এটা প্ৰেমৰ গল্প (মৃণাল কুমাৰ বৰা)

বৰ্তমানৰ এটা সাধু:
আৰু এটা ব্যৰ্থ দিন পাৰ হ’ল। যোৱা তিনিমাহ ধৰি প্ৰতিটো দিনেই মোৰ বাবে হৈ আছে একো একোটা বিষবাণৰ দৰে। একো কৰিব পৰা নাই। ব্যৰ্থতাই কোঙা কৰি পেলোৱা পৰাজিত মানুহে সুৰাৰ ৰাগীত ডুবি সকলো পাহৰি যোৱাৰ চেষ্টা কৰাৰ দৰে ময়ো চেষ্টা চলাইছোঁ আজি মোৰ পৰাজয়ক পাহৰি থাকিবলৈ। পৰা নাই মই। সুৰাই মোক মতলীয়া কৰিব পৰা নাই। পাহৰিব পৰা নাই মই কিদৰে এজন অচিনাকি মানুহে মোৰ ঘৰৰ শোৱাকোঠাত সোমাই মোৰ পত্নীক গুলীয়াই হত্যা কৰি থৈ গ’ল। এজন পুলিচ বিভাগৰ উচ্চপদস্হ বিষয়াৰ বাবে ইয়াতকৈ দুখ, বেজাৰ তথা লাজৰ কথা কি হ’ব পাৰে বাৰু। সেই অচিনাকি মুখখনে মোক শুবলৈ দিয়া নাই, খাবলৈ দিয়া নাই, জীয়াই থাকিবলৈ দিয়া নাই শান্তিত। মোক ইতিকিং কৰিছে সেই মুখখনে। মোৰ পুৰুষত্বক আঘাত কৰিলে সেই অচিনাকি মানুহটোৱে।
সপ্তমটো পেগ বাকি ললোঁ মই। মোৰ চিন্তাই লাগ-বান্ধ এৰা নাই এতিয়ালৈকে। অৰ্থাৎ মোৰ নিচা লগা নাই এতিয়ালৈকে। সেই ঘটনাটোৱে মোৰ জীৱনৰ গতিক সলনি কৰি পেলালে। সেইদিনাৰপৰা মোৰ ঘৰৰ চৰুত জুই জ্বলা নাই। মোৰ ওজনো কমি গৈছে ৬ কেজিমান। দুৰ্বল হৈ পৰিছে মোৰ শৰীৰ ঠিকমতে খোৱা-মেলা নকৰাৰ বাবে। কিন্তু মই ক্ষান্ত হোৱা নাই। মোৰ জীৱনৰ বৰ্তমান এটাই লক্ষ্য। সেই পাষণ্ডটোক বিচাৰি উলিয়াই তাক নাৰকীয় শাস্তি দি হত্যা কৰিম মই।
আৰু দুটা পেগত এই কোৱাৰ্টাৰটোও শেষ হ’ব। মোক আৰু সুৰাৰ প্ৰয়োজন আজি। ধেৎ চাল্লা। কাৰেণ্টটো এতিয়াহে যাবলৈ পালেনে। মোৰ ইনভাৰ্টাৰটোও বেয়া হৈ আছে। মমবাতিও নাই বোধহয় ঘৰখনত। তেওঁ নোহোৱা হোৱাৰেপৰা ঘৰখন কিবা বাঁহতল যেন হ’ল। বস্তু-বাহানিৰ একো ঠিকনা নাই, লেতেৰা কাপোৰৰ দ’ম, পাকঘৰত চাগে এন্দুৰ, নিগনি, পঁইতাচোৰাৰ বাহ হৈছে। লাইটাৰটো জ্বলাই ললোঁ। পোহৰখিনিলৈ মোৰ কিবা এটা ভয় লাগিল অকস্মাৎ। নুমাই দিলোঁ লাইটাৰটো। মই কি পোহৰলৈ ভয় কৰিবলৈ লৈছোঁ ? কিয় এনেকুৱা হৈছে মোৰ ?
কোঠাটোৰ ইটো মূৰত থকা খিৰিকীখনত কিবা শব্দ এটা হ’ল। জঁপিয়াই উঠিলোঁ মই। খোজৰ শব্দও আহিছে সিটো কোঠাৰপৰা। সেই মানুহটোৱেই নেকি ? সিয়েই হ’ব। মোক মাৰিবলৈ আহিছে এইবাৰ। কিন্তু কোন সেই মানুহটো ? কোনে মোৰ ঘৰখন শেষ কৰি পেলালে ? হাতত সাৰে ভৰিত সাৰে মই আগবাঢ়িলোঁ। ৰিভলভাৰটো উদ্যত অৱস্হাত। লক্ষ্যভেদ কৰিবলৈ ব্যগ্ৰ হৈ আছে মোৰ সংগী ৰিভলভাৰটো।

মৃত পত্নীৰ ভাষ্য:

বিয়া হোৱাৰ দিনৰেপৰা এওঁ মোৰ ওপৰত অত্যাচাৰ কৰি আহিছে। কেতিয়াবা যদি শাৰীৰিক তেন্তে কেতিয়াবা আকৌ মানসিক। সৰু সুৰা কথাতে মাৰধৰ কৰা, ৰাতি মদ খাই আহি জোৰ-জবৰদস্তি মোৰ শৰীৰৰ ওপৰত অত্যাচাৰ কৰা, যিকোনো মানুহৰ লহতে মোক সন্দেহ কৰা। এইবোৰে সীমা চেৰাই গৈছিল। বৈবাহিক জীৱনৰ দুটা বছৰে কেতিয়াও সুখী হ’ব নোৱাৰিলোঁ মই। কি নাইকৰা মই তেওঁৰ কাৰণে। তেওঁৰ মনটো ৰঙিয়াল হৈ থাকক বুলি, তেওঁৰপৰা অলপ মৰম বিচাৰি মই সদায় যত্ন কৰি কৰি বিধে বিধে খোৱাবস্তু ৰান্ধোঁ তেওঁৰ কাৰণে। ৰাতি হ’লেই মোৰ ভাগৰে জুৰুলা কৰা শৰীৰটো তেওঁৰ উপভোগৰ বাবে এৰি দিওঁ। তেওঁৰ চৰ, গোৰ সহ্য কৰোঁ নীৰৱে। ঘৰৰ বজাৰ-সমাৰৰ গোটেই কাম কৰোঁ মই। ৰাতি শোৱাৰ সময়ত তেওঁৰ গা মালিচ কৰি দিবও লাগে মই। ৰাতিপুৱা সোনকালে উঠি চোতাল সৰা, বাচন ধোৱা এইবোৰ কৰাৰ উপৰিও কেতিয়াব ৰাতিপুৱাও তেওঁৰ ভোগৰ পুতলা হ’ব লাগা হয়। তাৰ বিনিময়ত কি পালোঁ মই ? সন্দেহ? ঘৃণা? অত্যাচাৰ? উৎপীড়ণ? মই মানুহ হয়নে নহয় আচলতে?
সেইদিনা মোৰ কি মন গ’ল মই নাজানো। তেওঁ আহিল। আহিয়েই মোক ভৰি মালিচ কৰিবলৈ দিলে। মোৰ মন নগ’ল। মই উপায়ন্তৰ হৈ মই কামটো কৰিলোঁ যদিও খঙতে মই জোৰেৰে ভৰি দুখন হেচুঁকি দিলোঁ। মোৰ কাণ আৰু গালত এটা পূৰ্ণহতীয়া চৰ। মই কঁপি গ’লোঁ খঙত। তেওঁ মোৰ কাপোৰ খুলিবলৈ উদ্যত হ’ল। বাধা দিলোঁ মই। মোৰ গাত হঠাৎ যেন অযুত শক্তি আহি পৰিল। ঠেলি পঠিয়ালোঁ তেওঁক দূৰলৈ। আত্মবিশ্বাসী হৈ উঠিলোঁ মই হঠাৎ। তেওঁ থতমত খালে। লাজ নে খঙত নাজনো তেওঁ ভীষণ ৰঙা পৰিবলৈ আৰম্ভ কৰিলে। কঁপি উঠিল তেওঁৰ দুই হাত। কিন্তু এয়া কি? তেওঁৰ হাতত উদ্যত ৰিভলভাৰ। মোলৈ টোৱাঁই ধৰিছে নলী। এটা শব্দ। মোৰ কপালৰপৰা এসোঁতা গৰম তেজ বৈ আহিল। মই ঢলি পৰিলোঁ। মই এতিয়া মৃত।

অনুসন্ধানকাৰী বিষয়াজনৰ ভাষ্য:
শইকীয়াৰ পিষ্টলৰপৰা দুটা গুলী চলিছিল। এটা গুলীয়ে কোঠাত থকা প্ৰকাণ্ড দাপোণখনত আঘাত কৰি সেইখন চূৰ্ণ-বিচূৰ্ণ কৰি পলাইছিল। দ্বিতীয়টো গুলীয়ে শইকীয়াৰ লাওখোলা ভেদ কৰি গ’ল। সেইটো গুলী শইকীয়াৰ পিষ্টলৰপৰাই ওলাইছিল যদিও গুলীটোৱে শইকীয়াৰ মূৰৰ পাচফালেদিহে সোমাইছিল। প’ষ্টমৰ্টেমৰ ৰিপৰ্ট মতে গুলীটো এক ফুট দূৰৰপৰা কৰা হৈছিল। শইকীয়াই যদি আত্মহত্যা কৰিব খুজিছিল তেন্তে তেওঁ একফুট দূৰৰপৰা গুলী কৰাৰ কি অৰ্থ আছিল সেইটো অস্পষ্ট হৈ ৰ’ল। আৰু তেওঁ মূৰৰ পাচফালে কিয় গুলী কৰিলে সেয়াও এক নুবুজা সাঁথৰ হৈয়ে থাকিল। শইকীয়া এজন দক্ষ পুলিচ বিষয়া আছিল। তেওঁৰ লগত কৰ্মৰত অফিচাৰকেইজনৰপৰা জানিব পৰা মতে তেওঁ পত্নীক খুব মৰম কৰিছিল। তেওঁ প্ৰায়েই লগৰকেইজনক তেওঁৰ পত্নীয়ে তেওঁক কৰা মৰম তথা শ্ৰদ্ধাৰ কথা কৈছিল। পত্নীৰ কোনো অচিনাকি আততায়ীৰ হাতত মৃত্যু হোৱাৰ পাছত মানুহজন অলপ ভাগি পৰিছিল। তেওঁৰ মানসিক অৱস্হাও অন্তিম অৱস্হাত সম্পূৰ্ণ সুস্হ নাছিল। এয়া অৱশ্যে তেওঁৰ হতাশাৰ কাৰণে আছিল নে অত্যাধিক সুৰাপানৰ ফলত হৈছিল সেয়া সঠিককৈ ক’ব পৰা নাযাব। যিহেতু ঘটনাস্হলীত কোনো হাতৰ আঙুলিৰ চাপ বা দ্বিতীয় ব্যক্তিৰ উপস্হিতিৰ আন কোনো প্ৰত্যক্ষ প্ৰমাণ পোৱা নগ’ল গতিকে এয়া এক আত্মহত্যা বুলিয়েই অভিহিত কৰা হ’ল।

শইকীয়াৰ ভাষ্য:
মোৰ পত্নীক বহুত মৰম কৰিছিলোঁ মই। বিবাহৰ পাছত প্ৰেম বুলি যে কথা এষাৰ আছে, মোৰ সেয়াই হৈছিল। মই প্ৰতিসময়তে মোৰ পত্নীৰ কথাই ভাবিবলৈ লৈছিলোঁ বিয়াৰ পাছৰেপৰা। বিয়াৰ পাছৰপৰা মোৰ জীৱনৰ গতিয়েই সলনি হৈ গৈছিল। মদ খোৱা কমাই পেলাইছিলোঁ মই। চিগাৰেট খোৱাৰ পৰিমাণ কমি গৈছিল। আগৰ দুই পেকেটৰপৰা কমি কমি তিনিটা কৰিছিলোঁ। মোৰ জীৱনলৈ ৰঙ কঢ়িয়াই আনিছিল মোৰ প্ৰিয়তমা পত্নীয়ে। জীৱনটো নতুনকৈ চালি-জাৰি চাবলৈ আৰম্ভ কৰিছিলোঁ। কিন্তু ক’ত জানো ভুল হৈ গ’ল মোৰ। মোৰ মৰমিয়াল পত্নীয়ে মোক আগৰদৰে ভাল নোপোৱা হৈ আহিল লাহে লাহে। কিয় বুলি তেওঁক সোধা নহ’ল কেতিয়াও। সুধিবলৈ সাহস নাছিল বোধহয় মোৰ। মই তেওঁৰ বাবে ভালৰো ভাল কাপোৰ বা গাড়ী এখন কিনিব পৰা নাছিলোঁ। উৎকোচ নলৈছিলোঁ মই। কেবাদিনো মনটোৱে উচপিচাইছিল যদিও নিজকে সংযত কৰি ৰাখিছিলোঁ মই। মই এগৰাকী পতি হিচাপে লাহে লাহে ব্যৰ্থ হ’বলৈ আৰম্ভ কৰিছিলোঁ। তেওঁৰ মুখৰপৰা মৰমৰ মাত নুশুনা হৈ আহিছিলোঁ মই দিনে দিনে। মোৰ দুখ বাঢ়ি আহিছিল। ক’ব পৰা নাছিলোঁ কাকো একো। নীৰৱে জ্বলিছিলোঁ মই। আমি দুয়ো দুখন বেলেগ বিছনাত শুবলৈ লৈছিলোঁ। দূৰত্ব যে কেতিয়া বাঢ়ি গ’ল আমাৰ দুয়োৰে অজ্ঞাতে সেয়া মোৰ মন-মগজে ঢুকি পোৱা নাছিল।
সেইদিনা মই আনদিনাতকৈ সোনকালেই ঘৰলৈ আহিছিলোঁ। গাটো ভাল লগা নাছিল মোৰ। কিন্তু এয়া কি ? মোৰ শোৱনি কোঠাত তেজ! তেজৰ ডোঙাৰ মাজত পৰি আছে মোৰ প্ৰিয়তমা পত্নীৰ মৃতদেহ। কোন আহি মোৰ ঘৰত সোমাই মোৰ পত্নীক মাৰিবলৈ সাহস কৰিলে? মোৰ জীৱনৰ ৰঙবোৰ আকৌ হেৰাই গ’ল।

মোৰ ভাষ্য (১):
মই দুয়োৰে বৰ মৰমৰ আছিলোঁ। বিয়াৰ পাছতে মই এইখন ঘৰলৈ আহিছিলোঁ। মোৰ লগত বহিয়েই বাইদেৱে বহুত সময় পাৰ কৰিছিল। দাদাই মোৰ লগত হাঁহি-ধেমালি বেছিকৈ নকৰিছিল যদিও আহোঁতে-যাওঁতে মোক মাত নলগোৱাকৈ বা মোলৈ নোচোৱাকৈ যোৱা নাছিল কোনোদিন। মই বৰ সুখত আছিলোঁ এইখন ঘৰত। কিন্তু লাহে লাহে কথাবোৰ দেখোন খেলিমেলি হ’বলৈ ধৰিলে। দুয়োৰে মাজত সৰু-সুৰা কথাতে কাজিয়া লাগিবলৈ ধৰিলে। দাদাই মোৰ সন্মুখতে মদ খাবলৈ আৰম্ভ কৰিছিল। বাইদেৱে মোৰ লগত আগৰদৰে সময় নকটোৱা হ’ল। মোলৈ কেতিয়াবা কেৰাহিকৈ চায় যদিও মোক আগৰদৰে মৰম নকৰা হ’ল তেওঁ। মই লাহে লাহে এলাগী হৈ পৰিলোঁ ঘৰখনত। দাদাই বাইদেউৰ গাত মোৰ সন্মুখত কেতিয়াও হাত উঠোৱা নাছিল যদিও গালি পাৰিছিল প্ৰায় সদায়েই। বাইদেৱে দাদাৰ কাৰণে জানি-শুনি বেছি তেলত ভজা, অত্যাধিক মছলা দি খাদ্য ৰান্ধিছিল। দাদাৰ হাই-প্ৰেছাৰ আছিল। এইবোৰ বস্তু দাদাৰ শৰীৰৰ কাৰণে বহুত অপকাৰী আছিল। বাইদেৱে কিন্তু সদায় দাদাক সেইবোৰ খাদ্যহে খুৱাইছিল। দাদাই প্ৰায়েই বাইদেউৰ গাত চিগাৰেটৰ টুকুৰা লগাই দিছিল। মই এইবোৰ দেখি-শুনিও একো নেদেখাৰ ভাও ধৰি থাকিব লাগা হৈছিল। কাৰণ মই যে নিৰুপায়।
সেইদিনা বতৰ বেয়া আছিল। দাদা আহি পাবলৈ তিনিঘণ্টামান আছে তেতিয়াও। বাইদেউক খুব অস্থিৰ দেখা গৈছিল সেইদিনা। বহুতদিনৰ মূৰত মোৰ লগত বহিছিল বাইদেউ সেইদিনা। তেওঁৰ চকুত চকুপানী দেখিও মই একো ক’ব পৰা নাছিলোঁ। দুখ লাগিছিল মোৰ। তেওঁ হুকহুকাই কান্দিছিল। বাইদেউৰ হাতত দেখোন সেইটো ৰিভলভাৰ। ক’ত পালে সেইটো? মই কিবা বুজি পোৱাৰ আগতেই তেওঁ কপালত গুলী কৰিলে নিজৰ। ঢলি পৰিল মানুহজনী। তেজৰঙা বৰণৰ মানুহজনীৰ দেহৰ চাৰিওফালে তেজে ডোঙা বান্ধিলে। মই নীৰৱে চাই থাকিলোঁ।
দাদা আহি পালেহি। মানুহজন থৰ লাগিল কিছুসময়ৰ কাৰণে। তাৰ পাছত পাগলৰ দৰে চিয়ৰিবলৈ ধৰিলে। মৃতদেহটোক সাৱটি কেঁচুৱাৰদৰে কান্দিবলৈ ধৰিলে তেওঁ। বহুতদিনৰ মূৰত আজি তেওঁৰ চকুত মই পত্নীৰ কাৰণে প্ৰেম দেখা পালোঁ। কিন্তু এতিয়াযে বহুত দেৰী হৈ গ’ল। এতিয়া যে শেষ হৈ গ’ল সকলো। তেওঁ মানি লব পৰা নাছিল যে বাইদেৱে আত্মহত্যা কৰিছে। তেওঁ কোনোবা অচিনাকি আততায়ীক দায়ী কৰি আকৌ চিয়ৰিবলৈ ধৰিলে।

মোৰ ভাষ্য (২):
আজি দাদা সোনকালে ঘৰলৈ আহিল। আহিয়েই তেওঁ মদৰ বটলটো খুলি ল’লে। এটাৰ পাছত এটা পেগ বাকি গ’ল তেওঁ। মোৰ উপস্হিতিক ভ্ৰুক্ষেপ কৰা নাই তেওঁ। মানুহজন যোৱা দুমাহ ধৰি মানসিকভাৱে দুৰ্বল হৈ পৰিছে। খোৱা বোৱা নকৰা হ’ল মানুহজনে। এইখন আৰু এতিয়া ঘৰ হৈ থকা নাই। মৰিশালি হৈ পৰিছে। মোৰ ভাল নালগে আজিকালি ঘৰখনত অকলে অকলে থাকি। ক’ৰবালৈ গুচি যাবলৈ মন যায় মোৰ এইবোৰৰপৰা দূৰলৈ। নিগনি এটা বগাই আহিল মোৰ পিঠিত। পাউদাৰৰ টেমা এটা মজিয়াত পৰিল নিগনিটোৰ খুন্দা খাই। বাইদেউৰ পাউদাৰ আছিল এইটো। দাদাই শব্দটো শুনি খপজপকৈ উঠি আহিল।
তেওঁ যেন কাৰোবাক বিচাৰি ফুৰিছে। কেইবাদিনৰো নুখুৰোৱা দাঢ়িৰ সৈতে মানুহজনক বৰ অপৰিস্কাৰ তথা অচিনাকি যেন লাগিছিল মোৰ। কাৰেণ্ট গ’ল হঠাৎ। লাইটাৰটো এবাৰ জ্বলাই আকৌ লগে-লগে নুমাই দিলে তেওঁ। তেওঁৰ হাতত উদ্যত ৰিভলভাৰ। মোৰ ওচৰলৈ আগুৱাই আহিছে তেওঁ। মোলৈ চাই ক্ৰুৰ হাঁহি এটা নিগৰাইছে তেওঁ। তেওঁৰ চকু-মুখত দেখা পাইছোঁ মই ঘৃণা তথা ক্ৰোধ। ৰিভলভাৰটো মোলৈ টোৱাঁইছে তেওঁ। এটা তপত বুলেটে মোৰ দেহত আঘাত কৰিলেহি। থনথনকৈ ভাগি সিচঁৰিত হৈ পৰিল মোৰ দেহৰ টুকুৰাবোৰ মজিয়াখনত। মোৰ অস্তিত্ব এতিয়া সেই মজিয়াত পৰি থকা টুকুৰাকেইটাহে। মই আৰু দেখা নাপালোঁ একো।

মৃণাল কুমাৰ বৰা(২৪ বছৰ)
কালিকট, কেৰালা
২৫/০১/২০১২

বি. দ্ৰ:
এই গল্পটোত ৰ’শ্ব’মন ইফেক্ট(Rashomon Effect) ব্যৱহাৰ কৰিবলৈ চেষ্টা কৰা হৈছে। আকিৰা কুৰ’শ্বাৱা(Akira Kurosawa) ৰ বিখ্যাত জাপানী চিনেমা Rashomon(1950) ৰ পৰা অনুপ্ৰাণিত হৈ গল্পটো লিখা হৈছে। গল্পটোত এটা নিৰ্জীৱ বস্তুক(দাপোণ খন) এটা চৰিত্ৰ হিচাপে তুলি ধৰিবলৈ চেষ্টা কৰা হৈছে।

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক