এটা প্ৰেমৰ গল্প- (ৰাজীৱ সন্দিকৈ)

“কলেজৰ পৰা আহোতে হঠাৎ জোৰকৈ অহা বৰষুণজাকে ৰীতা আৰু অবিনাশৰ সৰ্বশৰীৰ তিয়াই পেলালে৷ মাজ পথাৰৰ মাজৰ ৰাস্তাত অলপ ৰ’বলৈও তাত গছ এডালো নাছিল৷ তিতি বুৰি তাৰ লগত খৰকৈ খোজ দিয়া ৰীতালৈ আঁৰ চকুৰে অবিনাশে চালে, শাওনমহীয়া বৰষুণে তিয়াই পেলোৱা তাইৰ নীলা পাৰিৰ চাদৰখনে মেৰিয়াই থকা দেহাটো, কপালত লিপিট খাই পৰি থকা অবাধ্য চুলিকেইডাল….”

বহু দিনৰে পৰা লিখিম বুলি ভাবি থকা গল্পটোৰ শাৰীকেইটা লিখি উঠি লেখকে পাছলৈ ঘূৰি চালে৷ নাই, তেওঁ আশঙ্কা কৰাৰ দৰে পত্নী কোঠালৈ সোমাই অহা নাই৷ লেখকে অকণমান কাণ উণালে, ড্ৰইঙৰূমৰ পৰা শ্ৰীমতীৰ মাত ভাহি আহিছে, লগতে কণমাণিজনীৰো৷ খেলাত ব্যস্ত দুয়ো৷

ৰোমাণ্টিক গল্প লেখক হিচাপে পৰিচিতি থকা লেখকৰ স্বভাৱ কিন্ত সম্পূৰ্ণৰূপে বিপৰীত৷ অতি সংগ্ৰামৰ মাজেৰে আহি আজিৰ পৰ্যায় পোৱা লেখকৰ স্বভাৱ অন্তৰ্মুখী৷ আনহাতে বিজ্ঞানৰ শিক্ষয়ত্ৰী পত্নী স্বভাৱত তেওঁৰ বিপৰীত৷ লেখকৰ ভয়ো সেইখিনিতেই৷ নিজৰ দুৰ্বলতা, আবেগক সদায়েই আনৰ পৰা লুকুৱাই ৰখা লেখকে সদায়েই ভয় কৰি থাকে অনৰবৰতে দেখি থকা পত্নীয়ে “কিনো পেনপেনীয়া ভালপোৱাৰ কথাবোৰ লিখি থাকে”, বুলি ক’ব বুলি অথবা “ আপোনাৰ লেখা পঢ়ি মোৰ চকুপানী ওলাল”, বুলি কৈ আবেগিক হ’ব ভাবি৷

মাজে মাজে লেখকে ভাবে, প্ৰেমৰ গল্প লিখা তেওঁৰ জীৱনত প্ৰেমৰ স্থান ক’ত৷ বিষাদেৰে তেওঁৰ মনটো ভৰি পৰে তেতিয়া৷ এখন সুখৰ সংসাৰ তেওঁৰ৷ পতি-পত্নী দুয়োৱে সমাজ, সংসাৰ, চাকৰি সকলো নিয়াৰিকৈ চম্ভালি শান্তিৰে চলি আছে৷

কেতিয়াবা লেখকৰ মন যায় পত্নীক “ভাল পাওঁ তোমাক” বুলি কবলৈ, পাৰ্টিত বন্ধুসকলৰ দৰে পত্নীৰ ককাঁলত ধৰি নাচিবলৈ, পত্নীক সাৱতি ধৰি ধুনীয়া ফটো এখন তুলিবলৈ৷ কিন্তু তেওঁ নোৱাৰে…এক অজানা কাৰণত তেওঁ নিজকে কেতিয়াও আনৰ আগত প্ৰকাশ কৰিব নোৱাৰে৷

তেওঁ কলমেৰে সৃষ্টি কৰা প্ৰতিজন প্ৰেমিকৰ মাজত লেখকৰ মনটো বিচৰণ কৰি থকাটো পত্নীয়ে ধৰা পেলোৱাৰ আশঙ্কাই লেখকক বেছিভাগ সময়তে ভীতিগ্ৰস্থ কৰি ৰাখে৷

লেখকে একান্ত মনেৰে টেবুলত লিখি থাকোতেই পত্নীয়ে বুজিছিল যে নিজৰ ভাৱ সাগৰত স্বামী বুৰ গৈ আছে৷ সেয়েহে লেখকৰ কোঠাত প্ৰৱেশ কৰিও তেওঁ নীৰৱে কোঠাটোৰ পৰা ওলাই তেওঁক আমনি নিদিবৰ বাবে কণমাণি জীয়েকৰ লগত ড্ৰইঙ ৰূমত ধেমালি কৰি আছেহি৷ লেখকৰ দৰে এজন স্বামী লাভ কৰি তেওঁ গৰ্ব কৰে৷ আনন্দত মন ভৰি উঠে যেতিয়া আনে তেওঁৰ সন্মুখত স্বামীৰ প্ৰসংসা কৰে৷ লেখকৰ প্ৰতিটো লেখা আগ্ৰহেৰে পঢ়ি তাৰ মাজৰ প্ৰেমিক জনক সদায়েই কাষতে পাই তেওঁৰ মনত এক আত্মসন্তুষ্টি অনৰবৰতে বিৰাজ কৰি থাকে৷ লেখক অপ্ৰস্তুত হোৱাৰ ভয়ত কেৱল তেওঁ সেই কথা প্ৰকাশ নকৰে৷

অবিনাশ আৰু ৰীতাৰ বিবাহেৰে গল্পৰ সামৰণি মাৰি লেখক বিছনালৈ আহিল৷ ছোৱালীজনীক সাৱতি পত্নী তেতিয়া গভীৰ নিদ্ৰাত৷ নিদ্ৰামগ্ন পত্নীৰ সৌম্য, সৰল মুখখন দেখি লেখকৰ মনটো এক অবুজ আনন্দৰে ভৰি পৰিল৷ সন্তৰ্পনে কাষ চাপি মৰমেৰে পত্নীৰ মূৰত হাত বুলাই লেখকে পত্নীৰ কপালত আলফুলকৈ চুমা এটা আঁকি দিলে৷

এক অনিৰ্বচনীয় প্ৰেমৰ অনুভূতিত লেখকৰ মনটো উজ্জ্বলি উঠিল৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments