এটা প্ৰেমৰ পদ্য (নৱকান্ত বৰুৱা৷৷ ১৯২৬)

এটা প্ৰেমৰ পদ্য (নৱকান্ত বৰুৱা৷৷ ১৯২৬)

বাৰিষাৰ ৰাতি তোমাৰ কবিক

মনত পৰেনে, অৰুন্ধতী?

সেমেকা পোহৰে সোঁৱৰাই দিয়া

তোমাৰ খোপাৰ আবেলি-আবেলি গোন্ধ

মনত পৰেনে,

অৰুন্ধতী?

জোনাকে ডাৱৰে মৰমে বিষাদে

নুবুজা কবিতা,

আমাৰ মাজত ভগা সপোনৰ অতনু বাধা

মনত পৰেনে, অৰুন্ধতী!

দুবৰি বনত জোনাকীৰ মণি,

চুলিৰ মেঘত লাহি আঙুলিৰ বহুতো জোন

(জোৱাৰৰ বাবে সাগৰ নাছিল!)

বৰফৰ দৰেঁ চেঁচা পৰশতো

সিযে কি শান্তি!

অৰুন্ধতী!

অৰুন্ধতী!

বহুতো আকাশ পাৰ হৈ অহা

ধুমুহা পখীৰ এটি লহমাৰ নীড়-

বহুতো সপোন পাৰ হৈ অহা

কেঁচা টোপনিৰ ভিৰৰ মাজত

সেই এটা মাথোঁ

উজাগৰ ৰাতি,-

মনত পৰেনে, অৰুন্ধতী?

বাৰিষাৰ ৰাতি মনত পৰেনে

অৰুন্ধতী!

 

 

(সৌজন্য-তপন বৰা)

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments
কপি নকৰিব, অনুগ্ৰহ কৰি লিংকটো বিলাই দিয়ক