এটা ভূতৰ পম খেদি (দেৱ প্ৰতীম)

“টপ…টপ…”

শব্দটো শুনি খপজপকৈ সাৰ পালো । খেপিয়াই খেপিয়াই মবাইলটো বিচাৰিলো । গাৰুৰ তলত থকা মবাইলত তেতিয়া মাজনিশা ২ টা বাজিছে । ভাবিলো অকলশৰীয়া ঘৰটোতনো কোন আহিব এই ৰাতিখন । হেহ…ঘৰ বুলি ক’লে ভূল কোৱা হ’ব । এটা অকণমানি ৰুম..য’ত মোৰ প্ৰায় ভাগ কামেই চলে,এটা পাকঘৰ আৰু বাথৰুম এটা । ঘৰটোত থকা আজি বহু বছৰেই হ’ল । তেনেকৈয়ে ভাবি ভাবি আকৌ শুবলৈ যত্ন কৰিলো । আকৈ শব্দটো হ’বলৈ ধৰিলে । কান দি শুনিলো । পানী পৰাৰ দৰে লাগিল । এইবাৰ শব্দৰ লগতে এটা বিকটা বিকট গোন্ধ নাকত লাগিল । সুগন্ধ দুৰ্গন্ধৰ সংমিশ্ৰণ দেখোন । ৰঞ্জু হাজৰিকাৰ ভৌতিক গল্পবিলাকত থকা বিকটা বিকট গোন্ধলৈ মনত পৰিল । কিয় নাজানো অলপ ভয় লাগিল । মোৰ সৰু ঘৰটোত ৰঞ্জু হাজৰিকাৰ গল্পৰ দৰে কোনো ভূত সোমোৱা নাইতো ।

নাই নাই সেইবিলাক কাহিনীহে । নিজকে বুজাবলৈ ধৰিলো । তেনেতে আকৌ শব্দটো শুনিলো । এইবাৰ শব্দটো বাথৰুমৰ পৰা অহাৰ দৰে লগিল । টেপৰ পানী পৰাৰ শব্দ । মনত সাহস গোটাই এইবাৰ বিচনাৰ পৰা নামিলো । খেপিয়াই খেপিয়াই চুইচ বৰ্ড খনৰ ওচৰ পালোগৈ । চুইচ টিপাত গম পালো কাৰণ্ট নাই । এইয়াই মোৰ ভাগ্য । ভয় বাঢ়িবলৈ ধৰিলে । এতিয়াহে কাৰেণ্টতো নাথাকিবলৈ পালেনে । তেতিয় মনলৈ আহিল যে মোৰ মবাইলত টৰ্চ আছে । টৰ্চটো জ্বলাই ল’লো । লাহে লাহে বাথৰুমৰ ওচৰ পালোগৈ । বাথৰুমৰ ওচৰতে থকা ৰদ ডাল হাতত তুলো ল’লো । বাথৰুমত তেতিয়াও টেপৰ পানী পৰিয়েই আছিলে । অলপ পাছতে টেপৰ পানী পৰাও বন্ধ হ’ল । এইয়া কি নিজে নিজে বন্ধ হ’লযে । ভয় লাগিবলৈ ধৰিলে । বাথৰুমৰ দৰ্জা খোলা অছিলে । ভয়ে ভয়ে টৰ্চৰ পোহৰকে সাৰথি কৰি সোমাই গ’লো । টৰ্চ মাৰি দেখিলো টেপটো তেতিয়াও খোলা আছিলে । কিন্তু ভিতৰত কোনো নাছিলে । ভাবিলো ভূতেও গা ধোৱে নেকি ? তেনেতে কাৰেণ্টতো আহিলে । প্ৰাণটো ঘূৰাই পোৱাৰ দৰে লাগিল । টেপটো বন্ধ কৰি বাথৰুমৰ পৰা ওলাই আহিলো ।

বিচনাৰ ওচৰ গ’লো । ভাবিলো আজি শোৱা নহ’ব । তেনেতে সেই বিকটা বিকট গোন্ধটো আকৌ নাকত পৰিল । গোন্ধটো এইবাৰ বৰ ওচৰৰ পৰা অহাৰ দৰে লাগিল । এনেকুৱা গোন্ধ মই কেতিয়াও পোৱা নাই । চাৰিওফালে চালো, কিন্তু ক’তো একো দেখা নাপালো । ভাবিলো যি হয় হ’ব আৰু গোন্ধটো ক’ৰ পৰা আহিছে বিচাৰি উলিৱাব লাগিব । সেয়ে ৰদডাল হাততলৈ বিচাৰিব লাগিলো গোন্ধৰ উৎস । আধা ঘ্ণ্টামান বিচৰাৰ পাছত গম পালো গোন্ধ ক’ৰপৰা আহিছে । গোন্ধটো আহিছিল বহুদিনৰ পৰা নোধোৱা মোৰ এযোৰ মোজাৰ পৰা, আৰু তাৰ ওচৰতে মোৰ সুগন্ধিময় চুলিত লগোৱা তেলৰ বটলটো ভাগি পৰি আছে আৰু তাৰ তেল বাগৰি মোজাৰ লগত মিশ্ৰিত হৈ অতপৰে ভাবি থকা ভূতৰ গোন্ধৰ ৰূপ লৈছিলে । নিজৰে ওপৰত হাঁহি উঠিলে ।

গোন্ধৰ কাৰণ বাৰু বিচাৰি পালো, কিন্তু টেপৰ পানী পৰি থকা আৰু নিজে নিজে বন্ধ হোৱাৰ কাৰণ কি হ’ব পাৰে । তেতিয়া সকলো কথা মনলৈ আহিব ধৰিলে । ৰাতি ভাত খোৱাৰ পাছত বাথৰুমত মুখ ধুবলৈ গৈ টেপ খোলাত পানী নাছিলে । টেপ তেনেকৈয়ে খোলা অৱস্থাতে এৰি মটৰৰ চুইচ অন কৰিবলৈ যাঁওতে কাৰেণ্ট গৈছিলে । বহুদেৰি কাৰেণ্ট নহাত ১০ টা মানতে শুই পৰিছিলো মই । পিছত কিজানি কাৰেণ্ট আহিছিলে আৰু মটৰৰ চুইচ লগাই থোৱাটো আছিলেই, গতিকে টেপৰ পৰাও পানী পৰিছিলে । আৰু পাছত পানী শেষ হোৱাত টেপৰ পৰা পানী পৰাও নিজে নিজে বন্ধ হৈছেলে । কাৰেন্ট অহাত মটৰৰ শব্দ মই চাগে ভয়তে শুনাই নাছিলো ।

এতিয়াহে মটৰ চলি থকাৰ শব্দ শুনিবলৈ পাইছো । মটৰৰ চুইচ বন্ধ কৰি সময় চালো, তেতিয়া পুৱা ৪ বাজিছে । আজি দেওবাৰ আৰু ৫ ঘন্টা মান শুব পাৰিম । নিজৰ মূৰ্খামিৰ কথা ভাবি ভাবি কানত হেডফ’নটো লগাই আকৌ শুবলৈ য্ত্ন কৰিলো ।

বাজি উঠিল মবাইলৰ এফ. এম.ত….
“ গুমনাম হেই কয়ী,বদমান হেই কয়ী,কিছকো খবৰ,কৌন হেই ৱো,অনজান হেই কয়ী…..”

 

 

Subscribe
Notify of
0 Comments
Inline Feedbacks
View all comments