলাই দিলো৷
ডিপাৰ্টমেণ্টত দুটা ভাগৰ সৃষ্টি হল৷ এভাগে কয়….. বাদ দে তাইক, দুনীয়াত ছোৱালীৰ কমি আছে নেকি৷ গণেশ, জীৱন অলকেশ, সুব্ৰত, হাফু, জয়ন্ত আদি লৰা পল্টন এইটো ভাগত৷
আনটো ভাগে কয় …… লাগি থাকা, আজি না, কাইলৈ হা, আমি জানো নহয়৷ পৰী-পলী-ভায়ো-মৃদু-সুকু-স্বাতী কে ধৰি লেডিজ গেং আনটো ভাগত৷
আৰু এই দুয়োটা ভাগৰ মাজত…… বেচেৰা মই৷ আৰু যিটো বস্তই সকলোতকৈ বেছি মেটাৰ কৰে, মানে তাই, মোক মাতবোল নকৰে, এভইড কৰি গুচি যায়৷ আৰু মোৰ ট্ৰেজেদী বাঢ়ি বাঢ়ি গৈ থাকে৷ ইউভাৰচিটীৰ দুনীয়া মোৰ বাবে ব্লেক এণ্ড হোৱাইট হৈ গল৷
দুসপ্তাহমান তামাম ট্ৰেজেদী গল৷ দুসপ্তাহ পাছত পৰীয়ে মুখ খুলিলে৷
– আচলতে তাইৰ ঘৰত বিয়াৰ কথা চলি আছে……. পৰীয়ে কলে
– কাৰ লগত
– মানে এন.আৰ.এলত কাম কৰা লৰা এজন আহিছে
– এন.আৰ এল! ! …………. মই সেপ ঢুকিলো
– তাই কি কয়
– এতিয়ালৈ একো ঠিক হোৱা নাই
– ঠিক হৈ যাব পাৰে নেকি
– আমাৰ ছোৱালীবোৰৰ কথাটো জানাই, ঘৰৰ বহুত প্ৰেচাৰ থাকে এইবোৰ ক্ষেত্ৰত, নিজৰ ডিচিচন বুলি একো নাথাকেই ………. পৰীয়ে নিজৰ স্বভাৱজাত ভংগিৰে ফেচিয়েল এক্সপ্ৰেচন এটা দিলে৷
হিমাংশু দাসৰ কবিতা এটা মনত পৰিল…….. চাল্লা এই ডাক্টৰ ইঞ্জিনিয়াৰবোৰেই আমাৰ প্ৰধান শত্ৰু।
কিন্তু কথাটো হল পৰীয়ে কি বুজাব খুজিছিল৷ যেছ নে নো৷ নে কণ্ডিচনেল ইয়েছ৷
কনফিউজনটো গণেশে দুৰ কৰি দিলে৷
– মষ্ট প্ৰবেবলি তই জব এটা বিচাৰিব লাগে……. গণেশে কলে
(৫)
তেতিয়া আমি আছিলো থাৰ্ড চেমিষ্টাৰত৷ সময় ডিচেম্বৰৰ দ্বিতীয় সপ্তাহ৷ জব মানে প্ৰথমতেই আহে বেংকৰ চাকৰি৷ ফৰেষ্ট স্কুলৰ আমাৰ ভাড়াঘৰটোৰ কাষৰ ৰুমটোত উতপল চৌধুৰী আছিল৷ সি বেংকিঙৰ চাকৰিৰ বাবে খুব লাগি আছে৷ তাৰ ওচৰ পালোগৈ৷ তাৰপৰা লজিকেল ৰিজনিঙৰ কিতাপ এখন লৈ আনিলো৷
মটিভ এটা পাই গলো৷ সোণকালে এটা জব লাগে৷ ডিপাৰ্টমেণ্টৰ হেড আছিল পি.জে.দাস ছাৰ৷ ছাৰক কাকুতি মিনতি কৰি নেট পৰীক্ষাৰ দোহাই দি দুসপ্তাহ ক্লাছ কেঞ্চেল কৰাৰ লগতে থাৰ্ড চেমৰ পৰীক্ষা পিছুৱালো৷ বিহুৰ আগত প্ৰেক্টিকেল, বিহুৰ পাছত থিয়ৰী৷
ডিচেম্বৰৰ ২৫ তাৰিখে ডিপাৰ্টমেণ্টৰ পিকনিক৷ অৰ্গেনাইজ কৰাৰ দায়িত্ব মোৰ ওপৰত৷ ট্ৰেজিক ফেজৰপৰা লাহে লাহে নৰ্মেল হৈ আহিছো৷ মাজে মাজে অলপ হাহিটোও ওলাই পৰা হৈছে৷ কিন্তু মনত ফুৰ্তি বোলা বস্ত নাই৷ বাছৰ ভিতৰত চবেই নাচি বাগি আছে, আৰু মই কেবিনত বহি কণ্ডাক্টৰৰ লগত কথা পাতি আছো৷ যাওতে ঠিকেই গলো৷ পিকনিক স্পটটো তাইৰ লগত মাত-বোল নাই৷ চাল্লা ইউনিভাৰচিটী লাইফৰ লাষ্ট পিকনিকো ব্লেক এণ্ড হোৱাইট৷
ৰিটাৰ্ন জাৰ্নিত আকৌ ট্ৰেজেদী হৈ গল৷ বাছখনৰ মাজৰফালে মই চুপ-চাপ বহি আছিলো৷ পিপলুই জোৰ-জবৰদস্তি পাছলৈ উঠাই লৈ গল৷ লাষ্টৰ আগৰ চিটটোত পৰীৰ আৰু তাইৰ কাষত মোক বহাই দিলে৷ ময়ো বহি দিলো৷ আচলতো মোৰে ইচ্চা এটা আছিল৷ লগৰকেইটাই হৈ হাল্লা কৰি জোকাবলৈ ধৰিলে৷
– ই উঠি নাযায় কিয়………. ইমান হৈ হাল্লাৰ মাজতো তাই পৰীক কোৱা কথাষাৰ মই স্পষ্টকৈ শুনিবলৈ পালো
কি কৰিম আৰু, চিটৰপৰা উঠি আহিলো৷ লাজ-অপমান-অনুশোচনাত তামাম ট্ৰেজেদী হৈ গল৷ কেৱল চকুৰ পানী ওলাবলৈ বাকী৷ এনেকুৱা লাগিলে যে মই বাছখনৰপৰা এতিয়াই নামি দিম আৰু দুৰ কৰবালৈ খোজকাঢ়ি গৈ থাকিম৷ নিজকে তেৰে নামৰ চলমান আৰু ডৰৰ শ্বাহৰুখ যেন লাগিল৷ মানে ভিলেইন৷
কাৰোবাক বাৰে বাৰে আমনি কৰি থকা মই বাৰু ভিলেইন হৈ পৰিছো নেকি৷
(৬)
মাত্ৰ এটা মাহ আগলৈকে মই নিজকে হিৰোৰ দৰেই কিবা এটা বুলি ভাৱিছিলো, আৰু এতিয়া বিগ জিৰো, এটা ভিলেইন৷ প্ৰত্যাখিত, নিষ্কাসিত, বৰ্জিত, অৱহেলিত এটা ভিলেইন৷ জোচ-জুনুন চব খটম৷ আজিকালি কথাও বেছি নকও৷ আগতে ডিপাৰ্টমেণ্টৰ কামত লীড লৈছিলো, এতিয়া চুপ চাপ চবৰে মাজত লুকাই থকা হলো৷ মোৰ অৱস্থা দুৰ্দশাগ্ৰস্ত, হতাশাগ্ৰস্ত, সম্পুৰ্ন বিধ্বস্ত৷
থাৰ্ড চেমিষ্টাৰৰ পৰীক্ষা হৈ গল৷ ফৰ্থ চেমিষ্টাৰত স্পেচিলাইজেচন ভাগ ভাগ হৈ গল৷ তাইৰ আৰু মোৰ স্পেচিলাইজেচন বেলেগ বেলেগ হলগৈ৷ মই সোণকালে ডিপাৰ্টমেণ্টলৈ আহো, প্ৰথম মহলাৰ আমাৰ ক্লাছৰুমৰ খিড়িকীৰ কাষত বহি তলৰফালে চাই থাকো৷ তাই লগৰকেইজনীৰ লগত ৰাষ্টাৰপৰা খোজকাঢ়ি আহে, মই চাই থাকো, কিবা এটা ভাল লাগে৷ তাই দেখিব বুলি মই খিড়িকীৰ ফাকেৰে চাও৷ তাইৰপৰা যিমান পাৰি আতৰত থাকো৷ মুঠৰ ওপৰত তামাম ট্ৰেজিক কাৰবাৰ৷
এসপ্তাহ দুসপ্তাহকৈ তিনিমাহ পাৰ হৈ গল৷ তামাম ট্ৰেজেদি ষ্টেটাছটো কম ট্ৰেজেদিলৈ আহিল৷ মাজে মাজে তাইৰ লগত হাই-হেলো হয়৷ তাইক দেখিলে এতিয়া আগৰদৰে বুকুখন চিৰিংকৈ নামাৰে৷ ট্ৰুথ আৰু ৰিয়েলিটি মই মোটামোটি একচেপ্ট কৰি লৈছো৷
মাৰ্চ মাহ পালেহি৷ এটা শুকুৰবাৰত নেটৰ ৰিজাল্ট দিলে৷ জে.আৰ.এফ পাই গলো৷ ফাষ্ট পেপাৰ ক্লিয়াৰ হোৱা বুলি ডিপাৰ্টমেণ্টত কাকো কোৱা নাছিলো৷ ফাইনেল ৰিজাল্টৰ কথাটোও সিদিনা কাকো নকলো৷
পাছদিনা শনিবাৰ আছিল৷ তাইৰ হোষ্টেল পালোগৈ৷ পৰীক ফোন কৰিলো
– তাইৰ লগত এটা কথা আছিল …. মই পৰীক কলো
হোষ্টেলৰ সমুখত মই ৰৈ আছো৷ তাই আহিল, লগত পৰী৷
– তোমাক কথা এটা সুধিব লগা আছিল ….. মই কলো
– কি, মানে মই তো কৈছোৱেই ….. তাই পৰীৰ ফালে চাই কলে
– মানে তুমি মোক ভাল নোপোৱা, ঠিক আছে, কিন্তু জীৱনত কাৰোবাক তো ভাল পাবা, বিয়া পাতিবা, চামডে য়ু উইল গেট মেৰিড……. মই সুধিলো
– ও
– মই জানিব খুজিছো, যদি মই ফৰমেলি তোমাক এপ্ৰোচ কৰো, মানে মোৰ ঘৰৰ মানুহ তোমাৰ ঘৰলৈ গৈ, অৱভিয়াচলি জীৱনত কিবা এটা হোৱাৰ পাছত, তোমাক আৰ্থিক-মানসিক নিৰাপত্তা দিব পৰাকৈ কিবা এটা হোৱাৰ পাছত, তেতিয়া তুমি একচেপ্ট কৰিবা নে নাই ……… মই তাইৰ ফালে চালো, পৰীৰ চকুও তাইৰ ওপৰত
– নো, মই তোমাক ভাল নাপাও……… তাইৰ চেহেৰাত অস্বস্তিৰ চাপ দেখিবলৈ পালো
হয়তো মোৰ দুখ লাগিব লাগিছিল, খং উঠিব লাগিছিল বা হতাশাত ডুব যাব লাগিছিল৷ কিন্তু তেনেকুৱা একো অনুভৱ নহল৷
– থেংক ইউ …… মই শান্তভাৱে কলো
পাচলৈ এবাৰো নোচোৱাকৈ হোষ্টেলটোৰপৰা মই উভতি আহিলো৷
যদিও মই বিফল হলো, আই ট্ৰাইড মাই বেষ্ট৷ দুখ-খং-হতাশাৰ সলনি মোৰ এনে অনুভৱ হল যেন কিবা এটাৰপৰা মই মুক্তি লাভ কৰিলো৷ নিজৰ ইচ্ছামতে চলিবলৈ, কৰিবলৈ মই সম্পুৰ্ন মুক্ত৷ এনে লাগিল যেন লৰামতীয়া ধ্যান-ধাৰণাবোৰৰপৰা মুক্ত হৈ জীৱনত খোজ দিবলৈ মই পৰিপক্ব হৈ উঠিছো৷
কেইদিনমান পাছত ডিপাৰ্টমেণ্টৰ কৰিডৰত সুহুৰিয়াই সুহুৰিয়াই বিন্দাছ ষ্টাইলত মুৰ নচুৱাই খোজকাঢ়ি আছো৷ তালুকদাৰ ছাৰৰ লেবৰ সমুখ পাইছোহি
– কি ঐ পোৱালি, খুব ফুৰ্তিত দেখিছো, য়েছ কলে নেকি……… বনানীবাই সুধিলে
– ধেই বনানীবা, কি যে কয়, য়েছ কলে ইমান কুল হৈ থাকিলোহেতেন নেকি, চিংগল ইজ মিংগল, বুইছে, কুল…….. মই সুহুৰিয়াই সুহুৰিয়াই বনানীবাক ক্ৰছ কৰি পি.জে.ডি ছাৰৰ লেৱৰ ফালে খোজ ললো৷ জুপিবা, সুদেষ্ণাবা আৰু আকাশীবাক বহুদিন কামোৰ দিয়া নাই৷
চাৰিটা মাহৰ বিৰতিৰ পাছত মই আকৌ ঘূৰাই পালো উতসাহ-উদ্দীপনাৰে ভৰপুৰ চ কল্ড “বিন্দাছ“ মোক৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক