এটা বাতৰি, এখন ছবি আৰু কিছু দুঃচিন্তা (অয়ন উত্তম)

“মৃত্যুমুখৰ পৰা বচালোঁ, এজন নহয়_ হাজাৰ হাজাৰ এনে ব্যক্তিক, যাক ভগৱানে নিজৰ ওচৰলৈ মাতি পঠিয়াইছিল। তোমালোকৰ ভগৱানে যেতিয়া মানুহক ব্যাধি দিয়ে, তেতিয়া তেওঁলোক মোৰ ওচৰলৈ দৌৰি আহে আৰু মই তেওঁলোকৰ ব্যাধি দূৰ কৰোঁ। গতিকে ভগৱান কোন? মই নে সেইজন?”

“জানি-বুজি কোনেও ভুল নকৰে।”

“ভুল কৰিব পাৰে আপুনি, কিন্তু তাত মিছাৰ চাদৰ এখন আঁৰি দিব নোৱাৰে। ভুল কৰিব পাৰে, কিন্তু আপুনি মানি ল’ব লাগিব যে আপুনি ভুল কৰিছে। আৰু সেয়া মানি ল’ব লাগিব সেইগৰাকী মাতৃৰ আগত, যাৰ পুত্ৰক আপুনি হত্যা কৰিলে।”

লেখাটিৰ আঁত ধৰিছোঁ ‘দৈনিক জনমভূমি’ কাকতৰ এটি বাতৰিৰ পৰা।

“চিকিৎসকৰ গাফিলতিৰ বাবেই ৰোগীৰ মৃত্যু’-

“পুৰণিগুদাম, নিজা বাতৰি দিওঁতা, ২৮ জুন: নগাঁৱৰ পুৰণিগুদাম বিদ্যা নিকেতনৰ দশম শ্ৰেণীৰ ছাত্ৰী মায়াংকী কাশ্যপৰ মৃত্যুৰ কাৰণ চিকিৎসকৰ গাফিলতি বুলি অভিযোগ তুলিছে পৰিয়ালে। ২৫ জুনত দিছপুৰ পলিক্লিনিকত মায়াংকী কাশ্যপৰ মৃত্যু হৈছিল। ১১ জুনত মূৰ ঘূৰাই অসুস্থ হৈ পৰা ছাত্ৰীগৰাকীক প্ৰথমে নগাঁও কপিলী নাৰ্ছিং হ’মত ভৰ্তি কৰা হৈছিল। কপিলীত দুদিন ধৰি চিকিৎসা কৰাৰ পিছত সুস্থ নোহোৱাত পৰিয়ালৰ লোকে গুৱাহাটীৰ জি.এন.আৰ.চি.লৈ লৈ যায়। তাতো ভুল চিকিৎসা কৰে বুলি পৰিয়ালৰ লোকে অভিযোগ কৰে। পৰিয়ালৰ লোকে সুফল পোৱাৰ আশাত দিছপুৰ পলিক্লিনিকত ভৰ্তি কৰায়। ইফালে, সাংবাদিকৰ সৈতে হোৱা টেলিফ’নিক বাৰ্তালাপত ডঃ হিমন্ত বিশ্ব শৰ্মাই কয় যে যদিহে ছাত্ৰীগৰাকীৰ ক্ষেত্ৰত ভুল চিকিৎসা হৈছে, তেনেহ’লে বিহিত ব্যৱস্থা লোৱা হ’ব।”

সৰু বাতৰি। বাতৰি কাকতৰ এচুকত স্থান পাইছে, তথাপিও গুৰুত্বহীন হয় জানো?

যদিহে ডঃ শৰ্মাই কোৱামতে তদন্ত হয় আৰু ভুল চিকিৎসাৰ প্ৰমাণ পোৱা যায়, তেন্তে আশা কৰিব পাৰি মৃত কাশ্যপৰ পৰিয়ালে উচিত বিচাৰ পাব বা ক্ষতিপূৰণ পাব। কিন্তু??

এখন চিনেমা: যোৱা সপ্তাহত এখন চিনেমা ‘ৰিলিজ’ হৈছিল। দুদিনমান চলিয়েই অন্তৰ্ধান হ’ল হলৰ পৰা। নিম্ন বাজেটৰ ছবি, বেছিদিন হলত নচলে! কিন্তু উপভোগ কৰাৰ সৌভাগ্য হৈছিল সত্য ঘটনাৰ ওপৰত নিৰ্মিত ছবিখন। বিক্ৰম ভাটৰ প্ৰযোজনা, চিত্ৰনাট্য আৰু কাহিনী, চোহাইল তাতাৰিৰ পৰিচালনাৰ ‘অংকুৰ অৰোৰা মাৰ্ডাৰ কেছ’। অভিনয়ত আছিল কে কে মেনন, অৰ্জুন মাথুৰ, বিশাখা সিং, তিছকা চোপ্ৰা, পাওলি ডাম আৰু শিশুশিল্পী বিজেশ তিৱাৰী। সংগীত চিৰন্তন ভাটৰ। বৰ্তমান চিকিৎসা ব্যৱস্থাক ভেঙুচালি কৰি দৰ্শকক ভাবিবলৈ বাধ্য কৰোৱা ২ ঘণ্টা ১৫ মিনিটৰ ছবিখনৰ থূলমূল কাহিনীটো এনেধৰণৰ-

শেখাৱট জেনেৰেল হাস্পতালৰ মুৰব্বী ‘ছাৰ্জন’ হৈছে ডাঃ আস্থানা। আত্মগৌৰৱ, আত্ম-অভিমানত মত্ত, নিজকে ‘জিনিয়াছ’ বুলি ভবা চিকিৎসকজনৰ অধীনত বহুকেইজন কনিষ্ঠ চিকিৎসক প্ৰশিক্ষণৰত। সেই কনিষ্ঠ চিকিৎসকসকলৰ মাজৰেই এজন হৈছে ডাঃ ৰমেশ। ডাঃ আস্থানাক গুৰু হিচাপে জ্ঞান কৰে ৰমেশে। কিন্তু এদিন অপৰাৰেচন কক্ষত এজন ৰোগীক এটা বেজী দিয়াক কেন্দ্ৰ কৰি মতান্তৰ ঘটাত আস্থানাই ৰমেশক কিছুদিনৰ বাবে অপৰাচেন কক্ষত প্ৰৱেশত বাধা দিয়ে।

… এই ঘটনাৰ কেইদিনমানৰ পিছতে পেটৰ বিষত চটফটাই থকা আঠ বছৰীয়া অংকুৰ অৰোৰা নামৰ শিশু এটিক চিকিৎসাৰ বাবে মাতৃ নন্দিতাই লৈ আহে শেখাৱট হাস্পতাললৈ। ডাঃ ৰমেশে শিশুটিক পৰীক্ষা-নিৰীক্ষা কৰাৰ পিছত নিশ্চিত হয় যে অংকুৰৰ ‘এপেণ্ডিচাইটিছ’ হৈছে আৰু মাতৃক অনুৰোধ কৰে যে শিশুটিক লগে লগে হাস্পতালত ‘ভৰ্তি’ কৰালে ভাল হয়। ডাঃ আস্থানাই ৰমেশে কৰা পৰীক্ষাৰ তথ্যসমূহলৈ লক্ষ্য কৰি পিছদিনাই অংকুৰ অৰোৰাক অপাৰেচন কৰাৰ কথা ঘোষণা কৰে। লগতে ইয়াকো কয়-“ৰোগী বা ৰোগীৰ অভিভাৱকৰ টকাৰেই এখন হাস্পতাল চলাব লগা হয়। এখন হাস্পতাল চলোৱা মুখৰ কথা নহয়। বহুতো টকা খৰচ কৰি এই হাস্পতালখন নিৰ্মাণ কৰা হৈছে আৰু ইয়াত লাভালাভৰ কথা জড়িত হৈ আছে। মালিকপক্ষকো চাব লাগিব। গতিকে এইক্ষেত্ৰত ৰোগী বা অভিভাৱকক কিদৰে সৈমান কৰাব পাৰি, সেয়া হাস্পতালৰ সৈতে যুক্ত সকলোৱে লক্ষ্য কৰা উচিত।” আস্থানাৰ কথা মতেই ৰমেশে মাতৃক কয় যে পিছদিনা অপৰাচেন কৰাব লাগিব আৰু তাৰ বাবে সাজু হ’ব লাগে। সেইমতে মাতৃও সাজু হয় পুত্ৰ অংকুৰৰ অপৰাচেনৰ বাবে।

পিছদিনা অপাৰেচনৰ ঠিক এঘণ্টাৰ আগতে অংকুৰ থকা কক্ষলৈ এগৰাকী নাৰ্ছ আহি মাতৃ নন্দিতাক কয় যে অপাৰেচনৰ বাবে কিছু দৰৱ আৰু চিকিৎসা-সঁজুলিৰ প্ৰয়োজন আৰু সেইখিনি সোনকালে ফাৰ্মাচীৰ পৰা যেন লৈ আহে। নন্দিতাই নাৰ্ছগৰাকীৰ হাতত টকা দিব বিচাৰে যদিও নাৰ্ছগৰাকীয়ে নগদ টকা ল’বলৈ অমান্তি হয়। নন্দিতা ওলাই যায় ফাৰ্মাচী অভিমুখে। ঠিক সেই মুহূৰ্ততে ভোকত চটফটাই থকা অংকুৰে কেইখনমান বিস্কুট খায়। কিন্তু চিকিৎসা-বিজ্ঞানৰ মতে, অপাৰেচনৰ আগত কোনো খাদ্য গ্ৰহণ কৰিব নালাগে (NBM: Nil By Mouth)। অৱশ্যে অপাৰেচন কক্ষত সোমায়েই অংকুৰে যে ভোকত কেইখনমান বিস্কুট গ্ৰহণ কৰিছিল, সেই বিষয়ে এগৰাকী নাৰ্ছক অৱগত কৰে। নাৰ্ছগৰাকীয়ে লগে লগে ডাঃ আস্থানাক এই বিষয়ে অৱগত কৰে যদিও আস্থানাই অপাৰেচনৰ সময়সূচী সলনি কৰিবলৈ অমান্তি হয়। লগতে নাৰ্ছগৰাকীক জানিবলৈ দিয়ে যে অপাৰেচনৰ পূৰ্বে পেট চফা কৰিবলৈ তেওঁ যথোপযুক্ত ব্যৱস্থা গ্ৰহণ কৰিব। কিন্তু… অপাৰেচনৰ সময়ত তেওঁ সেই ব্যৱস্থা ল’বলৈ পাহৰি যায়। ফলত অংকুৰে বমি কৰি কৰি ক’মালৈ গতি কৰে। অপাৰেচন কক্ষত ডাঃ আস্থানাই তেওঁৰ যে ভুল হৈছিল সেয়া মানি লয় যদিও সহযোগীসকলক ভাবুকি দিয়ে- এই বিষয়টো অপাৰেচন কক্ষতেই শেষ হওঁক, কোনেও যেন বাহিৰত এই বিষয়টো লৈ চৰ্চা নকৰে। হাস্পতাল আৰু তেওঁৰ সন্মানৰ কথা জড়িত হৈ আছে। অপাৰেচন কক্ষত থকা চাৰিওজন চিকিৎসকে ঘটনাটো গাপ দিবলৈ সন্মত হয়। এইসকলৰ ভিতৰত ডাঃ ৰমেশৰ বাগদত্তা তথা কনিষ্ঠ চিকিৎসক ডাঃ ৰিয়াও অন্যতম। ডাঃ আস্থানাই ডাঃ ৰিয়াক শিশুটিৰ অভিভাৱকক জনাবলৈ নিৰ্দেশ দিয়ে যে শিশুটিৰ শ্বাসতন্ত্ৰৰ বিজুতিৰ বাবেই ক’মালৈ গতি কৰিছে। চিকিৎসা-বিজ্ঞানৰ বিষয়ে বিশেষ জ্ঞান নথকা নন্দিতা আৰু তেখেতৰ বন্ধুৱে ডাঃ ৰিয়াৰ কথাকেই বিশ্বাস কৰিলে। অপাৰেচনৰ পিছত দুটা দিন ক’মাত থকাৰ পিছত অংকুৰ অৰোৰাৰ মৃত্যু ঘটে।

ডাঃ ৰমেশ যদিও অপাৰেচন কক্ষত নাছিল, কিন্তু এটি সাধাৰণ অপাৰেচনত শিশুটিৰ মৃত্যুক সহজভাৱে ল’ব নোৱাৰিলে। কাৰণ ৰমেশে অংকুৰক প্ৰতিশ্ৰুতি দিছিল যে এয়া এটা সাধাৰণ অপাৰেচন আৰু খুব সোনকালেই সি মাকৰ সৈতে ঘূৰি যাব পাৰিব, সুস্থ শৰীৰে। এই ঘটনাই ডাঃ ৰমেশৰ বিবেকক জোকাৰি গ’ল। তেওঁ শিশু অংকুৰৰ মাতৃ আৰু তেখেতৰ বন্ধুক সকলো ঘটনা বিৱৰি ক’লে। লগতে নিজৰ কেৰিয়াৰৰ কথা নাভাবি ডাঃ আস্থানা আৰু তেওঁৰ প্ৰতিষ্ঠানটিৰ বিৰুদ্ধে আইনী যুদ্ধত সহায় কৰিব বুলিও প্ৰতিশ্ৰুতি দিয়ে। ৰমেশৰ মত- ভুল স্বীকাৰ কৰক ডাঃ আস্থানাই। কিন্তু আস্থানা আৰু বাগদত্তা ডাঃ ৰিয়াই ভুল স্বীকাৰ কৰিবলৈ কোনো মতে সন্মত নহ’ল। ৰিয়াৰ মত, দেউতাকে ৮০ লাখ টকা তাইৰ কেৰিয়াৰৰ বাবে খৰচ কৰিছে, গতিকে দেউতাকৰ মনত আঘাত হানিব নোৱাৰে, লাগিলে ৰমেশক ত্যাগ কৰিব। আনহাতে, ডাঃ আস্থানাৰ মন্তব্য- “জানি-বুজি কোনেও ভুল নকৰে।” ৰমেশৰ মন্তব্য- “ভুল কৰিব পাৰে আপুনি, কিন্তু তাত মিছাৰ চাদৰ এখন আঁৰি দিব নোৱাৰে… ভুল কৰিব পাৰে, কিন্তু আপুনি মানি ল’ব লাগিব যে আপুনি ভুল কৰিছে। আৰু সেয়া মানি ল’ব লাগিব সেইগৰাকী মাতৃৰ আগত, যাৰ পুত্ৰক আপুনি হত্যা কৰিলে।”

ইয়াৰ পিছত আৰম্ভ হয় আইনী যুদ্ধ। বহু যুক্তিতৰ্ক, বিবাদ, প্ৰমাণ, দৈহিক আক্ৰমণকো নেওচি, অধিবক্তা কাজৰী সেন, নন্দিতাৰ বন্ধু শচীন খুৰানা আৰু বহুকেইজন সাক্ষীৰ সহযোগত ডাঃ ৰমেশে প্ৰমাণ কৰিব পাৰিলে ডাঃ আস্থানাৰ ভুলৰ বাবেই শিশু অংকুৰ অৰোৰাৰ মৃত্যু হৈছিল, এয়া যে সাধাৰণ মৃত্যু নহয়, একপ্ৰকাৰ এটা হত্যাকাণ্ডহে আছিল।

পৰিচালক চোহাইল তাতাৰিয়ে ছবিখনত মানৱীয় অনুভৱক ফুটাই তোলাত সফল হৈছে। এখন ‘মেডিকেল থ্ৰীলাৰ’ ছবি হিচাপেই নহয়, অপাৰেচন কক্ষৰ ভিতৰত কি চলি থাকে, সেয়া ৰাজহুৱা কৰাত কৃপণালি কৰা নাই চোহাইলে। চিকিৎসা-বিজ্ঞানৰ বহু নজনা কথা, প্ৰশিক্ষণৰত চিকিৎসকৰ মনোবেদনা, জনপ্ৰিয় নামধাৰী চিকিৎসকৰ মইমতালি, ৰোগীৰ সৈতে চিকিৎসা প্ৰতিষ্ঠানৰ টকাৰ খেল, লগতে উজ্জ্বল ভৱিষ্যৎ কেনেদৰে চিকিৎসকৰ ভুলৰ বাবে ধ্বংস হ’ব পাৰে, সকলো উদঙাই দেখুৱাইছে এই ছবিখনৰ জৰিয়তে। ছবিখনৰ সৈতে জড়িত প্ৰতিজন শিল্পীৰ অভিনয়ক উচ্চ প্ৰশংসা কৰিবই লাগিব। সকলোতকৈ ডাঙৰ কথা, ছবিখনে এটা বাৰ্তা প্ৰেৰণ কৰিছে। কিমান মনে মনে থাকিব সাধাৰণ লোক? ইয়াৰ সমাধান কি? উচিত বিচাৰ কেনেদৰে পাব পাৰি? কেইজন চিকিৎসকে নিজৰ ভুল স্বীকাৰ কৰিব পাৰে? ইত্যাদি ইত্যাদি। অংকুৰ অৰোৰা পুনৰ জীৱিত অৱস্থাত মাতৃৰ কোলালৈ ঘূৰি আহিব নোৱাৰিলে, কিন্তু এগৰাকী মাতৃয়ে উচিত বিচাৰ পালে।

এইখিনিতে উনুকিয়াই থওঁ, প্ৰযোজক বিক্ৰম ভাটক এখন আইনী জাননী প্ৰেৰণ কৰিছে এটা জনপ্ৰিয় বিস্কুট কোম্পানীয়ে। তেওঁলোকৰ মতে, বিস্কুটবিধক বিহ হিচাপে দেখুওৱা হৈছে আৰু অপাৰেচন টেবুলত এই বিস্কুট খোৱাৰ ফলতেই শিশুটিৰ মৃত্যু ঘটিছে, তাক দৃশ্যায়িত কৰা হৈছে। লগতে কপিৰাইট আৰু ট্ৰেডমাৰ্ক আইন ভংগ কৰাৰো অভিযোগ আনিছে বিক্ৰম ভাটৰ বিৰুদ্ধে। বিৰূপভাৱে উপস্থাপন কৰাৰ ফলত বিস্কুটবিধৰ মান শ্বেয়াৰ বজাৰত হ্ৰাস পোৱাৰ সম্ভাৱনা আছে বাবেই কোম্পানী কৰ্তৃপক্ষই বিক্ৰম ভাটৰ বিৰুদ্ধে ১ কোটি টকাৰ মানহানিৰ গোচৰ ৰুজু কৰিছে। অৱশ্যে এয়া জনপ্ৰিয়তা লাভৰ অপচেষ্টা বুলি বিক্ৰম ভাটে মন্তব্য কৰিছে যদিও বিস্কুট পেকেটটো দেখুৱাবৰ সময়ত ‘ব্লাৰ’ কৰাৰ বাবে সন্মত হয়। অৱশ্যে বিস্কুট কোম্পানীয়ে জনপ্ৰিয়তা বিচাৰিছে নে ছবিখনে সেয়া আন এক বিষয়। কিন্তু সৰ্বসাধাৰণ দৰ্শকৰ দৃষ্টিত চাবলৈ গ’লে, ছবিখনত বহুতো নজনা তথ্যৰ সমল পোৱা যাব। অৱশ্যে অপ্ৰিয় সত্য যে ছবিখনৰ সাৰাংশ লোৱা হৈছে আমেৰিকান ব্ৰডকাষ্টিং কোম্পানী (এ.বি.চি)ৰ ২০০৫ চনত নিৰ্মিত জনপ্ৰিয় আমেৰিকান টেলিভিছন ‘মেডিকেল ড্ৰামা’ ‘গ্ৰে’ছ এনাটমী’ৰ পৰা। লগতে কিছু অৰিহণা আছে অভিনেতা আমিৰ খানৰ ‘সত্যমেৱ জয়তে’ নামৰ ধাৰাবাহিকখনৰ।

সত্য ঘটনাৰ আধাৰত নিৰ্মিত ‘অংকুৰ অৰোৰা মাৰ্ডাৰ কেছ’ ছবিখনে পোহৰৰ এটি বাট দেখুৱাইছে যিসকলে ‘ভুল চিকিৎসা’ৰ নামত নিজৰ আত্মীয়ক হেৰুৱাইছে। অপাৰেচন কক্ষৰ ভিতৰচ’ৰাত কি হয়, সেয়া বাহিৰত থকা ৰোগীৰ আত্মীয়ই কোনোপধ্যে জানিব নোৱাৰে। আই.চি.ইউ.ত থকা ৰোগীয়েও নাজানে, তেওঁ হঠাৎ এটা মৃতদেহ হৈ আত্মীয়ৰ ওচৰলৈ যাব লগাও হ’ব পাৰে। কাৰণ ‘অক্সিজেন মাক্স’ৰ সহায়ত তেওঁলোকক কৃত্ৰিমভাৱে যিমান দিন ইচ্ছা, সিমান দিন জীয়াই ৰাখি হাস্পতাল কৰ্তৃপক্ষই ‘নগদ টকা’ বুটলিব পাৰে অভিভাৱকৰ পৰা। কেইজনমান চিকিৎসক ভগৱান, কাৰণ তেওঁলোকে জানে কোন সময়ত জন্ম ল’ব পাৰে এটি মানৱ ভ্ৰূণ। ঠিক সেইদৰে কেইজনমান চিকিৎসকে ঠিৰাং কৰিব পাৰে, কোন সময়ত এজন ব্যক্তিক মৃত্যুমুখলৈ ঠেলি পঠিয়াব পাৰি। কিন্তু ‘নিজকে ভগৱান’ সাজি ৰোগীৰ জীৱনৰ সৈতে হেতালি খেলা উচিত নে? ছবিখনৰ দ্বাৰা জানিব পাৰি, সেৱাৰ নামত কেইজনমান চিকিৎসক বা চিকিৎসা প্ৰতিষ্ঠানে কেনেদৰে এটা ‘লবী’ চলাই আছে। ৰোগীৰ চিন্তাতকৈ নিজৰ চিন্তাত কেনেদৰে কেইজনমান চিকিৎসক ব্যস্ত হৈ আছে, সেয়া স্পষ্টভাৱে দেখা গৈছে ছবিখনত। ‘লাভৰ অংক’ত এটি শিশুৱে কেনেদৰে মৃত্যুক আঁকোৱালি ল’ব লগা হ’ল, পৰিয়ালৰ মনোবেদনা প্ৰতিজন দৰ্শকে হৃদয়ংগম কৰিব পাৰিছে।

আজিকালি ‘ভুল চিকিৎসা’ৰ বাতৰি কেলেংকাৰি বা দুৰ্নীতিৰ বাতৰিৰ দৰেই সাধাৰণ হৈ পৰিছে। ভুল পৰীক্ষা বা ভুল চিকিৎসাৰ ফলত এজন ৰোগী জীৱনৰ বাবে পংগু হৈ যাব পাৰে। তেনে এটি উদাহৰণ হৈছে দুটি সন্তানৰ মাতৃ শৈলজা নামৰ এগৰাকী মহিলা। অপাৰেচনৰ সময়ত ‘এনাছথেচিয়া’ৰ ‘অভাৰদোজ’ৰ ফলত শৈলজাই খাদ্য গ্ৰহণ কৰিব নোৱাৰা হ’ল, কথা ক’ব নোৱাৰা হ’ল, আনকি চলা-ফুৰাৰ শক্তিও হেৰুৱাই পেলালে। আনহাতে বিখ্যাত পপ গায়ক মাইকেল জেকছনৰ মৃত্যুও ভুল চিকিৎসাৰ বাবেই হোৱা বুলি প্ৰমাণ হৈছে। এয়া ‘ভুল চিকিৎসা’ৰ বলি হোৱা দুটা উদাহৰণহে। তেনে বহু ৰোগী এতিয়াও আছে, যাৰ কাহিনী ‘পোহৰ’লৈ অহা নাই। তাৎপৰ্যপূৰ্ণ যে আজিকালি বাতৰিকাকত মেলিলেই ভুল চিকিৎসাৰ নামত চিকিৎসকক প্ৰহাৰ বা চিকিৎসালয় লণ্ড-ভণ্ডৰ বাতৰিও চকুত পৰে। কিন্তু এয়া উচিতনে? আইন নিজৰ হাতত তুলি ল’লে ৰোগী বা অভিভাৱকে বিচাৰ পাব জানো? এনে কৰিলে আইনৰ দোষত দোষী হোৱাৰ সম্ভাৱনাহে অধিক। কিন্তু অভিভাৱক বা ৰোগীয়ে কেনেদৰে প্ৰমাণ কৰিব যে ‘ভুল চিকিৎসা’ৰ বলি হৈছে? উত্তৰ হৈছে, চিকিৎসালয়ে প্ৰদান কৰা পৰীক্ষা-নিৰীক্ষাৰ তথ্য-পাতি, চিকিৎসকে দিয়া ‘প্ৰেচক্ৰিপশ্যন’, সাক্ষী ইত্যাদি তদন্তৰ সময়ত বিচাৰিলেই দিব পৰাকৈ মজুত ৰখা। লগতে যদিহে গোচৰীয়াই বিচাৰে, তেন্তে এই ৰেকৰ্ডসমূহ অভিজ্ঞ বিশেষজ্ঞই পুনৰীক্ষণ কৰিব পৰাৰ ব্যৱস্থাও আছে আইনত।

ভাৰতীয় দণ্ডবিধি ১৮৬০ৰ ৫২, ৮০, ৮১, ৮৩, ৮৮, ৯০, ৯২, ৩০৪-এ, ৩৩৭ আৰু ৩৩৮ ধাৰাত ‘ভুল চিকিৎসা’ৰ শাস্তি বা বিচাৰৰ কথা উল্লেখ আছে। অৱশ্যে ইয়াৰ বেছিভাগেই জামিনযুক্ত আৰু অপৰাধমুক্ত। যেনে ৫২ ধাৰা- দুৰ্ঘটনা বা দৈৱদুৰ্বিপাকৰ দৰে ঘটনাৰ ক্ষেত্ৰত প্ৰযোজ্য, য’ত অপৰাধ কৰাৰ মানসিকতা নাথাকিবও পাৰে। ধাৰা ৮০ মতে- ধৰা হওঁক ‘ক’ নামৰ মানুহজনে কুঠাৰেৰে খৰি কাটি আছিল, হঠাৎ নালৰ পৰা কুঠাৰৰ আগটো খুলি গৈ ওচৰত থকা ‘খ’ নামৰ মানুহজনক আঘাত কৰিলে আৰু ‘খ’ৰ মৃত্যু ঘটিল। ইয়াত ‘ক’ক দোষী বুলি ধৰা নহ’বও পাৰে আৰু সসন্মানে মুক্তি দিব পাৰে। ধাৰা ৮১- ধৰা হওঁক ‘ক’ দুৰাৰোগ্য ৰোগত আক্ৰান্ত হ’ল। চিকিৎসকে যদি বীজাণু সম্প্ৰসাৰিত নহ’বৰ বাবে ‘ক’ৰ এখন হাত বা ভৰি বা দেহৰ এটা অংগ কাটি ‘ক’ৰ আৰোগ্যৰ কথা চিন্তা কৰে, তেন্তে চিকিৎসকজনক অপৰাধী বুলি ধৰা নহ’ব। আৰু ধৰক, ভয়ংকৰ অগ্নিকাণ্ড সংঘটিত হ’ল। জুই আন বাসগৃহলৈ সম্প্ৰসাৰিত নহ’বৰ বাবে যদি কোনো এটা বাসগৃহ ভাঙি পেলোৱা হয়, তেতিয়া এই ধাৰা প্ৰযোজ্য হয়। ইয়াক অপৰাধ বুলি গণ্য কৰা নহয়। ধাৰা ৮৩- ১২ বছৰ বা তাৰ অনুৰ্ধ্বৰ শিশুৱে আইন সম্পৰ্কে নজনাকৈ কৰা কাৰ্যত প্ৰযোজ্য। ধাৰা ৮৮- সন্মতি সাপেক্ষ আৰু সৰল বিশ্বাসেৰে কৰা কাৰ্যত প্ৰযোজ্য। যেনে ‘ক’য়ে ‘খ’ৰ সন্মতিত অপাৰেচন কৰিছিল। কিন্তু ‘খ’ৰ মৃত্যু হ’ল। ইয়াত ‘ক’ক দোষী বুলি ক’ব পৰা নাযায়। ধাৰা ৯০- ভুল ধাৰণা বা ভাবুকিৰে সন্মত কৰোৱা কাৰ্যত প্ৰযোজ্য। ধৰা হওঁক ‘ক’য়ে ক’লে যদি তেওঁক সাপে খোঁটে তেন্তে ‘খ’য়ে ঔষধেৰে ‘ক’ক আৰোগ্য কৰিব পাৰিব। এইক্ষেত্ৰত অপৰাধী বুলি সাব্যস্ত হ’ব। ধাৰা ৯২- এজন ব্যক্তিৰ লাভৰ বাবে সৰল বিশ্বাসে কৰা কাৰ্য, কিন্তু ব্যক্তিজনৰ সন্মতিৰ অবিহনে যদি কৰা হয় এই ধাৰা প্ৰযোজ্য। অপাৰেচন বা আন কোনো চিকিৎসাৰ সময়ত ‘এনাছথেচিয়া’ প্ৰয়োগত হোৱা খেলিমেলিৰ বাবে যদি এজন ৰোগীৰ মৃত্যু হয়, সেয়া ‘গুৰুতৰ অপৰাধযোগ্য অৱহেলা’ হিচাপে গণ্য কৰা হয়। এজন ৰোগীৰ ‘ভুল চিকিৎসাৰ বাবে মৃত্যু সন্দৰ্ভ’ত যদিহে এজাহাৰ দিয়া হয়, তেন্তে ভাৰতীয় দণ্ডবিধিৰ ৩০৪-এ ধাৰা মতে ৰোগীজনক পৰীক্ষা কৰি থকা চিকিৎসকজনক লগে লগে গ্ৰেপ্তাৰ কৰাৰ দিহা আছে। জামিনযুক্ত এই ধাৰাত যদিহে দোষী প্ৰমাণিত হয়, তেন্তে চিকিৎসকজনক সৰ্বোচ্চ দুবছৰ কাৰাদণ্ড বা জৰিমনা বা দুয়োটা দণ্ড বিহাৰ দিহা আছে। কিন্তু যদিহে ৰোগীজন জীৱিত অৱস্থাত থাকে, তেন্তে ভাৰতীয় দণ্ডবিধিৰ ৩৩৭ আৰু ৩৩৮ ধাৰা মতে শাস্তিৰ দিহা আছে। অৱশ্যে ভাৰতীয় আইনে এজন যোগ্যতাসম্পন্ন চিকিৎসকৰ বিচাৰৰ সময়ত খুব সতৰ্কতা অৱলম্বন কৰে (সেয়া লাগিলে ‘অপৰাধযোগ্য অৱহেলা’ই হওঁক অথবা অপ্ৰশিক্ষণপ্ৰাপ্ত চিকিৎসকৰ ভুল চিকিৎসাৰ বাবেই হওঁক)। ফলত ৰোগীৰ মৃত্যু হ’লেও আইনৰ সুৰুঙাৰে তেনে চিকিৎসক সাৰি যোৱাৰ উদাহৰণ দেধাৰ আছে। এনেক্ষেত্ৰত ৰোগীৰ আত্মীয় বা ৰোগীজনে আইনৰ ওপৰত আস্থা হেৰুৱাব নালাগে। পৰৱৰ্তী পদক্ষেপ হিচাপে যুক্তিনিষ্ঠ প্ৰমাণ দাঙি ধৰাত গুৰুত্ব দিব লাগে।

শেষত, চিকিৎসা-বিজ্ঞানৰ ভাষাত ‘Malpractice’ (চিকিৎসকৰ অসৎ আচৰণ) বন্ধ হোৱাটোকেই সকলোৱে মনে-প্ৰাণে কামনা কৰে। টকাতকৈ মানৱীয় অনুভৱক শ্ৰেষ্ঠ জ্ঞান কৰা চিকিৎসকৰ প্ৰয়োজন এই সমাজক। টকা লাগে, কিন্তু ‘টকাৰ বাবেই সেৱা’ৰ মনোভাৱ হ’ব নালাগে।

কিছু ব্যক্তিগত: ১৯৯১ চনৰ ৯ ছেপ্টেম্বৰ। হঠাৎ দেউতাৰ কাহ-জ্বৰ আৰম্ভ হ’ল। জ্বৰে মূৰত ধৰিলে। লগে লগে নিশা শিৱসাগৰ অসামৰিক চিকিৎসালয়লৈ নিয়া হয়। চিকিৎসকৰ পৰামৰ্শ মতেই দেউতাক ভৰ্তি কৰোঁৱা হয়। কিন্তু চিকিৎসকে দেউতাৰ কি হৈছে সেয়া ধৰিব নোৱাৰিলে। লগে লগে পৰামৰ্শ দিলে ডিব্ৰুগড়ৰ ‘অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল’লৈ লৈ যোৱাৰ। এখন এম্বুলেন্স যোগাৰ কৰি দেউতাক ডিব্ৰুগড়লৈ লৈ যোৱাৰ সময়ত দেউতাই চিঞৰ-বাখৰ লগালে- ‘পেটটো বিষাইছে, পেটটো বিষাইছে’ বুলি। আমি কোনেও ধৰিব পৰা নাই কি হৈছে। এম্বুলেন্সত অহা চিকিৎসা-কৰ্মীয়েও ধৰিব পৰা নাই। তেনেকৈয়ে যেনেতেনে ডিব্ৰুগড় পালোঁ যদিও দেউতাৰ পেটটো ওফন্দি আহিল। ডিব্ৰুগড়তো অভিজ্ঞ চিকিৎসকে ধৰিব পৰা নাই, কিয় দেউতাৰ পেটটো ওফন্দি আহিছে। আমাৰ দুঃচিন্তাত তৎ নাই। হঠাৎ এগৰাকী নাৰ্ছৰ চকু পৰিল, দেউতাৰ প্ৰেচাবৰ নলীডালত এডাল সূতাৰ গাঁথি। শিৱসাগৰ অসামৰিক চিকিৎসালয়ৰ চিকিৎসা-কৰ্মীয়ে অসাৱধানতাৰে প্ৰেচাবৰ নলীডাল লগাওঁতেই সেই গাঁথিটো জোৰেৰে লাগি ধৰিছিল। ফলত দেউতাৰ প্ৰেচাব বাহিৰ নহৈ পেটত জমা হৈ গৈছে। লগে লগে নাৰ্ছগৰাকীয়ে চিকিৎসকৰ সহায়ত গাঁথিটো খুলি দিলে যদিও দেউতা ক’মা পৰ্যায়লৈ গতি কৰিলে। এনেদৰে ৪ দিন অতিক্ৰম হ’ল। বহুতো পৰীক্ষা-নিৰীক্ষাৰ পিছতো দেউতাৰ আচল ৰোগ নিৰ্ণয় কৰিব পৰা নাই অসম মেডিকেল কলেজৰ বিশেষজ্ঞ চিকিৎসকে। অৱশেষত পিঠিৰ ৰাজহাড়ৰ পৰা কিবা অলপ বেজিৰে টানি উলিয়াই পৰীক্ষা কৰিবলৈ নিলে। তাৰপিছত নিশ্চিত হ’ল- দেউতাৰ ‘এনকেফেলাইটিছ’ হৈছে। কিন্তু তেতিয়ালৈ বহু দেৰি হৈ গ’ল। ১০ দিন ক’মাত থকাৰ পিছত ২৮ ছেপ্টেম্বৰত দেউতা পৰলোকলৈ গমন কৰিলে। সেই সময়ত অৱশ্যে এয়া সাধাৰণ কথাৰ দৰেই আছিল। ‘ভুল চিকিৎসা’ মানে কি অলপ অনুধাৱন কৰিছিলোঁ যদিও কৰণীয় একো নাছিল। মায়েও ‘ঈশ্বৰৰ ইচ্ছা’ বুলি একো পদক্ষেপ নল’লে। শিৱসাগৰ অসামৰিক চিকিৎসালয়ত তেতিয়াও ‘এনকেফেলাইটিছ’ ৰোগ ধৰা পেলোৱাৰ কোনো বৈজ্ঞানিক-সৰঞ্জাম নাছিল, হয়তো আজিও নাই। শিৱসাগৰ জিলাখন জাপানীজ এনকেফেলাইটিছ ৰোগৰ প্ৰাদুৰ্ভাৱ থকা হিচাপে নাম (?) আছে। আজিৰ কাকতত পুনৰ পঢ়িবলৈ পালোঁ- ‘শিৱসাগৰত এনকেফেলাইটিছত মৃতকৰ সংখ্যা ৪ জনলৈ বৃদ্ধি’। ‘কালুগাঁও স্বাস্থ্য কেন্দ্ৰৰ ‘ফগিং’ মেচিনটো বেয়া হৈ আছে। জিলা স্বাস্থ্য বিভাগৰ ওচৰত ১৫টা ‘ফগিং’ মেচিন আছে যদিও ৰহস্যজনক কাৰণত সকলো ঠাইতে ইয়াৰ ব্যৱস্থা কৰা হোৱা নাই। জিলাখনত ৩০জন ‘সন্দেহযুক্ত এনকেফেলাইটিছ ৰোগী’ থকাটো নিশ্চিত হৈছে। এই সংখ্যা আজি ৩২জনলৈ বৃদ্ধি পালে’। এতিয়া এই ‘সন্দেহযুক্ত’ শব্দটো লৈ এজন ৰোগী বা তেওঁৰ আত্মীয়ৰ কি কৰণীয়, সেয়া কোনে নিশ্চিত কৰিব? সজাগতা বৃদ্ধিৰ লগতে লগে লগে ৰোগ ধৰা পেলোৱাৰ ব্যৱস্থা কিয় ল’ব পৰা নাই এতিয়ালৈকে? নে আকৌ ‘অসম চিকিৎসা মহাবিদ্যালয় হাস্পতাল’লৈ প্ৰেৰণ কৰাতেই দায়িত্ব সামৰিবলগীয়া হ’ব পাৰে?
(সমূহ চিকিৎসক তথা চিকিৎসা-কৰ্মীৰ ওচৰত ক্ষমা প্ৰাৰ্থনাৰে)

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments