এটা বলিয়া গল্প (— ধ্ৰুৱ কাশ্যপ)

“ভগা কলিজাত কোনে বিনায়৷ কবিতা মোৰ দুখৰ ঋতুৰ এপাহি খঁৰিকাজাই”৷

ফুলমতীৰ কোঠাৰ বাহিৰত হীৰুদাৰ কবিতাৰ শাৰী ইটাৰে লিখা কথাতো ইমানো বিস্ময়কৰ নহ’লহেঁতেন যদিহে তাই এগৰাকী বেশ্যা নহ’লহেঁতেন৷
সেই শাৰীকেইটাৰ লিখোতাঁ অৱশ্যে ফুলমতী নহয়৷ সেই শাৰীকেইটাৰ লিখোতাঁ হৈছে আদিত্য৷ পৃথিৱীৰ প্ৰেমিক, কবিতাৰ প্ৰেমিক, তাইৰ প্ৰেমিক৷
ফ্লেছবেক:
“ ….. মানে তাৰ পাছত আৰু তই নপঢ়িলি” আদিত্যৰ কণ্ঠস্বৰ একো৷
উত্তৰ হিচাবে মৌনতাৰ বাদে একো নাছিল৷ আচলতে প্ৰশ্নটোৱেই এতিয়া অপ্ৰাসংগিক৷
“তোৰ লগত সময় কটায় ভাল লাগে৷ কালিলৈ আক’ আহিম একে সময়তে৷ বেলেগ কাষ্টমাৰ নল’বি৷ ”
নোট কেইটামান দলিয়াই আদিত্য ওলাই যায়৷ আকাশৰ ফালে চাই দেখে আজি জোনাক৷ জোনাকৰ বৰষুণৰ মাজেৰেই ছিগাৰেট হুঁপি হুঁপি গৈ থাকে আদিত্য৷ কাণত হেডফোন৷ পথ নিৰ্জন৷
“গাঁজা খাব আঁটি আঁটি /মদ খাব বাটি বাটি/ফেন্সি খেলে তাচকি খেয়ে যায় /অ’ মীৰাবাঈ/গাঁজাৰ নৌকা পাহাৰতলি যায়”৷ ফুল ভলিউমত বজিছে তাৰ ফেভৰিট চং ’গাঁজাৰ নৌকা’৷
আচলতে কেতিয়াৰপৰা আৰম্ভ হৈছিল এই আকৰ্ষণ? আদিত্যই মনত পেলাবলৈ চেষ্টা কৰে৷ ডাক্টৰে আদিত্যৰ মাজত স্কিজ্ৰোফ্ৰেনিয়াৰ লক্ষণ ধৰা পেলাইছিল৷ সেইদিনাৰপৰায়ে মেধাবি ছাত্ৰ আদিত্যক সকলোৱে বেলেগ দৃষ্টিৰে চাবলৈ ধৰিছিল৷ সি হৈ পৰিছিল নিসংগ৷ ঘৰৰ মানুহৰ কাৰণেও এক বোজা৷ কেইমাহমানৰ স্ব বন্দিত্বৰ পিছত ভগৱানৰ দৰেই আহিছিল ড° কাশ্যপ৷ তেওঁৰ চিকিৎসাত ভালেখিনি সুস্থ হৈ পৰিছিল আদিত্য৷ আৰু সেই সময়চোৱাতে এদিন …..
ইতিমধ্যে আদিত্য ডক্টৰৰ চেম্বাৰলৈ অকলে আহিবপৰা হৈছিল৷ সেয়া ডক্টৰৰ কাশ্যপৰ চিকিৎসাৰো অংশবিশেষ আছিল অৱশ্যে৷” মানসিক ৰোগীসকলো সমাজৰেই এক অংশ৷ তেওঁলোকৰ মনলৈ আত্মবিশ্বাস আনিবলৈ হ’লে সমাজখনৰো তেওঁলোকৰ ওপৰত বিশ্বাস থাকিব লাগিব৷ “-  ডা° কাশ্যপে প্ৰায়ে কয়৷ আদিত্যৰ বলিয়ালিৰ মাত্ৰা বেছি থাকোতেঁ আদিত্যৰ মাকেই তাক ডা° কাশ্যপৰ চেম্বাৰলৈ অনা নিয়া কৰিছিল৷ এতিয়া আদিত্য যথেষ্ট সুস্থ৷ যাহঁওক এদিন আদিত্য চেম্বাৰৰপৰা উভতি যাওঁতে ৰাতিয়েই হৈছিল৷ সেইদিনা কিবা কাৰণত চহৰখনত অট’ৰিক্সাবোৰ চলা নাছিল৷ খোজকাঢ়িয়েই সি ঘৰমূৱা হৈছিল৷ কিন্তুু আধা ৰাস্তাতে বতৰ বেয়া কৰি উঠিছিল৷ কিবা বুজিব পৰা আগতেই ধাৰাসাৰে বৃষ্টিপাত হ’বলৈ ধৰিলে৷ সি লৰালৰিকৈ গলি এটাৰ ভিতৰলৈ সোমাই গ’ল৷ বৰষুণ নেৰালৈকে সি গলিটোৰ পৰা অলপ গৈয়ে পোৱা টিংপাত দিয়া ঘৰ এটাৰ বাৰণ্ডাতে কটাবলৈ মনস্থ কৰিলে৷
বৰষুণ এৰাৰ পাছত সি অনুভৱ কৰিলে গলিটোৰ প্ৰতিটো ঘৰ এক বিশেষ উদ্দেশ্যত সজা৷ সেইবোৰ কথাত বিশেষ মূৰ নঘমাই যাবলৈ ওলাওতেই সি এটা নাৰীকণ্ঠৰ আৰ্তনাদ শুনিবলৈ পালে৷ শব্দটো ভিতৰৰপৰা আহিছিল৷
কৌতুহলবশত: সি ৰৈ গ’ল৷ শব্দ শুনি বুজিব পাৰিলে যে পুৰুষ এজনে মহিলা এগৰাকীক টাঙোনজাতীয় অস্ত্ৰৰে আঘাত কৰি আছে৷ সি দুৱাৰখনলৈ চালে৷ দুৱাৰখন খোলা আছিল৷ ভিতৰত দেখিলে ভয়ংকৰ দৃশ্য৷ এগৰাকী পূৰ্ণ উলংগ নাৰী আৰু এজন অৰ্ধ উলংগ পুৰুষ৷ পুৰুষজনৰ হাতত এডাল লোহাৰৰ ৰদ, নাৰীগৰাকীৰ বুকুত আঘাতৰ চিন৷ হঠা়ৎ জানো তাৰ কি হ’ল সি ভিতৰলৈ সোমাই গ’ল আৰু মানুহটোক প্ৰহাৰ কৰিবলৈ ধৰিলে৷ মহিলাগৰাকী(আচলতে যুবতী বুলি ক’ব পাৰি) একো তত ধৰিব নোৱাৰি শিল পৰা কপৌৰ দৰে একেঠাইতে ৰৈ থাকিল৷ মানুহজন তাতকৈ শক্তিশালী আছিল যদিও তাৰ অতৰ্কিত আক্ৰমণত তিষ্ঠিব নোৱাৰি পলাবলৈ বাধ্য হ’ল৷ সিওঁ একো নোকোৱাকৈ তাৰপৰা আঁতৰি যাব খোজোঁতেই যুবতীগৰাকীয়ে মাত দিলে “ মোৰ নাম ফুলমতী৷ সি বজ্জাতে মোৰ পৰা টকা লুটিব বিচাৰিছিল৷ তুমি নহাহেঁতেন আজি মোক মাৰি পেলায়৷ তোমাক ভাল লাগিছে৷ কালিলৈ আকৌ আহিবা৷ ” সি একো উত্তৰ নিদি তাৰপৰা গুছি গ’ল৷
তাৰপিছত আৰম্ভ হ’ল এক নতুন অধ্যায়ৰ৷ ফুলমতীৰ সৈতে আদিত্যৰ বন্ধুত্বৰ অধ্যায়৷ প্ৰতিদিনে আদিত্য তাইৰ কোঠাটোলৈ আহে৷ আৰু ….. ক্ৰাছ! ! ! ! ! ! ! ! !
গাড়ী এখনৰ প্ৰচণ্ড ব্ৰেকৰ শব্দত আদিত্যৰ চিন্তাত যতি পৰিল৷ “এই পাগলচবে কে* ৰাস্তা আৰু ফুটপাথৰ ডিফাৰেন্স নুবুজেই নেকি! ! …” আৰু কিবা কিবি কৈছিল তাৰ কাণত নোসোমাল৷
ফুলমতীয়ে তাৰ পৰা কি বিচাৰে? অথবা সি ফুলমতীৰ পৰা? উত্তৰবিহীন প্ৰশ্ন৷ এবাৰ সি তাইক সুধিছিল “তই সাগৰ ভাল পাৱনে? তোক সাগৰ দেখুৱাবলৈ লৈ যাম৷ ” উত্তৰত তাই কৈছিল “পাগলাদিয়ায়ে মোৰ সৰ্বস্ব লৈ গ’ল৷ ” সৰ্বস্ব! ! ! এজনী বেশ্যাৰ মুখত এনে শব্দ! ! তাইৰ লগত কথা পাতিলে বেশ্যাৰ লগত কথা পতাযেন নালাগে৷ তাইৰ বিষয়ে আৰু জানিবলৈ মন গ’ল৷ তাই বেছি কথা নকয়৷ বহুদিনৰ টুকুৰা টুকুৰী কথা বাৰ্তাৰ পিছত সি তাইৰ বিষয়ে যি জানিলে সেই কাহিনীটো থুলমুলকৈ এনেধৰণৰ;
নামনি অসমৰ এখন সৰু গাঁৱৰ খেতিয়কৰ কন্যা আছিল ফুলমতী৷ বাপেক সাধিৰাম বৰ বেছি সম্পদশালী নাছিল যদিও বৰ দুখীয়াও নাছিল৷ খেতিৰ ধানেৰে বছৰটো জুৰিছিল৷ আৰু কিছু ধান বিক্ৰীও কৰিব পাৰিছিল৷
তাইৰ বয়স 16 মান হওঁতে পাগলাদিয়ায়ে ভয়ংকৰ ৰূপ ল’লে৷ পাগলাদিয়াক ভেঁটিবলৈ যোৱা ফুলমতীৰ দেউতাকক পাগলাদিয়ায়ে উটাই নিলে৷
বান শুকুৱাৰ পিছত তাইৰ মাকৰো মৃত্যু হ’ল৷ পঢ়া শুনাত ভাল ফুলমতীয়ে পঢ়া বাদ দিবলগীয়া অৱস্থাত পৰিল৷ বিপদৰ সময়ত তাইক একমাত্ৰ মোমায়েকেও সহায় নকৰিলে৷
একমাত্ৰ ভায়েকক লৈ তাই বিপদতে পৰিল৷ মাটিসম্পত্তিবোৰ নানা চক্ৰান্ত কৰি খুড়ায়েকহঁতে গ্ৰাস কৰিলে৷ একমাত্ৰ ভেঁটী মাটিখিনি বাকী থাকিল৷ তাই যাৰে তাৰে ঘৰত কাম কৰি তাই আৰু ভায়েকৰ কোনোমতে পেট পুহিবলৈ চেষ্টা কৰিছিল৷ পিছে কিমান দিন?
অকলশৰীয়া ছোৱালীজনীৰ প্ৰতি গাঁৱৰ ডেকাবোৰৰ বেয়া দৃষ্টি আছিলেই৷ তাতে তেতিয়া আছিল বিপ্লৱৰ ভৰপক সময়৷ সিঁহতৰ গাওঁখন আছিল বিপ্লৱীৰ ঘাটি৷ আৰু এদিন ৰাতি…. তাইৰ সকলো শেষ হৈ গ’ল৷ বিপ্লৱী বিচাৰি অহা সেনাবাহিনীৰ জোৱানে ….. বিপ্লৱীৰ নামত ফুলমতীৰ ভায়েক চিৰদিনলৈ পংগু হ’ল৷ কেইবছৰমান পিছত তাৰ মৃত্যু হ’ল বুলিও তাই শুনিছে৷ পিছে তাই এতিয়া গাঁৱলৈ যাব নোৱাৰে৷ গাওঁবাসীৰ ভাষাত তাই এজনী বদনামী তিৰোতা…..
তাৰ ঘৰলৈ এতিয়াও বহু দূৰ৷ সি খোজকাঢ়ি গৈ আছে৷ আহি আহি জেব্ৰা ক্ৰছিং এটা পালেহি৷ পথত এতিয়া গাড়ী নাই৷ জেব্ৰা ক্ৰছিং এতিয়া অনৰ্থক৷ জেব্ৰা ক্ৰছিঙৰ দুটা ৰঙৰ ভিতৰত সি ক’লা ৰং ভাল পায়৷ ক’লায়ে ক’লায়ে ভৰি থৈ সি খোজ কাঢ়িলে৷ এটা সময়ত জেব্ৰা ক্ৰচিং শেষ৷ ক’লাও শেষ৷ এতিয়া আকৌ মসৃণ ৰাস্তা৷ কিন্তুু তাক এতিয়া আকৌ ক’লা লাগে৷ কেইদিনমানৰ আগলৈকে সি মনতে ক’লা-বগা ৰঙৰ জেব্ৰা ক্ৰছিং সৃষ্টি কৰি ল’ব পাৰিলেহেঁতেন একদম ঘৰ নোপোৱা পৰ্যন্ত৷ স্কিজ্ৰোফ্ৰেনিক হৈ থাকোঁতে৷ কেতিয়াবা সি ভাবে সেই দিনবোৰত তাৰ মগজুত বিশেষ কিবা ক্ষমতা আছিল নেকি যিবোৰ এতিয়া নাই! ! আচলতে সি আৰোগ্য হ’ল নে তাৰ বিশেষ ক্ষমতা কিছুমান লুপ্ত হ’ল৷ মনেৰে জেব্ৰা ক্ৰছিং সৃষ্টি কৰিব নোৱাৰিলে৷ মনটো অলপমান ভাল লাগিল তাৰ৷ অৰ্থাৎ সুস্থ হৈছে সি৷
অলপদূৰ যোৱাৰ পিছত সি পথৰ মাজত কাৰোবাক পৰি থকা দেখা পালে৷ চেহেৰাটো তাৰ অলপ চিনা চিনা লাগিল৷ হয় এইজনেই সেইজন যাক ফুলমতীক লগ পোৱাৰ দিনা সি পাইছিল৷ প্ৰকাণ্ড শৰীৰটো এতিয়া সুৰাৰ ৰাগীত অসহায়৷ মানুহটোলৈ আদিত্যৰ প্ৰচণ্ড ঘৃণা উপজিল৷ পথৰ দাঁতিত শিল এটা দেখা পাই সি বুটলি ল’লে৷ হঠাতে সি তেজ কল্পনা কৰিবলৈ ধৰিলে৷ ৰঙা প্ৰচণ্ড ৰঙা৷ তাৰ মূৰ আচন্দ্ৰাই কৰিবলৈ ধৰিলে৷ মানুহজন যে সাৰ পাই উঠিব ধৰিলে লাহে লাহে৷ মানুহজনে যেন তাক চিনি পাইছে৷ প্ৰতিশোধ ল’বলৈ ব্যাকুল! ! ! নাই সি পলাব লাগিব৷ সি দৌৰিবলৈ ধৰিলে৷ মানুহজনো তাৰ পিছে পিছে দৌৰিছে৷ পিছলৈ ঘূৰি চাবলৈ আদিত্যৰ সময় নাই ……
প্ৰচণ্ড মূৰৰ বিষ এটাৰ সৈতে আদিত্য সাৰ পালে৷ কালি ৰাতি কি হ’লগৈ তাৰ মনত নাই৷ মনত পেলাবলৈ চেষ্টা কৰিলে৷ বৃথা চেষ্টা৷ এতিয়া ক’ত আছে সি? এইটো তাৰ ঘৰ নহয়৷ পথাৰ এখনৰ মাজত আছে সি৷ মূৰৰ ওপৰত সূৰ্যটো দেখিলে৷ আজি প্ৰখৰ ৰ’দ৷ কালি বোধকৰোঁ দৌৰি দৌৰি এই পথাৰখন পাইছিলহি৷ মানুহজনে তাক দেখা নাপালে৷ তাৰ সম্বিত ঘূৰি আহিল৷ মানুহজনে নিশ্চয় তাক সুদাই এৰি নিদিব৷ এই চহৰ এৰি সি পলাব লাগিব৷ আৰু ফুলমতী? তাইকো লগত লৈ যাব লাগিব৷ মানুহজনে ফুলমতীকো হয়তো সুদাই এৰি নিদিব৷ সি আকৌ দৌৰিব ধৰিলে৷ এইবাৰ ফুলমতীৰ ওচৰলৈ৷ গৈ গৈ ফুলমতীৰ কোঠা পালেগৈ৷
ফুলমতী বিছনাখনত বহি আছিল৷ তাইৰ চকুত ভয়ৰ চিন৷ “সি আমাক মাৰি পেলাব আদিত্য”৷ সি তাইক সাবটি ধৰিলে আৰু ক’লে৷ “ব’ল”
“ক’লৈ? ”
“ৰে’লৱে ষ্টেচন৷ কোনোবা অচিনাকি চহৰলৈ৷ য’ত তোৰ পাগলাদিয়া নাথাকিব৷ মানুহৰ বিদ্ৰূপভৰা চাঁৱনিবোৰ নাথাকিব৷ জীৱনটো নতুনধৰণেৰে আৰম্ভ কৰিম৷ ব’ল৷ ”
তেনেতে দুৱাৰ ঢকিওৱাৰ শব্দ হ’ল৷ বহুত জোৰত৷ অলপ সময় ঢকিয়ালে হয়তো ভাঙিয়েই যাব৷ দুয়ো পলম নকৰিলে৷ খিৰিকিৰে বাহিৰ হ’ল৷ এইবাৰ দুয়ো দৌৰিছে৷ পিছে পিছে মানুহজন৷ ৰে’লৱে ষ্টেচনটো বেছি দূৰ নহয়৷ ষ্টেচনত ট্ৰেইন এখন এই এৰো এই এৰো অৱস্থাত আছে৷ অলপ দৌৰাৰ পিছত দুয়োকে পিছা কৰা মানুহজন ৰৈ গ’ল৷ ভাগৰ লাগিল হয়তো৷ দুয়ো পিছে আগৰ গতিবেগেৰেই দৌৰি আছে৷ সমুখত ষ্টেচন৷ প্লেটফৰ্মত ট্ৰেইন৷ আৰু ৰৈ আছে এটা অনিশ্চিত ভৱিষ্যত৷ কিন্তুু সুখৰ কথা এয়ে যে আদিত্য আৰু ফুলমতী একেলগে আছে৷ দুটা ছগা …….
আণ্ডাৰ constructed চাইটতো চাবলৈ কনিষ্ঠ অভিযন্তা ঋষভ ভৰদ্বাজ সৰু চহৰখনলৈ আহিছে৷ কবিতা ভালপোৱা ঋষভৰ চাকৰিত মকৰল হোৱাৰ বেছি দিন হোৱা নাই৷ কম্পেনিৰ প্ৰজেক্টটো বহুদিনৰপৰা পেণ্ডিং আছিল৷ 1 বছৰৰ ভিতৰত শেষ কৰাৰ বাবে হেডঅফিচৰপৰা কাৰা অৰ্ডাৰ৷
“ভগা কলিজাত কোনে বিনাই
কবিতা মোৰ দুখৰ ঋতুৰ এপাহি খঁৰিকাজাই৷ ”
দুৱাৰ খিৰিকি নথকা কোঠা এটাৰ সমুখত এই শাৰীকেইটা দেখি ঋষভ আচৰিত হ’ল৷ হীৰুদা তাৰ প্ৰিয়৷ বিল্ডিংটো অলপ আওহতীয়া ঠাইত৷ কোন কাব্যপ্ৰেমী আহি লিখি যাবহি৷ সি ভাবিলে৷
“কি ভাবি আছা হে ডেকা ল’ৰা৷ ” কম্পেনীৰ চেক্টৰ অফিচাৰ মধুসুধন দাসৰ কণ্ঠ৷
“কোনোবা লাভ বাৰ্ডছে আহি লিখি গ’ল চাগে৷ ইমান ভাবিবলগীয়া কি আছে৷ দেখা নাই ইমানবছৰে আনইউজড ৰুম এটাও ইমান ভালদৰে আছে৷ বৰা দা কিবা চলাইছিল নেকি হে ইয়াত৷ ” দাসে চাইটটোৰ অস্থায়ী চকীদাৰ বৰাৰ ফালে চাই প্ৰশ্ন কৰিলে৷
“নহয় চাৰ৷ ইয়ালৈ পাগল এটা সদায় সন্ধিয়া আহিছিল৷ সন্ধিয়াৰপৰা অকলে অকলে কিবা বিৰবিৰাই ৰাতি গুছি গৈছিল৷ মানে তাৰ দেউতাক মোৰ ভাল চিনাকি৷ সি আহেই যেতিয়া ৰুমটো ভালদৰে ৰাখিবলৈ দেউতাকেই মোক কৈছিল৷ এই লিখাটো তাৰেই৷ চাওঁকচোন ইমান ধুনীয়া হাতৰ আখৰ৷ ”
“এতিয়াও আহে নে তেওঁ? ” এইবাৰ ঋষভে প্ৰশ্ন কৰিলে৷
“নাই ল’ৰাটো মৰিল৷ এদিন জানো কি হ’ল তাৰ ৰাতি ভিক্ষাৰী এটাক শিলে মূৰত মৰিয়াই মাৰিয়েই পেলালে৷ দিনত সি নদীত জাপ দিলে৷ মই ইয়াতেই থাকোঁ৷ মোক যে একো নকৰিলে! ! !”
বিল্ডিংটোৰ বহুত ভাঙিবলগীয়া আছে৷ এই ৰুমটো মূল অফিচ ৰুম হ’ব৷ আৰ্কিটেক্টক শৰ্মাক মাতি কোঠাটোৰ ভাল ডিজাইনিং কৰিব লাগিব৷ ঋষভে ভাবিলে৷

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments